চ্যু-পং-মু'ঙ

চাওফা চ্যু-পুং-মুং (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: Supungmung) বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি। ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।

চাওফা চ্যু-পুং-মুং
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক)
অভিষেক ১৬৬৩
উত্তৰসূৰী চুন্যৎফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-পুং-মুং
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-পং-মু'ঙ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

উল্লেখনীয় কাৰ্য আৰু ঘটনা

নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযান

১৬৬৫ চনত বানচঙ্গীয়া (নক্টে) নগা আৰু বানফেৰা নগাসকলৰ মাজত বিবাদ হোৱাত বানফেৰা নগাসকলে আহোম ৰজাৰ সহায় ভিক্ষা কৰে। তেতিয়া চুপুংমুঙে এদল সৈন্য পঠিয়াই বানচঙ্গীয়া নগাসকলক দমন কৰে। এক সময়তে মিৰিবিলাকে আহোম ৰাজ্যৰ ভিতৰ সোমাই লুটপাট কৰাত তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলোৱা হয় আৰু মিৰিসকল পলাই যায়।

মোগলৰ সৈতে সংঘৰ্ষ

চক্ৰধ্বজ সিংহৰ নিৰ্দেশত ১৬৬৭ চনৰ আগষ্টত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হয়। মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন এই অভিযানৰ সেনাপতি আছিল আৰু তেওঁৰ নেতৃত্বত অসমীয়া সেনাই কাজলি, বাঁহবাৰী, গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰে। শিলঘাটত থকা এটা কামানৰ ওপৰত সংস্কৃতেৰে লিখা আছে যে "১৬৬৭ খৃঃত চক্ৰধ্বজ সিংহই মুছলমান সকলক পৰাস্ত কৰি এই অস্ত্ৰ পাইছিল। শত্ৰু নিধনকাৰী বুলি ইয়েই তেওঁৰ গৌৰৱ ঘোষণা কৰে। "

১৬৬৭ চনৰ ডিচেম্বৰত আহোমে গুৱাহাটী লোৱাৰ বাৰ্তা পাই ঔৰংজেৱে ৰামসিংহৰ সেনাপতিত্বত ডাঙৰ ফৌজ এটা অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। ১৬৬৯ চনৰ আগষ্টত হোৱা আলাবৈৰ যুদ্ধৰ কিছুমাহ পিচতে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

মৃত্যু

১৬৭০ চনৰ এপ্ৰিলত অসম-মোগলৰ যুদ্ধ চলি থকা কালতে চুপুংমুঙৰ মৃত্যু ঘটে।

তথ্য সংগ্ৰহ

Tags:

চ্যু-পং-মু'ঙ উল্লেখনীয় কাৰ্য আৰু ঘটনাচ্যু-পং-মু'ঙ মৃত্যুচ্যু-পং-মু'ঙ তথ্য সংগ্ৰহচ্যু-পং-মু'ঙঅসমআহোম ভাষাআহোম ৰাজবংশইংৰাজী ভাষাচাওফাশৰাইঘাটৰ যুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় ভাষাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথবড়ো জনগোষ্ঠী১ এপ্ৰিলপ্ৰকৃতিমৌলিক সংখ্যাঅন্নপ্ৰাশনবৃত্তৰাষ্ট্ৰসংঘমিঠু বৰুৱাশিৱসাগৰৰ শিৱদৌলচৰাইদেউ জিলানামঘোষামোৱামৰীয়া বিদ্ৰোহঅসমৰ সাহিত্যিকসকলৰ তালিকাৰিয়ান পৰাগজয়সাগৰ পুখুৰীমহেশ্বৰ নেওগজাপানৰামভাৰতীয় চলচ্চিত্ৰশকুন্তলাঅসম গণ পৰিষদগোলকীকৰণৰংঘৰবেটুপাতলাচিত বৰফুকনযক্ষ্মামহিম বৰামানৱ উন্নয়ন সূচকজল প্ৰদূষণডিব্ৰুগড় বিশ্ববিদ্যালয়নামচিংনীতি আয়োগশীতল যুদ্ধডিব্ৰুগড়কুচিয়া মাছসাঁচিপাতছুনামিমাছলোকসভাব্ৰহ্মপুত্ৰ উপত্যকাভূ-বিজ্ঞানপানীভাষাবিজ্ঞানশদিয়াবিহুৰ সাজ-পোচাক আৰু অলংকাৰকামৰূপী উপভাষাহিন্দু ধৰ্মঅসমীয়া লিপিৰ বুৰঞ্জীমনোমতীঅসমৰ গামোচাদীপলিনা ডেকামানস ৰাষ্ট্ৰীয় উদ্যানসোণোৱাল কছাৰীপাঠ্যক্ৰমঅসম চুক্তিশিৱসাগৰ জিলাশব্দ (অভিধান)ক্ৰমবিকাশমানৱ ভূগোলগুপ্ত সাম্ৰাজ্যমৌৰ্য সাম্ৰাজ্যপাঁচালীসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিচানডুবি বিলজোনাকী (আলোচনী)বতাহঅশোক ফুলভাৰতত মহিলা শিক্ষাজৈৱ বৈচিত্ৰ্যপূৰ্ণ স্বৰাজআৰ্দ্ৰতা🡆 More