পাৰৰ মাংস (ইংৰাজী: Squab) বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ এটি খাদ্য। সাধাৰণতে ৪ সপ্তাহ বা তাতকৈ কম বয়সৰ পাৰ ভক্ষণ কৰা হয়। পাশ্চাত্যত স্কুৱাব শব্দৰ ব্যৱহাৰ কৰা হয় কম বয়সীয়া পাৰৰ মাংসৰ বাবে, যি সম্ভৱতঃ স্বীডিশ্ব শব্দ স্ক্ভাবৰ পৰা অহা, যাৰ অৰ্থ ঢীলা, মেদবহুল মাংস। বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত অনেক প্ৰকাৰৰ পাৰ ভক্ষণ কৰা হৈছিল আৰু হয়, পিচে বৰ্তমানে প্ৰায় ঘৰুৱা পাৰহে ভক্ষিত। অনেকে ক্ৰীড়া হিচাপেও পাৰ, কপৌ আৰু অন্যান্য চৰাই চিকাৰ কৰে।
সম্ভৱতঃ, পাৰ পোহাৰ প্ৰথাৰ আৰম্ভণি হৈছিল আফ্ৰিকা মহাদেশৰ উত্তৰ ভাগত। ঐতিহাসিকভাৱে ইজিপ্ত, ৰোম, চীন, ভাৰত আৰু ইউৰোপত পাৰৰ মাংস প্ৰায় ভক্ষণ কৰা দেখা যায়। তৎস্বত্তেও ইয়াক প্ৰায় এক বিৰল খাদ্য গণ্য কৰা হয়।
পাৰৰ মাংসক প্ৰায় এটি সুস্বাদী খাদ্য গণ্য কৰা হয়, যি আন পোহনীয়া চৰাইতকৈ অধিক সোৱাদৰ, যদিও এটি চৰাইৰ পৰা পোৱা ভক্ষণযোগ্য মাংসৰ পৰিমাণ কম আৰু এই ভক্ষণযোগ্য মাংসৰ অধিকাংশই বুকুৰ ওচৰৰ। পাৰ এটি "ডাৰ্ক মীট", অৰ্থাৎ, ইয়াৰ ছাল মেদবহুল, হাঁহৰ দৰে। মাংসবিধ সহজে পাচন কৰিব পৰা যায়, আৰু ই প্ৰ'টীন, মিনাৰেল আৰু ভিটামিনৰ ভাল উৎস। ইয়াক অনেকে "ৰেচমী" বুলি ব্যাখ্যা কৰে, যিহেতু ই অতি কোমল আৰু মিহি। পাৰৰ মাংসৰ সোৱাদ আন চিকাৰ কৰা চৰাইতকৈ মৃদু আৰু মিহি। অনেক ঠাইত ইয়াক ৰঙা আৰু বগা মদৰ সৈতে খোৱা হয়।
পাৰৰ মাংস বৰ্তমানে বিশ্বৰ বিভিন্ন ৰন্ধনশৈলীৰ গুৰুত্বপূৰ্ণ অংশ, যেনে ফ্ৰান্স, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, উত্তৰ আফ্ৰিকা, ভাৰত, চীন আৰু অন্যান্য এছিয়ান দেশত ই জনপ্ৰিয়। ফৰাচী চাল্মিচ (বুকু), ইকিপ্তীয় মাহশ্বি (ভাত বা ফ্ৰিকেহ তথা শাক-পাচলিৰ লগত), অসমীয়া পাৰৰ মাংসৰ জোল, মৰক্ক'ৰ পেষ্টিলা আদি জনপ্ৰিয় ব্যঞ্জন।
বাণিজ্যিকভাৱে উৎপাদিত পাৰৰ মাংস ৰান্ধিবলৈ সাধাৰণততকৈ কেৱল আধা সময়ৰ প্ৰয়োজন। তদুপৰি, কম বয়সীয়া পাৰৰ মাংসতকৈ বয়সস্থ পাৰৰ মাংস ৰান্ধিবলৈ অধিক সময়ৰ প্ৰয়োজন।
যদিও পাৰ পোহা সহজ, ইয়াক সাধাৰণতে খাদ্য সুৰক্ষাৰ বাবে "সাধাৰণতে ভবা নহয়" পুহিবলৈ। বিশ্বৰ কোনো কোনো ঠাইত পাৰৰ মাংসক অৰুচিকৰ গণ্য কৰা হয়, যিহেতু এই চৰাইক লেতেৰা চহৰীয়া কীট-পতংগ গণ্য কৰা হয়। পিচে আন অনেক চৰাইৰ মাংসৰ তুলনাত, পাৰৰ মাংসত কম ৰোগ সৃষ্টিকাৰী জীৱাণু থাকে। কম যোগানৰ বাবে পাৰ মাংসৰ দাম প্ৰায় আন চৰাইৰ মাংসৰ দামতকৈ অধিক, আৰু ইয়াক অনেকে হতে কুইজিন বা উচ্চ-পাক কলাৰ অংশ জ্ঞান কৰে।
চতুৰ্দশ শতিকাৰ গ্ৰন্থ "হেল্থ ৰিজিম"ত কম বয়সীয়া পাৰৰ মাংসক "গৰম আৰু সেমেকা" আখ্যা দিয়া হৈছে, আৰু বয়সস্থ পাৰৰ মাংসক গৰম, শুকান আৰু "যেনেতেনেহে খাব পৰা" আখ্যা দিয়া হৈছে। ৰোমান ৰন্ধনপ্ৰণালীৰ গ্ৰন্থ এপিকিয়াছত পাৰৰ মাংসৰ লগত মিঠা আৰু টেঙা চাটনি খোৱাৰ পৰামৰ্শ দিয়া হৈছে। এনে খাদ্য সম্ভ্ৰান্ত লোকেহে খাইছিল। সাধাৰণ লোকৰ পাৰ মাংসৰ ৰন্ধনবিধিৰ বিষয়ে বিশেষভাৱে জনা নাযায়।
পঞ্চদশ শতিকাৰ ইটালীয় সন্ন্যাসী লুচা পাচিয়লিয়ে লিখা ৰন্ধনপ্ৰণালীৰ "ৰহস্য"ৰ এখন গ্ৰন্থত তেওঁ "কেনেকৈ পাৰক পাখিৰে মূৰত কুবাই মাৰিব পৰা যায়", এই কথাও সন্নিৱিষ্ট কৰিছিল। ইটালীত পাৰৰ মাংস ঐতিহাসিকভাৱে এটি জনপ্ৰিয় খাদ্য, আনকি উম্ব্ৰিয় আৰু টুস্কান খাদ্যাভাসতো। অষ্টদশ শতিকাৰ ফ্ৰান্সত pigeons à la crapaudine (পিজঁ আলা ক্ৰাপুডিন) এটি "কৌশল্যৰ ব্যঞ্জন" গণ্য কৰা হৈছিল। পাৰৰ মাংসক এনেদৰে সজোৱা হৈছিল যে ই দেখিবলৈ এটি ভেকুলীৰ দৰে লাগিছিল। ধাৰ্মিক ৰীতি-নীতিত কোনো কোনো বিশেষ দিনত মাংসাহাৰ বৰ্জিত আছিল, কিন্তু ভেকুলীৰ মাংসৰ ওপৰত তেনে কোনো বাধা নাছিল, যিহেতু ই পানীত বাস কৰে। পিজঁ আলা ক্ৰাপুডিনে এই ৰীতিৰ সৈতেই খেলিছিল। ই বৰ্তমানেও পৰম্পৰাগত ফঁৰাচী ৰন্ধনশৈলীৰ এক অংশ। স্পেইন আৰু ফ্ৰাঞ্চত পাৰক কেতিয়াবা দীৰ্ঘকালৰ বাবে ৰান্ধি থকা হয়, সংৰক্ষণৰ বাবে।
আমেৰিকা যুক্তৰাষ্ট্ৰত ই সময়ৰ সৈতে কেৱল বিশেষ দিনত খোৱা খাদ্য হৈ পৰিছে, যিহেতু তুলনামূলকভাৱে কম খৰচী মুৰ্গীৰ মাংসই ইয়াৰ স্থান লৈছে। আমেৰিকাত বৰ্তমানে ইয়াক উচ্চ-পাক কলাৰ সৈতে জড়িত কৰা হয়, আৰু লে চিয়েৰ্ক তথা দ্য ফ্ৰেঞ্চ লণ্ড্ৰীৰ দৰে দামী ৰেষ্টুৰেণ্টত ই উপলব্ধ। একাধিক প্ৰসিদ্ধ ৰান্ধনিয়ে পাৰৰ মাংসক সহাৰি আগবঢ়াইছে। পাৰৰ মাংসৰ দাম আমেৰিকা যুক্তৰাষ্ট্ৰত সাধাৰণতে আন চৰাইৰ মাংসৰ দামতকৈ অধিক।
ভাৰতত পাৰৰ মাংস উত্তৰ-পূবৰ ৰন্ধনশৈলীত ঘাইকৈ দেখা যায়, যেনে অসমীয়া ৰন্ধনশৈলীত। ইয়াক জোলৰ সৈতে ৰন্ধা হয়, কেতিয়াবা কল-পচলাৰ সৈতে। ই জনজাতীয় আৰু অ-জনজাতীয়, উভয় লোকৰ মাজতে জনপ্ৰিয়। পাৰ মাংসক শক্তিদায়ক গণ্য কৰা হয়। প্ৰাক-ঔপনিৱেশিক কালৰ হস্তলিপি কামৰূপ যাত্ৰাত ইয়াক ভাল স্বাস্থ্যৰ বাবে খোৱাৰ পৰামৰ্শ দিয়া হৈছে। কিছু কিছু হিন্দু মন্দিৰত পাৰৰ বলি দিয়া হয়, বিশেষকৈ শাক্তধৰ্মত। উদাহৰণস্বৰূপে, কামাখ্যা মন্দিৰত পাৰৰ বলি দিয়া হয়। নেপালতো এনে অভ্যাস দেখা যায়। পাৰৰ মাংস প্ৰায় বিশেষ দিনত খোৱা হয়।
চীনা ৰন্ধনশৈলীত পাৰৰ মাংস উৎসৱ-পাৰ্বন আদিত বিশেষভাৱে গ্ৰহণ কৰা হয়, যেনে চীনা নৱবৰ্ষত। পাৰৰ মাংসক শুকানকৈ ভাজি খোৱা হয়। কেণ্টনীজ শৈলীৰে ৰান্ধিলে পাৰৰ লগত ছয় চছ, চাউলৰ মদ আদি যোগ কৰা হয়। সতেজতা বজাই ৰাখিবলৈ চীনত প্ৰায় জীয়াই থকা পাৰ বিক্ৰী কৰা হয়। পিচে ইয়াক ভিন ভিন ধৰণে কাটিও বিক্ৰী কৰা হয়। দুই ধৰণে কটা পাৰ জনপ্ৰিয়: চীনা শৈলী (বৌদ্ধ কাটন) য'ত মূৰ আৰু ভৰি থাকে, আৰু নিউ য়ৰ্ক (কনফুচিয়ান কাটন) য'ত মূৰ আৰু ভৰিৰ সৈতে অন্ত্ৰও থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰতো পাৰৰ মাংসৰ আতাইতকৈ অধিক বিক্ৰী চাইনাটাউনসমূহত হয়।
ইণ্ডোনেছিয়ান ৰন্ধনশৈলীত, বিশেষকৈ চুণ্ডানীজ আৰু জাভানীজ খাদ্যত পাৰৰ মাংস ধনিয়া, হালধী, নহৰু আৰু পাম তেলেৰে তৈয়াৰ কৰা হয়।
This article uses material from the Wikipedia অসমীয়া article পাৰৰ মাংস, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.