ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়াত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক ৱিকি প্ৰকল্প পৰিচালনা কৰে, যেনে-ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্‌ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্‌ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ, মেটাৱিকি আৰু বৰ্তমান নিষ্ক্ৰিয় নুপিডিয়াৰ মালিকীস্বত্ব আছে। ইয়াৰ মুখ্য প্ৰকল্প ৱিকিপিডিয়া বিশ্বজুৰি সৰ্বোচ্চ দৰ্শিত দহটা ৱেবচাইটৰ এটা। ২০০৩ চনৰ ২০ জুনত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছএ ৱিকিমিডিয়া ফাউণ্ডেশ্যন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে। তাৰ আগতে তেওঁ ব'মিছ নামৰ নিজৰ প্ৰতিষ্ঠানটোৰ নামত ৱিকিপিডিয়া পৰিচালনা কৰি আছিল।

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ল'গ'
প্ৰকাৰ 501(c)#501(c)(3)
প্ৰতিষ্ঠা ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
জুন ২০, ২০০৩ (2003-06-20)
স্থান চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ / লছ এঞ্জেলছ্‌, কেলিফ'ৰ্নিয়া (পঞ্জীভূত এজেণ্ট)
মুখ্য ব্যক্তি টিং ছেন, Chair of the Board
জিম্মী ৱেলছ, Chairman Emeritus
চ্যু গাৰ্ডনাৰ, কাৰ্যবাহী পৰিচালক
পৰিবেশনৰ ঠাই বিশ্বজুৰি
লক্ষ্য বিনামূলীয়া, মুক্ত বিষয়বস্তু, ৱিকি-নিৰ্ভৰ ইণ্টাৰনেট প্ৰকল্প
পদ্ধতি ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্‌ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্‌ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ আৰু মেটাৱিকি
ৰাজহ ১০,৬৩২,২৫৪ আমেৰিকান ডলাৰ(জুলাই-ডিচেম্বৰ ২০০৯)
স্বেচ্ছাসেৱক ৩৫০,০০০ (২০০৫)
কৰ্মচাৰী ৭৫ (জুলাই ২০১১)
ৱেবচাইট wikimediafoundation.org
ৱিকিমিডিয়াৰ ভিতৰচৰাৰ ভিডিঅ'

২০১৫ চনৰ তথ্য অনুসৰি এই ফাউণ্ডেশ্যনত প্ৰায় ২৫০জন লোকে কাম কৰে আৰু ইয়াৰ বাৰ্ষিক ৰাজহ ৫ কোটি আমেৰিকান ডলাৰতকৈও অধিক। বৰ্তমান লাইলা ট্ৰেটিক'ভ এই ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক আৰু পেট্ৰিচিঅ' লৰেণ্টে ব'ৰ্ডৰ অধ্যক্ষ।

উদ্দেশ্য

ৱিকিমিডিয়া ফাউণ্ডেশ্যন এক ৰাজহুৱা সাহায্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীন ৰাজহ ক'ড 501(c)(3)ৰ অন্তৰ্গত। ইয়াৰ National Taxonomy of Exempt Entities (NTEE) ক'ড হৈছে C60 (প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ)। ফাউণ্ডেশ্যনটোৰ আইনী নীতিয়ে শিক্ষামূলক বিষয়বস্তুৰ সংগ্ৰহ আৰু উন্নয়ন কৰি সেইবোৰক বিশ্বজুৰি সফলতাৰে বিয়পাই দিয়াৰ উদ্দেশ্য ঘোষণা কৰে।

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ঘোষিত লক্ষ্য হৈছে মুক্ত বিষয়বস্তু থকা, ৱিকি-নিৰ্ভৰ প্ৰকল্পৰ নিৰ্মাণ আৰু সমগ্ৰ বিষয়বস্তু ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰা। এয়া ফাউণ্ডেশ্যনৰ ব্যৱহাৰিক চৰ্ত্তসমূহৰ বাবেই সম্ভৱপৰ হৈছে (জুন ২০০৯ত CC-BY-SA লাইচেঞ্চ আদৰি ল'বলৈ আপডেট আৰু অনুমোদন কৰা হয়)।

ইতিহাস আৰু বিকাশ

ৱিকিমিডিয়া ফাউণ্ডেশ্যন 
Wiki Movement Strategic Plan
ৱিকিমিডিয়া ফাউণ্ডেশ্যন 
ডিচেম্বৰ ২০০৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক জিম্মী ৱেলছ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন 
Beyond the Encyclopedia: The Frontiers of Free Knowledge - presentation by Erik Möller about the state of the Wiki Foundation's projects in 2010

২০ জুন, ২০০৩ চনত ৱিকিপিডিয়া আৰু ন্যুপিডিয়াৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সৃষ্টি হয়। ই ১৭ চেপ্তেম্বৰ, ২০০৪ চনত United States Patent and Trademark Officeত ৱিকিপিডিয়া ট্ৰেডমাৰ্ক হিছাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনায়। ১০ জানুৱাৰী, ২০০৬ চনত এই চিহ্নটোৰ পঞ্জীয়ন অনুমোদিত হয়। ১৬ ডিচেম্বৰ ২০০৪ত জাপানত আৰু ২০ জানুৱাৰী ২০০৫ত ইউৰোপীয়ান ইউনিয়নত ট্ৰেডমাৰ্ক সুৰক্ষা প্ৰদান কৰা হয়। কাৰিকৰীগতভাৱে চাৰ্ভিছ মাৰ্কটোৰ পৰিসীমাৰ ভিতৰত আছে: "ইণ্টাৰনেটৰ জৰিয়তে সাধাৰণ বিশ্বকোষীয় জ্ঞানৰ ক্ষেত্ৰত তথ্যৰ ব্যৱস্থা" (Provision of information in the field of general encyclopedic knowledge via the Internet। [উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰন্থ আৰু ডি.ভি.ডি.ৰ দৰে আন কিছু সামগ্ৰীৰ বাবেও ৱিকিপিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ পৰিকল্পনা আছে।

"ৱিকিমিডিয়া" নামটো আমেৰিকান লেখক শ্বেল‌ডন ৰেম্পটনে ২০০৩ চনৰ মাৰ্চত ইংৰাজী মেইলিং তালিকালৈ লিখোঁতে উদ্ভাৱন কৰে।

ফাউণ্ডেশ্যনৰ ঘোষণাৰ লগে লগে ৱিকিপিডিয়া, ৱিক্স্যনেৰী আৰু ন্যুপিডিয়াৰ সকলো ড'মেইন নামৰ লগতে ব'মিছ বা ৱেল‌ছে নিজেই তৈয়াৰ কৰা এই প্ৰকল্পবোৰত জড়িত সকলো সামগ্ৰীৰ অনুজ্ঞাপত্ৰ ৱিকিমিডিয়ালৈ স্থানান্তৰ কৰা হয়। ৱিকিমিডিয়া প্ৰকল্পৰ বাবে ব্যৱহৃত কম্পিউটাৰ সঁজুলিসমূহো ৱেল্‌ছে ফাউণ্ডেশ্যনলৈ দান কৰে। ফাউণ্ডেশ্যনে "wikimedia.org" আৰু "wikimediafoundation.org" ড'মেইন নাম লাভ কৰে।

২০০৫ চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Internal Revenue Serviceএ "প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ" শ্ৰেণীত শৈক্ষিক ফাউণ্ডেশ্যন হিছাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অনুমোদন জনায়, আৰু ইয়ালৈ প্ৰদান কৰা সাহায্য আমেৰিকাত উপাৰ্জন কৰ-মুক্ত হোৱাৰ পথ সূচল হয়।

২০০৬ চনৰ ১১ ডিচেম্বৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে লক্ষ্য কৰে যে ফ্ল'ৰিডাৰ আইন পঞ্জীয়নৰ নীতি পালন কৰিব নোৱাৰাৰ ফলত প্ৰতিষ্ঠানটো পূৰ্বে পৰিকল্পনা কৰাৰ দৰে সহযোগিতামূলক প্ৰতিষ্ঠান হ'ব নোৱাৰিলে। তাৰপিছত ব'ৰ্ডে সদস্যতাৰ সকলো অধিকাৰ আৰু কাৰ্যৰ প্ৰসংগ আঁতৰাবলৈ নিয়মৰ সালসলনি কৰে।

২০০৭ চনৰ ২৫ চেপ্তেম্বৰত প্ৰতিষ্ঠানৰ সকলো কাৰ্যকলাপ চান ফ্ৰান্সিচ্‌ক' উপকূল অঞ্চললৈ স্থানান্তৰ কৰাৰ অৰ্থে ব'ৰ্ডে জাননী জাৰি কৰে। ইয়াৰ কাৰণ আছিল একে ভাৱসম্পন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্ভাব্য সহযোগীৰ নিকট অৱস্থিতি, আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গতকৈ অধিক সুলভ বা সূচল আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ব্যৱস্থা।

২০১০ চনৰ ১৬ এপ্ৰিলত কোনো ৱিকিমিডিয়াৰ প্ৰকল্পত এশকোটিতম সম্পাদনা কৰা হয়।

তথ্যসূত্ৰ

নথিপত্ৰ (সংবাদ, পৰিকল্পনা আদি)

অন্যান্য

122°23′59″W / 37.786971°N 122.399677°W / 37.786971; -122.399677

Tags:

ৱিকিমিডিয়া ফাউণ্ডেশ্যন উদ্দেশ্যৱিকিমিডিয়া ফাউণ্ডেশ্যন ইতিহাস আৰু বিকাশৱিকিমিডিয়া ফাউণ্ডেশ্যন তথ্যসূত্ৰৱিকিমিডিয়া ফাউণ্ডেশ্যন বহিঃসংযোগৱিকিমিডিয়া ফাউণ্ডেশ্যনen:Wikibooksen:Wiki Commonsen:Wikinewsen:Wikipedia:Metaen:Wikiquoteen:Wikisourceen:Wikispeciesen:Wikiversityen:Wiktionarymeta:Wiki Incubatorজিম্মী ৱেল্‌ছনুপিডিয়াৱিকিৱিকিপিডিয়া

🔥 Trending searches on Wiki অসমীয়া:

কবিতাপোহৰঅসমৰ সাহিত্যিকসকলৰ তালিকাসমোচ্চাৰিত শব্দধতুৰাহেম বৰুৱা (ত্যাগবীৰ)অসমৰ মন্ত্ৰ-সাহিত্যযতীন গোস্বামীশব্দ প্ৰদূষণকৰ'নাভাইৰাছ ৰোগ ২০১৯তাল (বাদ্যযন্ত্ৰ)মিৰি জীয়ৰীজিকিৰদক্ষিণপাট সত্ৰবিজ্ঞাপনআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাৰতৰ উচ্চতম ন্যায়ালয়অসমীয়া সাহিত্যৰ অৰুণোদয় যুগকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবিশ্বনাথ ঘাটঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটান'বেল বঁটাভাৰতীয় শিল্পকলাকামাখ্যা মন্দিৰবৰাক উপত্যকাকেশৱ মহন্তব'হাগ বিহুএচিদ বৰষুণস্বাস্থ্যঅসমৰ জনগোষ্ঠীপৃথিৱীথাই ভাষাঅসমৰ তেল শোধনাগাৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫কম্পিউটাৰযতীন্দ্ৰ নাথ দুৱৰাবহনক্ষম ভূমি ব্যৱস্থাপনাত্ৰিভুজঅম্বিকাগিৰি ৰায়চৌধুৰীউদ্ভিদনৱকান্ত বৰুৱাপ্ৰথম বিশ্বযুদ্ধঅসমীয়া সাহিত্যঅম্বুবাচীবৰপেটা সত্ৰইলন মাস্ক্তোলনি বিয়ামিচিং জনগোষ্ঠীৰ সাজপাৰসংশয় ব্যৱস্থাপনাঅসমত দেখা চৰাইবোৰপোৱামক্কাসতী সাধনীপুতলা নাচএ পি জে আব্দুল কালামপ্ৰাকৃতিক পৰিৱেশভৃগু কুমাৰ ফুকনঅসমৰ ইতিহাসদ্য টাইমছ অৱ ইণ্ডিয়াপাচন তন্ত্ৰসাঁচিপাতজলবায়ুমাধৱ কন্দলিৰামধেনু (আলোচনী)নামঘৰনিচুকনি গীতকাৰ্বি জনগোষ্ঠীহীৰেন ভট্টাচাৰ্যকেতেকী ফুলঅসমৰ ৰেচম শিল্পসন্ধিকানাই বৰশী বোৱা শিলালিপিমানুহৰ কংকালতামোলঅসমীয়া প্ৰতিদিনসিন্ধী ভাষাডিমাছা জনগোষ্ঠী🡆 More