চ্যু-ত্যিণ-ফা

চাওফা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্‌ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপৰ মাক বৰৰাণী আছিল। ৰজাৰ আন জনী ৰাণী বুঢ়াগোহাঁইৰ জীয়েক আছিল। এইজনী ৰাণীৰ মন্ত্ৰণাত নৰিয়া ৰজাই লাপলুপ আৰু বৰপাত্ৰক বধ কৰাইছিল। তাৰ পিছত লাপলুপৰ মাকক বৰৰাণী গুচাই বুঢ়াগোহাঁইৰ জীয়ককে বৰৰাণী পাতিছিল। এইগৰাকী ৰাণীয়ে খহুৱা খোৱা গোহাঁই নামৰ ৰজাৰ আন এজন পুতেককো মৰাবলৈ চেষ্টা কৰোৱাইছিল।

চাওফা চ্যু-ত্যিণ-ফা
চাওফা

অসমৰ ৰজা
১৬৪৪ – ১৬৪৮ খ্ৰীষ্টাব্দ
চুৰাম্‌ফা
উত্তৰসূৰী চুতাম্লা
সম্পূৰ্ণ নাম
চাওফা চ্যু-ত্যিণ-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

ৰাজত্ব কাল

    ডফলাৰ লগত বিৰোধ

এইজন ৰজাৰ দিনত ডফলা সকলৰ লগত বিৰোধ ঘটিছিল। বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক ডফলাক দমাবলৈ নৰিয়া ৰজাই পঠিয়ায় দিছিল। কিন্তু এওঁলোকে ডফলা সকলক দমাব সক্ষম হোৱা নাছিল। তেতিয়া ৰজাই তেওঁলোকক বিষয়া ভাগি অইনক বিষয়া পাতি পুনৰ ডফলাৰ বিৰুদ্ধে অভিযান চলায়। সেইবাৰ ডফলাসকল ৰজাৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।

    কছাৰীৰ লগত বিৰোধ

কছাৰী সকলৰ লগত এইজন ৰজাৰ দিনত বিৰোধ ঘটিছিল। পিছে আহোম ৰাজকন্যা এজনী কছাৰী ৰজালৈ দিবলৈ স্বীকাৰ কৰি নৰিয়া ৰজাই কছাৰীৰ লগত সম্প্ৰীতি স্থাপন কৰিছিল। সেই সময়ত কছাৰী ৰজা আছিল বীৰ দৰ্পনাৰায়ণ।

ৰজা ভগাৰ কাৰণ

চুত্যিন্‌ফাৰ ৰাণী বুঢ়াগোহাঁইৰ জীয়েকৰ কুকুৰে খোৱা গোহাঁই নামৰ পুতেক এজন আছিল। তেওঁ বৰ নৈতিকতাহীন, দাম্ভিক আৰু অত্যাচাৰী আছিল। তেওঁৰ ব্যৱহাৰত ডা-ডাঙৰীয়াৰ লগতে ৰাজ্যৰ বহুত মানুহ অসন্তুষ্ট হৈছিল। ৰজায়ো শাসন কৰিব নোৱাৰিছিল। তেতিয়া ৰাজ্যৰ সকলোৱে মিলি কুকুৰে খোৱা গোহাঁইক আৰু তেওঁৰ মাকক মাৰি পেলাইছিল। ইয়াৰ পিছত তেওঁলোকে চুত্যিন্‌ফাক ৰজা ভাগি তেওঁৰ পুতেক চুতাম্লাক ৰজা পাতিছিল।

তথ্য সংগ্ৰহ

Tags:

চাওফাচুৰাম্‌ফা

🔥 Trending searches on Wiki অসমীয়া:

চৈয়দা আনোৱাৰা টাইমূৰআৰ্যভট্ট২ মে'মোৱামৰীয়া বিদ্ৰোহআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিৰঘুনাথ চৌধাৰীশিৱনাথ বৰ্মনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅন্তৰীপ (উপন্যাস)মৌখিক সাহিত্যঅষ্ট্ৰেলিয়া (মহাদেশ)অসমৰ মাছ ধৰা সঁজুলিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাআয়ুৰ্বেদপ্ৰাচীন গ্ৰীচভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামণিৰাম দেৱানউষ্ণতানগাঁওমহামায়া ধামমোৰ জীৱন সোঁৱৰণবৃত্তইন্দিৰা মিৰিসৌৰভ কুমাৰ চলিহামালালা ইউছুফজাইশূন্যপৰিয়ালকামৰূপ ৰাজ্যসেউজ গৃহ প্ৰভাৱবেদডাকৰ বচনবৈষ্ণৱ সাহিত্যখ্ৰীষ্টান ধৰ্মঅসমৰ জিলাসমূহজিকিৰবিশ্ব বাণিজ্য সংস্থাকুশান নৃত্যঅসমীয়া লিপিৰ বুৰঞ্জীঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসাম্যবাদী সমাজইষ্ট ইণ্ডিয়া কোম্পানীটাই সংস্কৃতিৰ ৰূপৰেখাপ্ৰাকৃতিক সম্পদঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমাঘনোৱা দ’লহিমা দাসকাৰ্বি আংলং জিলাপিঠাশুৱালকুছিকাতি বিহুইউটিউবঅসমীয়া প্ৰতিদিনজতুৱা ঠাঁচহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যঘৰচিৰিকাপৰিসীমাবৃন্দাবনী বস্ত্ৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমীয়া সাহিত্যনলিনীবালা দেৱীঅসমীয়া সাহিত্যত মালিতাকেঁচা পাতৰ কঁপনিকাঠৰ জোখ মাপবড়ো জনগোষ্ঠীঔ টেঙাগণতন্ত্ৰচকৰি ফেঁটী বুৰঞ্জীসমাজতত্ত্বজাতনামশিৱসাগৰভাষাইয়াণ্ডাবু সন্ধিসপ্তকাণ্ড ৰামায়ণসত্ৰভাৰতীয় দৰ্শনজ্ঞানপীঠ বঁটা🡆 More