চিলাৰায়: অসমৰ কোচ ৰাজবংশৰ এজন সেনাপতি

চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্ম:১৫১০ - মৃত্যু:১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।

চিলাৰায়
চিলাৰায়: জন্ম আৰু বংশ পৰিচয়, শিক্ষা, বিশ্বসিংহৰ মৃত্যু
ধুবুৰীত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি
ৰাজত্ব নৰনাৰায়ণ
মাতৃ পদ্মাৱতী দেৱী
পিতৃ বিশ্বসিংহ

তেওঁৰ জন্মদিন মাঘী পূৰ্ণিমা অসমত বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়।

জন্ম আৰু বংশ পৰিচয়

ইতিহাসত পোৱা যায় যে, কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল: হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।

শিক্ষা

নৰ নাৰায়ণ আৰু চিলাৰায়ে বাল্য কালত বাৰানসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ব হৈ উঠিছিল।

বিশ্বসিংহৰ মৃত্যু

বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰ সিংহ‌ই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।

১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয়। সেই সময়ত, চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো বাৰানসীত আছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে। নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামৰ ধাইগৰাকী ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰ নাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰ নাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়।

কোঁচ ৰাজ্যৰ বিস্তাৰ

নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে। ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।

গৌড় ৰাজ্য আক্ৰমণ

কোঁচৰাজ্যৰ বুৰঞ্জীত চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈৱ-দুৰ্বিপাকত বন্দী হোৱাৰ কথা পোৱা যায়। কিন্তু, মুছলমান ইতিহাসবোৰত সেই কথাৰ উল্লেখ নাই। বন্দী হোৱাৰ পাছত, তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা পৰিতুষ্ট হৈ মুক্তি দি পাঁচজনী সদ্বংশজাত কন্যা তেওঁলৈ বিবাহ দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকনীয়া নামে পাঁচখন পৰগণা দিয়ে। আন এক ইতিহাসৰ মতে, কৰতোয়াৰ পূৰ্ব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে। ইয়াৰ ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ আদি দ্ৰব্য চিলাৰায়ে লাভ কৰে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত বাগীশ আদি পণ্ডিতসকলক তেওঁ গৌড়ৰ পৰা লগত লৈ আহে।

ভৱিষ্যতে গৌড় ৰাজ্য আক্ৰান্ত নহ’বলৈ বোধ হয়; ৰাজমাতাই এই মৈত্ৰীৰ ব্যৱস্থা কৰিছিল। বাস্তৱতে তেওঁ গৌড় আক্ৰমণ কৰিবলৈ যোৱা নাছিল। গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাছতহে মোগল বাদছাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে।

অন্যান্য

দেশ শাসনৰ সকলো কাৰ্য্যত খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোহয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।

চিলাৰায় এজন পণ্ডিত আছিল; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্জ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষস্বৰূপ সহায় আছিল।

শংকৰদেৱক বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায়

নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো শিৱ ভক্ত আছিল। সেয়ে, ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ’ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ’ল। আনহাতে, নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে। চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শংকৰক আদৰ কৰিব লগীয়াত পৰিল। শংকৰ দেৱৰ গুণ-গৰিমাত মোহিত চিলাৰায় সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পাছত, তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।

মৃত্যু

১৫৭১ খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগাতীৰত বসন্ত ৰোগত মৃত্যু হয়।

বীৰ চিলাৰায় বঁটা

বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। চিলাৰায় দিবসত অসম চৰকাৰে বন্ধ ঘোষনা কৰে। তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

চিলাৰায় জন্ম আৰু বংশ পৰিচয়চিলাৰায় শিক্ষাচিলাৰায় বিশ্বসিংহৰ মৃত্যুচিলাৰায় কোঁচ ৰাজ্যৰ বিস্তাৰচিলাৰায় গৌড় ৰাজ্য আক্ৰমণচিলাৰায় অন্যান্যচিলাৰায় শংকৰদেৱক বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায়চিলাৰায় মৃত্যুচিলাৰায় বীৰ বঁটাচিলাৰায় তথ্য সংগ্ৰহচিলাৰায় বাহ্যিক সংযোগচিলাৰায়আহোমকছাৰীকোঁচকোচনৰনাৰায়ণবিশ্বসিংহ

🔥 Trending searches on Wiki অসমীয়া:

মানৰ অসম আক্ৰমণসংযুক্ত মুক্তি বাহিনী, অসমপাল ৰাজবংশবাঢ়ৈটোকাভাৰত ত্যাগ আন্দোলনআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবৰগীতহাতীআহোম-মোগলৰ সংঘৰ্ষকুলিআনন্দৰাম বৰুৱাঅসম আৰক্ষীঅসমৰ মাছ ধৰা সঁজুলিদেৱকান্ত বৰুৱাসাক্ষৰতাপুৰুষপাঠ পৰিকল্পনাভাৰতঅসমকৰতল কমল কমল দল নয়নশ্ৰীকৃষ্ণকীৰ্তনফেইচবুকঅসহযোগ আন্দোলনশামুকআজান পীৰৰুছ-ইউক্ৰেনীয় যুদ্ধলোকবিশ্বাসযক্ষ্মাঅসমীয়া ব্যাকৰণক্ষলোকসভাৰ অধ্যক্ষভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাফকৰা যোজনাখোলঅসম লোকসেৱা আয়োগৰাম সৰস্বতীভূপেন্দ্ৰ সংগীতজম্মু আৰু কাশ্মীৰমেদবহুলতাসৌৰ শক্তিকেতেকীৰোমান সাম্ৰাজ্যযতীন্দ্ৰ নাথ দুৱৰাবড়ো ভাষাশ্ৰীনিবাস ৰামানুজনঅসমীয়া ভাষা আন্দোলনফাকে জনগোষ্ঠীমৃত্যুঞ্জয়নামঘৰআগালমাকাজনপ্ৰব্ৰজনবৰ্ণালী কলিতাবুলু ফিল্মকোচ হাজোআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবিজ্ঞানচাৰুল পৰৱইন্দিৰা মিৰিৰাধাগোবিন্দ বৰুৱাএডল্ফ হিটলাৰমহাভাৰতশুৱালকুছিভৈৰৱী মন্দিৰভীষ্মকজন গণ মনজোনাকী (আলোচনী)অৰ্জুন ভঞ্জনগুৱাহাটী বিশ্ববিদ্যালয়মাজুলীৰ মৃৎ শিল্পবিশ্ব পশু চিকিৎসা দিৱসহাজং জনগোষ্ঠীলেছবিয়ান🡆 More