৪ আগষ্ট: তাৰিখ

৪ আগষ্ট (ইংৰাজী: 4 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৬তম (অধিবৰ্ষত ২১৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৯টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৬৬৬ - নেডাৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত চেইণ্ট জেমছ দে' সামুদ্ৰিক যুদ্ধ (দ্বিতীয় এংগলো-ডাছ যুদ্ধৰ অন্তৰ্গত) আৰম্ভ।
  • ১৭৫৩ - জৰ্জ ৱাশ্বিংটনে ৰাজমিস্ত্ৰীৰ ডিগ্ৰী (ইংঃ master mason) লাভ কৰে।
  • ১৯১৪ - জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম মহাসমৰৰ।
  • ১৯৩৯ - ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন
  • ১৯৪৪ - এন ফ্ৰাংকক জাৰ্মান সুৰক্ষা আৰক্ষীয়ে (ইংঃ German Security Police) গ্ৰেপ্তাৰ কৰে।
  • ১৯৫৬ - ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
  • ২০০২ - মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল সমাপ্ত হয়।
  • ২০০৭ - আমেৰিকাৰ নাছাই ফ'নিক্স (ইংঃ Phoenix) মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।
  • ২০২১ - ২০২১ চনত জাপানৰ টকিঅ' অনুষ্ঠিত হোৱা ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে।

জন্ম

  • ১৭৯২ - পাৰ্চী বিছি শ্বেলী বা শ্বেলী, ইংৰাজ ৰোমাণ্টিক কবি।
  • ১৮৫৯ - ন্যুট পেডাৰছন হামছুন, নৰৱেৰ ঔপন্যাসিক। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল “হাংগাৰ”।
  • ১৯০০ - মহাৰাণী এলিজাবেথ, মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মাতৃ। (মৃঃ ৩০ মাৰ্চ, ২০০২)
  • ১৯২৯ - কিশোৰ কুমাৰ গাঙ্গুলি, বিখ্যাত ভাৰতীয় বাঙালী গায়ক আৰু নায়ক।
  • ১৯৩২ - শশীকলা চাইগল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।
  • ১৯৪৮ - জৰ্জিঅ' পাৰিচি, ইটালিয়ান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
  • ১৯৬১ - বাৰাক ওবামা, আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি।
  • ১৯৭৫ - তৰালী শৰ্মা, অসমৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা।

মৃত্যু

  • ১৮৭৫ - হানছ এণ্ডাৰছন, ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।
  • ১৯৩১ - ডেনিয়েল ৱিলিয়ামছ, প্ৰথম মুক্তভাৱে হৃদযন্ত্ৰ অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক।
  • ১৯৩৭ - কাশী প্ৰসাদ জয়ছোৱাল, ভাৰতৰ প্ৰখ্যাত বুৰঞ্জীবিদ।
  • ১৯৪৮ - মিলেভা মেৰিক, পদাৰ্থবিজ্ঞানী, এলবাৰ্ট আইনষ্টাইনৰ প্ৰথম পত্নী আৰু সহকৰ্মী। (জঃ ১৮৭৫)
  • ১৯৬৯ - আনন্দিৰাম দাস, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।

দিৱস

  • বাৰাক ওবামা দিৱস। (আমেৰিকা)
  • সংবিধান দিৱস (কুক আইলেণ্ড)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ চতুৰ্থ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

অনান্য

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

৪ আগষ্ট ঘটনাৱলী৪ আগষ্ট জন্ম৪ আগষ্ট মৃত্যু৪ আগষ্ট দিৱস৪ আগষ্ট অনান্য৪ আগষ্ট বাহ্যিক সংযোগ৪ আগষ্ট তথ্য়সূত্ৰ৪ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মামণি ৰয়ছম গোস্বামীহৰপ্পামানুহৰ কংকালমে ডাম মে ফিতথ্য প্ৰযুক্তিফকৰা যোজনাজুবিন গাৰ্গনামঘৰবাৰেচহৰীয়া ভাওনা মহোৎসৱকেতেকী ফুলঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটালক্ষ্যধৰ চৌধুৰীআত্মসহায়ক গোটবিবাহঅসমৰ মুখা শিল্পমোহনদাস কৰমচান্দ গান্ধীভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাইয়াণ্ডাবু সন্ধিবৰপেটা সত্ৰমাধৱদেৱপাইথেগাৰাছনাঙলপৰিমেয় সংখ্যাফাকে জনগোষ্ঠীস্বামী বিবেকানন্দকাৰ্ল মাৰ্ক্সকম্পিউটাৰদশৰথনীলমণি ফুকন (কনিষ্ঠ)অসম আৰক্ষীওজাপালিৰবীন্দ্ৰনাথ ঠাকুৰকলঅসমৰ মাছঅৰুণোদইবিজ্ঞাপনমৌখিক ইতিহাসযৌন নিৰ্যাতনগণেশআহোম বিবাহ পৰম্পৰাঈয়াৰুইঙ্গমইয়াত এখন অৰণ্য আছিলছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯শুৱালকুছিদূৰদৰ্শন (চেনেল)তাল (বাদ্যযন্ত্ৰ)আগ্নেয়গিৰিকৃষ্ণচূড়াঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভাৰতীয় নাগৰিকত্ব আইনদৌল গোবিন্দ মন্দিৰঅসমীয়া ব্যাকৰণকালিদাসধানৰূপালীমনলবাৰী জিলাৰাষ্ট্ৰসংঘচৰ্যাপদশচীন তেণ্ডুলকাৰআহোম জনগোষ্ঠীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বড়ো জনগোষ্ঠীবিহুৰ খাদ্যবাগ্‌ধ্বনিঅসমৰ চাহ জনগোষ্ঠীআহোম ৰাজ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰআহোম ভাষাকাল সংহতিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহাড়বিহুৰ বাদ্যযন্ত্ৰনাৰীসতীবিহু🡆 More