ইনফ্লুৱেঞ্জা

ইনফ্লুৱেঞ্জা (ইংৰাজী: Influenza) হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে। আনহাতে প্ৰায় দুসপ্তাহ পৰ্যন্ত কাহ হৈ থাকিব পাৰে। শিশুৰ ক্ষেত্ৰত বমি হোৱাও দেখা যায়। এই ৰোগৰ জটিলতাবোৰ হৈছে, ভাইৰাছজনিত নিউম'নিয়া, গৌণ বেক্টেৰিয়াজনিত নিউম'নিয়া, ছাইনাছ সংক্ৰমন, আৰু এজমা বা হৃদযন্ত্ৰৰ বিকলতাৰ দৰে পুৰণি সমস্যাৰ উক দিয়া।

ইনফ্লুৱেঞ্জা
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
ইনফ্লুৱেঞ্জা
Influenza virus, magnified approximately 100,000 times
আই.চি.ডি.-10 J10, J11
আই.চি.ডি.-9 487
OMIM 614680
ডিজিজেছ ডে'টাবে'ছ 6791
মেডলাইন প্লাছ 000080
ইমেডিচিন med/1170 ped/3006
MeSH D007251

মানুহক তিনি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাই আক্ৰমণ কৰে। কাহ আৰু হাঁচিৰ জৰিয়তে ৰোগৰ জীৱানু সংক্ৰমিত হয়। ৰোগীৰ আশে-পাশে থকা ব্যক্তিলৈ এই ৰোগ বেচিকৈ সোঁচৰে বুলি ভবা হয়। ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰৰ পৰাও এই ৰোগ বিয়পিব পাৰে। ডিঙি, নাক পৰীক্ষা কৰি ৰোগ নিশ্চিতকৰণ কৰা হয়।

চাবোনৰ প্ৰভাৱত এই ভাইৰাছ নিষ্ক্ৰিয় হয় বাবে সঘনাই হাত ধোলে ৰোগ বিয়পাৰ সম্ভাৱনা বহুত কমি যায়। ছাৰ্জিকেল মাস্ক ব্যৱহাৰ কৰাও অতি মংগলজনক। অতি স্পৰ্শকাতৰ এলেকাত বিশ্ব স্বাস্থ্য সংস্থাই বছৰি ছিতাকৰণৰ অনুমোদন জনাইছে। এই ছিটা তিনি বা চাৰি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাৰ বিপক্ষে কাৰ্যকৰী। ভাইৰাছবোৰ বিৱৰ্তিত হৈ থাকে বাবে, এবছৰৰ ছিটাই পৰৱৰ্তী বছৰত কাম নকৰিবও পাৰে। ইনফ্লুৱেঞ্জাৰ চিকিৎসাৰ বাবে ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৱান তথা কম সংকটজনক ৰোগীক ঔষধে ভাল ফলাফল প্ৰদান কৰে। অন্যান্য স্বাস্থ্যজনিত সমস্যা থকা ৰোগীৰ ক্ষেত্ৰত ঔষধে কোনো কামত নিদিয়ে।

সমগ্ৰ বিশ্বজুৰি এই ৰোগত বছৰি প্ৰায় পাঁচ নিযুত লোক আক্ৰান্ত হয় আৰু তাৰে ২,৫০,০০০ৰ পৰা ৫,০০,০০০ পৰ্যন্ত লোক মৃত্যু মুখত পৰে। পৃথিৱীৰ উত্তৰ আৰু দাক্ষিনাত্যৰ অঞ্চলসমূহত এই ৰোগ শীত কালত দেখা দিয়ে যদিও, যদিও ইকুৱেডৰৰ কাষৰীয়া অঞ্চলত বছৰৰ যিকোনো সময়তে হয়। ডেকা, বৃদ্ধ আৰু অন্য স্বাস্থ্যৰ সমস্যা থকা ৰোগী সকলৰ মৃত্যু হাৰ বেচি। বিংশ শতিকাত তিনিটা ইনফ্লুৱেঞ্জাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল: ১৯১৮ চনৰ স্পেনিছ ইনফ্লুৱেঞ্জা, ১৯৫৮ চনৰ এছিয়ান ইনফ্লুৱেঞ্জা আৰু ১৯৬৮ চনৰ হংকং ইনফ্লুৱেঞ্জা; প্ৰায় এক নিযুত লোকৰ মৃত্যু ঘটিছিল। ২০০৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰকাৰৰ নতুন ইনফ্লুয়েঞ্জা এ/H1N1 ক অতি বিপদজনক বুলি চিহ্নিত কৰিছে। গাহৰি, ঘোঁৰা, আৰু চৰাইকে ধৰি অন্য প্ৰাণীবোৰো ইনফ্লুয়েঞ্জাত আক্ৰান্ত হোৱা দেখা যায়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

জাপিলোকসভাশদিয়াপ্ৰাক-ইতিহাসকোচ ৰাজবংশীঅসমৰ গামোচাভাইটি (চলচ্চিত্ৰ)কনকলতা বৰুৱাহাজোঅসমৰ ৰাজ্যিক প্ৰতীকসমূহধ্বনিতত্ত্বঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকামৰূপী উপভাষা৩১ মাৰ্চঅসীমত যাৰ হেৰাল সীমাজৈৱিক কৃষিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰতৰ সংবিধানশৰ্মা মন্ত্ৰীসভাপ্ৰাকৃতিক সম্পদঅসমৰ সাধুকথাৰাষ্ট্ৰসংঘগ্ৰিডা নৃত্যসেউজ গৃহ প্ৰভাৱমিচিং ভাষাসৰ্বশিক্ষা অভিযানমোৱামৰীয়া বিদ্ৰোহকুলিবড়ো জনগোষ্ঠীভাষাবিজ্ঞানচাহেবপুৰাৰ বৰষুণঅংকীয়া নাটঅসমীয়া ব্যাকৰণআমৰলি টোপমদন কামদেৱ দেৱালয়সদৌ অসম ছাত্ৰ সন্থাছুনামিসাঁথৰপঞ্জাব, ভাৰতশৰৎচন্দ্ৰ চট্টোপাধ্যায়সৌৰজগতজাপানত ইছলাম ধৰ্মচন্দ্ৰযান-৩জাতীয়তাবাদমামণি ৰয়ছম গোস্বামীৰ উপন্যাসজোনাকী (আলোচনী)চিলনীকোৰআনপৰ্যাবৃত্ত তালিকাব্যক্তিত্বঅনাভেদী যৌনক্ৰিয়াদেৱকান্ত বৰুৱাঋতুবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহএচিদ বৰষুণঅৰুণাচল প্ৰদেশনীলপৱন বৰুৱাভাৰতীয় সাহিত্যনীলমণি ফুকন (কনিষ্ঠ)পাঠ পৰিকল্পনাশিৱসাগৰৰ শিৱদৌলগদ্যছি জিনপিংকুঁহিয়াৰআন্তৰ্জাতিক নাৰী দিৱসঅন্তৰীপ (উপন্যাস)মাৰ্ক্সবাদপৰিৱেশ তন্ত্ৰকাল সংহতিকুকুৰঅখণ্ড সংখ্যাব'হাগ বিহুপ্ৰদূষণসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকা🡆 More