বৈশ্বিক মহামাৰী

বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (ইংৰাজী: Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন সকলো + δῆμος ডেম'চ লোকৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সেই দিশৰ পৰা স্থিৰ হোৱা কোনো স্থানীয় ৰোগ, বিশ্বমাৰী নহয়। ইয়াৰ বাহিৰে, বিশ্বমাৰী জ্বৰৰ ভিতৰত, ঋতুকালীন জ্বৰ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ নেপেলোৱালৈকে বিশ্বমাৰীত অন্তৰ্ভুক্ত কৰা নহয়। ইতিহাসত বৰআই আৰু যক্ষ্মাৰ দৰে অসংখ্য বিশ্বমাৰীৰ বিৱৰণ পোৱা যায়। শেহতীয়া বিশ্বমাৰীৰ ভিতৰত এইছ আই ভি (HIV) বিশ্বমাৰী, ১৯১৮ আৰু ২০০৯ চনৰ H1N1 উল্লেখনীয়। ইয়াৰোপৰি ভয়ানক ব্লেক ডেথ (Black Death)ত প্ৰায় ৭৫ নিযুততকৈও অধিক লোকৰ মৃত্যু হৈছিল।

সংজ্ঞা

বিশ্বমাৰী হৈছে এনে এক মহামাৰী যি আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি এনে পৰ্যায়ত পাদুৰ্ভাৱ ঘটে যে সাধাৰণতে বিশ্বব্যাপী মানুহক প্ৰভাবিত কৰে। কেবল ব্যাপক আকাৰ ধাৰণ কৰা বা বহু মানুহৰ মৃত্যু ঘটালেই কোনো ৰোগ বা অবস্থা বিশ্বমাৰী নহয়; ইয়াৰ বাবে ই সংক্ৰামক হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, কৰ্কট ৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি অনেক লোকৰ মৃত্যু হয়, কিন্তু ই বিশ্বমাৰী নহয় কাৰণ এই ৰোগ সোঁচৰা বা সংক্ৰামক নহয়।

বৰ্তমানৰ বিশ্বমাৰীসমূহ

এইডছ

বৈশ্বিক মহামাৰী 
২০০৮ চনৰ মতে ৰাষ্ট্ৰ অনুহৰি এইডছ আক্ৰান্ত প্ৰান্তবয়স্কৰ আনুমানিক প্ৰাদুৰ্ভাব

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ। এইড্‌ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ। পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্‌ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ। এইড্‌ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ।

অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ।

ক'ভিড-১৯

বৈশ্বিক মহামাৰী 
মুখ-আৱৰণ আৰু চিকিৎসা সামগ্ৰী কিনিবলৈ য়ুহানৰ এখন দৰৱৰ দোকানত শাৰী পতা মানুহৰ দৃশ্য

২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ। অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়। ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।

বাহ্যিক সংযোগ

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

বৈশ্বিক মহামাৰী সংজ্ঞাবৈশ্বিক মহামাৰী বৰ্তমানৰ বিশ্বমাৰীসমূহবৈশ্বিক মহামাৰী বাহ্যিক সংযোগবৈশ্বিক মহামাৰী লগতে চাওকবৈশ্বিক মহামাৰী তথ্য সংগ্ৰহবৈশ্বিক মহামাৰীH1N1ইংৰাজী ভাষাবৰআইযক্ষ্মাসংক্ৰামক ৰোগ

🔥 Trending searches on Wiki অসমীয়া:

ত্ৰিভুজচিপাহী বিদ্ৰোহ ১৮৫৭ভবেন্দ্ৰ নাথ শইকীয়ানলবাৰী জিলানাৰীবাদনেলছন মেণ্ডেলাটুক্ৰেশ্বৰী দেৱালয়থমাছ আলভা এডিচনৰেখাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআলি আঃয়ে লৃগাংঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগউচ্চ ৰক্তচাপঅসমীয়া জাতিৰেৱতী মোহন দত্তচৌধুৰীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাপূৰ্ণ স্বৰাজকবিতাচন্দ্ৰকুমাৰ আগৰৱালাআগ্নেয়গিৰিগৌতম বুদ্ধঘৰ শালিকাপৰিৱেশ বিজ্ঞানকৰ্কট ক্ৰান্তিদৌল গোবিন্দ মন্দিৰ২৫ এপ্ৰিলপাচন তন্ত্ৰবিশ্ব স্বাস্থ্য সংস্থাশিক্ষকমাধৱ কন্দলিশেৱালি ফুলকেশৱ মহন্তঅসমৰ ইতিহাসফলৰ তালিকাহেমকোষযোগেশ দাসবাইখো পূজাফুলগুৰি ধেৱাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫মেঘালয়ৰ মাতৃবংশীয় সমাজচাইকেলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপঞ্চায়তী ৰাজহেমচন্দ্ৰ বৰুৱামানুহভেদাই লতাপাৰিপাৰ্শ্বিক সংঘাতজ্যোতিপ্ৰসাদ আগৰৱালাঅখণ্ড সংখ্যাজামুগুৰিহাটনামনি অসমকলভিটামিনঅসমীয়া লোক-সংস্কৃতিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপদ (ব্যাকৰণ)বিশ্বকোষমনোবিজ্ঞানসাঁথৰমহেঞ্জোদাৰোপ্ৰতিমা (কাব্য গ্ৰন্থ)শৰৎ ঋতুভাৰতৰ নিৰ্বাচন আয়োগআকবৰমূৰাৰা, ৰঙিয়াসোণোৱাল কছাৰীৰাইমনা ৰাষ্ট্ৰীয় উদ্যানহোমেন বৰগোহাঞিঅসমৰ কাঁহ শিল্পব্ৰহ্মগুপ্তঅসম সাহিত্য সভা🡆 More