চ্যু-খাম-ফা

চাওফা চ্যু-খাম-ফা (ইংৰাজী: Sukhaamphaa) ১৫৫২ খ্ৰীষ্টাব্দত (বাপেকক গড়গঞাঁ ৰজাৰ পিছতে) আহোম ৰাজপাটত উঠিছিল। এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা এওঁৰ ভৰি এখন খোৰা হৈছিল। সেইবাবে এওঁক খোৰা ৰজাও বোলে। সাতজন আহোম কোঁৱৰ লগ লাগি চুখাম্‌ফাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ডাঙৰীয়াসকলৰ পৰামৰ্শত ৰজাই কোঁৱৰ কেইজনৰ কোনো অনিষ্ট নকৰি এৰি দিছিল। কিছু দিনৰ পাছত এই কেইজনে পুনৰ বিদ্ৰোহ আচৰণ কৰি ধৰা পৰিছিল। সেইবাৰ খোৰা ৰজাই তেওঁলোকক মৃত্যুদণ্ড বিহিছিল।

চাওফা চ্যু-খাম-ফা
চাওফা

অসমৰ ৰজা
১৫৫২- ১৬০৩ খ্ৰীষ্টাব্দ
চুক্লেনমুং
চুখাম্‌ফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-খাম-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
পিতৃ চুক্লেনমুং
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-খাম-ফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

ৰাজত্বকাল

পশ্চিম ফালৰ পৰা আহোম ৰাজ্য যাতে কোনোৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে চুখাম্‌ফাই বোৰ্কা আৰু সলাত নিৰ্মাণ কৰাইছিল। এওঁৰ দিনত নৰা, চুতীয়া আৰু নগা কিছুমানে বিদ্ৰোহ কৰিছিল। কিন্তু সকলোকে তেওঁ দমন কৰি ৰাখিবলৈ সক্ষম হৈছিল। চুখাম্‌ফাৰ দিনতে অসমত বহুতো প্ৰাকৃতিক দুৰ্যোগ ঘটিছিল। এবাৰ ডাঙৰ ভূঁইকঁপ হোৱাৰো লগতো এবাৰ ডাঙৰ বানপানীও হৈছিল। এবাৰ এজাক কাকতি ফৰিঙে শস্য নষ্ট কৰিছিল।

কোঁচৰ লগত যুঁজ

খোৰা ৰজাৰ দিনতে কোঁচৰ লগত আহোমৰ বিবাদ লাগিছিল। কোঁচ ৰজাই টেপু নামেৰে এজন মানুহক আহোম ৰজাৰ বিৰুদ্ধে পঠিয়াইছিল। টেপু উজাই গৈ দিখৌ পাইছিলগৈ। আহোম সৈন্যই কোঁচ সৈন্যক বাধা দিছিল যদিও কিছুদিন পাছতে চিলাৰায় আহি যুঁজত লগ লগাত আহোম সৈন্যৰ পৰাজয় হৈছিল। চুখাম্‌ফা ডা-ডাঙৰীয়াৰ সৈতে নামৰূপৰ চৰাইখোৰোঙলৈ পলাই গৈছিল। চিলাৰায়ে গড়গাঁও দখল কৰিছিল। সেয়ে চুখাম্‌ফাই সন্ধিৰ বাবে আইখেক বুঢ়া গোঁহাইক সন্ধিৰ বাবে পঠিয়াইছিল। চিলাৰায়ে ৰজাৰ বদলি কেইজনমান কোঁৱৰ লৈ নিজ ৰাজ্যলৈ উলটি গৈছিল। এই সকল কোঁৱৰৰ মাজত ৰজাৰ ভায়েক চুগাম কোঁৱৰো আছিল। গৌড়ৰ নবাবৰ হাতত পৰাজিত হোৱাৰ পিছত নৰনাৰায়নে চুগাম কোঁৱৰ সহিতে আন আন আহোম কোঁৱৰ কেইজনক নিজ ৰাজ্যলৈ ওভতাই পঠিয়াইছিল আৰু আহোমৰ লগত প্ৰীতিৰ ভাৱ দেখুৱাইছিল।

প্ৰবাদ আছে যে, আহোম ৰজাই এবাৰ কোঁচৰ যুদ্ধলৈ কিছুমান সৈন্যৰ লগুণ পিন্ধাই কপিলা গাইৰ পিঠিত তুলি পঠিয়াইছিল। চিলাৰায় বৰ ধাৰ্মিক লোক আছিল; তেওঁ গো-ব্ৰাহ্মণ বধৰ ভয়ত সেইবাৰ যুদ্ধ কৰাৰ পৰা বিৰত আছিল।

মৃত্যু

১৬০৩ খ্ৰীষ্টাব্দত খোৰা ৰজাৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

চ্যু-খাম-ফা ৰাজত্বকালচ্যু-খাম-ফা মৃত্যুচ্যু-খাম-ফা তথ্য সংগ্ৰহচ্যু-খাম-ফাইংৰাজী ভাষাচাওফা

🔥 Trending searches on Wiki অসমীয়া:

উপভাষানিৰুপমা বৰগোহাঞিগৰুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকালক্ষ্মীধৰ শৰ্মাঅসমৰ পৰম্পৰাগত সাজ-পাৰৰাধাগোবিন্দ বৰুৱাবাহা পৰৱকাল সংহতিদেৱদাৰুঅৰুন্ধতী দেৱীশাল গছভূপেন্দ্ৰ সংগীতমধুপুৰ সত্ৰউষ্ণতাকুশান নৃত্যৰাষ্ট্ৰসংঘকাৰেংঘৰপদুমইউক্লিডউত্তৰ আমেৰিকাসমাজকাৰ্ল মাৰ্ক্সশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাব'হাগ বিহুউপেন্দ্ৰনাথ গোস্বামীবন্দে মাতৰম্‌ভটিমাবাঁহী (আলোচনী)তামোলখৰ্গেশ্বৰ তালুকদাৰঅসমীয়া বৰ্ণমালাবৌদ্ধ ধৰ্মচাহেবপুৰাৰ বৰষুণকাৰ্বি ভাষাকলিতা জনগোষ্ঠীমহামায়া ধামদ্ৰৌপদী মূৰ্মুমানৰ অসম আক্ৰমণবিশ্ব ধঁপাতবিৰোধী দিৱসৰাষ্ট্ৰীয় বিজ্ঞান দিৱসউৰ্দু ভাষাসূত্ৰধাৰ নৃত্যউইলিয়াম শ্বেইকছপীয়েৰযক্ষ্মাশৰাইঘাট দলংবৈষ্ণৱ সাহিত্যশিক্ষাৰ অধিকাৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবাথৌ পূজামহীচন্দ্ৰ মিৰিকমলাবাৰী সত্ৰপৰীক্ষামূলক মনোবিজ্ঞানআব্দুছ ছাত্তাৰআহোম বিবাহ পৰম্পৰাঅমূল্য বৰুৱানেঘেৰিটিং শিৱদৌলকামৰূপী প্ৰাকৃতবেলহেম ভৰালীবাণীকান্ত কাকতিভৌতিক সংস্কৃতিখেৰাইমাৰ্ক্সবাদষড়ভুজঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলচুতীয়া ৰাজ্যহৰি-হৰ যুদ্ধৰাজস্থানমালিতাকোষ (জীৱবিজ্ঞান)বিষ্ণুপ্ৰসাদ ৰাভাচন্দ্ৰকুমাৰ আগৰৱালাশুৱালকুছি🡆 More