হিমা দাস: ভাৰতীয় দৌৰবিদ

হিমা দাস (জন্ম: ৯ জানুৱাৰী ২০০০) এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। তেওঁ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু ৫০.৭৯ ছেকেণ্ড সময়ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে।

হিমা দাস
Hima Das
হিমা দাস: প্ৰাৰম্ভিক জীৱন, খেলুৱৈ জীৱন, আন্তৰ্জাতিক প্ৰতিযোগিতা[12]
২০ বছৰ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপ ২০১৮ত হিমা দাস
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৯ জানুৱাৰী, ২০০০ (২৪ বছৰ)
ধিং , নগাঁও জিলা, অসম
বাসগৃহ গুৱাহাটী, অসম
ক্ৰীড়া
ক্ৰীড়া ট্ৰেক আৰু ফিল্ড
শিতান ৪০০ মিটাৰ
প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকাৰ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ৪০০ মিটাৰ: ৫০.৭৯ ছেকেণ্ড (এছিয়ান গেমছ ২০১৮, জাকাৰ্তা)

বৰ্তমান হিমা মহিলাৰ ৪০০ মিটাৰ দৌৰত অনুৰ্ধ্ব শাখাৰ বিশ্ব চেম্পিয়ন আৰু ভাৰতীয় ৰেকৰ্ডৰ অধিকাৰী

প্ৰাৰম্ভিক জীৱন

২০০০ চনৰ ৯ জানুৱাৰী তাৰিখে নগাঁও জিলাৰ ধিঙত হিমাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। হিমা তেওঁলোকৰ ৬ গৰাকী সন্তানৰ ভিতৰত কনিষ্ঠতম। হিমায়ে স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। তাৰপাছত তেওঁৰ প্ৰতিভা খেলুৱৈ তথা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰি এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগায়। জিলাভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁৰ প্ৰশিক্ষকে উন্নত প্ৰশিক্ষণৰ বাবে হিমাক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰথমে তেওঁৰ পৰিয়ালৰলোকে এই বিষয়ে আপত্তি কৰিছিল যদিও পিছলৈ তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।

খেলুৱৈ জীৱন

হিমাই ২০১৮ চনত ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। এই ইভেণ্টত তেওঁ ৫১.৪৬ ছেকেণ্ড সময় লয়।. তেওঁ ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গ'ল্ড ক'ষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মহিলাৰ ৪০০ মিটাৰ দৌৰ আৰু ৪×৪০০ মিটাৰ ৰিলে দৌৰ সম্পূৰ্ণ কৰিছিল। ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থান লাভ কৰিছিল। ৪×৪০০ মিটাৰ ৰিলে দৌৰত তেওঁ ভাৰতীয় দলৰ অংশ আছিল আৰু ফাইনেলত তেওঁলোকে সপ্তম স্থান লাভ কৰে। তেওঁ ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৪০০ মিটাৰ ৰেছত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰে।

২০১৮ চনৰ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ ৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ৫১.০০ ছেকেণ্ডৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়। ২০১৮ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙি ৫০.৭৯ ছেকেণ্ডেৰে চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে।

আন্তৰ্জাতিক প্ৰতিযোগিতা

প্ৰতিযোগিতা খেলৰ স্থান স্থান ইভেণ্ট সময়
২০১৮ কমনৱেলথ গেমচ গ'ল্ড ক'ষ্ট, অষ্ট্ৰেলিয়া ষষ্ঠ ৪০০ মিটাৰ ৫১.৩২ চেকেণ্ড
২০১৮ কমনৱেলথ গেমচ গ'ল্ড ক'ষ্ট, অষ্ট্ৰেলিয়া সপ্তম 8*৪০০ মিটাৰ ৰিলে (দলগত ইভেণ্ট) ৩.৩৩.৬১ চেকেণ্ড
২০১৮ আই এ এ এফ ৱৰ্ল্ড (ইউ-২০) চেম্পিয়নশ্বিপ টেম্পায়াৰ, ফিনলেণ্ড প্ৰথম ৪০০ মিটাৰ ৫১.‌৪৬ চেকেণ্ড
২০১৮ এচিয়ান গেমচ জাকাৰ্টা-পালেমবাং, ইণ্ডোনেচিয়া দ্বিতীয় ৪০০ মিটাৰ ৫০.‌৭৯ চেকেণ্ড
২০১৮ এচিয়ান গেমচ জাকাৰ্টা-পালেমবাং, ইণ্ডোনেচিয়া প্ৰথম 8*৪০০ মিটাৰ ৰিলে (দলগত ইভেণ্ট) ৩.২৮.৭২ চেকেণ্ড
২০১৯ পজনান এথলেটিকচ গ্ৰাঁ প্ৰি কুটনো, পোলেণ্ড প্ৰথম ২০০ মিটাৰ ২৩.৯৭ ছেকেণ্ড
২০১৯ ক্লাডনো মেমৰিয়েল এথলেটিক মীট চেক গণৰাজ্য প্ৰথম ২০০ মিটাৰ ২৩.৪৩ চেকেণ্ড

ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন(মুকলিত)

বিভাগ সময় স্থান তাৰিখ
১০০ মিটাৰ দৌৰ ১১.৭৪ চেকেণ্ড পাতিয়ালা(ভাৰত) ২৭/০২/২০১৮
২০০ মিটাৰ দৌৰ ২৩.১০ চেকেণ্ড গুৱাহাটী(ভাৰত) ২৭/০৬/২০১৮
৪০০ মিটাৰ দৌৰ ৫০.৭৯ চেকেণ্ড জাকাৰ্টা(ইণ্ডোনেচিয়া) ২৬/০৮/২০১৮
৪×৪০০ মিটাৰ ৰিলে দৌৰ ৩:২৮.৭২ মিনিট জাকাৰ্টা(ইণ্ডোনেচিয়া) ৩০/০৮/২০১৮

পুৰস্কাৰ আৰু সন্মান

হিমা দাস: প্ৰাৰম্ভিক জীৱন, খেলুৱৈ জীৱন, আন্তৰ্জাতিক প্ৰতিযোগিতা[12] 
ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দে হিমা দাসক ২০১৮ চনৰ অৰ্জুন বঁটা প্ৰদান কৰা মুহূৰ্তত


  • ২০১৮ চনৰ ২৫ চেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা
  • ২০১৮ চনৰ ১৪ নৱেম্বৰত ইউনিচেফৰ দ্বাৰা ভাৰতৰ সৰ্বপ্ৰথম যুৱ ৰাষ্ট্ৰদূত (Youth Ambassador) হিচাপে নিযুক্তি
  • অসম চৰকাৰৰ দ্বাৰা অসমৰ ক্ৰীড়া ৰাষ্ট্ৰদূত(Brand Ambassador for sports) হিচাপে নিযুক্তি
  • পোলেণ্ড ত অনুষ্ঠিত পজনান এথলেটিকচ গ্ৰাঁ প্ৰি ত ২০০ মিটাৰ দৌৰত স্বৰ্ণ বিজয়

ভোগেশ্বৰ বৰুৱাৰ পাছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা অসমৰ একমাত্ৰ এথলিট

২০১৮ চনৰ চেপ্টেম্বৰ মাহত হিমা দাসে বিশ্বখ্যাত এডিডাচ কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰে ২০২৩ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।

তথ্য সংগ্ৰহ

Tags:

হিমা দাস প্ৰাৰম্ভিক জীৱনহিমা দাস খেলুৱৈ জীৱনহিমা দাস আন্তৰ্জাতিক প্ৰতিযোগিতা[12]হিমা দাস ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন(মুকলিত)[15]হিমা দাস পুৰস্কাৰ আৰু সন্মানহিমা দাস তথ্য সংগ্ৰহহিমা দাসইণ্ডোনেছিয়া

🔥 Trending searches on Wiki অসমীয়া:

স্বৰাজকনকলতা বৰুৱাহিমন্ত বিশ্ব শৰ্মাঅসমীয়া ভাষাৰ শব্দসম্ভাৰচুতীয়া ৰাজ্যদুৰ্যোগৰাজনৈতিক দলবংগ বিভাজন (১৯০৫)শিক্ষাতগৰপানীনীতি আয়োগব্যষ্টিবাদী অৰ্থনীতিগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতীয় মহাকাশ গৱেষণা সংস্থাগঙ্গা নদীসালোক সংশ্লেষণউপনিষদঅসমীয়া প্ৰতিদিনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামেলেৰিয়াকাৰেংঘৰমনোমতীথাই ভাষামানৱ শৰীৰকেঁচুসংযুক্ত মুক্তি বাহিনী, অসমবিদ্যুৎইণ্টাৰনেটমাতৃভাষাঅসম আন্দোলনঅসমৰ কাঁহ শিল্পকাঞ্চন (উপন্যাস)শ্বিলংৰামধেনু (আলোচনী)অসমত গঁ‌ড়ৰ চোৰাং চিকাৰঅংগৰাগ মহন্তবিশ্ব পৰিৱেশ দিৱসঅৰুণাচল প্ৰদেশজোৰোণচামেলি মেমচা'বযোৰহাটছিৰিমাভো বন্দৰনাইকেচ্যু-খ্ৰুং-ফাব্যক্তিত্ববাণিজ্যঘিলাধাৰী ঘাটৰ সন্ধিবাথৌ পূজাকেঁচুসাৰ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যচিত্ৰা মণ্ডলহৰপ্পাপাৰিজাত হৰণ নাটপতঞ্জলিৰ যোগসূত্ৰকলমৌ-মাখিশিক্ষা মনোবিজ্ঞানভটিমাভাৰত ত্যাগ আন্দোলনওজাপালিৰসায়ন বিজ্ঞানজাতনামছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)তিৱা জনগোষ্ঠীডুবি তাম্ৰলিপি আৰু ছীলগান্ধাৰীঅম্বিকাগিৰি ৰায়চৌধুৰীশিশুৰ খেল-ধেমালিভাৰতৰ ইতিহাসদৌল গোবিন্দ মন্দিৰকলাখাৰনগেন শইকীয়াযতি-চিনগণতন্ত্ৰবিহুগীতমানুহ🡆 More