১২ আগষ্ট: তাৰিখ

১২ আগষ্ট (ইংৰাজী: 12 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলম - দ্বিতীয়ই বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
  • ১৮৩৩ - আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
  • ১৮৫১ - আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।
  • ১৯০৮ - হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল টি (Model-T) গাড়ীৰ নিৰ্মাণ কৰিছিল।
  • ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন
  • ১৯৮১ - আই বি এমে (ইং: IBM) তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে।

জন্ম

  • ১৫০৩ - ডেনমাৰ্ক আৰু নৰৱেৰ ৰজা খ্ৰীষ্টিয়ান - তৃতীয়ৰ জন্ম হৈছিল।
  • ১৯০৮ - অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
  • ১৯১৪ - তেজী বচ্চন, সমাজকৰ্মী, মহানায়ক অমিতাভ বচ্চনৰ মাতৃ।
  • ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
  • ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
  • ১৯৮৮ - টাইছন ফিউৰি, অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
  • ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।

মৃত্যু

  • ১৬০২ - আকবৰনামাৰ আৰু আইন-ই-আকবৰীৰ লেখক, অনুবাদক, ইতিহাসবিদ, আকবৰৰ মন্ত্ৰী আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্ন সকলৰ এজন, অবুল ফজলৰ মৃত্যু হৈছিল।
  • ১৮২৭ - ৱিলিয়াম ব্লেক, ইংৰাজ কবি আৰু চিত্ৰকৰ।
  • ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
  • ১৯১৪ - জন ফিলিপ হ'লেণ্ড, ছাবমেৰিনৰ আৰ্হি প্ৰস্তুত কৰোঁতা।
  • ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যন'বেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হৈছিল।
  • ১৯৮২ - ভাৰতৰ বিশিষ্ট ইতিহাসবিদ, সংস্কৃত আৰু হিন্দী প্ৰবন্ধ লিখক ভগৱত চৰণ উপাধ্যায়ৰ মৃত্যু হৈছিল।

দিৱস

বাহ্যিক সংযোগ



Tags:

১২ আগষ্ট ঘটনাৱলী১২ আগষ্ট জন্ম১২ আগষ্ট মৃত্যু১২ আগষ্ট দিৱস১২ আগষ্ট বাহ্যিক সংযোগ১২ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

নলবাৰী জিলাচি++উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশজন গণ মনম’বাইল ফোননৱ-বৈষ্ণৱ ধৰ্মশীতল যুদ্ধজ্যোতিপ্ৰসাদ আগৰৱালাজলসিঞ্চনছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ঢ়মহামায়া ধামপিঠাবাৰেচহৰীয়া ভাওনা মহোৎসৱৰামধেনুঅসমৰ চলচ্চিত্ৰশৰৎ ঋতুসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাপ্ৰাক-ইতিহাসভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাভীমৰাও ৰামজী আম্বেদকাৰপাৰিজাত হৰণ নাটবহনক্ষম ভূমি ব্যৱস্থাপনাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিজামুগুৰিহাটঅগ্নিগড়মোহনদাস কৰমচান্দ গান্ধীঅসমীয়া লিপিৰ বুৰঞ্জীকাৰ্বি ভাষামহাভাৰতমাতৃভাষাতেজপুৰউমানন্দমণিৰাম দেৱান (চলচ্চিত্ৰ)নেপালআকবৰকামৰূপ ৰাজ্যবিষুৱ ৰেখামনোমতীঅষ্ট্ৰেলিয়াg987zকালিদাসনাৰীচুতীয়া ৰাজ্যমৃত্যুলেটিন ভাষাঅৰ্জুন ভঞ্জননেতাই ধুবুনী ঘাটমিচিং জনগোষ্ঠীব্যক্তিত্বমেলেৰিয়াৰামধেনু (আলোচনী)আওৰাশিশু সাহিত্যনলবাৰীভাৰতৰ জাতীয় পতাকাধৰ্মভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনডিগবৈ তেল শোধনাগাৰভটিমাআধা লেখা দস্তাবেজসৌৰভ কুমাৰ চলিহানয়ন নীলিমহিমন্ত বিশ্ব শৰ্মাসাঁথৰভাৰতৰ শিক্ষাবিত্তীয় ব্যৱস্থাউপন্যাস🡆 More