ৱিকিচ'ৰ্ছ

ৱিকিচৰ্ছ বা ৱিকিউৎস (ইংৰাজী: Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। Project Sourceberg নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে Wikisource নাম দিয়া হয়।

ৱিকিউৎস
বৰ্তমানৰ ৱিকিউৎসৰ প্ৰতীক soft2i
ইউ আৰ এল www.wikisource.org
শ্লোগান উন্মুক্ত পাঠশালা
বাণিজ্যক নহয়
প্ৰকাৰ সংকলন
পঞ্জীয়ন ঐচ্ছিক
ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত

অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

ইতিহাস

ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত। তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg) আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org।[সংযোগবিহীন উৎস] ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্তু ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল।

ৱিকিউৎসৰ সমল

ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে।

ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।

অসমীয়া ভাষাত ৱিকিউৎস

অসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www.as.wikisource.org

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ৱিকিচ'ৰ্ছ ইতিহাসৱিকিচ'ৰ্ছ ৱিকিউৎসৰ সমলৱিকিচ'ৰ্ছ অসমীয়া ভাষাত ৱিকিউৎসৱিকিচ'ৰ্ছ তথ্যসূত্ৰৱিকিচ'ৰ্ছ বাহ্যিক সংযোগৱিকিচ'ৰ্ছইংৰাজী ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যন

🔥 Trending searches on Wiki অসমীয়া:

উইলিয়াম শ্বেইকছপীয়েৰৰোজাভাৰতৰ নিৰ্বাচন আয়োগপাঁচালীপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনঅসমৰ সাধুকথাপ্ৰথম বিশ্বযুদ্ধচাইবাৰ নাৰীবাদনেউলগুৱাহাটী বিশ্ববিদ্যালয়আলি আঃয়ে লৃগাং২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনমৌখিক পৰম্পৰাহাঁপানিমৃত্যুঞ্জয়ৰাজনীতিগঙ্গা নদীবৃক্কপৰিৱেশ বিজ্ঞানকাউণ্টি কিউলেনশিক্ষাবাংলাদেশঅসম আৰক্ষীআমলখিগণতন্ত্ৰ২০২২ব্ৰহ্মপুত্ৰ নদঅসমৰ কুঁহিলা শিল্পলোকবিশ্বাসদিনলিপিবহনক্ষম উন্নয়নৰ লক্ষ্যঅজন্তা গুহাসমূহঅসমৰ মন্ত্ৰ-সাহিত্যবুৰঞ্জীঅসমৰ শাক-পাচলিৰ তালিকাচামেলি মেমচা'বগগনাৰাজহুৱা ক্ষেত্ৰমৌলিক সংখ্যাভাৰতৰ উপৰাষ্ট্ৰপতিলাল দৰ্জাহিউৱেন-চাংধ্বনিবিজ্ঞানটকা (বাদ্য)মামণি ৰয়ছম গোস্বামীমোৰ জীৱন সোঁৱৰণকাঞ্চন (উপন্যাস)নলবাৰী জিলাগোলকীকৰণহিচাপবিদ্যানীলপৱন বৰুৱাআবুল কালাম আজাদসীতানাথ ব্ৰহ্মচৌধুৰীঅসমীয়া বৰ্ণমালাভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকামিচিং জনগোষ্ঠীমৰাণ জনগোষ্ঠীসৌৰভ কুমাৰ চলিহাৰামধেনুঅসমৰ জিলাসমূহবহুভাষাবাদৰাজিয়া চুলতানাছিলংগোৱালপাৰীয়া উপভাষাবৰপেটা জিলাধূমকেতুশিৱসাগৰগোলাঘাট জিলাঅৰুণাচল প্ৰদেশযোগাসনঅসমত দেখা চৰাইবোৰকছাৰী ৰাজ্যভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনডাইনীবিদ্যায়ুৰি গেগেৰিন🡆 More