বেইজিং

বেইজিং (ইংৰাজী: Beijing; পূৰ্বৰ নাম Peking) হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন অঞ্চল ৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰতক্ষ্য-সঞ্চালিত নগৰসমিতিৰ দ্বাৰা শাসন কৰা হয়। জিনজিনজি চীনৰ নগৰসমিতি অঞ্চল আৰু চীনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে বেইজিং নগৰসমিতি, দক্ষিণৰ টিয়ানজিন নগৰসমিতিক বাদ দি হেবাই প্ৰভিডেন্সৰ দ্বাৰা আগুৰি আছে।

বেইজিং
北京市
—  নগৰ সমিতি  —
বেইজিং নগৰ সমিতি
বেইজিং
বেইজিং
বেইজিং
বেইজিং
বেইজিং
বেইজিং
বাঁওফালৰ পৰা: Beijing CBD skyline, Tiananmen, Temple of Heaven, National Center for the Performing Arts, আৰু Beijing National Stadium
বেইজিং
চীনৰ মানচিত্ৰত বেইজিং নগৰ সমিতি
চীনৰ মানচিত্ৰত বেইজিং নগৰ সমিতি
ভৌগোলিক স্থানাংক: 39°55′N 116°23′E / 39.917°N 116.383°E / 39.917; 116.383 116°23′E / 39.917°N 116.383°E / 39.917; 116.383
ৰাষ্ট্ৰ People's Republic of China
বিভাগসমূহ
 - ৰাষ্ট্ৰীয়-পৰ্যায়
 - নগৰ-পৰ্যায়

১৬ খন জিলা
২৮৯ খন নগৰ আৰু গাঁও
চৰকাৰ
 - প্ৰকাৰ নগৰ সমিতি
 - দলীয় সচিব গাও জিনলুং (প'লিটবুৰ' মেম্বাৰ)
 - মেয়ৰ ৱাং আঞ্চুম
 - কংগ্ৰেছ পদাধিকাৰী ডু ডেইন
 - কনফাৰেঞ্চ চেয়াৰমেন জি লিন
মাটিকালি
 - নগৰ সমিতি ১৬,৪১০.৫৪ কি.মি. 
(৬,৩৩৬.১ বৰ্গ মাইল)
 - চহৰাঞ্চল ১,৩৬৮.৩২ কি.মি. 
(৫২৮.৩ বৰ্গ মাইল)
 - গ্ৰাম্যাঞ্চল ১৫,০৪২.২২ কি.মি. 
(৫,৮০৭.৮ বৰ্গ মাইল)
উচ্চতা ৪৩.৫ মিটাৰ (১৪২.৭২ ফুট)
জনসংখ্যা (২০১৪)
 - নগৰ সমিতি ২,১৫,১৬,০০০ জন
 - জনঘনত্ব ১,৩১১.১ প্ৰতি বৰ্গ কি.মি. 
(৩,৩৯৫.৮ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ১,৮৫,৯০,০০০ জন
 - মহানগৰ (২০১০) ২,৪৯,০০,০০০ জন
 - চীনৰ ভিতৰত জনসংখ্যা: ৩য়;
ঘনত্ব: ৪ৰ্থ জন
প্ৰধান ভাষীক গোষ্ঠী
 - হান ৯৬%
 - মাঞ্চু ২%
 - হুই ২%
 - মঁগল ০.৩%
সময় অঞ্চল চীনা মান সময় (গ্ৰী.মা.স.+৮)
ডাক সংকেত ১০০০০০–১০২৬২৯
অঞ্চল কোড ১০
GDP 2014
 - Total CNY 2.133 trillion
US$ 347.24 billion (13th)
 - Per capita CNY 99,214
US$ 16,150 (2nd)
 - Growth বৃদ্ধি 7.3%
HDI (2010) 0.821 (১ম)—অতি উচ্চ
অনুজ্ঞাপত্ৰৰ অগ্ৰাক্ষৰ 京A, C, E, F, H, J, K, L, M, N, P, Q
京B (ভাড়া গাড়ী)
京G, Y (নগৰ অঞ্চলৰ বাহিৰত)
京O, D (পুলিচ আৰু কৰ্তৃপক্ষ)
নগৰ উদ্ভিদ Chinese arborvitae (Platycladus orientalis)
  Pagoda tree (Sophora japonica)
নগৰ ফুল জৱা ফুল (Rosa chinensis)
  ক্ৰিছান্থেমাম (Chrysanthemum morifolium)
ৱেবছাইট www.ebeijing.gov.cn
বেইজিং
বেইজিং
চীনাত "বেইজিং"
চীনা 北京
আক্ষৰিক অৰ্থ "উত্তৰৰ ৰাজধানী"

নগৰৰ জনসংখ্যাৰ দিশৰ পৰা বেইজিং হৈছে ছাংহাইৰ পিছতেই চীনৰ দ্বিতীয় জনবহুল নগৰ। ই চীনৰ ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ প্ৰধান প্ৰাণ কেন্দ্ৰ। চীনৰ বহুসংখ্যক ৰাষ্টীয় উদ্যোগৰ গৃহ চহৰ হৈছে বেইজিং। তদুপৰি ই হৈছে চীনৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে, ৰেলপথ, আৰু উচ্চ-গতিৰ ৰেল সংযোগৰ প্ৰধান কেন্দ্ৰস্থল। বেইজিঙৰ বেইজিং কেপিটেল ইণ্টাৰনেচনেল এয়াৰপৰ্ট হৈছে পৃথিৱীৰ এটা অন্যতম অতি ব্যস্ত বিমান বন্দৰ।

বেইজিঙৰ ইতিহাস প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। যোৱা আঠ শতিকা ধৰি ৰাজনৈতিক কেন্দ্ৰস্বৰূপ বেইজিং চীনৰ চাৰিখন মহান ঐতিহাসিক ৰাজধানীৰ অন্যতম। নগৰ খন ইয়াৰ ঐতিহ্যমণ্ডিত অট্টালিকা, মন্দিৰ, উদ্যান, ট'ম্ব, প্ৰাচীৰ আৰু তোৰণসমূহৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ কলা সংগ্ৰহ আৰু বিশ্ববিদ্যালয়বোৰে ইয়াক চীনৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ টোকা মতে "চীনৰ এই চহৰখনৰ দৰে ৰাজনৈতিক মুখ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰা নগৰ পৃথিৱীত কেইখন মাহহে আছে।" বেইজিঙৰ সাতটা অঞ্চল UNESCOবিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে – ফ'ৰবিডেন চিটি, টেম্পল অৱ হেভেন, ছামাৰ পেলেচ, মিং ট'ম্বছ্, ঝ'ক'ডিয়ান, বৃহৎ প্ৰাচীৰ, আৰু গ্ৰাণ্ড কেনেল।

গীষ্মকালীন অলিম্পিক ২০০৮ বেইজিঙত অনুস্থিত হৈছিল আৰু শীতকালীন অলিম্পিক ২০২২ও ইয়াতেই অনুস্থিত কৰা হ'ব। ইয়াৰ ফলত চহৰখন দুয়োপ্ৰকাৰৰ অলিম্পিক অনুস্থিত কৰা পৃথিৱীৰ একমাত্ৰ চহৰৰূপে পৰিগণিত হ'ব।

প্ৰাক ইতিহাস

ফাংচান জিলাৰ জুক'ডিয়ান গাঁওৰ কাষৰ ড্ৰেগন ব'ন পৰ্বতৰ গুহাবোৰত বেইজিং নগৰ সমিতিৰ অতীতৰ "পিকিং মেন"ৰ বসবাসৰ প্ৰমান পোৱা গৈছে। এই গুহাসমূহৰ পৰা ২,২৩,০০০ ৰ পৰা ২,৫০,০০০ বছৰ পুৰণি "হ'ম' ইৰেকটাছৰ জীৱাশ্ম উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ প্ৰায় ২০,০০০ বছৰ আগতে ইয়াত পস্থৰ যুগৰ হ'ম' ছেপিয়েনছ বাস কৰিছিল। পুৰাতত্ববিদ সকলে সমগ্ৰ নগৰখনত নামনি বেইজিঙৰ ৱাংফুজিঙকে ধৰি বহু নিউলিথিক ভংগ্নাশৱশেষ উদ্ধাৰ কৰিছে।

বৰ্তমান আধুনিক বেইজিঙৰ বেইজিং ৱেষ্ট ৰেলৱে ষ্টেচনৰ দক্ষিণত অৱস্থিত, খ্ৰীষ্টপূৰ্ৱ ১১শ ৰ পৰা ৭ম শতিকা পৰ্যন্ত ৰাষ্ট্ৰীয় ৰাজধানীৰূপে থকা চীনৰ জি হৈছে বেইজিঙৰ প্ৰথম প্ৰাচীৰ চহৰ। পিছলৈ ইয়াক ষ্টেট অৱ য়ানে অধিকাৰ কৰে আৰু য়েনজিংত ৰাজধানী স্থাপন কৰে।


তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাচীনৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

🔥 Trending searches on Wiki অসমীয়া:

ৰাম গগৈকৃষ্ণচূড়াপাচনৰামায়ণগায়ত্ৰী মহন্ততিৱা জনগোষ্ঠীঅসমৰ ছপাশালপাৰিপাৰ্শ্বিক সংঘাতবসন্ত ঋতুএককোষী জীৱৰফিকুল হুছেইনঅনাভেদী যৌনক্ৰিয়াকৃষ্ণব'হাগ বিহুঅসমৰ জিলাসমূহপ্ৰেমচন্দঅষ্ট্ৰেলিয়াকাৰেংঘৰভটিমাআঁহতশকুন্তলা (চলচ্চিত্ৰ)মিডিয়াৱিকিলখিমপুৰ জিলানাগালেণ্ডৰ সংস্কৃতিপ্ৰাগজ্যোতিষপুৰউৎসৱকাঠনিবাৰী ঘাটসোণোৱাল কছাৰীতাল (বাদ্যযন্ত্ৰ)সৰস্বতী পূজাদাণ্ডী যাত্ৰাৰঘুনাথ দাস মহন্তমেজিশচীন তেণ্ডুলকাৰপ্ৰাকৃতিক সম্পদশালস্তম্ভ ৰাজবংশঅসমৰ সাধুকথাভাৰতৰ ৰাষ্ট্ৰপতিলোক-সংগীতঅসমীয়া সাহিত্যআমাৰ অসমঁ (চন্দ্ৰবিন্দু)মঙ্গলদৈ (লোকসভা সমষ্টি)লোকসভাৰ অধ্যক্ষআনন্দ চন্দ্ৰ আগৰৱালাগোলকীয় উষ্ণতা বৃদ্ধিমনোমতীভাৰতীয় ভাষাউমানন্দডিমাছা জনগোষ্ঠীহাবুংৰামমোহন ৰায়উদ্ভিদযতি-চিনজীৱনীবিয়া নামৱিকিপিডিয়াগৰুচৰাইতথ্যবিত্তীয় ব্যৱস্থাগুৱাহাটী (লোকসভা সমষ্টি)অনুবাদৰামধেনুমহো-হো উৎসৱনাহৰৰ গীতস্বৰাজপুৰন্দৰ সিংহচ্যু-লিক-ফাহাজোৰংবাজেটবিহু নৃত্যলোকসভাকেঁচুসাৰয়দিহানাম🡆 More