ম্যানমাৰ (ইংৰাজী: Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (ইংৰাজী: Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাওচ আৰু বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ। ম্যানমাৰৰ সৰ্বমুঠ চাৰিসীমাৰ ১,৯৩০ কিল'মিটাৰ (১,২০০ মাইল) অংশ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ তীৰ অঞ্চল। প্ৰায় ৬০ মিলিয়ন জনসংখ্যাৰে ম্যানমাৰ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত চতুৰ্দ্বিংশ স্থানত আছে। ম্যানমাৰৰ মুঠ মাটিকালি হৈছে ৬.৭৬,৫৭৮ বৰ্গকিল'মিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীত চল্লিশতম বৃহৎ ৰাষ্ট্ৰ । দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত মাটিকালিৰ ভিত্তিত ম্যানমাৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ।
ম্যানমাৰ সংঘৰ গণৰাজ্য ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော် | ||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত কাবা মা ক্যেই ধৰণীৰ শেষলৈকে | ||||||
ৰাজধানী | নাইপিদাওa 19°45′N 96°6′E / 19.75°N 96.1°E | |||||
বৃহত্তম নগৰ | য়াঙ্গুন (ৰেংগুন) | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মান | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ |
| |||||
Official scripts | মান লিপি | |||||
জনগোষ্ঠীসমূহ |
| |||||
জাতীয়তাসূচক বিশেষণ | Burmese / Myanma | |||||
চৰকাৰ | সংবিধানিক ৰাষ্ট্ৰপতি সাংবিধানিক গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | ৱিন মিণ্ট | ||||
- | State Counsellor | আং চান চ্যু কি | ||||
গঠন | ||||||
- | পাগান ৰাজবংশ | ২৩ ডিচেম্বৰ ৮৪৯ | ||||
- | টঙো ৰাজবংশ | ১৫১০ চনৰ ১৬ অক্টোবৰ | ||||
- | কনবাং ৰাজবংশ | ১৭৫২ চনৰ ২৯ ফেব্ৰুৱাৰী | ||||
- | স্বাধীনতা (যুক্তৰাষ্ট্ৰৰ পৰা) | ১৯৪৮ চনৰ ৪ জানুৱাৰী | ||||
- | Coup d'état | ২ মাৰ্চ, ১৯৬২ | ||||
- | নতুন সংবিধান | ৩০ মাৰ্চ ২০১১ | ||||
মাটিকালি | ||||||
- | মুঠ | ৬,৭৬,৫৭৮ বৰ্গ কিমি (৪০তম) ২,৬১,২২৭ বৰ্গ মাইল | ||||
- | জলভাগ (%) | ৩.০৬ (২০,৭০৩ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১০ আনুমানিক | ৬,০২,৮০,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৪তম'"`UNIQ--ref-০০০০০০০১-QINU`"') | ||||
- | ১৯৮৩ লোকপিয়ল | ৩,৩২,৩৪,০০০ | ||||
জিডিপি (পিপিপি) | ২০১২ আনুমানিক | |||||
- | মুঠ | $৮৯.৪৬১ বিলিয়ন ডলাৰ | ||||
- | জনমুৰি | $১,৪০৫ | ||||
জিডিপি (নামমাত্ৰ) | ২০১২ আনুমানিক | |||||
- | মুঠ | $৫৩.২৪০ বিলিয়ন | ||||
- | জনমুৰি | $৮৫৪ | ||||
মানৱ উন্নয়ন সূচক (২০১২) | ০.৪৯৮ (১৪৯তম) | |||||
মুদ্ৰা | ক্যাত (K) (MMK ) | |||||
সময় অঞ্চল | ম্যানমাৰ মান সময় (ইউটিচি+০৬:৩০) | |||||
গাড়ী চলোৱা হয় | সো দিশতb | |||||
ISO 3166 code | MM | |||||
ইণ্টাৰনেট টিএলডি | .mm | |||||
কলিং ক'ড | ++৯৫ |
১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰ সৈনিক শাসনৰ অধীনত আছিল। ৰাষ্ট্ৰসংঘ আৰু অন্য বহুতো সংস্থাই এই সময়চোৱাত ম্যানমাৰত বিভিন্ন ধৰণে মানৱাধিকাৰৰ উলংঘন হোৱা বুলি অভিযোগ কৰিছে। শিশুক সৈন্য হিচাপে ব্যৱহাৰ, ধৰ্ষণ, শিশু শ্ৰমিকৰ ব্যৱহাৰ, মানৱ দেহৰ ব্যৱসায়, দাসত্ব, বাক-স্বাধীনতাৰ উলংঘন ইত্যাদি হৈছে এই সময়চোৱাত ম্যানমাৰৰ ওপৰত একে সংস্থাবিলাকে অনা কিছু অভিযোগ। ২০১০ চনত ম্যানমাৰৰ বিখ্যাত মানৱাধিকাৰ কৰ্মী আং চান চ্যু কিৰ মুক্তিৰ পিছৰেপৰাই এই ৰাষ্ট্ৰই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্কৰ উন্নতি ঘটাবলৈ সক্ষম হৈছে। ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ম্যানমাৰৰ ওপৰত প্ৰয়োগ কৰা বিভিন্ন অৰ্থনৈতিক বাধা-নিষেধো এতিয়া উঠাই লৈছে।মুক্তা, তেল আৰু প্ৰাকৃতিক গেছ তথা অন্যান্য খনিজ সামগ্ৰী হৈছে ম্যানমাৰৰ প্ৰাকৃতিক সম্পদ। ২০১১ চনৰ তথ্যমতে ম্যানমাৰৰ ৰষ্ট্ৰীয় উৎপাদন আছিল ৮২.৭ বিলিয়ন আমেৰিকান ডলাৰ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ হাৰ আছিল ৫.৫%।
২০১৩ চনত বিভিন্ন সংস্থাৰ প্ৰতিবেদন মতে ম্যানমাৰ কৰ্তৃপক্ষই পশ্চিম ম্যানমাৰৰ পৰা তাৰ সংখ্যালঘু ৰহিঙ্গিয়া সকলক উচ্ছেদ কৰা আৰম্ভ কৰিছে। ইয়াৰ পৰিণামস্বৰূপে বহুতো ৰহিঙ্গিয়া শৰনাৰ্থীয়ে ম্যানমাৰ পৰিত্যাগ কৰি চুবুৰীয়া বাংলাদেশ আৰু থাইলেণ্ডলৈ পলায়ন কৰিছে।
১৯৮৯ চনত ইয়াৰ সৈনিক প্ৰশাসনে দেশৰ বিভিন্ন ঠাইৰ নাম পুৰণা ঔপনিৱেশিক শাসনে প্ৰচলন কৰা নামৰপৰা সলনি কৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত প্ৰশাসনে বাৰ্মা নামটোৰ ঠাইত দেশখনৰ নাম ম্যানমাৰ বুলি নামাকৰন কৰে। কিন্তু এই পুনঃ নামাকৰনৰ বিষয়টো এতিয়াও বিতৰ্কিত। দেশৰ বহুতো ৰাজনৈতিক আৰু জাতীয় বিৰোধী দলে এতিয়াও বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে, এওঁলোকৰ মতে সৈনিক প্ৰশাসনৰ দেশখনৰ পুনঃ নামাকৰন কৰাৰ কোনো অধিকাৰ নাই। এই দেশৰ চৰকাৰী নাম হৈছে Republic of the Union of Myanmar (মান: ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော်, Pyidaunzu Thanmăda Myăma Nainngandaw), কিন্তু কিছু ৰাষ্ট্ৰই এই নামটো গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে এই ৰাষ্ট্ৰ সমূহে Union of Burma নামটোৰ ব্যৱহাৰ কৰে।
ইংৰাজীত এই দেশখনক বাৰ্মা আৰু ম্যানমাৰ, দুয়োটা নামেৰেই জনা যায়। এই দুয়োটা নামেই আহিছে দেশখনৰ সংখ্যাগৰিষ্ঠ বামাৰ জনগোষ্ঠীৰ নামৰপৰা। ম্যানমাৰ শব্দটো আহিছে এই জনগোষ্ঠীৰ লিখিত নামৰপৰা, আনহাতে বাৰ্মা নামটো আহিছে এই জনগোষ্টীৰ কথিত বামাৰ নামটোৰ পৰা। কথনশৈলীৰ ওপৰত ভিত্তি কৰি ইয়াৰ দুটা উচ্চাৰণ আছে, এটা হৈছে বামা আৰু আনটো হৈছে ম্যানমাঃ। বাৰ্মা নামটো ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ৰেপৰা প্ৰচলিত।
ইংৰাজ যুক্তৰাজ্য আৰু কানাডাকে ধৰি অন্যান্য বহুতো দেশে বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে। আমেৰিকা যুক্তৰাজ্যই বাৰ্মা নামটোৰে ব্যৱহাৰ কৰে যদিও আমেৰিকাৰ গৃহ বিভাগৰ ৱেবচাইটত বাৰ্মা(ম্যানমাৰ) বুলি উল্লেখ আছে, আৰু বাৰাক ওবামাই এই ৰাষ্ট্ৰক ম্যানমাৰ বুলি উল্লেখ কৰিছে। ৰাষ্ট্ৰসংঘ, দক্ষিণ-পূৱ এছীয় ৰাষ্ট্ৰসংঘ, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, চীন, ভাৰত, নৰৱে, অষ্ট্ৰেলিয়া আৰু জাপানে ম্যানমাৰ নামটো ব্যৱহাৰ কৰে। এই দেশক অন্যান্য নামেৰেও জনা যায়, যেনে- স্পেইন আৰু ইটালীত বিৰ্মানিয়া, ব্ৰাজিলত মিয়ানমাৰ ইত্যাদি।
দক্ষিণ-পূৱ এছিয়াৰ কিছুমান প্ৰাথমিক স্তৰৰ সভ্যতা ম্যানমাৰত বিকশিত হৈছিল, যেনে প্যু আৰু মন। নানঝাও ৰাজ্যৰ বাৰ্মান সকলে খ্ৰীষ্টীয় নৱম শতিকাত ইৰাৱতী নদীৰ উজনিৰ উপত্যকাত প্ৰৱেশ কৰে। ১০৫০-অৰ দশকত এই ভূখণ্ডত পাগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পিছত লাহে লাহে বাৰ্মিজ ভাষা আৰু সংস্কৃতিয়ে এই অঞ্চলত প্ৰাধান্য লাভ কৰে। বৌদ্ধ ধৰ্মৰ ঠেৰাৱড় পন্থা লাহে লাহে এই অঞ্চলৰ প্ৰধান ধৰ্ম হৈ পৰে। ১২৭৭-১৩০১ চন সময়ছোৱাত হোৱা মংগোল আক্ৰমণত পাগান সাম্ৰাজ্যৰ পতন হয় আৰু তাৰ ঠাইত বহুসংখ্যক ৰাজ্যৰ সৃষ্টি হয় আৰু এই ৰাজ্য বিলাকে নিজৰ মাজতে যুদ্ধ বিগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। টাউংগু বংশই এই ৰাজ্য সমূহক পুনৰ একগোট কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছৰ কিছু সময়লৈকে এই সাম্ৰাজ্যখন দক্ষিণ-পূৱ এছিয়াৰ বুৰঞ্জীত সৰ্ববৃহৎ বুলি পৰিগণিত হোৱা সাম্ৰাজ্য হৈ থাকে। উনবিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত কনবাউঙ বংশই আজিৰ ম্যানমাৰ, মণিপুৰ আৰু অসমৰ কিছু অংশ সামৰা এক অঞ্চলত শাসন কৰে। ১৯৪৮ চনত ম্যানমাৰে স্বাধীনতা লাভ কৰাৰ পিছৰেপৰা ইয়াত বাস কৰা জনগোষ্ঠী বিলাকৰ মাজত এক সুদীৰ্ঘ গৃহযুদ্ধ চলি আহিছে যাৰ আজিও মীমাংসা হোৱা নাই। ১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰত সামৰিক শাসন আছিল। ২০১০ চনত হোৱা সাধাৰণ নিৰ্বাচনৰ পিছত ম্যানমাৰৰ জুনতা প্ৰশাসনক ২০১১ চনত ক্ষমতাচ্যুত কৰা হয়। তাৰ পিছত ম্যানমাৰত এক জনতা চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। তথাপিও ম্যানমাৰৰ প্ৰশাসনত সামৰিক বাহিনীয়ে এক বৃহৎ প্ৰভুত্ব বজাই ৰাখিছে।
ৱিকিমিডিয়া কমন্সত ম্যানমাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
96°E / 22°N 96°E
This article uses material from the Wikipedia অসমীয়া article ম্যানমাৰ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.