২৭ আগষ্ট: তাৰিখ

২৭ আগষ্ট (ইংৰাজী: 27 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯তম (অধিবৰ্ষত ২৪০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৬০৪ - শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  • ১৭৮১ - হায়দৰ আলীয়ে ব্ৰিটিছৰ লগত পল্লিলোৰ যুদ্ধত লিপ্ত হৈছিল।
  • ১৮৫৯ - আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  • ১৮৮৩ - ইন্দোনেছিয়াৰ ক্ৰাকেটোৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। ৩৬,৬০০জন লোকৰ হানি হৈছিল।
  • ১৯৩৯ - জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  • ১৯৪৭ - ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  • ১৯৭৬ - ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা মেজৰ জেনেৰেল গাৰ্টুদে আলী ৰামক মিলিটেৰি নাৰ্চিং চাৰ্ভিচেছ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।
  • ১৯৯৯ - সোণালী বেনাৰ্জী প্ৰথম ভাৰতীয় মহিলা সামুদ্ৰিক অভিযন্তা হয়।
  • ২০০৩ - প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

জন্ম

  • ১৭৭০ - জৰ্জ ৱিলহেল্ম ফ্ৰেইড্ৰিক হেগেল, জাৰ্মান দাৰ্শনিক।
  • ১৮৫৮ - জুজেপে পেয়ান', ইটালিয়ান গণিতজ্ঞ।
  • ১৮৫৯ - ডোৰাবজী টাটা, উদ্যোগপতি, ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম সভাপতি।
  • ১৮৬৯ - কাৰ্ল হাউছ'ফাৰ (Karl Haushofer), জাৰ্মান ভূগোল বিজ্ঞানী আৰু ভূ-ৰাজনীতিবিদ। (মৃঃ ১০ মাৰ্চ, ১৯৪৬)
  • ১৯০৮ - ছাৰ ডন ব্ৰেডমেন, অষ্ট্ৰেলিয়াৰ কিংবদন্তী ক্ৰিকেট খেলুৱৈ।
  • ১৯০৮ - লিণ্ডন বি জনছন, আমেৰিকাৰ ৩৬তম ৰাষ্ট্ৰপতি।
  • ১৯১৯ - এ ললিতা, ভাৰতৰ প্ৰথমগৰাকী মহিলা বৈদ্যুতিক অভিযন্তা।
  • ১৯৫৭ - নুথালাপতি ভেংকট ৰমনা, ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ।
  • ১৯৭০ - সুচিত্ৰা পিল্লাই, ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
  • ১৯৭২ - দলীপ সিং ৰানা (Dalip Singh Rana) বা দা গ্ৰেট খালি, ভাৰতীয় ডব্লিউ ডব্লিউ ইৰ মল্লযুঁজাৰু।
  • ১৯৭৯ - এৰ'ন প'ল, হলীউডৰ অভিনেতা।
  • ১৯৮০ - শিবানী দাণ্ডেকাৰ, ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল।
  • ১৯৮৩ - দীপামণি হালৈ মহন্ত, এগৰাকী অসমীয়া লেখক, অধ্যাপক।
  • ১৯৯৩ - চি. এ. ভৱানী দেৱী, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ফে'ঞ্চাৰ (তৰোৱাল খেলুৱৈ)।

মৃত্যু

  • ১৮৯৮ - জন হ'পকিনছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, হ'পকিনছন সূত্ৰৰ বাবে জনাজাত।
  • ১৯১৯ - লুইছ ব'থা, দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ - ৱিলিয়াম এডৱাৰ্ড বাৰ্গাহাৰ্ট ডু ব'ই (William Edward Burghardt Du Bois), আমেৰিকাৰ সমাজবিজ্ঞানী।
  • ১৯৬৫ - লী ক'ৰবাজিয়ে, ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৯৭৬ - মুকেশ, ভাৰতীয় গায়ক।
  • ১৯৭৯ - লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। ভাৰতৰ অন্তিম ভাইচৰয়।
  • ১৯৮২ - নিৰ্মলা সুন্দৰী, সাধ্বী আৰু যোগ গুৰু।
  • ২০০৬ - ঋষিকেশ মুখাৰ্জী, ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক।
  • ২০১০ - ৰবীন্দ্ৰ কেলকৰ, কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক।
  • ২০১৮ - গুণ মহন্ত, অসমীয়া অভিনেতা।
  • ২০২০ - অৰ্চনা মহন্ত, অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীতত, ভক্তিমূলক গীতত, বিহুগীতত আৰ অসমীয়া কথাছবিত কণ্ঠদান কৰিছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী। (জন্ম: ১৮ মাৰ্চ, ১৯৪৯)

দিৱস

  • স্বাধীনতা দিৱস (মলদোভা)।

অন্যান্য

বাহ্যিক সংযোগ



তথ্যসূত্ৰ

Tags:

২৭ আগষ্ট ঘটনাৱলী২৭ আগষ্ট জন্ম২৭ আগষ্ট মৃত্যু২৭ আগষ্ট দিৱস২৭ আগষ্ট অন্যান্য২৭ আগষ্ট বাহ্যিক সংযোগ২৭ আগষ্ট তথ্যসূত্ৰ২৭ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

যুগ্ম সংখ্যাপৰিয়ালকিতাপথমাছ আলভা এডিচনশিৱসাগৰৰ শিৱদৌলগুৱাহাটীভূৱন মোহন বৰুৱানলিনীবালা দেৱীনৰকাসুৰজাতীয়তাবাদছিৰিমাভো বন্দৰনাইকেবিহুঅসমৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ শিক্ষাৰামধেনু (আলোচনী)হেম বৰুৱাপৰম্পৰালক্ষ্মীনাথ বেজবৰুৱাঅস্বাভাৱিক মনোবিজ্ঞানবিত্তীয় ব্যৱস্থামৌখিক ইতিহাসঅৰ্থনীতিগড়মূৰ সত্ৰবিশ্বনাথ চাৰিআলিবিশেষ্য পদসোণোৱাল কছাৰীস্বৰাজকাৰেংঘৰচৰক সংহিতাশোণিত কুঁৱৰীপঞ্চভুজপৰিমেয় সংখ্যাঅন্নপ্ৰাশনবুৰঞ্জীগৌতম বুদ্ধঅসমীয়া গীতি সাহিত্যকমলাবাৰী সত্ৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া ভাষাঅৰ্কিডআনন্দ চন্দ্ৰ আগৰৱালাঅগ্নিগড়চ'মাংকানদৰং জিলাজ্যোতিপ্ৰসাদ আগৰৱালাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমীয়া গালি-গালাজগান্ধাৰীৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআলেকজেণ্ডাৰতাল (বাদ্যযন্ত্ৰ)শব্দ (অভিধান)পৰিৱেশ তন্ত্ৰলোকাচাৰঅণুবীক্ষণ যন্ত্ৰইষ্ট ইণ্ডিয়া কোম্পানীবিশ্ব মেলেৰিয়া দিৱসভাৰত-আৰ্য ভাষা পৰিয়ালভাৰত ত্যাগ আন্দোলনঅসমৰ পৰম্পৰাগত খেল-ধেমালিদৰ্শনঅসমীয়া উপন্যাসগণতন্ত্ৰমাতৃভাষাৰাজহুৱা ক্ষেত্ৰক্ৰিকেটসম্পাদনাসংখ্যাম'হৰ শিঙৰ পেঁপাপৃথুনামচিং🡆 More