জাকাৰ্টা

জাকাৰ্টা (ইংৰাজী: Jakarta; /dʒəˈkɑrtə/, চৰকাৰী নাম: জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা, ইণ্ডোনেছিয়ান: ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা) হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল।

জাকাৰ্টা
ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা
বাটাভিয়া
জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা
Jakarta Pictures-4.jpg(ওপৰৰ পৰা, বাঁওফালৰ পৰা সোঁফাললৈ): Jakarta Old Town, Hotel Indonesia Roundabout, Jakarta Skyline, Gelora Bung Karno Stadium, Taman Mini Indonesia Indah, Monumen Nasional, Merdeka Palace, Istiqlal Mosque
জাকাৰ্টা
পতাকা
জাকাৰ্টা
Coat of arms
অন্য নাম: দ্য বিগ ডুৰিয়ান, জে-টাওন
নীতি বাক্য: জয় ৰয় (সংস্কৃত)
(meaning: বিজয়ী আৰু মহান)
ভৌগোলিক স্থানাংক: 6°12′S 106°49′E / 6.2°S 106.817°E / -6.2; 106.817 106°49′E / 6.2°S 106.817°E / -6.2; 106.817
ৰাষ্ট্ৰ ইণ্ডোনেছিয়া
চৰকাৰ
 - প্ৰকাৰ বিশেষ প্ৰশাসনিক এলেকা
 - ৰাজ্যপাল বাসুকী জাহাজা পূৰ্ণম
মাটিকালি
 - নগৰ ৬৬৪.০০ কি.মি. 
(২৫৬.৪ বৰ্গ মাইল)
 - পানী ৬,৯৭৭.৫ কি.মি. 
(২,৬৯৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩৩ তম
উচ্চতা ৮ মিটাৰ (২৬.২৫ ফুট)
জনসংখ্যা (২০১০)
 - চহৰ ১,১৩,৭৪,০২২ জন
 - স্থান ষষ্ঠতম
 - জনঘনত্ব ১৭,১২৯.৬ প্ৰতি বৰ্গ কি.মি. 
(৪৪,৩৬৫.৩ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ৩,০৩,২৬,১০৩'"`UNIQ--ref-০০০০০০০৪-QINU`"' জন
 - মহানগৰৰ জনঘনত্ব ৪,৩৮৩.৫৩ প্ৰতি বৰ্গ কি.মি. 
(১১,৩৫৩.৩ প্ৰতি বৰ্গ মাইল)
বিশেষণ জাকাৰ্টান, ইণ্ডোনেছিয়ান: ৱাৰ্গা জাকাৰ্টা
সময় অঞ্চল WIB (গ্ৰী.মা.স.+৭)
অঞ্চল কোড +৬২ ২১
যানবাহনৰ নম্বৰ B
ৱেবছাইট jakarta.go.id
জাকাৰ্টা কোনো প্ৰদেশৰ অংশ নহয়, ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন কৰে আৰু "বিশেষ ৰাজধানী এলেকা" বুলি নামকৰণ কৰা হৈছে।

জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন। ই হৈছে ইণ্ডোনেছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ সৰ্বাধিক জনবহুল নগৰৰ অন্যতম। জাব'ডেটাবেক (জাকাৰ্টা, ব'গৰ, ডেপ'ক, টাংগাৰাং আৰু বেকাছি নামৰ সন্মিলিত ৰূপ) বলি জনাজাত, দেশৰ চৰকাৰী নগৰ অঞ্চল হৈছে পৃথিৱাৰ ভিতৰত দ্বিতীয় বৃহত্তম অঞ্চল।

চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠিত এই নগৰখন, ছুন্দা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক বন্দৰলৈ পৰিণত হয়। ই ডিউট্ছ ইষ্ট ইন্দিছৰ ডে ফেক্ট' ৰাজধানী আছিল (সেই সময়ত বেটাভিয়া বুলি জনাজাত আছিল)। ১৯৪৫ চনত ইন্দুনেছিয়াই স্বাধীনতা লাভ কৰাৰে পৰা বৰ্তমানলৈকে ই দেশখনৰ ৰাজধানী হৈ আছে। বৰ্তমান নগৰখনে দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) সচিবালয়তো স্থান লাভ কৰিছে।

২০০৮ গ্ল'বেলাইজেশ্বন আৰু ৱৰ্ল্ড চিটিজ ষ্টাডি গ্ৰুপ এণ্ড নেটৱৰ্ক (GaWC) অনুসন্ধানত নগৰখনক গোলকীয় নগৰৰ তালিকাত স্থান দিয়া হৈছিল। ব্ৰ'কিং ইনষ্টিটিউটৰ এক সমীক্ষা মতে, ২০১১ চনত জাকাৰ্টাৰ অৰ্থনৈতিক বিকাশ পৃথিৱীৰ ২০০খন বৃহৎ চহৰৰ ভিতৰত সপ্তদশ স্থানত আছিল, ২০০৭ চনত জাকাৰ্টাৰ এই স্থান আছিল ১৭১ তম। বৰ্তমান কুৱালালামপুৰ, বেইজিং আৰু বেংককতকৈ নগৰখন অধিক দ্ৰুতভাৱে বিকশিত হৈছে।

নাম আৰু জনশ্ৰুতি

জাকাৰ্টা হৈছে বহুকেইখন আৱাসস্থলী তথা নামৰ সৈতে মূল ভূখণ্ডৰ সামগ্ৰিক নাম: ছুন্দ কেলাপা (৩৯৭–১৫২৭), জয়কৰ্তা (১৫২৭–১৬১৯), বাটাভিয়া (১৬১৯–১৯৪৯), দ্যাকাৰ্তা (১৯৪৯–১৯৭২), আৰু জাকাৰ্টা (১৯৭২-বৰ্তমানলৈকে)

ইয়াৰ বৰ্তমান নামটো "জয়কৰ্তা" শব্দটোৰ পৰা আহৰণ কৰা হৈছে। এই শব্দটোৰ মূল উৎস হৈছে পুৰণা জাভানীজ আৰু প্ৰধানতঃ সংস্কৃত ভাষা। "জয়কৰ্তা"ৰ অৰ্থ হৈছে "বিজয় কাৰ্য", "সম্পূৰ্ণ কাৰ্য", বা "সম্পূৰ্ণ বিজয়"।

জাকাৰ্টাৰ উপনাম হৈছে দ্য বিগ ডুৰিয়ান, এই অঞ্চলত পোৱা একপ্ৰকাৰৰ স্থানীয় ফল, ইণ্ডোনেছিয়ান নিউয়ৰ্ক মহানগৰ (দ্য বিগ এপ্যল) হিচাপে তুলনা কৰিব পাৰি। উপনিৱেশিক যুগত নগৰখনক "ক'নইংগিং ভান হেট অ'ষ্টেন (অৰিয়েণ্টৰ মহাৰাণী) বুলি কোৱা হৈছিল।

টোকা

১. ইণ্ডোনেছিয়ান ভাষাত উচ্চাৰণ: dʒaˈkarta


তথ্য সংগ্ৰহ

Tags:

en:Help:IPA for Englishইংৰাজী ভাষাইণ্ডোনেছিয়াৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

বিষ্ণুপ্ৰসাদ ৰাভাইষ্ট ইণ্ডিয়া কোম্পানীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবুলু ফিল্মশৰীৰস্থানহৰিদেৱউত্তৰ গুৱাহাটীবিশ্ব বেংকসম্ৰাট অশোকব্ৰজাৱলী ভাষাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰহেমচন্দ্ৰ গোস্বামীহয়গ্ৰীৱ মাধৱ মন্দিৰইন্দিৰা গান্ধীদীপালী বৰঠাকুৰপ্লাষ্টিকব্লগকৃষ্ণদশাৱতাৰৰুবুল মাউতবহল ব্যাকৰণৰাজনীতিজ্যোতি সংগীতপৰিয়ালচিলাৰায়টিকেন্দ্ৰজিৎধৰ্মমোৰ জীৱন সোঁৱৰণফাকুৱাসত্ৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাযোৰানামবঙালী ভাষাবিপৰীতাৰ্থক শব্দএইচ টি এম এলমহেঞ্জোদাৰোমাধৱদেৱঢ়দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবৰষুণগুৱাহাটী (লোকসভা সমষ্টি)নীলমণি ফুকন (কনিষ্ঠ)কুশল কোঁৱৰশোণিত কুঁৱৰীঅসমৰ মাছ ধৰা সঁজুলিঅংগনবাদীসৌৰজগতঅসমীয়া লোক-সংস্কৃতিৰীতা চৌধুৰীআলি আঃয়ে লৃগাংস্বাভাৱিক সংখ্যাটকা (বাদ্য)হীৰেন ভট্টাচাৰ্যগোৱালপাৰা জিলাঅসমৰ কাঁহ শিল্পকমলাবাৰী সত্ৰকথা কবিতাউমাচল শিলালিপিযতি-চিনকামাখ্যা মন্দিৰসীতাচৰ্যাপদদুৰ্যোগহনুমান জয়ন্তীফাট বিহুকপৌ ফুলমহাভৈৰৱ মন্দিৰফুলকামিনী কাঞ্চনমৃত্যুঞ্জয়ভাইটি (চলচ্চিত্ৰ)ভবেন্দ্ৰ নাথ শইকীয়ামনোমতীমোহনদাস কৰমচান্দ গান্ধীযোগাত্মক বিপৰীত সংখ্যা🡆 More