পৰমাণু: পদাৰ্থৰ মৌলিক গাঁথনি

পৰমাণু (ইংৰাজী: Atom) হৈছে পদাৰ্থৰ মৌলিক গাঁথনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে (ব্যতিক্ৰম হৈছে হাইড্ৰ’জেন-১ পৰমাণু, যিটো নিউট্ৰন কণিকা অবিহনে একমাত্ৰ সুস্থিৰ নিউক্লিড) গঠিত। ইলেক্ট্ৰনবোৰ সাধাৰণতে বিদ্যুত-চুম্বকীয় বলৰ দ্বাৰা নিউক্লিয়াছৰ লগত বান্ধ খাই থাকে। একেদৰে পৰমাণুবোৰে আকৌ নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি একো একোটা অনু গঠন কৰে। এটা পৰমাণুত সাধাৰণতে সমসংখ্যক প্ৰ’টন আৰু ইলেক্ট্ৰন থাকে, যাৰবাবে পৰমাণুটো বৈদ্যুতিকভাৱে আধানহীন হয়। আনহাতে যদি পৰমাণু এটাত ইলেক্ট্ৰন কমকৈ থাকে (ইলেক্ট্ৰন ৰিক্ততা) তেন্তে পৰমাণু এটা ধনাত্মক আধানযুক্ত হ’ব আৰু যদিহে ইলেক্ট্ৰন বেছিকৈ থাকে (electron excess) তেন্তে পৰমাণু এটা ঋণাত্মক আধানযুক্ত হ’ব। ধন বা ঋণ আধানযুক্ত পৰমাণুবোৰক আয়ন বুলি কোৱা হয়। পৰমাণু এটাক ইয়াৰ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যাৰে শ্ৰেণীভুক্ত কৰা হয়: প্ৰ’টনৰ সংখ্যাই ৰাসায়নিক ধৰ্ম নিৰূপণ কৰে; আনহাতে নিউট্ৰন সংখ্যাই পৰমাণুৰ আইছ’ট’প নিৰ্ধাৰণ কৰে।

হিলিয়াম পৰমাণু
Helium atom ground state.
Helium atom ground state.
An illustration of the helium atom, depicting the nucleus (pink) and the electron cloud distribution (black). The nucleus (upper right) in helium-4 is in reality spherically symmetric and closely resembles the electron cloud, although for more complicated nuclei this is not always the case. The black bar is one angstrom (10−10 m or 100 pm).
শ্ৰেণী বিভাজন
পদাৰ্থৰ মৌলিক গঠন
বৈশিষ্ট্যসমূহ
আণৱিক ভৰ: 1.67×10−27 পৰা 4.52×10−25 kg
ইলেকট্ৰিক চাৰ্জ: zero (neutral), or ion charge
ব্যাস: 62 pm (He)পৰা 520 pm (Cs)
উপাদান: ইলেকট্ৰন, প্ৰ’টন, নিউট্ৰ’ন আৰু নিউক্লিয়াছ

এট’ম নামটো প্ৰকৃততে আহিছে গ্ৰীকৰ ἄτομος (এট’ম’চ, "অভংগনীয়") পৰা ἀ- (a-, "নোৱাৰা") আৰু τέμνω (temnō, "ভঙা"), মানে ভাঙিব নোৱাৰা, এবিধ কণিকা যিটো পুনৰ ভাঙিব পৰা নাযায়। পদাৰ্থৰ এটি অভংগনীয় অৱস্থা অৰ্থাৎ পৰমাণুৰ ধাৰণাটো পোন-প্ৰথমে আগবঢ়াইছিল ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলে। ১৭শ আৰু ১৮শ শতিকাত, ৰসায়নবিদসকলে এটি ধাৰণা আগবঢ়াইছিল যে পদাৰ্থৰ প্ৰাথমিক ধাৰণাৰ পৰা দেখা গৈছিল যে ৰাসায়নিক পদ্ধতিৰে কিছুমান পদাৰ্থ কণিকা পুনৰ ভাঙিব পৰা নাযায়। ১৯শ শতিকাৰ শেষভাগ আৰু ২০শ শতিকাৰ আৰম্ভণিতে, পদাৰ্থবিদসকলে অতি-পাৰমানৱিক অংশ আৰু পৰমাণুৰ ভিতৰৰ গঠন আৱিষ্কাৰ কৰে, গতিকে ’পৰমাণু’ ভংগনশীল বুলি প্ৰমাণ কৰিলে। পৰমাণুৰ ধাৰণাটো কোৱাণ্টাম বলবিদ্যাৰ সূত্ৰসমূহৰ দ্বাৰাই সফলতাৰে আৰ্হি প্ৰস্তুত কৰা হৈছে।

পৰমাণুবোৰ হৈছে সূক্ষ্ম ভৰযুক্ত অতি ক্ষুদ্ৰ পদাৰ্থ কণিকা। বিশেষ ধৰণৰ যন্ত্ৰ যেনে স্কেনিং টানেলিং অনুৱীক্ষণ যন্ত্ৰৰ সহায়ত পৰমাণুবোৰক এককভাৱে পৰ্য্যবেক্ষণ কৰিব পাৰি। পৰমাণু এটাৰ ভৰ ৯৯.৯৪% তকৈ বেছি নিউক্লিয়াছতে কেন্দ্ৰীভূত হৈ থাকে, কাৰণ প্ৰ’টন আৰু নিউট্ৰ’নৰ ভৰ প্ৰায় সমান হয়। প্ৰত্যেক মৌলৰে অস্থিৰ নিউক্লিয়াছযুক্ত আইছ’টপ অন্তত এটা হ’লেও আছে, আৰু যিবোৰৰ তেজষ্ক্ৰিয় বিঘটন ঘটে। যাৰ ফলস্বৰূপে ট্ৰেন্সমিউটেচন ঘটি নিউক্লিয়াছত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা সলনি হয়। পৰমাণুৰ লগত বান্ধ খাই থকা ইলেক্ট্ৰনবোৰে কিছুমান সুস্থিৰ শক্তিস্তৰ, নাইবা অৰবিটেল অধিগ্ৰহণ কৰে, আৰু এই ইলেক্ট্ৰনবোৰে শক্তিস্তৰবোৰৰ শক্তি পাৰ্থক্যৰ সমান শক্তিৰ ফ’টন কণিকা অৱশোষণ নাইবা বিকিৰণ কৰি এই শক্তিস্তৰবোৰৰ মাজত অতিক্ৰমণ কৰে। এই ইলেক্ট্ৰনবোৰেই মৌল এটাৰ ৰাসায়নিক ধৰ্মবোৰ নিৰ্ধাৰণ কৰে, আৰু পৰমাণু এটাৰ চৌম্বিক ধৰ্ম ভালেখিনি প্ৰভাৱিত কৰে।

বুৰঞ্জী

পাৰমাণবিকত্ব

পদাৰ্থ যে কিছুমান পৰস্পৰ পৃথক ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত আৰু এই কণিকাবোৰ যে অভংগনীয় এই ধাৰণাবোৰ প্ৰায় এহাজাৰ বছৰ ধৰি স্থাপিত হৈ আছিল, কিন্তু এই ধাৰণাবোৰ পৰীক্ষালব্ধ আৰু বাস্তৱিক পৰ্য্যবেক্ষণৰ ফলাফলৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ পৰিবৰ্তে, কিছুমান বিমূৰ্ত্ত, দাৰ্শনিক যুক্তিতত্ত্বৰে আগবঢ়োৱা ধাৰণাহে আছিল। দৰ্শন শাস্ত্ৰত পৰমাণুৰ গুণাগুণবোৰ সময়, সভ্যতা আৰু শিক্ষাব্যৱস্থাবোৰৰ লগত সলনি হৈ আছিল, প্ৰায়েই কিছুমান অলৌকিক তত্ত্বৰ লগত সংযুক্ত হৈ আছিল। তথাপি, পৰমাণুৰ প্ৰাথমিক ধাৰণাটো বিজ্ঞানী সমাজে প্ৰায় এহেজাৰ বছৰ পিছতহে গ্ৰহণ কৰিছিল কাৰণ ই খুব সুন্দৰভাৱে ৰসায়ন বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰবোৰৰ ব্যাখ্যা কৰিব পাৰিছিল।

পুৰণি সভ্যতাবোৰ যেনে গ্ৰীক আৰু ভাৰতীয়বোৰে দিয়া পৰমাণুৰ ধাৰণাৰ আঁত ধৰিব পৰা যায়। খ্ৰী.পূ. ৬ষ্ঠ শতিকাৰ ভাৰতবৰ্ষত, Ājīvika, Jain আৰু Cārvāka এইবোৰ আছিল পৰমাণুত্বৰ শিক্ষাস্থান। Nyaya আৰু Vaisheshika শিক্ষাপীঠত কেনেদৰে পৰমাণুবোৰ সংগঠিত হৈ জটিল পদাৰ্থ সৃষ্টি কৰে সেই তত্ত্ববোৰ আগবঢ়াইছিল। আনহাতে প্ৰাশ্চ্যাত্যত, পৰমাণুৰ ধাৰণাটো আহিছিল খ্ৰী.পূ. ৫ম শতিকাৰ লিউকিপাছৰ পৰা, আৰু তেওঁৰেই ছাত্ৰ, ডেম’ক্ৰিটাচে, ধাৰণাটো সু সংগঠিত কৰিছিল। প্ৰায় 450  খ্ৰী.পূ.ত, ডেম’ক্ৰিটাচে প্ৰথম ’এট’ম’চ’(গ্ৰীক: ἄτομος) নামটো দিছিল, যাৰ অৰ্থ আছিল "অভংগনীয়" নাইবা "আটাইতকৈ ক্ষুদ্ৰ অভংগনীয় পদাৰ্থ কণিকা"। তথাপিও কিন্তু ভাৰতীয় আৰু গ্ৰীক পৰমাণুৰ ধাৰণাবোৰ সম্পূৰ্ণৰূপে দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত আছিল, আধুনিক বিজ্ঞানে কিন্তু ডেম’ক্ৰিটাচে দিয়া ’এট’ম’চ’ নামটো ৰাখিলে।

টোকা

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

পৰমাণু বুৰঞ্জীপৰমাণু টোকাপৰমাণু তথ্যসূত্ৰপৰমাণু বাহ্যিক সংযোগপৰমাণুen:Isotopeইংৰাজী ভাষাপৰ্য্যাবৃত্ত তালিকা

🔥 Trending searches on Wiki অসমীয়া:

নেতাই ধুবুনী ঘাটশিৱসাগৰ জিলাশাল গছমহাদেশদৰং জিলাঅসমীয়া লোক কবিতামানৱ ভূগোলহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)অসমৰ সাহিত্যিকসকলৰ তালিকাসমাজঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাশ্ৰী শ্ৰী বটদ্ৰৱা থানমহাভাৰতবেলিমাৰ (নাটক)ইয়াত এখন অৰণ্য আছিলশ্ৰীকৃষ্ণকীৰ্তনভাৰতীয় ৰেলমেঘালয়শোণিত কুঁৱৰীচক্ৰধ্বজ সিংহ (নাটক)নীলপৱন বৰুৱাকালিকা পুৰাণঅসমৰ মাছ ধৰা সঁজুলিলাচিত বৰফুকনআলাবৈৰ ৰণকথা কবিতাকামৰূপ জিলাবিশ্বকোষডাকৰ বচনপিয়লি ফুকনদানৱ ৰাজবংশপাইক প্ৰথাপাঠ পৰিকল্পনামহাকাব্যঅসমৰ চলচ্চিত্ৰত্ৰিভুজপ্ৰথম বিশ্বযুদ্ধফলৰ তালিকাবসন্ত ঋতুকুলিনামেৰি ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ সংবিধানৰ প্ৰস্তাৱনালোকাচাৰসত্যাগ্ৰহমূলা গাভৰুভগদত্তমোহনদাস কৰমচান্দ গান্ধীমধ্যাহ্ন ভোজন আঁচনিথাই ভাষাগোলকীয় উষ্ণতা বৃদ্ধিঅসম বিধানসভাপৰিস্থিতি বিজ্ঞানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫সংখ্যাআহোম বিবাহ পৰম্পৰাত্ৰিপুৰাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমৰ ৰেচম শিল্পৰাজহুৱা ক্ষেত্ৰদৰ্শনঅপাৰেটিং চিষ্টেমগোপীনাথ বৰদলৈৱিকিমিডিয়া ফাউণ্ডেশ্যনভবেন্দ্ৰ নাথ শইকীয়াওৰাং ৰাষ্ট্ৰীয় উদ্যানৰাসোৎসৱগুৱাহাটীসেউজ গৃহ প্ৰভাৱভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাতেজপুৰভাৰতত মহিলা শিক্ষাকামৰূপ ৰাজ্যচকৰি ফেঁটী বুৰঞ্জীবেলি ফুল🡆 More