চ্যু-হ্যুণ-মু'ঙ

চাওফা চ্যুপিমফাৰ (১৪৯৩-১৪৯৭ খ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ বকতাত ৰাজধানী পাতিছিল।

চাওফা চ্যু-হুন-মুং
চুহুংমুং
দিহিঙীয়া ৰজা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৪৯৩-১৪৯৭
সম্পূৰ্ণ নাম
চাওফা চ্যু-হুন-মুং
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

শাসনকাল

আহোম ৰাজবংশ
চ্যু-হ্যুণ-মু'ঙ 
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যাদাৰে বৰপাত্ৰগোহাঁ‌ই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে শদিয়া আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।

এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়। ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী মূলাগাভৰুও ৰণত পৰে। পিছত সেই ঠাইতে কনচেং বৰপাত্ৰগোঁহাইৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই কৰতোৱা নদী দুই ৰাজ্যৰ সীমা হয়।

চুহুন্মুঙৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোৱা দ'ল, কৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।

১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে।

এইজনা স্বৰ্গদেৱৰ দিনৰ পৰাই অসমত শকাব্দ বা 'শঁকাদিত্যৰ শঁক'ৰ প্ৰচলন হয়।

মৃত্যু

১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ চুক্লেণমুঙৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।

তথ্য সংগ্ৰহ

Tags:

চাওফাবকতাহিন্দুধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

জম্মু আৰু কাশ্মীৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমীয়া ভাষাবাগ্‌ধ্বনিজৈন ধৰ্মচীনথমাছ আলভা এডিচনবাৰেচহৰীয়া ভাওনা মহোৎসৱসমাজবাদবিলঅসমীয়া লোক-সংস্কৃতিঔ টেঙাগুণমালাঅষ্ট্ৰেলিয়া (মহাদেশ)অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবাজেটমৰুভূমিমাজুলীঅসম আৰক্ষীকাছাৰ জিলাভিয়েটনামকপৌ ফুলসাঁথৰনগেন শইকীয়াঅসমীয়া খাদ্যাভ্যাসবৰগীতজ্যোতিৰেখা হাজৰিকাচকলংশাল গছবিহু নৃত্যঅসমীয়া ভাষা আন্দোলনএলবাৰ্ট আইনষ্টাইনশিশু সাহিত্যঋতুনামঘোষামহাদেশকেতেকীচৰিত পুথিখ্ৰীষ্টান ধৰ্মআগ্নেয়গিৰিদিনযাদৱ পায়েংজোনবিল মেলাসিংহ (ৰাশি)অসমীয়া লিপিওজাপালিঘৰ শালিকাবদলা পদ্ম আতা সত্ৰজীৱবৈজ্ঞানিক বৰ্গীকৰণৰুছ-ইউক্ৰেনীয় যুদ্ধঅন্তঃস্ৰাৱী তন্ত্ৰকামাখ্যা মন্দিৰচাহেবপুৰাৰ বৰষুণগুণাভিৰাম বৰুৱাবায়ু প্ৰদূষণঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ জাতীয় গীতআলুআহোম-মোগলৰ সংঘৰ্ষএমিবাঅনুবাদটাই সংস্কৃতিৰ ৰূপৰেখাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকানাগামিজধাতু আৰু অধাতুমেদবহুলতামাহপাল ৰাজবংশকৰতল কমল কমল দল নয়নআর্গন (পোশাক)কাকৈজানা সংৰক্ষিত বনাঞ্চলশিক্ষা মনোবিজ্ঞানতিৱা জনগোষ্ঠীঅংকীয়া নাটমাদাৰ টেৰেছা🡆 More