ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। .
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Dibru-Saikhowa National Park) অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে।
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান | |
— ৰাষ্ট্ৰীয় উদ্যান — | |
স্থানাঙ্ক | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় আৰু তিনিচুকীয়া |
নিকটৱৰ্তী চহৰ | তিনিচুকীয়া চহৰ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
দৰ্শনাৰ্থী | -- |
প্ৰশাসক | ভাৰত চৰকাৰ, অসম চৰকাৰ |
ৱেবছাইট | www.dibrusaikhowa.com www.dibrusaikhowa.com www.dibrusaikhowa.com |
নামৰ উৎপত্তি
ডিব্ৰু নদীৰ উত্তৰ পাৰৰ সীমাৰে আবৃত হোৱাৰ কাৰণে, ডিব্ৰু-ছৈখোৱা ঘাটৰ ওচৰত অৱস্থিত কাৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামকৰণ কৰা হ'ল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।[1]
অৱস্থিতি
অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আংশিক মাটিকালিৰে "ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান" গঠিত হৈছে। উদ্যানখন সমুদ্ৰপৃষ্ঠৰপৰা ১১০-১২৬ মিটাৰ (গড় ১১৮ মিটাৰ) উচ্চতাত অৱস্থিত। ই তিনিচুকীয়া জিলাৰ পৰা মাত্ৰ ১৩ কিঃমিঃ দূৰৈত অৱস্থিত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ অক্ষাংশৰ ২৭ ডিগ্ৰী ৩০ মিনিটৰপৰা ২৭ ডিগ্ৰী ৪৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাৰেখাৰ ৯৫ ডিগ্ৰী ১০ মিনিটৰপৰা ৯৫ ডিগ্ৰী ৪৫ মিনিটলৈ বিস্তৃত হৈ আছে।
ইতিহাস
ডিব্ৰু আৰু ছৈখোৱা এই দুয়োখন বনাঞ্চলক ১৮৯০ আৰু ১৯২৯ চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত দুয়োখন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কিছু এলেকা সামৰি ১৯৯৫ চনত ৩৪০ বৰ্গ কিঃমিঃ এলেকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল। ক্ৰমাগতভাৱে ১৯৯৭ চনত ৩৪০ বৰ্গ কিঃমিঃ অঞ্চলক মুখ্য অঞ্চল (Core-zone) আৰু ইয়াৰ চৌপাশৰ (পাৰ্শ্বস্থ ৩৮খন ৰাজহ গাঁও, সংলগ্ন অন্য এলেকা) ৪২৫ বৰ্গ কিঃমিঃ নিৰপেক্ষ অঞ্চল (Buffer Zone) হিচাবে লৈ ৭৬৫ বৰ্গ কিঃমিঃ অঞ্চলক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল (Dibru-Saikhowa Biosphere Reserve) হিচাবে ঘোষণা কৰা হৈছিল। পুনৰ ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল।[2]
ভৌগোলিক বিৱৰণ
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি হৈছে ৩৪০ বৰ্গ কিঃমিঃ।
চাৰিসীমা
- উত্তৰ:ব্ৰহ্মপুত্ৰ নদী
- পূব: অনন্ত নলা
- দক্ষিণ: ডিব্ৰু নদী
- পশ্চিম: ডিব্ৰু নদী আৰু ব্ৰহ্মপুত্ৰ নদী[1]
জলবায়ু
ইয়াৰ জলবায়ু নাতিশীতোষ্ণ। বাৰ্ষিক গড় বৃষ্টিপাত ২৩০০ মিঃমিঃৰ পৰা ৩৮০০ মিঃমিঃ। ইয়াত জুন, জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰ মাহত বেছিকৈ বৃষ্টিপাত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ শীতকাল আৰু জহকালৰ গড় উষ্ণতাৰ পাৰ্থক্য ৭ ডিগ্ৰী ছেলছিয়াছৰ পৰা ৩৪ ডিগ্ৰী ছেলছিয়াছলৈকে হোৱাৰ তথ্য পোৱা যায়। জুলাই আৰু আগষ্ট মাহত আটাইতকৈ বেছি গৰম আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত আটাইতকৈ বেছি ঠাণ্ডা হয়।[3][4]
প্ৰাণীকুল
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা (Ferral Horse) পোৱা উদ্যান। এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি নামকৰণ কৰাৰ ইতিহাস হ'ল এই ঘোঁৰাবোৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰা। যুদ্ধ অন্ত পৰাৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিনি বনত মুকলি কৰি দিযে। এই ঘোঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে। তদুপৰি এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁহ ( White-winged Wood Duck)ৰ আৱাসভূমি| |ইবিলাকৰ উপৰিও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহু(River dolphin)ৰ বাসস্থান|এই উদ্যানত কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম'হ (Wild Buffalo), বাঘ, হাতী, বন বোন্দা (Jungle Cat), উদ (Otter), মেচেকা, উৰণীয়া কেৰ্কেটুৱা (Flying Squirrel), হলৌ বান্দৰ (Goolock Gibbon), (Capped Langur), (Pigtail Macaque), শিহু (Dolphin), অসমীয়া বান্দৰ (Assamese Macaque) মলুৱা বান্দৰ (Macaca Macaque), লাজুকী বান্দৰ (Slowtoris)ৰ লগতে বিবিধ বৃক্ষ, তৃণ, লতা, ঔষধি গছ, কেইবাবিধো বনফুল (Orchid) ইত্যাদি পোৱা যায়।[1]
উদ্ভিদৰাজি
ৰাষ্ট্ৰীয় উদ্যানখনৰ শতকৰা প্ৰায় ৬০ ভাগ পিটনি, ২ ভাগ কীঠনি আৰু ১৫ ভাগ ঘাঁহনি।
ইয়াৰ অৰণ্যৰাজি বিভিন্ন প্ৰকাৰৰ – অৰ্ধ চিৰসেউজ অৰণ্য, সেমেকা পৰ্ণপাতী অৰণ্য, তৃণভূমি, জলাহ, পিটনি আৰু বেতনি।
ডিব্ৰু-ছৈখোৱাত পোৱা উল্লেখযোগ্য উদ্ভিদসমূহ হ’ল — ভেৰ, হোলোং, এজাৰ, জৰিগছ, বট, হলখ, চিচু, শিমলু, নাহৰ, ও-টেঙা, শিলিখা, চতিয়না, ভোমোৰা, আঁহত, ডিমৰু, – অমৰা, কদম, শিঙৰী, ভাতঘিলা, ওদাল আদি।
ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত- নল, ইকৰা, খাগৰি, বিৰিণা, উলূখেৰ, কঁহুৱা, বৰতা আদি প্ৰধান।
উদ্যানখনত সৌকা, ৰাইডাং আদি নানা প্ৰজাতিৰ বেতৰ উপৰি তৰাগছ, পাটীদৈ, যমলাখুটি আদি পৰিলক্ষিত হয়। উদ্যানখনত মচবৰ্গীয় ‘মাৰ্কেনচিয়া’ নামৰ এবিধ সেমেকা মাটিত গজে।
জলাশয়বোৰত কলমৌ, তৰা, ভেট, মেটেকা, দল, পুণী আদি বিভিন্ন জলজ উদ্ভিদ পৌৱা যায়। প্ৰায় ৩৫ বিধমান বিৰল প্ৰজাতিৰ অৰ্কিডে উদ্যানখনৰ সৌন্দৰ্য দুগুণে বঢ়াইছে
উদ্যানখনৰ নদী সমূহ
ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ যোৱাৰ ফলত কিছুমান সৰু-বৰ জলাশয় সৃষ্টি হৈছে। এই জলাশয়বোৰত নাৱেৰে পক্ষী নিৰীক্ষণৰ সু-ব্যৱস্থা আছে। ডিব্ৰু, নদিহিং, লোহিত, কুণ্ডিল, চিয়াং আদি নদীয়ে উদ্যানখনক আগুৰি আছে।
পক্ষী
অসমত পোৱা ৯৬০টা মান প্ৰজাতিৰ পক্ষীৰ ভিতৰত ডিব্ৰু-ছৈখোৱাত ৩৮৫টা প্ৰজাতি পক্ষী পোৱা গৈছে। কেতবোৰ বিৰল প্ৰজাতিৰ লগতে কেইবাটাও প্ৰজাতিৰ গৰিষ্ঠসংখ্যক পক্ষীৰ আশ্ৰয়স্থল হিচাবে "ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান" বিশেষভাৱে উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিছে।[5]
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা উল্লেখযোগ্য পক্ষী সমূহৰ নাম হৈছে:
|
|
|
পৰিভ্ৰমী চৰাই
শীতৰ আগমনৰ লগে লগে বিভিন্ন স্থানৰ বিভিন্ন পক্ষীৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটে। অন্যান্য ঠাইৰ লগতে লাডাখ, ইষ্টাৰ্ণ হিমালয়, ছাইবেৰিয়াৰ পক্ষী বেছিকৈ অহাৰ তথ্য পোৱা যায়। শীতকালত অসমলৈ দুটা প্ৰজাতিৰ বালিমাহীৰ (Wagtail) আগমন ঘটে। ইয়াৰ গাতে লাগি থকা মতাপুং, মাগুৰি বিল দুখনক পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি বুলিব পাৰি। মতাপুং-মাগুৰীক Important Bird Area (IBA) ৰূপে অভিহিত কৰা হৈছে।[1]
শীতকালি আগমন ঘটা উল্লেখযোগ্য পৰিভ্ৰমী চৰাই সমূহৰ নাম হৈছে:[1]
|
|
পৰ্য্যটকৰ বাবে
প্ৰৱেশ
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ বাবে বন বিভাগৰ "ৱাইল্ড লাইফ ৱিঙ"ৰপৰা লিখিত অনুমতিৰ আৱশ্যক। পৰ্য্যটকৰ বাবে প্ৰৱেশ পথ দুটা হৈছে"গুইজান ঘাট" (তিনিচুকীয়াৰ পৰা ১০ কিঃমিঃ দূৰত্ব) আৰু "ছৈখোৱা ঘাট।" ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনভোজ আয়োজন কৰা নিষিদ্ধ। তিনিচুকীয়াৰপৰা গুইজানৰ প্ৰৱেশ পথলৈ ১০ কিঃমিঃ আৰু ধোলা প্ৰৱেশ পথলৈ ৫০ কিঃমিঃ। তিনিচুকীয়া চহৰৰপৰা নিয়মিতভাৱে বাছ, টেক্সী আৰু অট'ৰিক্সা ইয়ালৈ চলাচল কৰে।
পৰিবহণ ব্যৱস্থা
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটতম চহৰ হৈছে তিনিচুকীয়া। অসমৰ অন্যান্য স্থানৰপৰা তিনিচুকীয়ালৈ ৰেল আৰু পথ পৰিবহণৰ সু-ব্যৱস্থা আছে।[6]
- বিমান পথ
ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটতম বিমানবন্দৰ হৈছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ দূৰত্বত বিমান বন্দৰটো অৱস্থিত। ইয়ালৈ দৈনিক মুখ্য চহৰসমূহ যেনে গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই আদিৰপৰা বিমান চলাচল কৰে।[6]
- ৰেলপথ
ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটতম ৰেল ষ্টেচন হৈছে তিনিচুকীয়া ৰেল ষ্টেচন। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগত ব্ৰডগ'জ লাইনৰ দ্বাৰা তিনিচুকীয়ালৈ ৰেল পৰিবহণৰ সু-ব্যৱস্থা আছে।
- পথ
গুৱাহাটীৰ পৰা প্ৰায় ৫০০ কিঃমিঃ দূৰত্বত তিনিচুকীয়া চহৰ অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰদ্বাৰা ডিব্ৰুগড় চহৰৰ লগত তিনিচুকীয়া চহৰ সংযোজিত হৈ আছে। তিনিচুকীয়া চহৰৰপৰা নিয়মিত বাছ সেৱা, টেক্সী আৰু অট'ৰিক্সাৰ ব্যৱস্থা আছে।[6]
- নিৰীক্ষণ কেন্দ্ৰ আৰু থকা-মেলাৰ ব্যৱস্থা
তিনিচুকীয়াৰপৰা ১০ কিঃমিঃ নিলগৰ গুইজানত ডিব্ৰু নদীৰ পাৰত বনশ্ৰী নামৰ এটা ইক' কেম্প স্থাপন কৰা হৈছে।[7] ইয়াতেই থকাৰ সু-ব্যৱস্থাও আছে। ইয়াৰ উপৰিও ইয়াত ডিব্ৰু নদীত নৌকাত উঠি শিহু আৰু বিভিন্ন পক্ষী নিৰীক্ষণ কৰাৰ সুবিধা আছে।
ইয়াৰ বাহিৰেও তিনিচুকীয়া চহৰত ব্যক্তিগত খণ্ডৰ হোটেল আৰু বন নিৰীক্ষণ কেন্দ্ৰত থকাৰ সু-ব্যৱস্থা আছে।
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 1.2 1.3 1.4 তৃপ্তি দাস (১১ নৱেম্বৰ, ২০০৭). বসুন্ধৰা. পৃষ্ঠা. ৮, ৯, ১০.
- ↑ Choudhury, A.U. (2009). The genesis of a national park. In Incredible Dibru–Saikhowa National Park. Dwivedi, K.K. (ed.). Dibru–Saikhowa Conservation Society, Tinsukia, India. Pp. 6-11.
- ↑ Choudhury, A.U. (1994). A report on bird survey in Dibru–Saikhowa Wildlife Sanctuary, Assam, India. Report to Oriental Bird Club, UK. 71pp+maps.
- ↑ Choudhury, A.U. (1998). Mammals, birds and reptiles of Dibru-Saikhowa Sanctuary, Assam, India. Oryx 32(3):192-200.
- ↑ তৃপ্তি দাস (১১ নৱেম্বৰ, ২০০৭). বসুন্ধৰা. পৃষ্ঠা. ১০.
- ↑ 6.0 6.1 6.2 "ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিবহণ ব্যৱস্থা". http://www.dibrusaikhowa.com/accomplish-journey। আহৰণ কৰা হৈছে: July 10, 2012.
- ↑ "বনশ্ৰী". http://www.dibrusaikhowa.com/find-an-abode। আহৰণ কৰা হৈছে: July 11, 2012.
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply. (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
#Wikipedia® is a registered trademark of the Wikimedia Foundation, Inc. Wiki (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wikimedia Foundation.