চলমান ৰুশ্বদি

আহমেদ চলমান ৰুশ্বদি (ইংৰাজী: Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে। পূব আৰু পশ্চিমৰ মাজত অজস্ৰ সংযোগ, বিচ্ছিন্নতা আৰু অভিব্যক্তি তেওঁৰ লিখনিৰ অন্যতম বিষয়।

চলমান ৰুশ্বদি
চলমান ৰুশ্বদি
২০১৬ চনত ৰুশ্বদি
জন্ম আহমেদ চলমান ৰুশ্বদি
১৯ জুন, ১৯৪৭ (৭৬ বছৰ)
মোম্বাই, মোম্বাই প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
পেচা লেখক, অধ্যাপক
নাগৰিকত্ব
  • গ্ৰেট ব্ৰিটেইন
  • আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষা কেথেড্ৰেল আৰুজন কনন স্কুল
মাতৃশিক্ষায়তন কিংছ কলেজ, কেমব্ৰিজ, কলা স্নাতক
ধৰণ
  • যাদু বাস্তবতা
  • ব্যঙ্গ
  • ঔপনিৱেশিকতা
বিষয়
  • ঐতিহাসিক সমালোচনা
  • ভ্ৰমণ লিখনি
দাম্পত্যসংগী
  • ক্লেৰিচা লুয়াৰ্ড (বি. ১৯৭৬; বিবি. ১৯৮৭)
  • মাৰিয়েন উইগিনচ (বি. ১৯৮৮; বিবি. ১৯৯৩)
  • এলিজাবেথ ৱেষ্ট (বি. ১৯৯৭; বিবি. ২০০৪)
  • পদ্মা লক্ষ্মী (বি. ২০০৪; বিবি. ২০০৭)
সন্তান 2
ৱেবছাইট salmanrushdie.com

১৯৮৮ চনত প্ৰকাশিত তেওঁৰ চতুৰ্থখন উপন্যাস দ্য ছেটানিক ভাৰ্চেছ বিশ্বজুৰি এক বৃহৎ পৰিমাণৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিতাপখন প্ৰকাশ হোৱাৰ পিছত, কেইবাখনো দেশৰ মুছলমানসকলে প্ৰতিবাদ কৰিছিল যি কেতিয়াবা হিংসাত্মক হৈ পৰিছিল। তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। ইৰাণৰ মুখ্য ধৰ্মীয় নেতা আয়াতুল্লাহ ৰুহুল্লা খোমেনীয়ে কিতাপখন লিখাৰ বাবে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোয়া জাৰি কৰিছিল।

জীৱনী

আহমেদ ছলমান ৰুশ্বদি ১৯৪৭ চনৰ ১৯ জুনত বোম্বাইত (সেই সময়ৰ ব্ৰিটিছ ভাৰতত) এটা কাশ্মীৰী মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ কেমব্ৰিজৰ শিক্ষিত উকীল-ব্যৱসায়ী আনিস আহমেদ ৰুশ্বদি আৰু শিক্ষক নেগিন ভট্টৰ পুত্ৰ। আনিস ৰুশ্বদিক ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) পৰা বৰ্খাস্ত কৰা হৈছিল কিয়নো তেওঁ। বয়স কমাবলৈ জন্মৰ প্ৰমাণপত্ৰ পৰিৱৰ্তন কৰিছিল। ৰুশ্বদিৰ তিনিগৰাকী ভগ্নী আছিল। তেওঁ তেওঁৰ ২০১২ চনৰ স্মৃতিগ্ৰন্থত লিখিছিল যে তেওঁৰ দেউতাকে এভাৰৰোছ (ইবন ৰুশ্দ)ৰ সন্মানত ৰুশ্বদি নামটো গ্ৰহণ কৰিছিল। তেওঁ বোম্বেৰ কেথেড্ৰেল এণ্ডজন কনন স্কুল, ৱাৰউইকশ্বায়াৰৰ ৰাগবী স্কুল আৰু কেমব্ৰিজৰ কিংছ কলেজত ইতিহাস বিষয়ত শিক্ষা লাভ কৰিছিল

ব্যক্তিগত জীৱন

ৰুশ্বদিৰ চাৰিবাৰ বিয়া হৈছে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁৰ প্ৰথম পত্নী ক্লেৰিছা লুয়াৰ্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু জাফৰ (জন্ম ১৯৭৯) নামৰ এজন পুত্ৰৰ পিতৃ হৈছিল। তেওঁৰ দ্বিতীয় পত্নী আছিল আমেৰিকান ঔপন্যাসিক মেৰিয়েন উইগিনছ; তেওঁলোক ১৯৮৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৯৯৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ১৯৯৭ চনৰ পৰা ২০০৪ চনলৈ তেওঁৰ তৃতীয় পত্নী আছিল এলিজাবেথ ৱেষ্ট; তেওঁলোকৰ মিলান নামৰ এজন পুত্ৰ আছে (জন্ম ১৯৯৭)। ২০০৪ চনত তেওঁ এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল আৰু আমেৰিকান ৰিয়েলিটি-টেলিভিছন অনুষ্ঠান টপ চেফৰ সঞ্চালক পদ্মা লক্ষ্মীক বিয়া কৰায়। বিবাহখন ২ জুলাই ২০০৭ ত সমাপ্ত হৈছিল।

২০০০ চনৰ পৰা, ৰুশ্বদিয়ে নিউয়ৰ্ক চহৰৰ "বেছিভাগ ইউনিয়ন স্কোৱেৰৰ ওচৰত" বাস কৰি আহিছে। তেওঁ ইংলিছ ফুটবল ক্লাব টটেনহাম হটস্পাৰৰ অনুৰাগী।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

চলমান ৰুশ্বদি জীৱনীচলমান ৰুশ্বদি ব্যক্তিগত জীৱনচলমান ৰুশ্বদি তথ্যসূত্ৰচলমান ৰুশ্বদি বাহ্যিক সংযোগচলমান ৰুশ্বদিইংৰাজী ভাষাবুকাৰ বঁটাভাৰতীয় উপমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

যুধিষ্ঠিৰনগাঁও (লোকসভা সমষ্টি)মোৰো এটা সপোন আছেমহামায়া ধামগমধৰ কোঁৱৰঅসমীয়া ব্যাকৰণকমলাকান্ত ভট্টাচাৰ্য্যযোগাসনভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাজিএছটিসাহিত্য সমালোচনাবিয়া নামমহেশ্বৰ নেওগঅসমীয়া ভাষাৰ শব্দসম্ভাৰপথৰুঘাটৰ ৰণসংবিধান দিৱস (ভাৰত)বৰপেটাবিশ্বনাথ ঘাটৰাজ্যসভাভাৰতৰ জাতীয় পতাকাভাষাবিজ্ঞানমাজুলীতগৰবিহুশালস্তম্ভ ৰাজবংশকাতি বিহুউদয় শংকৰমামণি ৰয়ছম গোস্বামীমামণি ৰয়ছম গোস্বামীৰ উপন্যাসথমাছ আলভা এডিচনশ্ৰী সূৰ্য পাহাৰনিচুকনি গীতলভিতাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅসমীয়া বৰ্ণমালাজল সংৰক্ষণব্যৱস্থাপনাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাৰুবুল মাউতহলায়ুধঅংগনবাদীসোণোৱাল কছাৰীবিহুৰ খাদ্যচৰ্যাপদদেউলহাড়জাতীয়তাবাদইউনিক’ডছাইমন কমিশ্যনবৰাক উপত্যকাবৰষুণঅসমীয়া কবিতাএডৱাৰ্ড জেনাৰৱিকিমিডিয়া ফাউণ্ডেশ্যনশব্দহাবুংতাজমহলইষ্ট ইণ্ডিয়া কোম্পানীনাগৰিকত্বৰেখাজীৱনীবাজেটঋতুজল প্ৰদূষণহেমকোষনীলমণি ফুকন (জ্যেষ্ঠ)পিম্পৰা গুচোৱাবিশ্বকোষচাচনি মেৰবিলপাতস্বাস্থ্যচিপাহী বিদ্ৰোহ ১৮৫৭ঈয়াৰুইঙ্গমলোকবিশ্বাসআত্মজীৱনীবুঢ়া চাপৰি অভয়াৰণ্যলুৰিন জ্যোতি গগৈ🡆 More