ইউক্লিড: গ্ৰীক গণিতজ্ঞ

ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ। তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয়।

ইউক্লিড
Euclid
ইউক্লিড: জীৱন, এলিমেণ্ট‍ছ, অন্যান্য অৱদান
শিল্পী ৰাফেলৰ স্কুল অফ এথেঞ্চত ইউক্লিড
জন্ম ৩২৫
মৃত্যু ২৬৫
বাসস্থান আলেকজেণ্ড্ৰিয়া, ইজিপ্ট
ক্ষেত্ৰ গণিত
জনা যায় ইউক্লিডীয় জ্যামিতি
এলিমেণ্টছ

জীৱন

ইউক্লিডৰ জীৱন সম্পৰ্কে অতি কম কথা জনা যায়। গ্ৰীক দাৰ্শনিক (প্ৰক্লাছ) আৰু (পেপ্পাছ)ৰ ৰচনাত ইউক্লিডৰ উল্লেখ আছে। ধাৰণা কৰা হয় যে আলেকজেন্দ্ৰিয়াত ইউক্লিডে ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল। জীৱন সম্পৰ্কে নহ’লেও তেওঁৰ কৰ্মৰাজীৰ বিষয়ে বিশদভাৱে জনা যায়। বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ তেওঁৰ জীৱনকালৰ ২৩টা শতিকাৰ পিছতো স্মৰণ কৰা হয়। জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলোকবিজ্ঞান, সংখ্যাবিজ্ঞান আদিৰো চিন্তা-চৰ্চা কৰিছিল।

এলিমেণ্ট‍ছ

‘এলিমেণ্ট‍ছ’(Elements) তেওঁৰ জ্যামিতিৰ এখন বিখ্যাত গ্ৰন্থ। ছপাৰ পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছত এই গ্ৰন্থখনৰ কমেও এহেজাৰ সংস্কৰণ ছপা হৈছে। জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল, কিন্তু তেওঁ জ্যামিতিৰ যুক্তিবোৰ যথাযথভাৱে সজাই ইয়াক এক ক্ৰমবদ্ধ বিষয় হিছাপে প্ৰতিষ্ঠা কৰিলে। তেওঁ সৰলৰেখা,বিন্দু,ত্ৰিভুজ আদিৰ স্পষ্ট সূত্ৰ দিছিল আৰু এইবোৰৰ আলমত অনেক প্ৰতিজ্ঞা বা উপপাদ্যৰ যুক্তিসিদ্ধ প্ৰমাণ দাঙি ধৰিছিল। এই গ্ৰন্থত ‘সংখ্যাতত্ত্ব’ও সন্নিবিষ্ট কৰা হৈছে। তেওঁ 'এলিমেন্টচ' খন তেৰটা খণ্ডত বিভক্ত কৰি প্রতিটো খণ্ডকে একোখন পুথি হিচাপে নামাকৰণ কৰিছিলমে

অন্যান্য অৱদান

ইউক্লিডৰ নষ্ট নোহোৱাকৈ থকা আন আন গ্ৰন্থসমূহ হ’ল- Data, On Divisions of Figures, Catoptrics, Phaenomena আৰু Optics। ওঠৰ শতিকাতহে জাৰ্মান গণিতজ্ঞ কাৰ্ল গাউছ(Karl Gauss)-এ এক অনা-ইউক্লিডীয় জ্যামিতিৰ উদ্ভাৱন কৰে যাক পাছলৈ ৰুছ গণিতজ্ঞ লবাছেভস্কি(Lobachevsky) আৰু হাংগেৰীয়ান গণিতজ্ঞ বলাই(Bolyai)-এ প্ৰকাশ কৰে। ই এতিয়া ইউক্লিডীয় জ্যামিতিৰ পৰা এক পৃথক ঠাল।


তথ্য সংগ্ৰহ

Tags:

ইউক্লিড জীৱনইউক্লিড এলিমেণ্ট‍ছইউক্লিড অন্যান্য অৱদানইউক্লিড তথ্য সংগ্ৰহইউক্লিড

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ লোকগীতনাগাৰা নামপ্ৰশান্ত মহাসাগৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভগৎ সিংহোমেন বৰগোহাঞিপৰিৱেশ অধ্যয়নঅসমৰ পিতল শিল্পনৱবিধা ভক্তিহেমচন্দ্ৰ বৰুৱাডিমাছা জনগোষ্ঠীপৰিৱেশ বিজ্ঞানৰাষ্ট্ৰসংঘ দিৱসঅনিৰুদ্ধনামঘৰকানাই বৰশী বোৱা শিলালিপিছিক্কিমনলিনীবালা দেৱীইছলামবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যপৰ্যাবৃত্ত তালিকাতেজপুৰঅজন্তা গুহাসমূহবন্দে মাতৰম্‌শ্ৰীমদ্ভগৱতগীতাজোনবিল মেলাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰলীলা গগৈপাকস্থলীমৃত্যুৰামঅগ্নিগড়আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিগ্ৰন্থমেলাৰাজহুৱা ক্ষেত্ৰযৌন নিৰ্যাতনআহোম-মোগলৰ সংঘৰ্ষমিয়া খলিফাঅসমত দেখা পোৱা মাছৰ তালিকাঅংগনবাদীনিউটনৰ গতিৰ সূত্ৰমৌখিক লোকসাহিত্যবিয়া নামমাৰ্ক্সবাদপাটঅসমৰ জনগোষ্ঠীঅসম লোকসেৱা আয়োগনাগালেণ্ডসালোক সংশ্লেষণশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমৌৰ্য সাম্ৰাজ্যশিৱসাগৰ জিলাদানৱ ৰাজবংশকল্পবিজ্ঞানকোচ ৰাজবংশীভাৰতীয় ৰেলঅসম আন্দোলনসুন্দৰীদিয়া সত্ৰলক্ষ্মীধৰ শৰ্মাবাল্য বিবাহৰচনাপুৰেন্দ্ৰ প্ৰসাদ শইকীয়াবেটুপাতলোক-নৃত্যশৰৎচন্দ্ৰ গোস্বামীকীৰ্তন-ঘোষাৰাম বিজয়মিঠু বৰুৱাপোৱামক্কাগাৰো জনগোষ্ঠীজেং বিহুজনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা🡆 More