উজবেকিস্তান

উজবেকিস্তান (উজবেক: Ўзбекистон) মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কোৰাকালপোগ প্ৰজাতন্ত্ৰ অৱস্থিত। উজবেকিস্তানৰ উত্তৰ-পূবা প্ৰান্তত অৱস্থিত তাশখণ্ড দেশখনৰ ৰাজধানী চহৰ আৰু শিল্প আৰু সাংস্কৃতিক কেন্দ্ৰ। উজবেকিস্তানৰ সংখ্যাগৰিষ্ঠ জনগণ উজবেক জাতিৰ লোক। উজবেক ভাষা ইয়াৰ ৰাষ্ট্ৰীয় ভাষা।

উজবেকিস্তান
O‘zbekiston Respublikasi
উয্‌বেকিস্তন্‌ ৰেস্পুব্লিকাছি
উজবেকিস্তান উজবেকিস্তান
ৰাষ্ট্ৰীয় সঙ্গীত
উজবেকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত

উজবেকিস্তান-ৰ অৱস্থান
উজবেকিস্তান-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
তাশখণ্ড
41°16′N 69°13′E / 41.267°N 69.217°E / 41.267; 69.217
ৰাষ্ট্ৰভাষা (সমূহ) উজবেক ভাষা আৰুৰুচ ভাষা
জাতীয়তাসূচক বিশেষণ উজবেকিস্তানী
চৰকাৰ গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি (ভাৰপ্ৰাপ্ত) নিগামাতিলা আলাদাচেভ
 -  প্ৰধানমন্ত্ৰী ছেভকেত মিৰজিয়য়েভ
স্বাধীনতা ছোভিয়েট ইউনিয়নৰ পৰা 
 -  গঠন ১৭৪৭1 
 -  ঘোষণা ১ ছেপ্টেম্বৰ ১৯৯১ 
 -  স্বীকৃতি ৮ ডিচেম্বৰ ১৯৯১ 
 -  সম্পূৰ্ণ ২৫ ডিচেম্বৰ ১৯৯১ 
মাটিকালি
 -  মুঠ ৪,৪৭,৪০০ বৰ্গ কিমি (৫৬তম)
১,৭২,৭৪২ বৰ্গ মাইল 
 -  জলভাগ (%) ৪.৯ (২১,৯২৩ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৩,১০,২৫,৫০০'"`UNIQ--ref-০০০০০০০১-QINU`"''"`UNIQ--ref-০০০০০০০২-QINU`"' (৪১ তম)
জিডিপি (পিপিপি) ২০০৫ আনুমানিক
 -  মুঠ $৫০.৩৯৫ বিলিয়ন (৭৪তম)
 -  জনমুৰি $২,২৮৩ (১৪৫ তম)
জিনি সহগ? (২০০০) ২৬.৮ (নিম্ন
মানৱ উন্নয়ন সূচক (২০০৭) ০.৭০২ (মধ্যম) (১১৩তম)
মুদ্ৰা উজবেকিস্তানী চম (Uzbekiston so'mi) (UZS)
সময় অঞ্চল উজবেক সময় (UZT) (ইউটিচি+৫)
ইণ্টাৰনেট টিএলডি .uz
কলিং ক'ড +৯৯৮
1 বুখাৰিয়ান সাম্ৰাজ্য, কোনন্দ খানাতে আৰ খৱাৰেযম হিচাপে
উজবেকিস্তান

১৯২৪ চনৰ পৰা ১৯৯১ লৈ উজবেকিস্তান ছোভিয়েট ইউনিয়নৰ অধীন উজবেক ছোভিয়েট সমাজতান্ত্ৰীক প্ৰজাতন্ত্ৰ নামে জনাজাত আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। ১৯৯২ চনত সংবিধান সংশোধন কৰা হয় আৰু ইয়াক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰীক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছোভিয়েট আমলত প্ৰচলিত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিভিন্ন ৰূপ আজিও দেশখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিদ্যমান। যদিও সংবিধানত বহুদলীয় ব্যৱস্থাৰ আশ্বাস দিয়া আছে, দেশখনৰ ৰাষ্ট্ৰপতি ইছলম কাৰিমভে (উজবেক ভাষা: Islom Karimov) এক প্ৰকাৰৰ স্বৈৰশাসনৰ প্ৰৱৰ্তন কৰিছে। যাতে বিৰোধী সকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শিত কৰা নহয়। কাৰিমভ বজাৰ সংস্কাৰৰ ক্ষেত্ৰতো ধীৰে চলা নীতি গ্ৰহণ কৰিছে। ফলত এতিয়াও অৰ্থনীতিৰ অনেক ক্ষেত্ৰত চৰকাৰৰ শক্তিশালী নিয়ন্ত্ৰণ আছে।

ইতিহাস

জাৰশাসিত উজবেকিস্তান

ৰুছ শাসন প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে উজবেকিস্তান বুখাৰা আমিৰাত, খিভা খানাত আৰু কোকান্দ খানাতৰ মাজত বিভক্ত আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে উজবেকিস্তান ৰুচ সাম্ৰাজ্যৰ অন্তৰ্গত হয়। সেইসময় বহিটো ৰুছ নাগৰিক এই অঞ্চলত বসতি স্থাপন কৰে। ১৯১২ চনৰ হিচাপ অনুযায়ী, জাৰশাসিত উজবেকিস্তানত বসবাসকাৰী ৰুছীয়ান সকলৰ সংখ্যা আছিল ২,১০,৩০৬ জন। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ৰুছ চৰকাৰে উজবেকিস্তানসহ মধ্য এছিয়াৰ পৰা সৈন্য সংগ্ৰহ কৰাৰ চেষ্টা চলোৱাত এই অঞ্চলব্যাপী বিদ্ৰোহে দেখা দিয়ে। ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলত ৰাছিয়াৰ জাৰতন্ত্ৰৰ পতন ঘটে আৰু ৰাছিয়াৰ গৃহযুদ্ধ আৰম্ভ হয়। এই অৱস্থাত ৰুছ চৰকাৰ উজবেকিস্তানৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়।

ছোভিয়েট উজবেকিস্তান

১৯২০ চনৰ মাজভাগত কেন্দ্ৰীয় এছিয়াত এশিয়ায় ৰুছৰ কৃতিত্ব পুনঃপ্ৰতিষ্ঠিত হয়। আৰু কিছু প্ৰতিৰোধৰ সত্ত্বেও উজবেকিস্তানসহ সমগ্ৰ মধ্য এছিয়া ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হয়। ১৯২৪ চনৰ ২৭ অক্টোবৰ তাৰিখে উজবেক ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰাত ১৪,৩৩,২৩০জন উজবেক সৈন্য ছোভিয়েট ৰেড আৰ্মীৰ পক্ষে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে। ২,৬৩,০০৫জন উজবেক সৈন্য যুদ্ধৰ কালছোৱাত নিহত হয় আৰু ৩২,৬৭০জন নিৰুদ্দেশ হয়।

স্বাধীনতা

১৯৯১ চনৰ ৩১ আগষ্টত ছোভিয়েট ইউনিয়নৰ পতনকালত উজবেকিস্তানে স্বাধীনতা ঘোষণা কৰে। ১ ছেপ্টেম্বৰক উজবেকিস্তানৰ জাতীয় স্বাধীনতা দিৱস ঘোষণা কৰা হয়।

ৰাজনীতি

উজবেকিস্তান ৰাষ্ট্ৰপতিশাসিত গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক আইনসভা উভয়ৰ ওপৰত ন্যস্ত। উজবেকিস্তানত চৰকাৰী পদপ্ৰাপ্তি কোনো ৰাজনৈতিক দলৰ সদস্যপদ নহয়, বৰং বংশ আৰু কোন গোত্ৰৰ, তাৰ ওপৰত হে বহুলভাৱে নিৰ্ভৰশীল।

ভূগোল

উজবেকিস্তান 
উজবেকিস্তানৰ ভূ-সংস্থানিক মানচিত্ৰ

উজবেকিস্তানৰ ৮০% অঞ্চল সমতল মৰুভূমি। দেশখনৰ পূবভাগত প্ৰায় ৪,৫০০ মিটাৰ সুউচ্চ পৰ্বতমালা আছে। উজবেকিস্তানৰ দক্ষিণ-পূব প্ৰান্ত তিয়ান শান পৰ্বতমালা পশ্চিম পাদদেশ লৈ গঠিত। উজবেকিস্তানৰ উত্তৰে নিম্নভূমি কিজিল কুম নামৰ এক বিশাল মৰুভূমি আছে। ই দক্ষিণে কাজাখাস্তান পৰ্যন্ত প্ৰসাৰিত হৈ আছে। ফেগাৰ্ণা উপত্যকা উজবেকিস্তানৰ আটাইতকৈ উৰ্বৰ অঞ্চল। ই কিজিল কুম মৰুভূমিৰ ঠিক পূবত অৱস্থিত আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে পৰ্বতমালাৰ দ্বাৰা বেষ্টিত। চিৰ দৰিয়া নদী এই অঞ্চলখনক কিজিল কুম মৰুভূমিৰ পৰা পৃথক কৰিছে। আমু দৰিয়া আন এক গুৰুত্বপূৰ্ণ নদী।

উজবেকিস্তানত প্ৰায়েই ভূমিকম্প হয়। ১৯৬৬ চনৰ এক প্ৰবল ভূমিকম্পত ৰাজধানী তাশখণ্ডৰ বেছি ভাগ অংশ ধ্বংস হৈছিল।

পৰ্যটন

উজবেকিস্তান 
বুখাৰাৰ বিবি খানুম মছজিদ

উজবেকিস্তান প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাক সংযুক্তকাৰী বিখ্যাত ৰেচম পথৰ ওপৰত অৱস্থিত। উজবেকিস্তানৰ যাদুঘৰ আৰু সংগ্ৰাহালয় সমূহত প্ৰায় ২০ লাখতকৈ বেছি প্ৰত্নতাত্বিক সম্পদ সংগ্ৰাহীত হৈ আছে। এইবোৰে মধ্য এছিয়াৰ প্ৰায় ৭০০০ বছৰ ধৰি বসবাসকাৰী বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু ইতিহাসৰ সাক্ষ্য বহন কৰিছে। অনেক পৰ্যটকে এই সমৃদ্ধ ইতিহাস সম্বন্ধে জনাৰ উদ্দেশ্যে উজবেকিস্তান ভ্ৰমণ কৰে। উজবেকিস্তানৰ পাহাৰ পৰ্বতৰ শৃংগ আৰু তুষাৰাবৃত পাহাৰ সমূহত স্কি আৰু দুঃসাহসিক ক্ৰীড়াৰ সুব্যৱস্থা আছে। উজবেকিস্তানৰ ২য় বৃহত্তম দহ চমৰকণ্ড ৰেচম পথৰ মধ্যস্থানত অৱস্থিত আৰু ই বিশ্বৰ প্ৰাচীনতম সহৰসমূহৰ ভিতৰত অন্যতম। আনুমানিক খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত এই চহৰ প্ৰতিষ্ঠিত হয়। ইয়াৰ অধিবাসীসকল মূলত তাজিক। ৩২৯ খ্ৰীষ্টপূৰ্বত মহান আলেকজেণ্ডাৰে ইয়াক জয় কৰে। চমৰকণ্ডৰ প্ৰধান আকৰ্ষণ ৰেগিস্তান নামৰ অঞ্চল। ইয়াৰ আশে পাশে কেইবাটাও প্ৰাচীন মাদ্ৰাছা আদি। তদুপৰি ইয়াত অনেক বিখ্যাত মছজিদ আৰু স্মৃতিস্তম্ভ আছে।

তথ্য উৎস

Tags:

উজবেকিস্তান ইতিহাসউজবেকিস্তান ৰাজনীতিউজবেকিস্তান ভূগোলউজবেকিস্তান পৰ্যটনউজবেকিস্তান তথ্য উৎসউজবেকিস্তানআফগানিস্তানকাজাখাস্তানকিৰগিজস্তানতাজিকিস্তানতুৰ্কমেনিস্তান

🔥 Trending searches on Wiki অসমীয়া:

বৰপেটা সত্ৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবুৰঞ্জী সাহিত্যভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাচক্ৰধ্বজ সিংহ (নাটক)শীতল যুদ্ধতাপগতি বিজ্ঞানকালিদাসলোকবিশ্বাসগৰু বিহুদেউলঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিশিশু সাহিত্যমাধৱ কন্দলিঅসম গণ পৰিষদবাগ্‌ধ্বনিকথা-ভাগৱতআজান পীৰসৌৰজগতপূৰ্ণ স্বৰাজঅসমীয়া উপন্যাসমানস ৰাষ্ট্ৰীয় উদ্যানএচিদ বৰষুণবিশ্বকোষদিহানামদাৰ্জিলিংখনিকৰ পুথিউপনিষদপৰিৱেশ তন্ত্ৰবৰপেটা (লোকসভা সমষ্টি)বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনকৃষ্ণচূড়াঅসমৰ কাঁহ শিল্পপ্ৰহ্লাদফলৰ তালিকামঘাই ওজাগুপ্তেশ্বৰ দেৱালয়গুৱাহাটী উচ্চ ন্যায়ালয়কানাই বৰশী বোৱা শিলালিপিনাট্য শাস্ত্ৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপাঁচালীকাৰ্ল মাৰ্ক্সভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅৰ্থনীতিজৱাহৰলাল নেহৰুভাৰতীয় ৰিজাৰ্ভ বেংকচৰকাৰী ভাষা আন্দোলন (অসম)তথ্যগৱেষণাগুৰু আসনপ্ৰাচীন ভাৰতীয় সভ্যতাবুৰঞ্জীওজাপালিস্বৰূপ সম্পতপৰা আমলখিশূন্যপদ্মনাথ গোহাঞি বৰুৱাআত্মসহায়ক গোটকৃষিযোৰানামঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানৰনাৰায়ণস্বৰাজঅসমীয়া শিশু আলোচনীসমূহৰ তালিকানৱবিধা ভক্তিমৌখিক ইতিহাসকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকছাৰী ৰাজ্যঅসমৰ বাঁহ-বেতৰ শিল্পভাৰতীয় জনতা পাৰ্টিএংকৰ ৱাটসংঘাতআহোম ৰাজ্য🡆 More