ৰৌ মাছ: মাছৰ প্রজাতি

ৰৌ মাছ বা ৰ'হ' লেবিঅ' (roho labeo) হৈছে দক্ষিণ এচিয়াৰ নদী সমুহত পোৱা, কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছৰ এটা প্ৰজাতি। ই সৰ্বভোজী। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য 2 মিটাৰ (6.6 ফুট) পৰ্যন্ত আৰু ওজন প্ৰায় ১১০ কেজি (২৪০ পাউণ্ড) পৰ্যন্ত হয়। নেপালৰ দক্ষিণ অঞ্চলত সৰ্বাধিক ওজনৰ ৰৌ মাছ পোৱাত তথ্য আছে। ভাৰতৰ তিনিবিধ প্ৰধান কাৰ্প পৰিয়ালৰ মাছ হৈছে ৰৌ মাছ, বাহু মাছ আৰু মিৰিকা মাছ।

ৰৌ মাছ
ৰৌ মাছ: জীৱন, মীন-পালন, খাদ্য হিচাপে ৰৌ মাছ
সংৰক্ষণ স্থিতি
ৰৌ মাছ: জীৱন, মীন-পালন, খাদ্য হিচাপে ৰৌ মাছ
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Cypriniformes
পৰিয়াল: Cyprinidae
গণ: Labeo
প্ৰজাতি: L. rohita
বৈজ্ঞানিক নাম
Labeo rohita
এফ. হেমিল্টন, ১৮২২

জীৱন

জীৱন চক্ৰৰ আদিতে, ই প্ৰধানকৈ শৈৱাল ভক্ষণ কৰি জীয়াই থাকে, কিন্তু বয়স বঢ়াৰ লগে লগে, ই অন্য ক্ষুদ্ৰ জলজ উদ্ভিদ তথা ক্ষুদ্ৰ প্ৰাণীও ভক্ষণ কৰে।

ই কেৱল দিনৰ ভাগতহে সক্ৰিয় হৈ থাকে আৰু সাধাৰণতে অকলশৰীয়াকৈ থাকে। ই দুবছৰৰ পৰা পাঁচবছৰৰ ভিতৰত পুৰ্ণবয়স্ক হয়।

মীন-পালন

ই দক্ষিণ এচিয়াৰ মীন-পালনত ব্যৱহাৰ কৰা এটা অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছৰ প্ৰজাতি।ইয়াক মিৰিকা আৰু বাহুৰ সৈতে সংমিশ্ৰিতভাৱে পালন কৰা হয়। পুখুৰীৰ পৰিৱেশত ই বংশবৃদ্ধি নকৰে, সেইবাবে প্ৰাণোদিত পদ্ধতিত (কৃত্ৰিমভাৱে কণী পাৰিবলৈ প্ৰেৰিত কৰা) ইহঁতৰ পোনা উৎপাদন কৰা হয়।

খাদ্য হিচাপে ৰৌ মাছ

ৰৌ মাছ হৈছে বাংলাদেশত সাধাৰণতে খোৱা এবিধ খাদ্য ; আৰু ভাৰতবিহাৰ, উৰিষ্যা, অসম, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ এবিধ সাধাৰণ খাদ্য। ইয়াক নেপাল, পাকিস্থান আদিতো সাধাৰণ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

ৰৌ মাছ: জীৱন, মীন-পালন, খাদ্য হিচাপে ৰৌ মাছ 
ৰৌ মাছৰ ব্যঞ্জন, বাংলাদেশ

ৰৌ মাছৰ কণী, ভোজপুৰ, অন্ধ্ৰ প্ৰদেশ, মৈথিলী, উড়িয়া আৰু বেংগলীসকলৰ মাজত অতি জনপ্ৰিয় খাদ্য। ৰৌ মাছ দক্ষিণ ভাৰত আৰু পাকিস্থানৰো অতি জনপ্ৰিয় খাদ্য। ই ইৰাকতো বেছ জনপ্ৰিয়।

অন্য কাৰ্পতকৈ ভাৰতীয় কাৰ্পবোৰ অধিক সুস্বাদু বুলি বিবেচিত হৈছে আৰু সেইবাবে ইহঁতৰ চাহিদা তথা দামো বেছি। ১৯৯০ চনৰ পৰা ইহঁতৰ বাৰ্ষিক উৎপাদন প্ৰায় ২,৫০,০০০ টনৰ পৰা ৫,৫০,০০০ টনলৈ বৃদ্ধি হৈছে। ভাৰত আৰু বাংলাদেশতেই ইহঁতৰ সৰ্বাধিত উৎপাদন কৰা হয়।

সাধাৰণ নাম

এই মাছবিধক মৈথিলী আৰু নেপালীৰাহু বুলি কয়। হিন্দীৰেহু (ৰাৱাছ হৈছে ভাৰতীয় চলম’ন, অলপ বেলেগ) উৰিয়াত ৰ’হি, বঙালীৰুই, ছিলঠীয়াৰৌ, মাধেশ, নেপাল লগতে থাইলেণ্ড, বাংলাদেশ, দক্ষিণ ভাৰত , পাকিস্তান আৰু ম্যানমাৰৰ’হু বুলি কয়।

বাসস্থান

নিৰ্মল পানী আৰু লুনীয়া পানী।

তথ্য সংগ্ৰহ

Tags:

ৰৌ মাছ জীৱনৰৌ মাছ মীন-পালনৰৌ মাছ খাদ্য হিচাপে ৰৌ মাছ সাধাৰণ নামৰৌ মাছ বাসস্থানৰৌ মাছ তথ্য সংগ্ৰহৰৌ মাছপ্ৰজাতিবাহু মাছমিৰিকা মাছ

🔥 Trending searches on Wiki অসমীয়া:

ভূগোলপ্ৰাৰ্থনা সমাজবাহৰেইনৰ নাৰীফুটবলনীলমণি ফুকন (কনিষ্ঠ)ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগঅসমৰ ইতিহাসকামৰূপ ৰাজ্যত্ৰিভুজপানীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডশিৱসাগৰ পুখুৰীভাৰতৰ জাতীয় পতাকাসাঁচিপাতআউনীআটী সত্ৰঅসম বৈভৱ বঁটাদক্ষিণপাট সত্ৰভঠেলিনৰনাৰায়ণ সেতুৰাণী গাইডিনলিউঅসম চাহযতি-চিনমাঘ বিহুঅসম সাহিত্য সভাভটিমাশক্তিৰ সংৰক্ষণশীলতালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদ্বিতীয় বিশ্বযুদ্ধবাল্য বিবাহ নিষেধ আইন, ২০০৬নাগালেণ্ডভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানচৰিত পুথিজুবিন গাৰ্গআৰ্যভট্টপ্ৰযুক্তিঅসমীয়া কবিতাৰ ইতিহাসকোচ ৰাজবংশভাৰত-ইউৰোপীয় ভাষা পৰিয়ালচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ডিম্বেশ্বৰ নেওগঅসমৰ লোকবাদ্যকলাজঅভিমন্যুবৌদ্ধ ধৰ্মঅসমৰ জিলাসমূহমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমৰ সত্ৰসমূহৰ তালিকাৱিকিপিডিয়াজয়মতী কুঁৱৰী (নাটক)ইণ্ডিয়ান অভাৰচিজ বেংকপোহৰযোগাসনএংকৰ ৱাটসাঁচিগছইয়াণ্ডাবু সন্ধিচুটিগল্পকাৰেংঘৰযোৰহাট জিলাপৰিৱেশ তন্ত্ৰওজাপালিবিদ্যুৎভাষা-বিজ্ঞান (গ্ৰন্থ)কাৰ্ল মাৰ্ক্সতলাতল ঘৰঅসমৰ চাহ জনগোষ্ঠীৱেষ্ট ইণ্ডিজপথেৰ পাঁচালীঅৰ্কিডঅসমীয়া খাদ্যাভ্যাসকাছপাল ৰাজবংশঅসমৰ সাধুকথা🡆 More