কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ (ইংৰাজী: Kamakhya Temple) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ ( নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়।

কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ, গুৱাহাটী
কামাখ্যা মন্দিৰ is located in Assam
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ
অসম মানচিত্ৰত কামাখ্যা মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°10′N 91°47′E / 26.16°N 91.78°E / 26.16; 91.78
নাম
অন্য নাম মা কামাখ্য
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা কামৰূপ মহানগৰ
এলেকা কামাখ্যা
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শক্তি
প্ৰধান উৎসৱ অম্বুবাচী, দুৰ্গাপূজা
স্থাপত্য শৈলী নীলাচল স্থাপত্যশৈলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৫৬৫
প্ৰতিস্থাপক প্ৰবাদ অনুসৰি নৰকাসুৰ, ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়াকৈ কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰনিৰ্মাণ কৰিছিল।
ৱেবছাইট www.kamakhyatemple.org

ইতিহাস আৰু প্ৰবাদ

কামাখ্যা মন্দিৰ 
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ 
কামাখ্যা মন্দিৰ
  • কামাখ্যা মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ইতিহাসঃ*

কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্ব্ব প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল। সেই পৰ্বতৰ অধিবাসী সকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযান কালত সৈন্য সকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান। ৰজাই সেই পীঠস্থানতে তেওঁৰ সৈন্য বাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্চা পূৰণ হয়। সেই কাৰ্যৰ পাছত ৰজাই সেই স্থানৰ মহত্ত্ব দেখি বিষ্মিত হয় আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ আবিস্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে।

কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনে ধৰণৰঃ

দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল।

প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেৱেঁই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢালে। দেৱীয়ে কলে যে দেৱী আৰু নৰমনিচৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে যেন তেন প্ৰকাৰেণ বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল, নৰকে এই কাম কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে কথা বিষম; সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে, ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক ক'লে যে কুকুৰাই ডাক দিলে, ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াৱী কুকুৰাটো দুচেওকৈ কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পাছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হ'ল। নৰকৰ অত্যাচাৰ ইমানে বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাটৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিলে।

মন্দিৰৰ স্থাপত্য


কামাখ্যা ধামৰ অম্বুবাচী মেলা

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান,পূজা,প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। চুৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে-সিঘৰলৈ ফল-মূল আগবঢ়ায়, প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে)লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কামাখ্যা মন্দিৰ ইতিহাস আৰু প্ৰবাদকামাখ্যা মন্দিৰ মন্দিৰৰ স্থাপত্যকামাখ্যা মন্দিৰ কামাখ্যা ধামৰ অম্বুবাচী মেলাকামাখ্যা মন্দিৰ তথ্য সংগ্ৰহকামাখ্যা মন্দিৰ বাহ্যিক সংযোগকামাখ্যা মন্দিৰঅসমইংৰাজী ভাষাগুৱাহাটীঙি ঙাও খামহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

মহামায়া ধামদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাপদ্মনাথ গোহাঞি বৰুৱাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদপুথিভঁৰালচুতীয়া ৰাজ্যকৰ্কট ক্ৰান্তিঅসমীয়া গীতি সাহিত্যপলাশীৰ যুদ্ধকুমাৰ ভাস্কৰ বৰ্মাউপন্যাসআল্লাহকীৰ্তন ঘোষা সংকলনকপৌ ফুলঅসমৰ লোকবাদ্যস্বদেশী আন্দোলনগৰু বিহুপোৱামক্কাএডাম স্মিথঅসম আৰক্ষীদীৰ্ঘেশ্বৰী দেৱালয়অসমীয়া যুক্তাক্ষৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাকামৰূপী উপভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পুৰন্দৰ সিংহবিহুৰ সাজ-পোচাক আৰু অলংকাৰআহোম ৰাজবংশহিউমাছআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা২০২৪ছনেটঅসমীয়া কবিতাজল প্ৰদূষণবিহুৰ বাদ্যযন্ত্ৰপৃথিৱীঅসমৰ ছপাশালকপিৰাইটদধীচিসংস্কৃতিভাৰতৰ ৰাষ্ট্ৰপতিকুচিয়া মাছমৌলিক সংখ্যাজয়মতী কুঁৱৰীকাৰ্ল মাৰ্ক্সসাহিত্য অকাডেমি বঁটাসংখ্যাকম্পিউটাৰঅসমীয়া ভাষাভাওনাঅসমত দেখা চৰাইবোৰঅৰুণোদইপাঁচালীহৰেকৃষ্ণ ডেকাশৰাইঘাটৰ যুদ্ধসাহিত্যকুশল কোঁৱৰনক্ষত্ৰসংগীতভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবিহুগীতসপ্তকাণ্ড ৰামায়ণঅপাৰেটিং চিষ্টেমভৌতিক সংস্কৃতিথমাছ আলভা এডিচনইয়াণ্ডাবু সন্ধিখেৰাইমহিলাৰ বিৰুদ্ধে হিংসাঅসমৰ ৰাজ্যপালসকলৰ তালিকাগণতন্ত্ৰধুবুৰী (লোকসভা সমষ্টি)নিৰ্ম্মল ভকতগণিতঅসমৰ চলচ্চিত্ৰধনশিৰি নদীদশাৱতাৰমুদ্ৰা🡆 More