কোৰআন: ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ

কোৰ্‌-আন বা কোৰান বা কোৰান শ্বৰীফ (ইংৰাজী উচ্চাৰণ: /kɒˈrɑːn/ kor-ahn; আৰবী: القرآن al-qurʾān/আল্-ক়ুৰ্-আন্) ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে। কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয় বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি হৈছে। কোৰআনৰ পাঠবোৰক 'ছূৰা' আৰু পদবোৰক 'আয়াত' বোলা হয়। কোৰআনত সৰ্বমুঠ ১১৪টা ছূৰা আছে আৰু ৬,৬৬৬টা আয়াত আছে।। ইছলামী ভাষ্যমতে কোৰআন অপৰিৱৰ্ত্তনীয় আৰু এই সম্পৰ্কে মুছলিমসকলে কোৰআনৰ ছূৰা আল হিজৰ (১৫ নং ছূৰা), ৯ নং আয়াতৰ কথা উল্লেখ কৰি থাকে, সেয়া হ'ল:

কোৰআন
A paper Quran opened halfwise on top of a brown cloth
কোৰআনৰ ফটো
ধৰ্ম ইছলাম
"নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক। "
কোৰআন: কোৰআনত উল্লিখিত মহিলাসকল, কোৰআনৰ ছূৰাসমূহৰ তালিকা, লগতে চাওক
কোৰআনৰ পাণ্ডুলিপি, ব্ৰুকলিন সংগ্ৰহালয়ত।
কোৰআন: কোৰআনত উল্লিখিত মহিলাসকল, কোৰআনৰ ছূৰাসমূহৰ তালিকা, লগতে চাওক
ব্ৰিটিছ সংগ্ৰহালয়ত থকা ১১শ শতিকাৰ উত্তৰ আফ্ৰিকাৰ কোৰআন।
কোৰআন: কোৰআনত উল্লিখিত মহিলাসকল, কোৰআনৰ ছূৰাসমূহৰ তালিকা, লগতে চাওক
আলীয়ে লিখা মছহদত থকা কোৰআন।

মুছলিমসকলে বিশ্বাস কৰে যে ৬০৯ চনৰ ২২ ডিচেম্বৰত মুহাম্মাদ(ছাঃ)ৰ ৪০ বছৰ বয়স হোৱাৰে পৰা তেওঁৰ মৃত্যু হোৱা ৬৩২ চনলৈকে ২৩ বছৰ জুৰি সৃষ্টিকৰ্তাই দূত জিব্ৰাইলৰ(গেব্ৰিয়েল) জৰিয়তে কোৰআন তেওঁক মৌখিকভাৱে প্ৰদান কৰিছিল। মুছলিমসকলে কোৰআনক মুহাম্মাদ (ছাঃ)ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অলৌকিক কাৰ্য আৰু তেওঁৰ ঐশ্বৰিকতাৰ প্ৰমাণ বুলি বিশ্বাস কৰে। কোৰআনৰ বাণীসমূহ প্ৰথমে আদম (আঃ) আৰু শেষত মুহাম্মাদ(ছাঃ)ক দিয়া পৱিত্ৰ বাৰ্তা বুলি গণ্য কৰা হয়। মুছলিমসকলে কোৰআনক সৃষ্টিকৰ্তাই বিকৃতকৰণৰ পৰা ৰক্ষা কৰা একমাত্ৰ পৱিত্ৰ গ্ৰন্থ বুলি জ্ঞান কৰে।

পৰম্পৰাগত কাহিনী অনুসৰি মুহাম্মাদ(ছাঃ)ৰ কেইবাজনো সংগীয়ে (ছাহাবাসকলে) অনুলিখক হিচাপে কাম কৰি বাণীসমূহ লিপিবদ্ধ কৰিছিল। মুহাম্মাদ(ছাঃ)ৰ মৃত্যুৰ পাছত তেওঁৰ সংগীসকলে ইয়াৰ অংশবিশেষ মুখস্থ কৰি লয়। এই পাঠসমূহ খলিফা উছমানে একত্ৰিত কৰি কিতাপ আকাৰত প্ৰচলন কৰে যিখন বৰ্তমানৰ কোৰআনৰ পূৰ্বসূৰী।

কোৰআনৰ বিৱৰণত বাইবেল গ্ৰন্থসমূহৰ প্ৰধান ঘটনাবোৰৰ সৈতে মিল দেখা যায়। ইয়াত কিছুমান ঘটনা চমুৱাই কোৱা হৈছে, কিছুমান বহলাই কোৱা হৈছে আৰু আন কিছুমানত অন্য বিৱৰণ দিয়া হৈছে। কোৰআনক পদপ্ৰদৰ্শক গ্ৰন্থ বোলা হৈছে। ইয়াত মাজে মাজে নিৰ্দিষ্ট ঐতিহাসিক ঘটনাৰ বিতং বিৱৰণ আছে আৰু প্ৰায়েই ঘটনাক্ৰমতকৈ তাৰ নৈতিক গুৰুত্বক প্ৰাধান্য দিয়া হৈছে। শ্বৰিয়াৰ নিয়মসমূহ পালন কৰোঁতে হাদিছৰ লগতে কোৰআনৰ ব্যৱহাৰ কৰা হয়। প্ৰাৰ্থনাৰ সময়ত কোৰআন কেৱল আৰবী ভাষাত পাঠ কৰা হয়।

গোটেই কোৰআনক মনত ৰখাজনক হাফিজ বুলি কোৱা হয়। কিছুমান মুছলিমে কোৰআনৰ আয়াসবোৰ এক নিৰ্দিষ্ট শৈলীত পঢ়ে যিটোক তজ্‌ৱিদ বুলি কোৱা হয়। ৰমজান (ৰমাদ্বান) মাহত কিছু মুছলিমে তাৰাৱীহ প্ৰাৰ্থনাৰ সময়ত গোটেই কোৰআন পাঠ কৰে। কোৰআনৰ নিৰ্দিষ্ট পদৰ অৰ্থ জানিবলৈ অধিকাংশ মুছলিমে তাফছিৰৰ ওপৰত নিৰ্ভৰ কৰে।

কোৰআনত উল্লিখিত মহিলাসকল

  • হাওআ
  • নূহ (আঃ) আৰু লূত(আঃ)ৰ স্ত্ৰী
  • লূত(আঃ)ৰ কন্যা
  • ইব্ৰাহিম(আঃ)ৰ স্ত্ৰী (ছাৰাহ)
  • আজিজৰ স্ত্ৰী (জুলাইখা)
  • মুছা(আঃ)ৰ মা আৰু ভগ্নী
  • মুছা(আঃ)ৰ স্ত্ৰী
  • ফেৰাউনৰ স্ত্ৰী (আছিয়া)
  • ছবাৰ ৰাণী (বিলকিছ)
  • ইমৰাণৰ স্ত্ৰী
  • মৰিয়ম -ঈছা(আঃ)ৰ মাতৃ
  • মুহাম্মাদ(ছঃ)ৰ স্ত্ৰী
  • মুহাম্মাদ(ছঃ)ৰ কন্যা
  • যি স্ত্ৰীয়ে মুহাম্মাদ(ছঃ)ৰ ওচৰত অভিযোগ কৰিছিল
  • আবু লাহাবৰ স্ত্ৰী

কোৰআনৰ ছূৰাসমূহৰ তালিকা

কোৰআনত সৰ্বমোট ১১৪টা ছূৰা আছে। কোৰআনৰ ছূৰাৰ অৱস্থানক্ৰম ইছলামৰ তৃতীয় খলিফা ওচমান (ৰাঃ)ৰ নেতৃত্বত নিম্নৰূপ নিৰ্ধাৰণ কৰা হয়। ছূৰা সমূহৰ নামৰ কাষত বন্ধনীৰ মাজত অসমীয়া অৰ্থ দিয়া হৈছে।

ছূৰাৰ ক্ৰমিক নং অসমীয়া উচ্চাৰণ নাম (আৰবী) অসমীয়াত নামৰ অৰ্থ আয়াতৰ সংখ্যা অৱতীৰ্ণৰ স্থান অৱতীৰ্ণৰ অনুক্ৰম
আল ফাতিহা الفاتحة সূচনা মক্কা ০০৫
আল বাকাৰা البقرة চেউৰী ২৮৬ মদীনা ০৮৭
আল ইমৰাণ آل عمران ইমৰাণৰ পৰিয়াল ২০০ মদীনা ০৮৯
আন নিছা النّساء নাৰী ১৭৬ মদীনা ০৯২
আল মায়িদাহ المآئدة খাদ্য পৰিৱেশিত টেবুল ১২০ মদীনা ১১২
আল আন'আম الانعام গৃহপালিত পশু ১৬৫ মক্কা ০৫৫
আল আৰাফ الأعراف ওখ স্থানসমূহ ২০৬ মক্কা ০৩৯
আল আনফাল الأنفال যুদ্ধত- লব্ধ সম্পদ ৭৫ মদীনা ০৮৮
আত তাওবাহ التوبة অনুশোচনা ১২৯ মদীনা ১১৩
১০ ইউনুছ يونس নবী ইউনুছ ১০৯ মক্কা ০৫১
১১ হুদ هود নবী হুদ ১২৩ মক্কা ০৫২
১২ ইউছুফ يوسف নবী ইউছুফ ১১১ মক্কা ০৫৩
১৩ আৰ ৰদ الرّعد বজ্ৰপাত ৪৩ মদীনা ০৯৬
১৪ ইব্ৰাহিম إبراهيم নবী ইব্ৰাহিম ৫২ মদীনা ০৭২
১৫ আল হিজৰ الحجر শিলাময় পাহাৰ ৯৯ মক্কা ০৫৪
১৬ আন নাহল النّحل মৌমাখি ১২৮ মক্কা ০৭০
১৭ বনী ইছৰাঈল/আল ইছৰা الإسرا ইজৰাইলৰ বংশধৰ ১১১ মক্কা ০৫০
১৮ আল কাহফ الكهف গুহা ১১০ মক্কা ০৬৯
১৯ মাৰইয়াম مريم মাৰইয়াম (নবী ঈছা/যীশুৰ মা) ৯৮ মক্কা ০৪৪
২০ ত্বা হা طه ত্বা-হা ১৩৫ মক্কা ০৪৫
২১ আল আম্বিয়া الأنبياء নবীসকল ১১২ মদীনা ০৭৩
২২ আল হাজ্জ الحجّ হজ্জ ৭৮ মদীনা ১০৩
২৩ আল মুমিনুন المؤمنون মুমিনসকল ১১৮ মদীনা ০৭৪
২৪ আন নুৰ النّور জ্যোতি ৬৪ মদীনা ১০২
২৫ আল ফুৰকান الفرقان সত্য মিথ্যাৰ পাৰ্থক্য নিৰ্ধাৰণকাৰী গ্ৰন্থ ৭৭ মক্কা ০৪২
২৬ আশ্ব শ্বুআৰা الشّعراء কবিসকল ২২৭ মক্কা ০৪৭
২৭ আন নামল النّمل পৰুৱা ৯৩ মক্কা ০৪৮
২৮ আল কাছাছ القصص কাহিনী ৮৮ মক্কা ০৪৯
২৯ আল আনকাবুত العنكبوت মকৰা ৬৯ মদীনা ০৮৫
৩০ আৰ ৰুম الرّوم ৰোমান জাতি ৬০ মদীনা ০৮৪
৩১ লুকমান لقمان এজন জ্ঞানী ব্যক্তি ৩৪ মক্কা ০৫৭
৩২ আছ সাজদাহ السّجدة ছিজদাহ ৩০ মদীনা ০৭৫
৩৩ আল আহজাব الْأحزاب জোট ৭৩ মদীনা ০৯০
৩৪ ছাবা سبا ৰাণী ছাবা ৫৪ মক্কা ০৫৮
৩৫ ফাতিৰ فاطر আদি স্ৰষ্টা ৪৫ মক্কা ০৪৩
৩৬ ইয়াছিন يس ইয়াছিন ৮৩ মক্কা ০৪১
৩৭ আছ ছাফ্‌ফাত الصّافات শাৰীবদ্ধভাবে থিয় দিয়া ১৮২ মক্কা ০৫৬
৩৮ ছা'দ ص আৰবী বৰ্ণ ৮৮ মক্কা ০৩৮
৩৯ আজ-ঝুমাৰ الزّمر দলবদ্ধ জনতা ৭৫ মক্কা ০৫৯
৪০ আল মুমিন/গাফিৰ غافر বিশ্বাসী ৮৫ মক্কা ০৬০
৪১ ফুচ্ছিলাত/হা-মীম ছেজদাহ فصّلت সুস্পষ্ট বিৱৰণ ৫৪ মক্কা ০৬১
৪২ আশ্ব শ্বুৰা الشّورى পৰামৰ্শ ৫৩ মক্কা ০৬২
৪৩ আজ-ঝুখৰুফ الزّخرف সোণৰ আ-অলংকাৰ ৮৯ মক্কা ০৬৩
৪৪ আদ দুখান الدّخان ধোঁৱা ৫৯ মক্কা ০৬৪
৪৫ আল জাছিয়াহ الجاثية আঁঠু লোৱা ৩৭ মক্কা ০৬৫
৪৬ আল আহক্বাফ الأحقاف বালিৰ পাহাৰ ৩৫ মক্কা ০৬৬
৪৭ মুহাম্মাদ محمّد নবী মুহাম্মাদ ৩৮ মদীনা ০৯৫
৪৮ আল ফাতাহ الفتح বিজয় (মক্কা বিজয়) ২৯ মদীনা ১১১
৪৯ আল হুজুৰাত الحجرات বাসগৃহসমূহ ১৮ মদীনা ১০৬
৫০ ক্বাফ ق আৰবী বৰ্ণ ক্বাফ ৪৫ মক্কা ০৩৪
৫১ আজ জাৰিয়াত الذّاريات বিক্ষেপকাৰী বতাহ ৬০ মক্কা ০৬৭
৫২ আত তুৰ الطّور পাহাৰ ৪৯ মদীনা ০৭৬
৫৩ আন নাজম النّجْم তৰা ৬২ মক্কা ০২৩
৫৪ আল কামাৰ القمر চন্দ্ৰ ৫৫ মক্কা ০৩৭
৫৫ ৰহমান الرّحْمن পৰম কৰুণাময় ৭৮ মদীনা ০৯৭
৫৬ আল ওয়াকিয়াহ الواقعة নিশ্চিত ঘটনা ৯৬ মক্কা ০৪৬
৫৭ আল হাদীদ الحديد লোহা ২৯ মদীনা ০৯৪
৫৮ আল মুজাদালাহ المجادلة অনুযোগকাৰিণী ২২ মদীনা ১০৫
৫৯ আল হাশ্বৰ الحشْر সমাবেশ ২৪ মদীনা ১০১
৬০ আল মুমতাহিনাহ الممتحنة নাৰী, যাক পৰীক্ষা কৰা হ'ব ১৩ মদীনা ০৯১
৬১ আছ ছাফ الصّفّ শাৰীবদ্ধ সৈন্যদল ১৪ মদীনা ১০৯
৬২ আল জুমুআ الجمعة সম্মেলন/শুক্ৰবাৰ ১১ মদীনা ১১০
৬৩ আল মুনাফিকুন المنافقون কপট বিশ্বাসীসকল/ভণ্ডলোক ১১ মদীনা ১০৪
৬৪ আত তাঘাবুন التّغابن মোহ অপসাৰণ ১৮ মদীনা ১০৮
৬৫ আত তালাক الطّلاق তালাক ১২ মদীনা ০৯৯
৬৬ আত তাহৰীম التّحريم নিষিদ্ধকৰণ ১২ মদীনা ১০৭
৬৭ আল মুল্ক الملك সাৰ্বভৌম কৰ্তৃত্ব ৩০ মক্কা ০৭৭
৬৮ আল কালাম القلم কলম ৫২ মক্কা ০০২
৬৯ আল হাক্কাহ الحآقّة নিশ্চিত সত্য ৫২ মক্কা ০৭৮
৭০ আল মাআৰিজ المعارج উন্নয়নৰ আৰোহণ ৪৪ মক্কা ০৭৯
৭১ নুহ نوح নবী নুহ ২৮ মক্কা ০৭১
৭২ আল জ্বিন الجنّ জ্বিন সম্প্ৰদায় ২৮ মক্কা ০৪০
৭৩ আল মুজাম্মিল المزّمّل বস্ত্ৰাচ্ছাদনকাৰী ২০ মক্কা ০০৩
৭৪ আল মুদ্দাচ্ছিৰ المدّشّر পোচাক পৰিহিত ৫৬ মক্কা ০০৪
৭৫ আল কিয়ামাহ القيامة পুনৰুত্থান ৪০ মক্কা ০৩১
৭৬ আদ দাহৰ/আল ইনছান الدَّهْرِ মানুহ ৩১ মদীনা ০৯৮
৭৭ আল মুৰছালাত المرسلت প্ৰেৰিত পুৰুষসকল ৫০ মক্কা ০৩৩
৭৮ আন নাবা النّبا মহাসংবাদ ৪০ মক্কা ০৮০
৭৯ আন নাজিয়াত النّزعت প্ৰচেষ্টাকাৰী ৪৬ মক্কা ০৮১
৮০ আবাছা عبس তেখেত ভ্ৰুকুটি কৰিলে ৪২ মক্কা ০২৪
৮১ আত তাকৱীৰ التّكوير অন্ধকাৰাচ্ছন্ন ২৯ মক্কা ০০৭
৮২ আল ইনফিতাৰ الانفطار বিদীৰ্ণ কৰা ১৯ মক্কা ০৮২
৮৩ আত মুতাফফিফীন المطفّفين প্ৰতাৰণা কৰা ৩৬ মক্কা ০৮৬
৮৪ আল ইন‌শ্বিকাক الانشقاق খণ্ড-বিখণ্ড কৰা ২৫ মক্কা ০৮৩
৮৫ আল বুৰূজ البروج নক্ষত্ৰপুঞ্জ ২২ মক্কা ০২৭
৮৬ আত তাৰিক الطّارق ৰাতিৰ আগন্তুক ১৭ মক্কা ০৩৬
৮৭ আল আ'লা الأعلى সৰ্বোন্নত ১৯ মক্কা ০০৮
৮৮ আল গাশ্বিয়াহ الغاشية বিহ্বলকৰ ঘটনা ২৬ মক্কা ০৬৮
৮৯ আল ফজৰ الفجر ৰাতিপুৱা ৩০ মক্কা ০১০
৯০ আল বালাদ البلد নগৰ ২০ মক্কা ০৩৫
৯১ আশ্ব শ্বামছ الشّمس সূৰ্য্য ১৫ মক্কা ০২৬
৯২ আল লাইল الليل ৰাত্ৰি ২১ মক্কা ০০৯
৯৩ আদ দুহা الضحى পূৰ্বাহ্ণৰ সূৰ্য্যকিৰণ ১১ মক্কা ০১১
৯৪ আল ইনশ্বিৰাহ الشرح বক্ষ প্ৰশস্তকৰণ মক্কা ০১২
৯৫ ত্বীন التين ডুমুৰ মক্কা ০২৮
৯৬ আলাক العلق ৰক্তপিণ্ড ১৯ মক্কা ০০১
৯৭ কদৰ القدر মহিমান্বিত মক্কা ০২৫
৯৮ বাইয়্যিনাহ البينة সুস্পষ্ট প্ৰমাণ মদীনা ১০০
৯৯ ঝিনঝাল الزلزلة ভূমিকম্প মদীনা ০৯৩
১০০ আল আদিয়াত العاديات অভিযানকাৰী ১১ মক্কা ০১৪
১০১ আল কাৰিয়াহ القارعة মহাসংকট ১১ মক্কা ০৩০
১০২ তাকাছুৰ التكاثر প্ৰাচুৰ্যৰ প্ৰতিযোগিতা মক্কা ০১৬
১০৩ আল আছৰ العصر সময় মক্কা ০১৩
১০৪ আল হুমাঝাহ الهمزة পৰনিন্দাকাৰী মক্কা ০৩২
১০৫ আল ফীল الفيل হাতী মক্কা ০১৯
১০৬ আল কুৰাইশ্ব قريش কুৰাইশ্ব গোত্ৰ মক্কা ০২৯
১০৭ আল মাঊন الماعون সাহায্য-সহায়তা মক্কা ০১৭
১০৮ আল কাউছাৰ الكوثر প্ৰাচুৰ্য মক্কা ০১৫
১০৯ আল কাফিৰূন الكافرون অবিশ্বাসী গোষ্ঠী মক্কা ০১৮
১১০ আল নাছৰ النصر স্বৰ্গীয় সাহায্য মদীনা ১১৪
১১১ লাহাব/আল মাছাদ المسد জ্বলন্ত অঙ্গাৰ মক্কা ০০৬
১১২ আল ইখলাছ الإخلاص একত্ব মক্কা ০২২
১১৩ আল ফালাক الفلق ঊষা কাল মক্কা ০২০
১১৪ আন নাছ الناس মানৱজাতি মক্কা ০২১

লগতে চাওক

বাহ্যিক সংযোগ

  • Al-Quran Archived 2009-01-29 at the Wayback Machine (more than 140 translation in 35 different languages)

তথ্য সংগ্ৰহ

অধিক সংযোগ

Tags:

কোৰআন ত উল্লিখিত মহিলাসকলকোৰআন ৰ ছূৰাসমূহৰ তালিকাকোৰআন লগতে চাওককোৰআন বাহ্যিক সংযোগকোৰআন তথ্য সংগ্ৰহকোৰআন অধিক সংযোগকোৰআনআয়াতআল্লাহআৰবী ভাষাইছলাম ধৰ্মছূৰামুছলিমৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:Pronunciation respelling key

🔥 Trending searches on Wiki অসমীয়া:

নলিনীবালা দেৱীমানৱ শৰীৰভাৰতীয় মহাকাশ গৱেষণা সংস্থাজয়মতী কুঁৱৰীশ্ৰী সূৰ্য পাহাৰবিষ্ণুপ্ৰসাদ ৰাভাধৰিত্ৰী দিৱসমাজুলীবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণহিমন্ত বিশ্ব শৰ্মাব্যাকৰণবেটুপাতপ্লেটোউপনিষদজৈৱিক কৃষিউইলিয়াম শ্বেইকছপীয়েৰচুটিগল্পপৰ্যাবৃত্ত তালিকাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহআমসাম্যবাদী সমাজহাবুংপানীহেম বৰুৱা (ত্যাগবীৰ)বিদ্যুৎৰাষ্ট্ৰসংঘ দিৱসব্ৰহ্মগুপ্তনামচিংভাৰতৰ উপৰাষ্ট্ৰপতিৰুদ্ৰেশ্বৰ দেৱালয়পাণিনিযাদৱ পায়েংপাণবাৰী মছজিদবানপানীমোহনদাস কৰমচান্দ গান্ধীজৈৱ বৈচিত্ৰ্যভবেন্দ্ৰ নাথ শইকীয়াবৰগীতঋকবেদশেলাইমাটিৰ হিচাপচলচ্চিত্ৰগোৱালপৰীয়া লোকগীতবৰপেটাধেমাজি জিলাভাৰতত মহিলাৰ স্বাস্থ্যদেউৰী জনগোষ্ঠীমুগা (ৰেচম)সুশোভন সোনু ৰায়ঢ়সংঘাতমাঘ বিহুশ্ৰী শ্ৰী বটদ্ৰৱা থানবংগ বিভাজন (১৯০৫)হেমকোষযৌগিক সংখ্যাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামহেশ্বৰ নেওগৰাজ্যসভাঅসমীয়া গালি-গালাজছিৰিমাভো বন্দৰনাইকেবৈচাগুঘৰচিৰিকাচিত্ৰা মণ্ডলপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনঅসমৰ বনৌষধিমানচিত্ৰত্ৰিপিটকএইচ.আই.ভি/এইড্‌ছভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকৃত্ৰিম বুদ্ধিমত্তাপৰিৱেশ বিজ্ঞানপাঠ্যক্ৰম🡆 More