ইজৰাইল: মধ্যপ্ৰাচ্যত স্থিত এখন দেশ

ইজৰাইল (ইংৰাজী: Israil; হিব্ৰু ভাষাত: מְדִינַת יִשְׂרָאֵל মেদিনাৎ ইছৰা'এল্‌; আৰৱী ভাষাত دَوْلَةْ إِسْرَائِيل দাউলাৎ ইজৰা'ঈল্‌) হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু গোলান মালভূমি ইজৰাইসৰ দখলত থকা বিতৰ্কীত স্থান হিচাপে পৰিগণিত হৈছে।

ইজৰাইল
מְדִינַת יִשְׂרָאֵל (হিব্ৰু)
মেদীনাৎ ইছৰা'এল
دَوْلَةُ إِسْرَائِيلَ (আৰৱী)
দাউলাৎ ইছৰা'ঈল্‌
ইজৰাইল: মধ্যপ্ৰাচ্যত স্থিত এখন দেশ ইজৰাইল: মধ্যপ্ৰাচ্যত স্থিত এখন দেশ
ৰাষ্ট্ৰীয় সঙ্গীত
হাটিকৱাহ
আশা
ইজৰাইল-ৰ অৱস্থান
ইজৰাইল-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
জেৰুজালেম
31°47′N 35°13′E / 31.783°N 35.217°E / 31.783; 35.217
ৰাষ্ট্ৰভাষা (সমূহ) হিব্ৰু, আৰৱী
জাতীয়তাসূচক বিশেষণ ইজৰাইলী
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ৰিউভেন ৰিভলিন
 -  প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু
স্বাধীন যুক্তৰাজ্যৰ পৰা-এডমিনিষ্ট্ৰেড লীগ অৱ নেশ্বন মেনড্ৰেট 
 -  ঘোষণা ১৪ মে ১৯৪৮ (০৫ Iyar ৫৭০৮) 
মাটিকালি
 -  মুঠ  ২২,০৭২ বৰ্গ কিমি (১৫১তম)
৮,৫২২ বৰ্গ মাইল 
 -  জলভাগ (%) ~২%
জনসংখ্যা
 -  2009 আনুমানিক ৮০,৫১,২০০'"`UNIQ--ref-০০০০০০০২-QINU`"' (৯৬তম)
 -  ১৯৯৫ লোকপিয়ল ৫৫,৪৮,৫২৩ 
জিডিপি (পিপিপি) ২০০৮ আনুমানিক
 -  মুঠ $২,০২৫.৬২ কোটি 
 -  জনমুৰি $২৮,৪৭৩ 
জিনি সহগ? (2005) 38.6 
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৯৩৫ (উচ্চ) (২৭তম)
মুদ্ৰা নিউ ইজৰািল ছেকুৱেল (₪) (NIS)
সময় অঞ্চল IST (ইউটিচি+২)
 -  গ্ৰীষ্মকালীন (ডিএছটি)  (ইউটিচি+৩)
ইণ্টাৰনেট টিএলডি .il
কলিং ক'ড +৯৭২
1 গ'ল্ডেন হাইটছ আৰু পূৱ জেৰুজালেমক সাঙুৰা হৈছে / নাই হোৱা; তলত চাওক
2 ৱেষ্ট বেংকৰ ইজৰাইলী জনসংখ্যাকো সাঙুৰা হৈছে।

ইতিহাস

প্ৰথম বিশ্বযুদ্ধত তুৰ্কী ওছমানীয় সাম্ৰাজ্যৰ পতনৰ পাছত পেলেষ্টাইন বা ফিলিষ্টিনসহ অধিকাংশ আৰৱ এলেকা ইংলেণ্ড-ফ্ৰান্সৰ মেণ্ডেটৰ হাতলৈ যায়। ১৯১৭ চনৰ ২ নৱেম্বৰত ব্ৰিটীছ বৈদেশিক মন্ত্ৰী আৰ্থাৰ জেমছ ৱালফোৰে ইহুদীবাদীসকললৈ লিখা এখন পত্ৰত পেলেষ্টাইনী ভূখণ্ডত একন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে। এই ঘোষণাৰ মাধ্যমেৰে ফিলিস্তিন এলেকাৰ ইহুদিসকলৰ পৃথক ৰাষ্ট্ৰৰ সম্ভাৱনা উজ্জ্বল হয় আৰু বিপুলসংখ্যক ইহুদি ইউৰোপৰ পৰা ফিলিষ্টিনত বসতি স্থাপন কৰিবলৈ আহে।

১৯০৫ চনৰ পৰা ১৯১৪ চন পৰ্যন্ত ফিলিষ্টিনত ইহুদীৰ সংখ্যা আছিল মাত্ৰ কেই হেজাৰমান। কিন্তু ১৯১৪ চনৰ পাছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰা ১৯১৮ চন পৰ্যন্ত ব্ৰিটীছসকলৰ সহযোগিতাৰ ফলত ফিলিষ্টিনত ইহুদীৰ সংখ্যা ২০ হেজাৰলৈ উন্নীত হয়। ১৯১৯ চনৰ পৰা ১৯২৩ চনলৈ এই সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি পায়। ১৯৩১ চনত ইহুদীৰ সংখ্যা প্ৰায় ৫ গুণ বৃদ্ধি হৈ ১ লাখ ৮০ হেজাৰ হয়। এইদৰে ফিলিষ্টিনত ইহুদী অভিৱাসীৰ সংখ্যা উল্লেখযোগ্য হাৰত বাঢ়ি থাকে আৰু ১৯৪৮ চনত এই সংখ্যা ৬ লাখলৈ উন্নীত হয়।

১৯১৮ চনত বৃটেইনৰ সহযোগিতাত গুপ্ত ইহুদী বাহিনী "হাগানাহ" গঠিত হয়। এই বাহিনী ইহুদীবাদীসকলৰ অবৈধ ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে হাগানাহ বাহিনীৰ দায়িত্ব ফিলিষ্টিনী জনগণৰ বিৰুদ্ধে ইহুদীবাদীসকলক সহায়তা কৰা আছিল যদিও পৰৱৰ্তীকালত ই সংঘবদ্ধ সন্ত্ৰাসী বাহিনীলৈ পৰিণত হয়। ফিলিষ্টিনী জনগণৰ ঘৰবাৰী আৰু খেতিপথাৰ দখল কৰি তেওঁলোকক ফিলিষ্টিনৰ পৰা বিতাড়িত কৰা আৰু বজাৰ আৰু ৰাস্তাঘাটসহ জনসমাৱেশ স্থানত বোমা বিস্ফোৰণ ঘটাই ফিলিষ্টিনীসকলৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকক বিতাড়নৰ কাম ত্বৰান্বিত কৰা আছিল হাগানাহ বাহিনীৰ কাম। [উদ্ধৃতিৰ প্ৰয়োজন]

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ফিলিস্তিনী ভূখণ্ডক দ্বিখণ্ডিত কৰা সংক্ৰান্তৰ ১৮১ নং প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘই ফিলিষ্টিনক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱৰ অনুমোদন জনাই নিজ মাতৃভূমিৰ মাত্ৰ ৪৫ শতাংশ ফিলিষ্টিনীসকলৰ বাবে ৰাখি বাকী ৫৫ শতাংশ ভূমি ইহুদীবাদীসকলৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লয়। এইদৰে ১৯৪৮ চনৰ ১৪ মেত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

আৰৱী ভাষাইংৰাজী ভাষাজেৰুজালেমমুছলিম

🔥 Trending searches on Wiki অসমীয়া:

পূৰবী বৰমুদৈকাতি বিহুঅষ্টাংগিক আৰ্য মাৰ্গকলাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ফাট বিহুআই সবাহগান্ধীবাদবিশ্বনাথ জিলাঘড়ীসমাৰ্থক শব্দমিচিং জনগোষ্ঠীহীৰেন গোহাঁইবিহু নৃত্যখোলচেৰা-বিহুপৃথিৱীহেমকোষঅসমৰ মন্ত্ৰ-সাহিত্যশাল গছৰাম নৱমীইজৰাইলএচিদ বৰষুণঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাগৰু বিহুশব্দঅখণ্ড সংখ্যাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবিশেষ্য পদজল সংৰক্ষণআঁহতৰংঘৰঅসম আন্দোলনবায়ু প্ৰদূষণহাড়গিলাদেওহাঁহবিশ্ব সাহিত্য কেন্দ্ৰনাহৰশিৱৰাৱণফুলগুৰি ধেৱাকাউণ্টি কিউলেনবকুলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমনোবিজ্ঞানবৰহমথুৰিবৰুণীশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাখেৰাইইষ্ট ইণ্ডিয়া কোম্পানীভৌগোলিক স্বীকৃতিজন গণ মনগৌতম বুদ্ধশীতল যুদ্ধদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানবংগ বিভাজন (১৯০৫)অংগৰাগ মহন্তসতী সাধনীসিন্ধু সভ্যতাৰামচি এছ এছবৃত্তঅসমৰ কাঁহ শিল্প২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাভাৰতীয় জনতা পাৰ্টিভাৰত-ইউৰোপীয় ভাষা পৰিয়াললিংগভিত্তিক অধ্যয়নঅসমৰ বয়ন শিল্পভাষাবিজ্ঞানসন্ধিবৰগীতকুলি🡆 More