শিল্প বিপ্লৱ

১৭৬০ চনৰ পৰা আৰম্ভ কৰি ১৮২০-ৰ পৰা ১৮৪০-ৰ মাজলৈ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰিকৰী, সামাজিক, আৰ্থিক তথা সংস্কৃতিক ক্ষেত্ৰত বহুতো পৰিবৰ্তন ঘটে। ইয়াকে শিল্প বিপ্লৱ (ইংৰাজী: Industrial Revolution) বা প্ৰথম শিল্প বিপ্লৱ নামেৰে জনা যায়। পৰিবৰ্তনসমূহৰ ভিতৰত উৎপাদন প্ৰক্ৰিয়াত হস্ত নিৰ্মিত পদ্ধতিৰ সলনি যন্ত্ৰ বা মেছিনৰ ব্যৱহাৰ, নতুন ৰাসায়নিক উৎপাদন আৰু লোহা উৎপাদন প্ৰক্ৰিয়া, বাষ্প শক্তি আৰু জলবিদ্যুতৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ, যন্ত্ৰ সৰঞ্জামৰ বিকাশ আৰু যান্ত্ৰিক কাৰখানা ব্যৱস্থাৰ উত্থান উল্লেখযোগ্য। শিল্প বিপ্লৱৰ ফলস্বৰূপে জনসংখ্যা বৃদ্ধিৰ হাৰ অভূতপূৰ্বভাবে বৃদ্ধি পাইছিল।

শিল্প বিপ্লৱ
শিল্প বিপ্লৱৰ সময়ত বয়ন শিল্প ব্যৱহাৰ হোৱা কাপোৰ বোৱা যন্ত্ৰ, ১৮৩৫ চনত

কৰ্মসংস্থান, উৎপাদনৰ মূল্য তথা বিনিয়োগৰ মূলধনৰ ফালৰ পৰা শিল্প বিপ্লৱৰ সময়ত বয়ন শিল্প আছিল আটাইতকৈ প্ৰভাৱশালী উদ্যোগ। আধুনিক উৎপাদন পদ্ধতিৰ প্ৰথম ব্যৱহাৰো বয়ন শিল্পতে হৈছিল।:40

শিল্প বিপ্লৱৰ আৰম্ভণি হয় যুক্তৰাজ্যত আৰু ব্ৰিটিছসকলে অনেক প্ৰযুক্তিগত উদ্ভাৱন কৰে। ১৮ শতিকাৰ মাজভাগলৈ যুক্তৰাজ্য আছিল পৃথিৱীৰ শীৰ্ষস্থানীয় বাণিজ্যিক দেশ; ই উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত ঔপনিবেশেৰে বিশ্বব্যাপক বাণিজ্য সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰতীয় উপমহাদেশত ৰাজনৈতিক প্ৰভাব পেলাইছিল। বেপাৰ-বাণিজ্যৰ বিকাশ আৰু ব্যৱসায়ৰ উত্থানেই আছিল শিল্প বিপ্লৱ ঘটাৰ প্ৰধান কাৰণ।:15

শিল্প বিপ্লৱক ইতিহাসৰ এক প্ৰধান মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়; দৈনন্দিন জীৱনৰ প্ৰায় প্ৰতিটো দিশতেই শিল্প বিপ্লৱে কিবা নহয় কিবা ধৰণে প্ৰভাৱ পেলাইছিল। বিশেষকৈ গড় উপাৰ্জন আৰু জনসংখ্যাৰ অভূতপূৰ্ব বৃদ্ধি দেখা পোৱা গৈছিল। কিছু অৰ্থনীতিবিদৰ মতে শিল্প বিপ্লৱৰ সকলোতকৈ ডাঙৰ প্ৰভাবটো আছিল পশ্চিমীয়া বিশ্বৰ সাধাৰণ জনগণৰ জীৱন-যাপনৰ মানদণ্ড ইতিহাসত প্ৰথমবাৰ বাবে ধাৰাবাহিকভাবে বৃদ্ধি পোৱা আৰম্ভ কৰিছিল, পিছে আন কিছু অৰ্থনীতিবিদৰ মতে ইয়াৰ অৰ্থপূৰ্ণভাবে বৃদ্ধি কেৱল ১৯ শতিকাৰ শেষত আৰু ২০ শতিকাতহে হৈছিল।

শিল্প বিপ্লৱ আৰু আধুনিক পুঁজিবাদী অৰ্থনীতিৰ উত্থানৰ পূৰ্বে জনমুৰি জিডিপি স্থিতিশীল আছিল, শিল্প বিপ্লৱৰ ফলত জনমুৰি জিডিপিৰ বিকাশৰ সূচনা হয়। জন্তু আৰু উদ্ভিদৰ ঘৰচীয়াকৰণৰ পাছত অৰ্থনৈতিক ইতিহাসবিদসকল মতে শিল্প বিপ্লৱৰ সূচনা হৈছে মানৱ ইতিহাসৰ সবাটোতকৈ গুৰুত্বপূৰ্ণ ঘটনা।

যেতিয়া বয়ন শিল্পত শিল্প বিপ্লৱৰ উদ্ভাৱনসমূহৰ ব্যৱহাৰ আৰু যান্ত্ৰিকীকৰণ পৰিপক্ব হৈ পৰে আৰু ইয়াৰ বজাৰো পৰিপক্ব হয়, সেইসময়ত ১৮৩০ দশকৰ শেষৰ ফালৰ পৰা ১৮৪০ দশকৰ আৰম্ভণিলৈ অৰ্থনৈতিক মন্দাৱস্থা দেখা দিছিল। সেই সময়ত হোৱা উদ্ভাৱনসমূহ, যেনে ল'ক'মটিভ, বাষ্প চালিত নাও তথা ভাষ্প চালিত জাহাজ, বৈদ্যুতিক টেলিগ্ৰাফ আদি উচ্চ হাৰত বাণিজ্যিক বিকাশৰ বাবে যথেষ্ট নাছিল। কিছু নতুন উদ্ভাৱনৰ সলত ১৮৭০ৰ পৰা দ্ৰুত অৰ্থনৈতিক বিকাশ পুনৰ আৰম্ভ হয়; এই সময়চোৱাক দ্বিতীয় শিল্প বিপ্লৱ নামেৰেও জনা যায়। এই নতুন উদ্ভাৱনসমূহৰ ভিতৰত তীখা উৎপাদনৰ নতুন প্ৰক্ৰিয়া, বৃহৎ পৰিমাণৰ উৎপাদন, এচেম্বলি লাইন, বৈদ্যুতিক গ্ৰিড চিষ্টেম, মেছিন সৰঞ্জামৰ বৃহৎ পৰিমাণে উৎপাদন আৰু বাষ্প চালিত কাৰখানাত ক্ৰমবৰ্ধমান উন্নত যন্ত্ৰপাতিৰ ব্যবহাৰ উল্লেখযোগ্য।

তথ্য সংগ্ৰহ

Tags:

আমেৰিকা যুক্তৰাষ্ট্ৰইংৰাজী ভাষাইউৰোপ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মুখা শিল্পবাঁহীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশকুন্তলামহিম বৰানাৰীবাদহাতীপটিৰংঘৰপঞ্চায়তী ৰাজঅসমৰ চিত্ৰকলাৰ ইতিহাসদশৰথসত্ৰীয়া নৃত্যভেঁকুৰঋতুআনন্দৰাম বৰুৱাভানুমতীপুৰন্দৰ সিংহমহিলাৰ বিৰুদ্ধে হিংসাসিংহমৃত্যুঞ্জয়ঁ (চন্দ্ৰবিন্দু)স্বাস্থ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰৱিকিমিডিয়া ফাউণ্ডেশ্যনমানৱ শৰীৰগোৱালপৰীয়া লোকগীতবাৰেচহৰীয়া ভাওনা মহোৎসৱনুৰ জাহান (মোগল সম্ৰাজ্ঞী)অতুল চন্দ্ৰ হাজৰিকাহৰি-হৰ যুদ্ধহিমালয়ৰাতাবাৰী (বিধানসভা সমষ্টি)আগ্নেয়গিৰিছাইমন কমিশ্যনআত্মসহায়ক গোটমণিপুৰ সংঘৰ্ষ ২০২৩কামৰূপ জিলাবাথৌ পূজাবংগ বিভাজন (১৯০৫)য়শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯এলবাৰ্ট আইনষ্টাইনসমাৰ্থক শব্দঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআহোম জনগোষ্ঠীহিমবাহলখিমপুৰ জিলাউমাকান্ত শৰ্মাতলাতল ঘৰজয়মতী কুঁৱৰীইণ্টাৰনেটডিব্ৰুগড় বিশ্ববিদ্যালয়বগেজাৰী গীতকমলা মিৰিবিজ্ঞাপনআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰডিমাছা জনগোষ্ঠীক্ষগামখাৰুপলাশীৰ যুদ্ধবাল্য বিবাহকুশল কোঁৱৰঅসমীয়া জাতিমেকুৰীম'হৰ শিঙৰ পেঁপামাধৱদেৱমহেন্দ্ৰ বৰাকুমাৰ ভাস্কৰ বৰ্মাচন্দ্ৰকুমাৰ আগৰৱালাগান্ধীবাদইয়াত এখন অৰণ্য আছিল🡆 More