৯ আগষ্ট: তাৰিখ

৯ আগষ্ট (ইংৰাজী: 9 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২১তম (অধিবৰ্ষত ২২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৪টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ৪৮ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰে ফাৰচেলিয়াছ যুদ্ধত (ইংঃ Battle of Pharsalus) বিজয়ী হয়।
  • ১৮১৯ - দক্ষিণ আমেৰিকাৰ উত্তৰ-পূৱত দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৮৩০ - লুই ফিলিপছৃ-প্ৰথম ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয়।
  • ১৮৯৭ - পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হয়। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
  • ১৮৯৮ - জাৰ্মানীৰ ৰুডলফ ডিজেলে ডিজেল ইঞ্জিনত পেটেণ্ট লাভ কৰে।
  • ১৯০০ - টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হয়।
  • ১৯৪২ - মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয়।
  • ১৯৪৫ - জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ হয়। আজি নাগাছাকি দিৱস
  • ১৯৫০ - বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ১৯৬৫ - সাৰ্বভৌম, গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে।
  • ১৯৭১ - শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয়।

জন্ম

  • ১৬৩১ - জন ড্ৰাইডেন, ইংৰাজী সাহিত্যৰ কবি, নাট্যকাৰ আৰু সমালোচক।
  • ১৭৭৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক। (মৃঃ ৯জুলাই, ১৮৬৫)
  • ১৮১৯ - ৱিলিয়াম থমাছ গ্ৰীণ মৰ্টন, অস্ত্ৰোপ্ৰচাৰত এনেছথেচিয়া হিচাপে 'ইথাৰ' ব্যৱহাৰ কৰা প্ৰথম চিকৎসা বিজ্ঞানী। ( মৃঃ ১৫ জুলাই, ১৮৬৮)
  • ১৮৯২ - ডঃ শিয়ালি ৰামামৃত ৰংগনাথন, ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ পুৰোধা ।
  • ১৮৯৬ - জ্যা পিয়াজে, শিশু-মনোবিজ্ঞানী আৰু দাৰ্শনিক। তেখেত নিৰ্মাণবাদ, জীনগত জ্ঞানতত্ত্ব, বৌদ্ধিক বিকাশৰ তত্ত্ব, বস্তু স্থায়িত্ব আৰু আত্মকেন্দ্ৰিকতা তত্ত্বৰ বাবে বিখ্য়াত। (মৃঃ ১৬ চেপ্তেম্বৰ, ১৯৮০)
  • ১৯৩৩ - মনোহৰ শ্যাম যোশী, আধুনিক হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গদ্য লেখক, ঔপন্যাসিক, সাংবাদিক।
  • ১৯৩৩ - তেৎছুকো কুৰ'য়ানাগি, জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা।
  • ১৯৬১ - ছাৰ জন ফিলিপ কী বা জন কী, নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (২০০৮-২০১৬)।
  • ১৯৭০ - অঞ্জলি জয়, হলিউডত অভিনয় কৰা ভাৰতীয় অভিনেত্ৰী, উল্লেখযোগ্য় কথাছবি - নাইট এট দা মিউজিয়াম: চিক্ৰেটছ অৱ টম্ব
  • ১৯৭৩ - হুইটনী এলিজাবেথ হাষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল।
  • ১৯৭৫ - মহেশ বাবু, টলিউডৰ জনপ্ৰিয় অভিনেতা।
  • ১৯৯১ - এলেক্সা ব্লিছ বা লেক্সী ক'ফমেন, ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) মহিলা মল্লযুঁজাৰু।
  • ১৯৯১ - হংসিকা মোটৱানী, টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী।
  • ১৯৯৩ - দীপা কৰ্মকাৰ, ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট।

মৃত্যু

  • ১৮৯৯ - ছাৰ এডৱাৰ্ড ফ্ৰেঙ্কলেণ্ড, জৈৱ-ৰসায়নবিদ, ৰসায়ন বিজ্ঞানৰ যোজ্য়তাৰ সূত্ৰ আৰু পানী বিশ্লেষণৰ বাবে জনাজাত। (জঃ ১৮ জানুৱাৰী, ১৮২৫)
  • ১৯০৪ - ফ্ৰেইড্ৰিক ৰাটজেল, জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত। (জঃ ৩০ আগষ্ট, ১৮৪৪)
  • ১৯৪৯ - এডৱাৰ্ড লী থৰ্নডাইক, শিক্ষা-মনোবিজ্ঞানী, সংযোগবাদ তত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৩১ আগষ্ট, ১৮৭৪)
  • ১৯৬২ - হেৰমান কাৰ্ম হেস্, জাৰ্মান কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।
  • ১৯৬৯ - চি এফ প'ৱেল, নোবেল বিজয়ী পদাৰ্থ বিজ্ঞানী।
  • ১৯৭০ - ত্ৰৈলোক্য নাথ চক্ৰৱৰ্তী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮০ - সৰস্বতী দেৱী, ভাৰতীয় সঙ্গীত পৰিচালক আৰু সুৰকাৰ।
  • ১৯৯১ - কমলা শইকীয়া, অসমৰ প্ৰবীণ সাংবাদিক।
  • ২০১৬ - কালিখো পুল, অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী।

দিৱস

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

৯ আগষ্ট ঘটনাৱলী৯ আগষ্ট জন্ম৯ আগষ্ট মৃত্যু৯ আগষ্ট দিৱস৯ আগষ্ট বাহ্যিক সংযোগ৯ আগষ্ট তথ্য়সূত্ৰ৯ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅৰুণোদইঅসমৰ ধান খেতিৰ সঁজুলিসমূহদৌল গোবিন্দ মন্দিৰঅসমৰ শাক-পাচলিৰ তালিকাপঞ্চভুজভেঁকুৰমূৰাৰা, ৰঙিয়ামিচিং জনগোষ্ঠীৰ সাজপাৰচ্যু-খ্ৰুং-ফাআন্তৰ্জাতিক মানৱ অধিকাৰ আইনহীৰেন গোহাঁইব'হাগ বিহুকনকলতা বৰুৱাআৰবী ভাষামাঘ বিহুঅসমৰ পৰম্পৰাগত সাজ-পাৰঅগ্নিগড়আউনীআটী সত্ৰঅসমৰ বনৌষধিযোগাসনস্বৰাজডুবি তাম্ৰলিপি আৰু ছীলমহাকাব্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমীয়া ভাষা আন্দোলনচলচ্চিত্ৰমুখমৈথুনধৰিত্ৰী দিৱস২৭ এপ্ৰিলব’হাগপ্ৰদূষণঅনুবাদৰংঘৰঅসমীয়া গালি-গালাজতথ্যমহাভাৰতকলাঅসমত দেখা চৰাইবোৰসত্যনাথ বৰাডিগবৈ তেল শোধনাগাৰদেউৰী জনগোষ্ঠীপতঞ্জলিৰ যোগসূত্ৰবিশ্ব বেংকসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসমৃত্যুঞ্জয়তিৱা জনগোষ্ঠীঁ (চন্দ্ৰবিন্দু)অসমৰ সাহিত্যিকসকলৰ তালিকাঅসমীয়া ভাষাপদুমঅসীমত যাৰ হেৰাল সীমাসিংহমানৰ অসম আক্ৰমণটুক্ৰেশ্বৰী দেৱালয়চৰাইজল প্ৰদূষণপিঠাইষ্ট ইণ্ডিয়া কোম্পানীনামচিংঅন্নপ্ৰাশনপাণিনিকৃষ্ণচূড়া২৪ এপ্ৰিলজীৱঘৰ শালিকাযতীন্দ্ৰ নাথ দুৱৰাজাতনামকোকৰাঝাৰ (লোকসভা সমষ্টি)🡆 More