ভেকুলী

ভেকুলী (ইংৰাজী: Frog) হৈছে উভচৰ মেৰুদণ্ডী প্ৰাণীৰ এটা প্ৰজাতি। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।

ভেকুলী
জীৱাশ্ম কাল: Early Jurassic - Present,
২০০–০ নিযুত বছৰ
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
ভেকুলী
বিভিন্ন প্ৰকাৰৰ ভেকুলী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Amphibia
(অশ্ৰেণীকৃত): Salientia
বৰ্গ: Anura
Duméril, ১৮০৬ (Anoures হিচাপে)
উপবৰ্গ

Archaeobatrachia
Mesobatrachia
Neobatrachia
 –
এনোৰা বৰ্গৰ পৰিয়ালবোৰৰ তালিকা

ভেকুলী
ভেকুলীৰ ভৌগোলিক বিস্তৃতি (সেউজীয়া)


Dark-colored toad facing left
European fire-bellied toad (Bombina bombina)
Panamanian golden frog
Panamanian golden frog (Atelopus zeteki).

বিৱৰ্তন আৰু শ্ৰেণীবিভাজন

ইহঁত এনোৰা (প্ৰাচীন গ্ৰীক: an-, নথকা, + oura, নেজ) বৰ্গৰ অন্তৰ্গত, দেহ চুটি আৰু নেজ নেথাকে। এই জীৱবিধ প্ৰাক ট্ৰায়েছিক যুগত মাডাগাস্কাৰৰ আটাইতকৈ পুৰণি জীৱাশ্ম "প্ৰ'ট' ফ্ৰ'গ (ইংৰাজী: proto-frog)"ৰ উদ্ভৱ হৈছিল বুলি কোৱা হয় যদিওঁ, আনৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও ২৬৫ নিযুত বছৰ আগৰ পাৰ্মিয়ান যুগৰ বুলি কয়। ভেকুলীবোৰ tropicsৰ পৰা subarctic অঞ্চললৈকে বহুলভাৱে বিস্তৃত হৈ আছে। বৰ্ষাৰণ্যবোৰত ইহঁতৰ জনসংখ্যা সৰ্বাধিক।

শাৰীৰিক বৈশিষ্ট

ভেকুলী জীৱনকালৰ প্ৰথম অৱস্থাত লালুকী হিচাপে পানীত থাকে। পাছলৈ প্ৰাপ্ত বয়স্ক ভেকুলী হয়। ভেকুলীৰ চাৰিখন ঠেং থাকে তাৰে মতা ভেকুলীৰ আগ ঠেঙৰ প্ৰথম আঙুলিত যৌনাংগ থাকে। পিছৰ ঠেং কেইটা সাতুৰিব পৰাকৈ পাঁচোটা আঙুলিত জাল থাকে। ভেকুলীয়ে পানীত থকা অৱস্থাত ছালেৰে উশাহ লয়। আৰু মাটিত থকা অৱস্থাত ছাল, ভ'কেল চেক আৰু হাওঁফাওঁৰ যোগেদি উশাহ লয়। ভেকুলীয়ে নিজৰ গাৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেয়ে অত্যধিক গৰম বা অত্যাধিক ঠাণ্ডা হলে গাতৰ ভিতৰত থাকে। ভেকুলীযৰ হৃদযন্ত্ৰত তিনিটা কোঠা থাকে। ভেকুলী পতংগভোজী প্ৰাণী। ভেকুলীৰ শৰীৰটো সেমেকা থাকে। ইয়াৰ ফলত ই উশাহ লোৱাত সুবিধা হয়। ভেকুলীৰ জিভাই খাদ্য ধৰে। কিছু প্ৰজাতিয়ে নিজৰ গাৰ বৰণ সলনি কৰিব পাৰে। ইয়াৰ গাটো সাধাৰণতে সেউজীয়া আৰু কলা দাগ যুক্ত থাকে।

অসমৰ সমাজ জীৱনত ভেকুলী

অসমত বৰষুণ নিদিলে ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত কৰাৰ জনবিশ্বাস আছে। জনবিশ্বাস মতে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে।

উপকাৰিতা

ভেকুলীয়ে পথাৰৰ পোকপতংগ খাই শস্য বৃদ্ধিত খেতিয়কক সহায় কৰে।

তথ্য সংগ্ৰহ

Tags:

ভেকুলী বিৱৰ্তন আৰু শ্ৰেণীবিভাজনভেকুলী শাৰীৰিক বৈশিষ্টভেকুলী অসমৰ সমাজ জীৱনত ভেকুলী তথ্য সংগ্ৰহভেকুলীইংৰাজী ভাষাউভচৰ প্ৰাণীপ্ৰজাতি (জীৱবিদ্যা)মেৰুদণ্ডী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

ইতিহাসঢ়ধানঅসমৰ সত্ৰসমূহৰ তালিকাশ্ৰীনিবাস ৰামানুজনবংগ বিভাজন (১৯০৫)হাড়কছাৰী ৰাজ্যভৌতিক সংস্কৃতিসৰ্বশিক্ষা অভিযানখিলঞ্জীয়া লোকমাতৃভাষাপূৰবী বৰমুদৈগণৰাজ্য দিৱস (ভাৰত)ব্যক্তিত্বশূন্যফৰাচী বিপ্লৱকম্পিউটাৰ হাৰ্ডৱেৰশকুন্তলা (চলচ্চিত্ৰ)হাজং জনগোষ্ঠীকল্পনা চাওলাচন্দ্ৰকুমাৰ আগৰৱালাপৰিয়ালঅসমৰ জাতীয় গীতমাজুলীশিৱসাগৰৰ শিৱদৌলদৰং জিলাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনহুঁচৰিভবেন্দ্ৰ নাথ শইকীয়াআহোম ৰাজবংশবিশেষ শিক্ষাশিৱসাগৰঅপৰিমেয় সংখ্যাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা২৫ এপ্ৰিলঅসম সাহিত্য সভামণিপুৰএৰিষ্ট'টলপাতঅশ্বত্থামাক্ষস্বৰাজৱেবছাইটএহাত ডাবাচলচ্চিত্ৰমহেন্দ্ৰ বৰাচৰ্যাপদঅসমৰ চলচ্চিত্ৰবিহুৰ খাদ্যলোক-সংগীতঅভিধানৰজনীকান্ত বৰদলৈহস্তীবিদ্যাৰ্ণৱমুগা (ৰেচম)ফাকুৱামৌখিক ইতিহাসশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহকিতাপপৃথিৱীবুলু ফিল্মপুষ্টিকাৰকশৰৎ ঋতুনৱবিধা ভক্তিসৰস্বতীবৰপেটাপায়ু সংগমঅসমীয়া লোক-সংস্কৃতিডুবি তাম্ৰলিপি আৰু ছীলৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআনন্দৰাম ঢেকিয়াল ফুকনউপেন্দ্ৰনাথ গোস্বামীভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাপাটকাইৰ ইপাৰে মোৰ দেশমুদ্ৰা🡆 More