উপনয়ন: ধৰ্মীয় আচাৰ

উপনয়ন বা লগুণদিয়নি হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি উপনয়ন একাদশতম আচাৰ। এই আচাৰ সমূহক সংস্কাৰ বুলি কয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে। এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়। এই সংস্কাৰসমূহ হল: গৰ্ভাধাণ, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাসন, চূড়াকৰণ, কৰ্ণভেদ, বিদ্যাৰম্ভ, উপনয়ন, বেদাৰম্ভ, কেশান্ত ও ঋতুশুদ্ধি, সমাবৰ্তন, বিবাহ আৰু অন্ত্যেষ্টি। উপনয়নৰ দ্বাৰা হিন্দু ল'ৰা বা বালক এজনক ব্ৰাহ্মণ্য সংস্কাৰে দীক্ষিত কৰোৱা হয়। হিন্দু ঐতিহ্য অনুসাৰে, উপনয়ন হিন্দু বালকৰ শিক্ষাৰম্ভকালীন এটি অনুষ্ঠান।

উপনয়ন: লগুণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব, নীতি-নিয়ম, পালনৰ সময়
উপনয়নৰ পিছত লগুণ বা উপবীতধাৰী ব্ৰাহ্মণ বালক

লগুণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব

লগুণ হৈছে তিনিডাল মিহি কপাহী সূতাৰ এক সংহতি। এই তিনিওডাল সূতাই অঞ্চল অনুসৰি বিভিন্ন অৰ্থ বহন কৰে। তামিল সকলৰ মাজত এই সূতা তিনিডালৰ দ্বাৰা তিনিগৰাকী দেৱী- পাৰ্বতী, লক্ষ্মী, আৰু সৰস্বতী ক বুজোৱা হয়।পৌৰাণিক সংস্কৃত সাহিত্যই লগুণ সম্পৰ্কে ভিন ভিন ধাৰণা আগবঢ়াই। সাধাৰণতে লগুণৰ প্ৰতিশব্দ 'উপবিত্ত'ই প্ৰকৃততে ওপৰত পৰিধান কৰা বস্ত্ৰক বুজাই। যদি ধাৰণা কৰ্তাই শৰীৰৰ ওপৰ ফালে কোনো বস্ত্ৰ পৰিধান কৰিব নিবিচাৰে তেন্তে এডাল সূতা ধাৰণ কৰাই যথেষ্ট।এই সূতাডালে পূৰ্বতে বিদ্যালয়ত অধ্যয়নৰত ব্যক্তি বা স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিৰ পৰিচয় বহন কৰিছিল। পৌৰাণিক ভাৰতীয় পণ্ডিত হৰদত্তৰ মতে উপবিত্তৰ অৰ্থ হৈছে শৰীৰৰ ওপৰ অংশত ধাৰণ কৰা যিকোনো ধৰণৰ বস্ত্ৰ, আৰু প্ৰতি মুহূৰ্ততে ইয়াক ধাৰণ কৰাটো বাধ্যতামূলক নহয়।গ্ৰাহ্য সূত্ৰয়ো সেই একেই মত পোষণ কৰিছে। ১.২.১ স্তৱকত উল্লেখ থকা মতে লগুণ হৈছে সূতাৰে গঠিত এডাল বিশেষ ৰছী বা বস্ত্ৰ বা কুশ বনৰে তৈয়াৰ কৰা এডাল ৰছী। ইয়াৰ প্ৰয়োজনীয়তা আৰু ধাৰণৰ প্ৰক্ৰিয়াই গুৰুত্ব লাভ কৰে।পৌৰাণিক ভাৰতীয় শাস্ত্ৰ অনুসৰি ইয়াক ধাৰণ কৰাৰ প্ৰকৃত নিয়মমতে বাওঁ ফালৰ বাহুৰ ওপৰৰ পৰা মূৰেদি পাৰ কৰি আনি সোঁ বাহুৰ তলৰ ফালে ৰাখিব লাগে।ওপৰৰ বস্ত্ৰ বা পবিত্ৰ সূতা পৰিধানৰ ধাৰণা তথা ইয়াৰ তাৎপৰ্য মহিলা সকললৈয়ো প্ৰসাৰিত হৈছিল আৰু ইয়াৰ দ্বাৰাই শাৰী, চাদৰ আদি পৰিধান কৰোঁতে বাওঁ ফালৰ পৰা পৰিধান কৰা নিয়মটো প্ৰচলিত হয়। কোনো কন্যাৰ যদি উপনয়ন অনুষ্ঠান পতা হয় বা ব্ৰহ্মবাদিনী হিসাপে বৈদিক অধ্যয়ন আৰম্ভ কৰে তেতিয়াও এই নিয়মৰ পালন হৈছিল।

নীতি-নিয়ম

প্ৰধানকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য সকলেহে উপনয়ন অনুষ্ঠিত কৰিলেও গ্ৰাস্য সূত্ৰই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে এই আচাৰ পালন কৰিব লাগে বুলি কৈছে। পৌৰাণিক ভাৰতীয় সংস্কৃতি অনুসৰি মহিলা সকলেও বিবাহৰ পূৰ্বে বেদজ্ঞান লাভৰ বাবে উপনয়ন পালন কৰাৰ নিয়ম আছিল। হিন্দুধৰ্মত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য বৰ্ণৰ ক্ষেত্ৰত উপনয়নৰ ন্যূনতম বয়স যথাক্ৰমে সাত, তেৰ আৰু সোতৰ বছৰ। উপনয়নৰ সময়ত বালক সকলক ব্ৰহ্মোপদেশ শিক্ষা দিয়া হয়। মনুস্মৃতি অনুযায়ী, ইয়াৰ পিছত তেওঁ ব্ৰহ্মচাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰে। বঙালী হিন্দু সমাজত অৱশ্যে কেবলমাত্ৰ ব্ৰাহ্মণ সকলৰ মাজতহে উপনয়ন সংস্কাৰটি প্ৰচলিত।

উপনয়ন অণুষ্ঠানত শৰীৰত লগুণ বা যজ্ঞোপবীত বা উপবীত ধাৰণ কৰা হয়। লগুণ প্ৰকৃতপক্ষে তিনিডাল পবিত্ৰ সূতা যি দেৱী সৰস্বতী, গায়ত্ৰী আৰু সাবিত্ৰী ৰ প্ৰতীক। লগুণ ধাৰণৰ সময়ত লগুণধাৰীয়ে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। উপনয়নৰ পিছত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলক দ্বিজ বোলা হয়। দ্বিজ শব্দৰ অৰ্থ দ্বিতীয় জন্ম। হিন্দু বিশ্বাস অনুযায়ী, প্ৰথমবাৰ ব্যক্তিৰ জন্ম হয় মাতৃগৰ্ভত; আৰু দ্বিতীয়বাৰ জন্ম হয় লগুণ ধাৰণ কৰাত।

পালনৰ সময়

উপনয়নৰ বাবে মাহ হিচাপে বহাগ, জেঠ, আহাৰ, মাঘ, ফাগুন আৰু চ'ত; বাৰ হিচাপে দেও, বুধ, বৃহস্পতি আৰু শুক্ৰ বাৰ; নক্ষত্ৰ হিচাপে চিত্ৰা, অস্বিনী, শতভিষা, শ্ৰৱণা, ধনিষ্ঠা, জ্যেষ্ঠা, মৃগশিৰা, পূৰ্ব্বফাল্গুণী, পূৰ্ব্বভাদ্ৰপদ, পুষ্যা আৰু ৰেৱতী নক্ষত্ৰ তথা শুক্ল পক্ষত উপনয়ন পালন কৰা শুভ বুলি ধৰা হয়। আন হাতে পুত্ৰ সন্তানৰ বয়স, ব্ৰাহ্মণ সকলৰ ১৫ বছৰ, ক্ষত্ৰিয়ৰ ২১ বছৰ আৰু বৈশ্যৰ ২৩ বছৰৰ উৰ্দ্ধলৈকে উপনয়ন অনুষ্ঠিত নকৰিলে সাবিত্ৰী পতিত হয় আৰু ব্ৰত বা উপবাসে থাকি প্ৰায়শ্চিত্ত হৈহে উপনয়ন পাতিব পাৰে বুলি শাস্ত্ৰত উল্লেখ আছে।

আঞ্চলিক ভিন্নতা

ভাষা অনুষ্ঠানৰ নাম লগুণৰ প্ৰতিশব্দ
সংস্কৃত Upanayanam
उपनयनम्
Yajñopavītam
यज्ञोपवीतम्

(also Braḥma sūtram
ब्रह्मसूत्रम्)

মালয়ালম Upanayanam
ഉപനയനം
Poonool (IAST: pūṇūl)
പൂണൂല്‍
তামিল pūṇūl/Upanayanam
பூணூல்/உபநயனம்
Formal: Pūṇūl (பூணூல்)
Colloquial: Pūṇal (பூணல்)
তেলেগু Odugu,Upanayanamu
ఒడుగు,ఉపనయనము
Jandhyamu
జంధ్యము
কন্নড় Upanayana, Munji
ಉಪನಯನ,ಮುಂಜಿ
Janivaara
ಜನಿವಾರ
হিন্দী Janeu
जनेऊ
Janeu
जनेऊ
মাৰাঠী Munja
मुंज
Zānave
जानवे
কোংকণী Munji
मुंज,मुंजि,ಮುಂಜಿ
Jannuvey
जानवें,जानुवें
অসমীয়া Lagundeoni, Uponoyon
লগুণদিয়নি, উপনয়ন
Lagun
লগুণ
বঙালী Uponayon
উপনয়ন
Upabeet, Poité
উপবীত, পৈতে
ওড়িয়া Bratopanayan,Brata Ghara
ବ୍ରତୋପନୟନ, ବ୍ରତଘର
Poitaa
ପଇତା
নেপালী Bratabandha
ब्रतबंध
Janai
जनई, जनै
কাশ্মিৰী Mekhal
میکھل, मेखल्
Yonya
یونیا, योनया
টুলু Brahmopadesha, Upanayana, Noola Madimme
ಮುಂಜಿ,ನೂಲ ಮದಿಮ್ಮೆ
Yagnopaveeta
ನಿವಾ
গুজৰাটী Janoi
જનોઈ
Yagnopavit
યજ્ઞોપવીત
পাহাৰী Janeyu
जनेयु
Janeyu
जनेयु
সিন্ধী Janya
जानया
Janya
जानया
পঞ্জাবী Janju
ਜੰਞੂ
Janju
ਜੰਞੂ

তথ্যসূত্ৰ

Tags:

উপনয়ন লগুণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বউপনয়ন নীতি-নিয়মউপনয়ন পালনৰ সময়উপনয়ন আঞ্চলিক ভিন্নতাউপনয়ন তথ্যসূত্ৰউপনয়নঅন্নপ্ৰাসনচূড়াকৰণজাতকৰ্মবিবাহহিন্দু

🔥 Trending searches on Wiki অসমীয়া:

ডিম্বেশ্বৰ নেওগঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫দেউৰী জনগোষ্ঠীচন্দ্ৰগুপ্ত মৌৰ্যলভিতাহাজোঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতলক্ষ্মীনন্দন বৰাবিৰিঞ্চি কুমাৰ বৰুৱাভট্টদেৱৰ গদ্যশৈলীৰামযোগাসনবাল্য বিবাহবাগৰুম্বাসালোক সংশ্লেষণভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ভটিমাঈয়াৰুইঙ্গমম’বাইল ফোনগোলাঘাটঅসমৰ কাঁহ শিল্পসপ্তকাণ্ড ৰামায়ণঅসমলৈ মুছলমান সকলৰ প্ৰবজনগৌতম বুদ্ধৱেষ্ট ইণ্ডিজজ্যামিতিকেঁচুবাল্য বিবাহ নিষেধ আইন, ২০০৬মাহবিশ্ব থিয়েটাৰ দিৱসগুপ্ত সাম্ৰাজ্যভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচাণক্যভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰাম সৰস্বতীশক্তিৰ সংৰক্ষণশীলতাদীপৰ বিলভূতাপীয় শক্তিশিৱনাথ বৰ্মনঅসম চুক্তিঁ (চন্দ্ৰবিন্দু)য়ুৰি গেগেৰিনব’হাগঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাগুণমালাঅসমৰ পৰম্পৰাগত খেল-ধেমালিৰজনীকান্ত বৰদলৈএংকৰ ৱাটশিলঘাটপঁচতি উৎসৱদুৰ্গাবৰ কায়স্থআৰ. এম. এছ. টাইটানিকজল প্ৰদূষণলক্ষ্মীনাথ বেজবৰুৱাহুঁচৰিবড়ো সাহিত্য সভানতুন শৰাইঘাট দলংকাছপিয়লি বৰুৱাহিমন্ত বিশ্ব শৰ্মাশ্ৰী সূৰ্য পাহাৰবীজগণিতইতিহাসমনোবিজ্ঞানসাঁচিপাতবৃশ্চিক (ৰাশি)বিহুৰ সাজ-পোচাক আৰু অলংকাৰবিহুগীতআনন্দৰাম বৰুৱা🡆 More