পাৰ চৰাই: চৰাইৰ পৰিয়াল

পাৰ চৰাই (ইংৰাজী: Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।

পাৰ
পাৰ চৰাই: বিৱৰণ, বিতৰণ, আচৰণ
পোহনীয়া পাৰ
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Columba
প্ৰজাতি: C. livia
উপপ্ৰজাতি: C. l. domestica
ত্ৰিপদ নাম
Columba livia domestica
Gmelin, 1789
সমাৰ্থক
Columba domestica

Columba livia rustica

বিৱৰণ

পাৰ চৰাই: বিৱৰণ, বিতৰণ, আচৰণ 
এজাক পাৰ
পাৰ চৰাই: বিৱৰণ, বিতৰণ, আচৰণ 
পাৰ চৰাই

একোটা পাৰৰ দৈৰ্ঘ্য ১৫ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰ পৰ্যন্ত হয়। পৃথিৱীত প্ৰায় ৩০০ প্ৰকাৰৰ পাৰ পোৱা যায়। তাৰ আটাইতকৈ ডাঙৰবিধৰ ওজন চাৰি কিলোগ্ৰামলৈকে হ'ব পাৰে।

পাৰৰ শৰীৰটো সুগঢ়িত। ঠেংদুটা, মূৰ আৰু ঠোঁট সৰু। সাধাৰণতে ঠোঁটৰ ৰং ক'লা আৰু ওপৰৰ ঠোঁটটো সামান্য বেঁকা। পাৰৰ বৰণ বগা, মুগা, ক'লা বা ছাই ৰঙৰ হয়। কিছুমান প্ৰজাতি অৱশ্যে উজ্জ্বল বৰণৰো হয়।

বিতৰণ

পৃথিৱীৰ অতি ঠাণ্ডা অঞ্চলসমূহৰ বাহিৰে সকলো ঠাইতে পাৰ আছে।

আচৰণ

খাদ্য

ইহঁতে সাধাৰণতে শস্যৰ গুটি, পোক-পতংগ আদি খায়। কিছুমান পাৰৰ গলধনত খোৱাবস্তু জমা ৰাখিব পৰাকৈ এটা টোঁটোলা থাকে।

প্ৰজনন

পাৰই এবাৰত দুটালৈকে কণী পাৰে। মতা-মাইকী দুয়োটাই পাল পাতি কণী উমনি দিয়ে আৰু সাধাৰণতে ১২-১৯ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে। কণী ফুটি পোৱালি ওলোৱাৰ পাচত মাক আৰু বাপেক উভয়ে, ঠোঁটত ঠোঁট লগাই সিহঁতৰ মুখৰ টোঁটোলাৰ ভিতৰত সৃষ্টি হোৱা এক ক্ৰীমৰ দৰে 'গাখীৰ' খুৱায়। অৱশ্যে কিছু ডাঙৰ হোৱাৰ পাচত তাৰ লগত, আধা হজম হোৱা খাদ্যও মিহলাই দিয়ে।

পৰিব্ৰজন

পাৰৰ কিছুমান প্ৰজাতিয়ে পৰিব্ৰজন কৰে। দেহৰ আকৃতি অনুসৰি পাৰৰ ডেউকাদুখন বেছ ডাঙৰ আৰু শক্তিশালী। ইয়াৰ ফলত পাৰই বেগাই আৰু বহুদূৰলৈ উৰিব পাৰে। পাৰৰ উৰণবেগ ঘণ্টাত ৮০-৯৬ কিলোমিটাৰ পৰ্যন্ত হয়।

মানুহৰ সৈতে সম্পৰ্ক

প্ৰায় সকলো পাৰই পোহ মানে আৰু গৃহপালিত চৰাইৰূপে মানুহৰ আশ্ৰয়ত ঘৰৰ চিলিং বা নিৰ্দিষ্টকৈ সাজি দি বাহ বা গৰাল আদিত বাস কৰে। ঘৰুৱা পাৰৰ বাহিৰে আনবোৰ পাৰ সাধাৰণতে গছৰ আশ্ৰয়ত থাকে। তাতে সিহঁতে বাহ সাজে। কিছুমানে থিয় গৰা বা মাটিতে বাহ সাজে।

প্ৰাচীন কালত পাৰক বা-বাতৰি সৰবৰাহৰ কামত ব্যৱহাৰ কৰা হৈছিল। তেনেধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা পাৰই ১,০০০ কিলোমিটাৰলৈকে উৰি গৈ বাতৰি দি আহিব পাৰে। খ্ৰীষ্টপূৰ্ব ৪৪-ৰ পৰাই, পাৰৰ দ্বাৰা খবৰ আদান-প্ৰদান কৰাৰ বিষয়ে জনা যায়। দ্বিতীয় মহাসমৰৰ সময়তো পাৰৰ দ্বাৰা বাতৰি সৰবৰাহ কৰা হৈছিল।

সংস্কৃতিত

বগা পাৰক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

তথ্যসূত্ৰ

Tags:

পাৰ চৰাই বিৱৰণপাৰ চৰাই বিতৰণপাৰ চৰাই আচৰণপাৰ চৰাই পৰিব্ৰজনপাৰ চৰাই মানুহৰ সৈতে সম্পৰ্কপাৰ চৰাই সংস্কৃতিতপাৰ চৰাই তথ্যসূত্ৰপাৰ চৰাইইংৰাজী ভাষাচৰাইপৃথিৱী

🔥 Trending searches on Wiki অসমীয়া:

এডৱাৰ্ড জেনাৰসপ্তকাণ্ড ৰামায়ণআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাতথ্যপাঠ পৰিকল্পনাঅসম আন্দোলনগৰু বিহুবহনক্ষম উন্নয়নৰ লক্ষ্যৰুদ্ৰেশ্বৰ দেৱালয়মেকুৰীগান্ধীবাদহীৰেন ভট্টাচাৰ্যৰাজনৈতিক দলউমাচল শিলালিপিআৰৱ সাগৰমহেশ্বৰ নেওগখিলঞ্জীয়া লোক২৭ এপ্ৰিলপ্ৰজ্ঞাফকৰা যোজনামেলেৰিয়াবানপানীঅসমীয়া খবৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডজোনাকী (আলোচনী)উদ্ভিদৱৰ্ল্ড ৱাইড ৱেবগামখাৰুপ্ৰথম বিশ্বযুদ্ধজয়সাগৰ পুখুৰীৰামায়ণবায়ু প্ৰদূষণপ্ৰাকৃতিক দুৰ্যোগকৃষিনিগনিঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমামণি ৰয়ছম গোস্বামীকৰতল কমল কমল দল নয়নকথা কবিতাউদাৰনৈতিকতাবাদশব্দ (অভিধান)ফুলজ্যামিতিএলবাৰ্ট আইনষ্টাইনৰামধেনুনক্ষত্ৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনকোণবিশ্ব বাণিজ্য সংস্থাভাৰতত মহিলা শিক্ষাডাকৰ বচনঅসমৰ বনৌষধিঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকেওঁট জনগোষ্ঠীকাৰ্ল মাৰ্ক্সলভিতাগণতন্ত্ৰজ্যোতি সংগীতসৰ্বানন্দ সোণোৱালতাল (বাদ্যযন্ত্ৰ)ডিমাছা জনগোষ্ঠীঅসম সাহিত্য সভাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনদিনঅসমীয়া সাহিত্যদশাৱতাৰআনন্দৰাম ঢেকিয়াল ফুকনতেজপুৰভ্ৰাম্যমাণ থিয়েটাৰহিন্দু ধৰ্মদেউৰী জনগোষ্ঠীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যছক্ৰেটিছহয়গ্ৰীৱ মাধৱ মন্দিৰডিব্ৰুগড় বিশ্ববিদ্যালয়🡆 More