লাডাখ: ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল

লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ। লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।

লাডাখ
—  প্ৰশাসনিক অঞ্চল
প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল
  —
Viewofleh.jpgলেহ চহৰৰ দৃশ্য
লাডাখ: ৰাজনৈতিক দখল, জনসংখ্যা আৰু অন্যান্য তথ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা
ভাৰতত লাডাখৰ অৱস্থান
ভাৰতত লাডাখৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য
অঞ্চল ৮ ফেব্ৰুৱাৰী ২০১৯
কেন্দ্ৰীয় শাসিত অঞ্চল ৩১ অক্টোবৰ ২০১৯ (প্ৰস্তাবিত)
সদৰ লেহ
জিলা কাৰ্গিল জিলা, লেহ জিলা
মাটিকালি
 - মুঠ ৫৯,১৪৬ কি.মি. 
(২২,৮৩৬.৪ বৰ্গ মাইল)
অধিকতম উচ্চতা ৭,৭৪২ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
নিম্নতম উচ্চতা ২,৫৫০ মিটাৰ (৮,৩৬৬.১৪ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,৭৪,২৮৯ জন
 - জনঘনত্ব ৪.৬ প্ৰতি বৰ্গ কি.মি. 
(১২ প্ৰতি বৰ্গ মাইল)
বিশেষণ লাডাখী
ভাষা
 - আধিকাৰীক তিব্বতীয় ভাষা, বাল্টি ভাষা, উৰ্দু ভাষা, হিন্দী ভাষা
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
যানবাহনৰ নম্বৰ লেহ: JK10; কাৰ্গিল: JK07
মুখ্য চহৰ লেহ, কাৰ্গিল
ৱেবছাইট jkladakhaffairs.nic.in

ঐতিহাসিকভাৱে লাডাখে বালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে), উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনৰ চিঞ্জিয়াং আছে।

ৰাজনৈতিক দখল

আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল। এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক জম্মু-কাশ্মীৰৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত আক্সাই চিন আৰু অৰুণাচল প্ৰদেশক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।

অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ত্ব আছিল এই ক্ষেত্ৰৰ। কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু মধ্য এছিয়াৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।

জনসংখ্যা আৰু অন্যান্য তথ্য

লাডাখৰ বৃহত্তম চহৰ লেহ আৰু তাৰ পাছতেই আছে কাৰ্গিল। লাডাখৰ ৩৯.৭% মানুহ তিব্বতী বৌদ্ধ ধৰ্মাৱলম্বী, ১২.১% হিন্দু আৰু ৪৬.৪% লোক মুছলমান (মূলতঃ শ্বিয়া) অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰত শিখ অন্যতম।

কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা

লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰ পৰা লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাডাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাডাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল। ফেব্ৰুৱাৰী ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত ভাৰতীয় সংসদৰ দুয়ো সদনে গৃহীত কৰা এক বিল অনুযায়ী লাডাখ জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।

টোকা

তথ্য সংগ্ৰহ

Tags:

লাডাখ ৰাজনৈতিক দখললাডাখ জনসংখ্যা আৰু অন্যান্য তথ্যলাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদালাডাখ টোকালাডাখ তথ্য সংগ্ৰহলাডাখভাৰতহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

ৰিহাবেদমাজুলীঅনুবাদচানডুবি বিলতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰত ৰত্নকৃষ্ণমধ্যাহ্ন ভোজন আঁচনিআত্মসহায়ক গোটঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া ভাষাকাঞ্চনহাবুংদিনঅসমৰ চাহ জনগোষ্ঠীকাৰেংঘৰপ্ৰাকৃতিক সম্পদঅৰুণোদইমৰাণ জনগোষ্ঠীআন্তৰ্জাতিক যোগ দিৱসআলি আঃয়ে লৃগাংৰামধেনু (আলোচনী)অসমীয়া খাদ্যাভ্যাসপঞ্চায়তী ৰাজওদালগুৰি জিলাচজিনাৱিকিপিডিয়াৰ তালিকাসুভাষ চন্দ্ৰ বসুপূৰ্ণ স্বৰাজবৰপেটাবাঁহী (আলোচনী)পায়ু সংগমগৌতম বুদ্ধপূৰবী বৰমুদৈতলাতল ঘৰবেদব্যাসঅসমৰ পৰম্পৰাগত সাজ- পাৰগোলকীকৰণহাঁচতিনক্ষত্ৰবনঘোষাহেমচন্দ্ৰ বৰুৱাগোৱালপাৰা জিলাচাদৰঊৰুমৈথুনলখিমপুৰ জিলাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰমন্যাসবাদবড়ো ভাষাঅসমৰ সাধুকথাঅসমৰ শাক-পাচলিৰ তালিকাকলিতা জাতিৰ ইতিহাসসপ্তকাণ্ড ৰামায়ণছিৰিয়াচ'জুনতাজমহলশিৱসাগৰ জিলাশ্ৰী শ্ৰী বটদ্ৰৱা থানছয় জনগোষ্ঠীৰ জনজাতিকৰণমল্লিকা ফুলজীৱন বাটৰ লগৰীকোচ ৰাজবংশৰংঘৰদিছপুৰৰাধা কৃষ্ণতুলসী১৪ এপ্ৰিলধৰ্মজণ্ডিছমুদ্ৰাভূপেন হাজৰিকাকুকুৰা🡆 More