এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা তাওহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। এইটো পাঠৰ মাধ্যমত মানুহে স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম তেওঁৰ প্ৰেৰিত বাণীবাহক। ছুৰা ইখলাছত আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে: [قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ"ৰ পৰা গৃহিত। ইলাহ (Ilah) শব্দটো আহিছে হিব্ৰু ভাষাৰ এলাহ (Elah) শব্দৰ পৰা। এলাহ মানে পৰম উপাসক। এলাহৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'deity'। আল্লাহ শব্দটো আল আৰু ইলাহৰ যুক্তাক্ষৰ (Al + Ilah = Allah)। আল (Al) নিৰ্দিষ্টবাচক শব্দ (determiner) যাৰ অৰ্থ -জন, -খন, -টো বা ইংৰাজীত the। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল = জন; ইলাহ = পৰমেশ্বৰ, The Deity)। যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী (এক + ঈশ্বৰ) ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয়।
আল্লাহ তা‘আলাৰ চেহাৰা আছে যিটো “জালাল আৰু ইকৰাম” অৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণ বিশিষ্ট।
﴿وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ٢٧﴾ [الرحمن: 27]
“আৰু কেৱলমাত্ৰ তোমাৰ প্ৰভূৰ মহিমাময় আৰু মহানুভৱ চেহাৰাটোৱে অৱশিষ্ট থাকিব।” [ৰহমান : ২৭]
আল্লাহ তা‘আলাৰ সন্মানিত আৰু উম্মুক্ত দুটা হাত আছে।
﴿بَلۡ يَدَاهُ مَبۡسُوطَتَانِ يُنفِقُ كَيۡفَ يَشَآءُۚ﴾ [المائدة: 64]
“আল্লাহৰ হাত পূৰ্ণ প্ৰসাৰিত আৰু উন্মুক্ত। তেওঁ যেনে ইচ্ছা তেনেই খৰচ কৰে।” [মায়িদা : ৬৪]
﴿وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧﴾ [الزمر: 67]
“এওঁলোকে আল্লাহৰ সন্মান যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিলে, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী তেওঁৰ মুঠৰ মাজত থাকিব। আৰু আকাশ সমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থাকিব।মু্শ্বৰিক সকলৰ শ্বিৰ্কৰপৰা তেওঁ সম্পূৰ্ণ পৱিত্ৰ।” [যুমাৰ: ৬৭]
আল্লাহ তা‘আলাৰ দুটা প্ৰকৃত চকু আছে। প্ৰমাণঃ আল্লাহ তা‘আলাই কৈছে:
﴿وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا﴾ [هود 37]
“আমাৰ চকুৰ আগত আমাৰ নিৰ্দেশ মোতাবিক তুমি জাহাজ তৈয়াৰ কৰা।” [হূদ : ৩৭]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
«حجابه النور لو كشفه لأحرقت سبحات وجهه ما انتهى اليه بصره من خلقه»
নূৰ হ’ল আল্লাহৰ পৰ্দা। যদি তেওঁ সেইটো উন্মুক্ত কৰে তেন্তে তেওঁৰ নুৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। [মুছলিম, ইবন মাজা]
আহলে ছুন্নাত ওৱাল জামাআত এই বিষয়ে একমত যে আল্লাহ তা‘আলাৰ দুটা চকু আছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাজ্জাল সম্পৰ্কিত হাদীছটো ইয়াৰ সমৰ্থন কৰে। তেখেতে কৈছে:
إنه أعور وإن ربكم ليس بأعور
প্ৰকৃততে সি [দাজ্জাল] হৈছে কনা আৰু তোমালোকৰ প্ৰভূ কনা নহয়। [বুখাৰী ও মুছলিম]
আল্লাহ তাআলাই কৈছেঃ
﴿ لَّا تُدۡرِكُهُ ٱلۡأَبۡصَٰرُ وَهُوَ يُدۡرِكُ ٱلۡأَبۡصَٰرَۖ وَهُوَ ٱللَّطِيفُ ٱلۡخَبِيرُ ١٠٣﴾ [الأنعام: 103]
“আল্লাহ তা‘আলাক পৃথিৱীৰ কোনো চকুৱে প্ৰত্যক্ষ কৰিব নোৱাৰে বৰং তেওঁ সকলো চকু প্ৰত্যক্ষ কৰে। তেওঁ অতিশয় সুক্ষ্মদৰ্শী আৰু সকলো বিষয়ে অৱগত।” [আন‘আম: ১০৩]
মুমিন ব্যক্তিসকলে কিয়ামতৰ দিনা প্ৰভূদৰ্শন [ৰবক দেখিব] কৰিব।
﴿وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ٢٢ إِلَىٰ رَبِّهَا نَاظِرَةٞ ٢٣﴾ [القيامة: 22-23]
“সেই দিনা [কিয়ামতৰ দিনা] কিছুমান মূখমণ্ডল উজ্জল হ’ব। নিজ প্ৰভূৰ (ৰব) ফালে দৃষ্টিপাত কৰিব।” [কিয়ামাহ : ২২-২৩]
আল্লাহ তা‘আলাৰ ছিফাতে কামাল বা পূৰ্ণাঙ্গ গুণাৱলীৰ কাৰণে তেওঁৰ লগত কোনো বস্তুৰ ৰিজনি (উপমা,উদাহৰণ)নাখাটে।
﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]
“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]
তেওঁ চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা হোৱাৰ কাৰণে,
﴿لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ ﴾ [البقرة: 255]
“তেওঁক টোপনি আৰু কলাঘূমটি একোৱে নধৰে।” [বাকাৰা : ২৫৫]
আল্লাহ তা‘আলা “কামালে আদল” [পূৰ্ণ ইনছাফ বা ন্যায়]ৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে কাৰো প্ৰতি অন্যায় নকৰে।
ঠিক সেইদৰে, তেওঁ নিজ পূৰ্ণ নিয়ন্ত্ৰণ আৰু আয়ত্তৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে বান্দাহসকলৰ কৰ্মকাণ্ডৰ ক্ষেত্ৰত আওকানীয়া বা উদাসীন নহয়।
আল্লাহ তা‘আলাৰ অসীম জ্ঞান আৰু ক্ষমতাৰ কাৰণে আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁক অক্ষম অপাৰগ কৰিব নোৱাৰে।
﴿إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيًۡٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ٨٢﴾ [يس: 82]
“অৰ্থাৎ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে তেতিয়া তেওঁ [ইচ্ছাকৃত] বস্তুটোক কেৱল কয়: “হৈ যোৱা”। তৎক্ষণাত হৈ যায়।” [ইয়াছীন: ৮২]
সেইদৰে, পূৰ্ণ শক্তি আৰু ক্ষমতাৰ অধিকাৰী হোৱাৰ ফলত তেওঁ কেতিয়াও ক্লান্ত নহয়।
﴿وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ ٣٨﴾ [ق: 38]
“নিশ্চয় আমি আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুকে ছয়দিনত সৃষ্টি কৰিছোঁ। আৰু আমাক কোনো ক্লান্তি স্পৰ্শ কৰা নাই।” [ক্বাফ: ৩৮]
যি সমূহ নাম আৰু গুণাৱলী আল্লাহ তা‘আলাই স্বয়ং নিজৰ বাবে ঘোষণা কৰিছে অথবা তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাব্যস্ত কৰিছে বা স্বীকৃতি দিছে, সেই সমূহ নাম আৰু গুণাৱলীৰ প্ৰতি বিশ্বাস স্থাপন কৰা প্ৰত্যেক মুছলিমৰ বাবে অপৰিহাৰ্য। কিন্তু মুছলিমসকলে কঠিনভাৱে দু’টা বস্তুক অস্বীকাৰ কৰা অনিবাৰ্য।আৰু সেয়া হৈছে: ১. তামছীল (সাদৃশ্য দিয়া); ২. তাকয়ীফ (ধৰণ-গঠন বৰ্ণনা কৰা)।
১. তামছীল: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলী, সৃষ্টিৰ গুণাৱলীৰ লগত মিল আছে।
২. তাকয়ীফ: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলীৰ অৱস্থা, আকৃতি বা ধৰণ-গঠন এনেধৰণৰ। এইদৰে, যি সমূহ বিষয় আল্লাহ তা‘আলা তেওঁৰ নিজৰ ক্ষেত্ৰত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে নেতিবাচক ঘোষণা কৰিছে সেই সমূহ বিষয় নেতিবাচক হিচাপেই বিশ্বাস কৰা উচিত। এই সমূহ নফী বা নেতিবাচক বিষয় সমূহে, ইয়াৰ বিপৰীতে আল্লাহ তা‘আলাৰ বাবে কামালিয়াত বা পূৰ্ণতাসম্পন্ন গুণ সাব্যস্ত কৰে। আৰু যি সমূহ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে একোৱে কোৱা নাই, সেই সমূহ বিষয়ত মৌনতা অৱলম্বন কৰা উচিত।
প্ৰকৃত ইছলামে আক্বীদা আৰু তাওহীদৰ এই পথত চলাটো ফৰজ ও অপৰিহাৰ্য বুলি ভাবে। কাৰণ যি সমূহ বিষয়ে আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ বিষয় এনে সংবাদ বা তথ্য যিটো তেওঁ নিজ সত্বা সম্পৰ্কে পৰিবেশন কৰিছে। আৰু আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে আটাইতকৈ বেছি অৱগত। তেওঁ সবাতোকৈ সত্যবাদী আৰু আটাইতকৈ উত্তম বচনৰ অধিকাৰী। বান্দা সকলে নিজৰ জ্ঞানেৰে তেওঁক আয়ত্ত কৰিব নোৱাৰে।
আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তা‘আলাৰ ক্ষেত্ৰত যি সমূহ বিষয় ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰিবেশিত খবৰ বা তথ্য। তেওঁ নিজ প্ৰভূ সম্পৰ্কে মানুহৰ মাজত আটাইতকৈ বেছি জ্ঞানী। সবাতোকৈ উত্তম শুভাকাংক্ষী। আটাইতকৈ বেছি সত্যবাদী আৰু উত্তম ভাষাৰ অধিকাৰী। এতেকে আল্লাহ তা‘আলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছে জ্ঞান, সত্যবাদিতা আৰু পৰিপূৰ্ণ বৰ্ণনাৰে সমৃদ্ধ। সেয়ে সেইটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰ সংশয় অথবা প্ৰত্যাখ্যান কৰাৰ বিষয়ে কোনো ওজৰ আপত্তি গ্ৰহণযোগ্য নহয়।
This article uses material from the Wikipedia অসমীয়া article আল্লাহ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.