বুট

বুট (বৈজ্ঞানিক নাম :Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ। বুটৰ বিভিন্ন প্ৰকাৰবোৰক ইংৰাজীত চিক পী (chickpea বা chick pea), গ্ৰাম (gram) বা বেংগল গ্ৰাম (Bengal gram), গাৰবেনজ' (garbanzo) বা গাৰবেনজ' বীন (garbanzo bean), বা ইজিপ্তিয়ান পী (Egyptian pea) আদি নামেৰে জনা যায়। ই প্ৰ'টিনেৰে সমৃদ্ধ। মধ্য প্ৰাচ্য, পশ্চিম এছিয়া আৰু ভাৰতীয় উপমহাদেশত ইয়াৰ খেতি কৰা হয়।

বুট
বুট
বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট।
Sprouted chickpea
গজালি মেলা বুট
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গণ: Cicer
প্ৰজাতি: C. arietinum
বৈজ্ঞানিক নাম
Cicer arietinum
L.
সমাৰ্থক
  • Cicer album hort.
  • Cicer arientinium L. [Spelling variant]
  • Cicer arientinum L. [Spelling variant]
  • Cicer edessanum Bornm.
  • Cicer grossum Salisb.
  • Cicer nigrum hort.
  • Cicer physodes Rchb.
  • Cicer rotundum Alef.
  • Cicer sativum Schkuhr
  • Cicer sintenisii Bornm.
  • Ononis crotalarioides M.E.Jones

বুটৰ গছ ২০ − ৫০ চেমিৰ পৰা ১ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। বুটৰ কাণ্ডৰ দুয়োফালে পাখিযুক্ত পাত আছে। এটা বীজপত্ৰ দুইৰ পৰা তিনিটা মাহজাতীয় শস্য থাকে। ইহঁতৰ ফুলবোৰ বগা, বা কেতিয়াবা ৰঙা নীলা। গ্ৰীষ্মমণ্ডলীয় বা উপ-ক্ৰান্তীয় জলবায়ু আৰু বছৰি ৪০০ মিমি বা অধিক বৰষুণ বুট গছৰ স্বাভাৱিক উৎপাদনৰ বাবে অত্যাৱশ্যকীয়।

বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট। বুটবোৰ পৰিপক্ব নহওতেই আহৰণ কৰিলে সেউজীয়া হয় আৰু পিছত তাম বৰণৰ, দাগযুক্ত, গাঢ় মুগাৰ পৰা ক'লা বৰণৰ হয়। বিশ্বৰ মুঠ বুট উৎপাদনৰ ৭৫% হৈছে সৰু দেশী প্ৰকাৰৰ আৰু বিশ্বৰ মুঠ উৎপাদনৰ ৭০% বুটৰ উৎপাদন হয় ভাৰতত।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

তলাতল ঘৰবাংলাদেশপ্ৰকৃতিনৱকান্ত বৰুৱাভূতাপীয় শক্তিঅজন্তা গুহাসমূহজয়মতী কুঁৱৰী (নাটক)পাইক প্ৰথাপাঠ পৰিকল্পনামনকৰএচিদ বৰষুণইতিহাসতেজপুৰপিয়লি বৰুৱাপুথিভঁৰালআনন্দৰাম ঢেকিয়াল ফুকনতাল (বাদ্যযন্ত্ৰ)এলক'হলআলি আঃয়ে লৃগাংঅৰ্পণা কোঁৱৰমিচিং জনগোষ্ঠীৰ সাজপাৰইণ্ডিয়ান অভাৰচিজ বেংকখ্ৰীষ্টান ধৰ্মকলাগুণাভিৰাম বৰুৱাভাৰতৰ উপৰাষ্ট্ৰপতিকাৰ্ল মাৰ্ক্সটকা (বাদ্য)নতুন শৰাইঘাট দলংপ্ৰথম বিশ্বযুদ্ধচ'মাংকানকৃষিবিবাহডিব্ৰুগড় জিলাজৈৱ বৈচিত্ৰ্যভাৰতীয় শিল্পকলাবিদ্যুৎৰামধেনুৰামচৰণ ঠাকুৰঅসমীয়া বৰ্ণমালাশক্তিৰ সংৰক্ষণশীলতাস্বামী বিবেকানন্দঅম্বিকাগিৰি ৰায়চৌধুৰীদৰ্শনচলচ্চিত্ৰবুঢ়ী আইৰ সাধুনলিনীবালা দেৱীহিন্দু ধৰ্মবৰাক নদীচাহআন্তৰ্জাতিক নাৰী দিৱসদশাৱতাৰকবিতাফুটবলস্নায়ুকোষবাগৰুম্বানৰেন্দ্ৰ মোদীজাপিভাৰত ৰত্নহেমচন্দ্ৰ গোস্বামীগঙ্গা নদীনিৰ্ম্মল ভকতস্বৰাজসংগীত নাটক একাডেমী বঁটাবিশ্ব থিয়েটাৰ দিৱসমিৰি জীয়ৰীপ্ৰদূষণছাকিৰাস্বৰ্গপবিতৰা অভয়াৰণ্যঅসমীয়া ভাষাযতি-চিনজালিয়ানৱালাবাগৰ হত্যাকাণ্ড🡆 More