চিলনী (ইংৰাজী: Black Kite, বৈজ্ঞানিক নাম:Milvus migrans) এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী(bird of prey) চৰাই। অন্যান্য দিবাচৰ (diurnal) মাংসহাৰী চৰাইৰ পৰা ইয়াৰ পাৰ্থক্য এয়ে যে ই সুবিধাবাদী চিকাৰী (opportunistic hunter) আৰু কেতিয়াবা মৃত প্ৰাণীও আহাৰ হিচাপে গ্ৰহণ কৰে (scavenge)। খাদ্যৰ সন্ধানত ইহঁতে প্ৰায়ে আকাশত উৰি ফুৰে। চিলনীৰ কোণীয়া ডেউকা আৰু স্পষ্টকৈ বিভক্ত নেজ (forked tail) ৰ সহায়ত ইয়াক সহজেই চিনাক্ত কৰিব পৰা যায়।
চিলনী (Black Kite) | |
---|---|
বাংগালোৰত এটা চিলনী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes (or Accipitriformes, q.v.) |
পৰিয়াল: | Accipitridae |
গণ: | Milvus |
প্ৰজাতি: | M. migrans |
বৈজ্ঞানিক নাম | |
Milvus migrans (Boddaert, 1783) | |
উপপ্ৰজাতিসমূহ | |
5, see text | |
Black and Yellow-billed Kite ৰ গোলকীয় বিতৰণ কমলা: বাৰিষা কাল সেউজীয়া: সমগ্ৰ বছৰ জুৰি নীলা: শীত কালত | |
সমাৰ্থক | |
|
চিলনীৰ আকাৰ অন্যান্য মাংসহাৰী চৰাইতকৈ তুলনামূলক ভাৱে সৰু। ইয়াৰ নেজ কিছু অংশলৈকে বিভক্ত আৰু বৰণ সাধাৰণতে গাঢ় হয়। মতা আৰু মাইকী উভয়ে দেখাত একে। দেহৰ উপৰভাগ মুগা (brown) কিন্তু মূৰ আৰু ডিঙি কিছু শেঁতা বৰণৰ হয়। চকুৰ তলৰ অংশ কিছু গাঢ় হয়। ডেউকা ক'লা বৰণৰ আৰু পথালিকৈ ডাঠ আঁচ (cross bars) থকা দেখা যায়। দেহৰ তলৰ ভাগ শঁতা মুগা ৰঙৰ। চিলনীৰ ঠোঁট ক'লা, কাষটো হালধীয়া। ইয়াৰ ঠেং হালধীয়া। চিলনীৰ এটা স্পষ্ট আৰু তীক্ষ্ণ হুইচেলৰ দৰে মাত (shrill whistle followed by a rapid whinnying call) আছে।
বৰ্তমানলৈকে চিলনীৰ কেইবাটাও উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে। এই উপ-প্ৰজাতি সমূহ হ'ল-
চিলনী ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত বহুলভাৱে বিস্তৃত। নাতিশীতোষ্ণ (temperate) অঞ্চলৰ চিলনী সমূহে প্ৰব্ৰজন কৰে বুলি জনা যায় কিন্তু ক্ৰান্তীয় (tropical) চিলনী সমূহ ঘাইকৈ থলুৱা। উদাহৰণস্বৰূপে [ইউৰোপ]]আৰু এছিয়াৰ উপ-প্ৰজাতি যেনে M. m. milvus আৰু M. m. lineatus আদিয়ে শীতকালত ক্ৰন্তীয় অঞ্চললৈ প্ৰব্ৰজন কৰে কিন্তু ভাৰতৰ M. m. govinda (Pariah Kite), বা অষ্ট্ৰেলিয়াৰ M. m. affinis (Fork-tailed Kite) আদি উপ-প্ৰজাতি সমূহ থলুৱা।
ভাৰতবৰ্ষত M. m. govinda উপ-প্ৰজাতিৰ জনসংখ্যাই আটাইতকৈ বেছি আৰু ইহঁতক মানুহৰ ঘন আবাদীপূৰ্ণ অঞ্চলতে ঘাইকৈ দেখা যায়। ই বনাঞ্ছলত বসবাস নকৰে। ১৯৬৭ চনত নতুন দিল্লীত ১৫০ বৰ্গ কিল'মিটাৰ জোৰা এটা অঞ্চলত অধ্যয়ন কৰি মুঠ ২২০০যোৰ চিলনী পোৱা গৈছিল।
চিলনীয়ে সাধাৰণতে আকাশত উৰি থাকি চিকাৰৰ সন্ধান কৰে। চিকাৰ দেখিলে চোঁ মাৰি নামি আহি জীৱন্ত অৱস্থাতে ধৰি নিয়ে। ই এবিধ সুযোগসন্ধানী চিকাৰী। মাছ, নিগনি, চৰাই আদি ইয়াৰ প্ৰধান খাদ্য। ইহঁত সাধাৰণতে ধোঁৱা বা জুইৰ প্ৰতি আকৰ্ষিত হয় কাৰণ এনে অৱস্থাত পলাবলৈ ধৰা চিকাৰ ধৰিবলৈ সহজ। এই আচৰণৰ বাবেই অষ্ট্ৰেলিয়াৰ অধিবাসীসকলে চিলনীয়ে জ্বলি থকা ডাল আদি শুকান ঘাঁহনিত পেলাই জুই লগাব পাৰে বুলি বিশ্বাস কৰে। ভাৰতৰ চিলনী সমূহ নগৰ অঞ্চলত বসবাস কৰাত অভ্যস্ত। সেয়ে ইহঁতক ঘন আবাদীপূৰ্ণ ঠাইতো দেখিবলৈ পোৱা যায়। আনকি কোনো কোনো অঞ্চলত ই চোঁ মাৰি আহি মানুহৰ পৰা খাদ্যবস্তু কাঢ়ি নিয়াৰো বাতৰি পোৱা যায়। চিলনীয়ে কেতিয়াবা অন্য চিলনীৰ বাহতো চিকাৰ কৰে। তদুপৰি চিলনীয়ে কেতিয়াবা কণী বা পোৱালিৰ আশাত টোকোৰা চৰাইৰ বাহ চিঙি কঢ়িয়াই লৈ যোৱা দেখা যায়
ভাৰতত চিলনীৰ প্ৰজনন শীতকালত আৰম্ভ হয়। বাৰিষাৰ সময়লৈকে পোৱালিয়ে উৰিব পৰা হয়। চিলনীয়ে গছৰ ডালিৰে বাহ সাজে। চিলনীয়ে বাহটো কেতিয়াবা উজ্জ্বল সামগ্ৰী যেনে বগা পলিথিনৰে সজোৱাৰ তথ্য পোৱা গৈছে। মতা-মাইকী উভয়ে মিলি বাহ সাজে আৰু পোৱালিৰ যত্ন লয়। এবাৰত ২-৩টা কণী পাৰে। পোৱালি জন্মৰ পৰা দুমাহ পৰ্যন্ত বাহত থাকে। পোৱালিৰ মাজত দন্দ্ব হয় আৰু আটাইতকৈ দুৰ্বল পোৱালিটো প্ৰায়ে মৃত্যুমুখত পৰে। জ্নমৰ দুবছৰৰ পিছৰ পৰা চিলনী প্ৰজননক্ষম হৈ উঠে।
This article uses material from the Wikipedia অসমীয়া article চিলনী, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.