নৰনাৰায়ণ

মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল। শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মলৈ তেৱেঁই প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। তেওঁ সাহিত্য -সংস্কৃতিৰো এজন উল্লেখযোগ্য পৃষ্ঠপোষক আছিল। তেওঁৰ শাসনকালতে পুৰুষোত্তম বিদ্যাবাগীশে প্ৰয়োগ ৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ লিখি উলিয়াইছিল।

নৰনাৰায়ণ
ৰাজত্ব ১৫৫৪-১৫৮৬
উত্তৰসূৰী লক্ষ্মীনাৰায়ণ
পিতৃ বিশ্বসিংহ

১৫৮১ চনত ভতিজাক ৰঘুদেৱে (চিলাৰায়ৰ পুত্ৰ) নৰনাৰায়ণৰ অধীনতে ৰাজ্যৰ পূৱ প্ৰান্ত কোচ হাজোত শাসন কৰিবলৈ লয়। কিন্তু নৰনাৰায়ণৰ মৃত্যুৰ পাছত তেওঁ নিজৰ স্বাধীনতা ঘোষণা কৰে আৰু নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ৰাজ্যৰ পশ্চিম প্ৰান্ত কোচ বিহাৰত শাসন কৰিবলৈ লয়।

নৰনাৰায়ণৰ সোঁৱৰণত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি যোৱা যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী দলংখনৰ নাম নৰনাৰায়ণ সেতু ৰখা হৈছে।

টোকা

তথ্যসূত্ৰ


নৰনাৰায়ণ
কোচ ৰাজ্য
শাসকীয় শিৰোনাম
পূৰ্বৱৰ্তী
বিশ্বসিংহ
কমতাৰ ৰজা পৰৱৰ্তী
লক্ষ্মীনাৰায়ণ

Tags:

কমতা ৰাজ্যকোচ ৰাজ্যনৱবৈষ্ণৱ ধৰ্মবিশ্বসিংহশ্ৰীমন্ত শংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

উইলিয়াম শ্বেইকছপীয়েৰআৰ্দ্ৰতাচুটিগল্পশিঙি মাছভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগগামখাৰুঅসমত দেখা চৰাইবোৰসংগীতকেঁচা পাতৰ কঁপনিঅসমৰ ৰাজ্যপালসকলৰ তালিকাবড়ো চুক্তি ২০২০ৰমন্যাসবাদকুমাৰ ভাস্কৰ বৰ্মাবড়ো ভাষাকিৰাটসমাজমাটিপিঠাভিটামিনসাঁথৰশাল গছনৱকান্ত বৰুৱাবিষ্ণুপ্ৰসাদ ৰাভাশিৱসাগৰৰ শিৱদৌলসাম্যবাদী সমাজএইড্‌ছভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকুন্তীগোৱালপৰীয়া লোকগীতপৰীক্ষামূলক মনোবিজ্ঞানকামৰূপ ৰাজ্যলিংগঅসীমত যাৰ হেৰাল সীমাবৰপেটা সত্ৰভ্ৰাম্যমাণ থিয়েটাৰতিতাবৰ মহকুমামৈদামৰাছিয়াগুপ্ত সাম্ৰাজ্যডিমা হাছাও জিলাকোণৰঘুনাথ চৌধাৰীআনন্দৰাম ঢেকিয়াল ফুকনভট্টদেৱৰ গদ্যশৈলীকথা কবিতাঅসমীয়া প্ৰতিদিনভাৰতৰ উপৰাষ্ট্ৰপতিএ পি জে আব্দুল কালামডিম্বেশ্বৰ নেওগফাকুৱাভূগোলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমহাভাৰতৰ পাত্ৰপাইথেগাৰাছচৰ্যাপদজতুৱা ঠাঁচঅসমীয়া লোক কবিতাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅষ্ট্ৰেলিয়া (মহাদেশ)প্ৰহ্লাদ চৰিত্ৰজ্যোতিৰেখা হাজৰিকাস্বদেশী আন্দোলনঅসমীয়া ভাষাৰ শব্দসম্ভাৰৰাজনীতিজোৰোণগৰ্ভপাতস্বাভাৱিক সংখ্যাচৰাইধুতিমিচিং জনগোষ্ঠীৰ সাজপাৰঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাপদ্মনাথ গোহাঞি বৰুৱাউদ্ভিদ🡆 More