কাৰ্ল চাগান

কাৰ্ল এডৱাৰ্ড চাগান (ইংৰাজী: Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল। প্ৰধানকৈ বিজ্ঞান জনপ্ৰিয়কৰণ আৰু সমন্বয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেহে তেওঁ অধিক পৰিচিত। তেওঁৰ বৈজ্ঞানিক গৱেষণাৰ ভিতৰত বহিঃৰ্বিশ্বৰ প্ৰাণী সম্পৰ্কে কৰা গৱেষণা, বিকিৰণৰ সহায়ত প্ৰাথমিক ৰাসায়নিক পদাৰ্থৰ পৰা এমিন' এচিড উৎপাদনৰ পৰীক্ষামূলক ব্যাখ্যা ইত্যাদি উল্লেখনীয়। চাগানেই মহাকাশলৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰা 'দ্য পায়'নিয়াৰ প্লে'ক' (the Pioneer plaque) আৰু 'দ্য ভয়েজাৰ গল্ডেন ৰেকৰ্ড' (the Voyager Golden Record) নামৰ ভৌতিক বাৰ্তা যুগুতাই উলিয়াইছিল। এনেধৰণৰ বিশ্বজনীন বাৰ্তাবোৰ যদি কেনেবাকৈ বহিঃৰ্গ্ৰহৰ প্ৰাণীৰ হাতত পৰে, সিহঁতেও নিশ্চয় ইয়াৰ অৰ্থ বুজিব পাৰিব। শুক্ৰ গ্ৰহৰ ভূপৃষ্ঠৰ উচ্চ উষ্ণতাৰ মূলতে সেউজ গৃহ প্ৰভাৱ বুলি চাগানেই প্ৰথম যুক্তি দৰ্শাইছিল। এই প্ৰাকল্পিকটো (hypothesis) বৰ্তমান সকলোৱে মানি লৈছে।

কাৰ্ল চাগান
কাৰ্ল চাগান
১৯৮০ চনত কাৰ্ল চাগান
জন্ম কাৰ্ল এডৱাৰ্ড চাগান
৯ নৱেম্বৰ, ১৯৩৪
ব্ৰুকলিন, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২০ ডিচেম্বৰ, ১৯৯৬ (৬২ বছৰ)
ছিয়াট'ল, ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ
  • জ্যোতিৰ্বিজ্ঞান
  • ব্ৰহ্মাণ্ডতত্ত্ব
  • জ্যোতিৰ্পদাৰ্থবিদ্যা
  • জ্যোতিজীৱবিদ্যা
  • মহাকাশ বিজ্ঞান
  • গ্ৰহ বিজ্ঞান
কৰ্মস্থান
  • কৰ্ণেল বিশ্ববিদ্যালয়
  • হাভাৰ্ড বিশ্ববিদ্যালয়
  • স্মিথছ'নিয়ান এষ্ট্ৰ'ফিজিকেল অৱজাৰভেটৰি
  • ইউনিভাৰ্ছিটি অৱ কেলিফ'ৰ্ণিয়া, বাৰ্কেলে
শিক্ষানুষ্ঠান চিকাগ' বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা গেৰাৰ্ড কুইপাৰ
ডক্তৰেল বিদ্যাৰ্থী ক্লাৰ্ক চাপমেন, জেমছ্ বি. পোলাক, ৱ'ৱেন টুন
জনা যায়
  • ছাৰ্চ ফ'ৰ এক্সট্ৰা-টেৰেষ্ট্ৰিয়েল ইণ্টেলিজেঞ্চ (ছেটি)
  • ক'ছ্‌ মছ: এ পাৰ্ছনেল ভয়েজ
  • ক'ছ্‌ মছ
  • ভয়েজাৰ গল্ডেন ৰেকৰ্ড
  • পায়'নীয়াৰ প্লেক
  • দা ড্ৰেগনছ্ অৱ ইডেন
  • কণ্টেক্ট
  • পেল ব্লু ডট
উল্লেখনীয় বঁটা নাছা ডিষ্টিংগুইছ্‌ ড পাব্লিক ছাৰভিচ মেডেল (১৯৭৭)
পুলিৎজাৰ প্ৰাইজ ফ'ৰ জেনেৰেল ন'ন-ফিক্‌ চন (১৯৭৮)
অ'ৱেৰ্ষ্টেড মেডেল (১৯৯০)
কাৰ্ল ছেগান এৱাৰ্ড ফ'ৰ পাব্লিক আণ্ডাৰষ্টেণ্ডিং অৱ ছাইঞ্চ (১৯৯৩)
নেচনেল একাডেমি অৱ ছাইঞ্চেছ পাব্লিক ৱেলফেয়াৰ মেডেল (১৯৯৪)
দাম্পত্যসঙ্গী লিন মাৰ্গুলিছ (বি. ১৯৫৭; বিচ্ছেদ ১৯৬৫)
লিণ্ডা ছাল্জমেন চাগান (বি. ১৯৬৮; বিচ্ছেদ ১৯৮১)
আন ড্ৰুয়ান (বি. ১৯৮১)
সতি-সন্ততি
স্বাক্ষৰ
কাৰ্ল চাগান

কাৰ্ল চাগানে তেওঁৰ জীৱনকালত ৬০০তকৈও অধিক বৈজ্ঞানিক পত্ৰ আৰু প্ৰবন্ধ প্ৰকাশ কৰিছিল। লগতে তেওঁ ২০ খনতকৈও অধিক গ্ৰন্থৰ ৰচনাৰ লগত জড়িত। ইয়াৰে কেইখনমান কিতাপ তেওঁ নিজাববীয়াকৈ ৰচনা কৰাৰ বিপৰীতে আন কেইখনমান কিতাপৰ যুটীয়া ৰচক অথবা সম্পাদক। তেওঁ 'দ্য ড্ৰেগনছ্ অৱ ইডেন' (The Dragons of Eden), 'ব্ৰকাছ ব্ৰেইন' (Broca's Brain), 'পেল ব্লু ডট' (Pale Blue Dot) আদিৰ দৰে কেবাখনো জনপ্ৰিয় বিজ্ঞান কিতাপৰ স্ৰষ্টা। ১৯৮০ চনৰ দূৰদৰ্শন ধাৰাবাহিক 'কছমছ: এ পাৰ্ছনেল ভয়েজ' (Cosmos: A Personal Voyage) খনৰ তেৱেঁই বিৱৰণী আগবঢ়াইছিল। এই ধাৰাবাহিকখন তেওঁ যুটীয়াভাৱে ৰচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা দূৰদৰ্শনৰ ইতিহাসত সৰ্বসাধাৰণ লোকে সবাতোকৈ বেছি চোৱা ধাৰাবাহিক 'কছমছ' (Cosmos)-ৰ আঁৰৰ ব্যক্তিজনো কাৰ্ল চাগানেই। সমগ্ৰ বিশ্বৰ প্ৰায় ৬০খন দেশৰ প্ৰায় ৫০ কোটি লোকে এই ধাৰাবাহিকখন উপভোগ কৰিছে। পিছত ধাৰাবাহিকখনৰ বিষয়বস্তুক ভিত্তি কৰিয়েই চাগানে তেওঁৰ বিখ্যাত আৰু বহুলপঠিত গ্ৰন্থ 'কছমছ' (Cosmos) প্ৰকাশ কৰে। তেওঁ 'কনটেক্ট' (Contact) নামৰ এখন কল্পবিজ্ঞানমূলক গ্ৰন্থও লিখিছিল। এই গ্ৰন্থখনৰ আলমত ১৯৯৭ চনত একে নামেৰে এখন চলচ্চিত্ৰও নিৰ্মিত হৈছিল।

চাগানে কৰ্নেল বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়খনত অৱস্থিত 'গ্ৰহ অধ্যয়নৰ গৱেষণাগাৰ'টো তেৱেঁই পৰিচালনা কৰিছিল। সমগ্ৰ জীৱনকালধৰি তেওঁ বৈজ্ঞানিক পদ্ধতি সম্প্ৰসাৰণৰ সপক্ষে মাত মাতি আহিছিল। পূৰ্বতে উল্লেখ কৰাৰ দৰে তেওঁ বহিৰ্বিশ্বত থাকিবপৰা বুদ্ধিমান প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। ইংৰাজী ভাষাত ইয়াক চমুকৈ 'চেটি' (Search for Extra-Terrestrial Intelligence, SETI) বুলি জনা যায়। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে তেওঁ NASA Distinguished Public Service Medal, the National Academy of Sciences Public Welfare Medal আদিকে ধৰি অনেক বঁটা-সন্মান লাভ কৰিছে। তেওঁৰ 'দ্য ড্ৰেগনৃছ অৱ ইডেন' (The Dragons of Eden) শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ 'সাধাৰণ অকাহিনী' (General Non-Fiction) শাখাত পুলিৎজাৰ বঁটা লাভ কৰিছিল। তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা কাৰ্ল চাগান পাঁচটা সন্তানৰ পিতৃ। ১৯৬২ চনৰ ২০ ডিচেম্বৰত নিউম'নিয়াত আক্ৰান্ত হৈ মাত্ৰ ৬২ বছৰ বয়সতে চাগানৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাসেউজ গৃহ প্ৰভাৱ

🔥 Trending searches on Wiki অসমীয়া:

কৃষ্ণচূড়াশীতল যুদ্ধঅসমৰ ইতিহাসয়ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগোলাপমৌখিক লোকসাহিত্যনগাঁওদেৱালীবৰপেটা সত্ৰধূমকেতুমঘাই ওজাভেঁকুৰশূন্যঅসমীয়া সাহিত্যত মালিতানামেৰি ৰাষ্ট্ৰীয় উদ্যানপ্ৰাকৃতিক দুৰ্যোগশিক্ষাৰ অধিকাৰমাজুলীৰ মৃৎ শিল্পখেৰাইসাঁচিপাতসাত বিহুলোকভাষামোৰ জীৱন সোঁৱৰণগণেশ গগৈহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যৰামআলেকজেণ্ডাৰ গ্ৰাহাম বে'লশিক্ষামামণি ৰয়ছম গোস্বামীৰ উপন্যাসফেইচবুকপাচন তন্ত্ৰভঠেলিআনন্দ চন্দ্ৰ আগৰৱালাভূপেন হাজৰিকাদীপলিনা ডেকাবৃশ্চিক (ৰাশি)বৈজ্ঞানিক নামকৰণ পদ্ধতিৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিলঅসমৰ চৰ-চাপৰিবাসীস্বাভাৱিক সংখ্যাশুৱালকুছিঘৰদেউৰী জনগোষ্ঠীঅংকীয়া নাটমনোবিজ্ঞানমানস ৰাষ্ট্ৰীয় উদ্যানগামোচাৰামকৃষ্ণ পৰমহংসনীল প্ৰজাপতিখামটি জনগোষ্ঠীঅসমৰ তামোল-পাণ সংস্কৃতিপাচনডিম্পু বৰুৱাসমোচ্চাৰিত শব্দতেজপুৰবহুৱা নাচকুশান নৃত্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামুছলমানকাল সংহতিকাৰ্বি আংলং জিলাঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমীয়া খাদ্যাভ্যাসগায়ত্ৰী মহন্তপঃৰাগভট্টদেৱসাহিত্য সমালোচনাআধুনিকতাবাদচ্যু-কা-ফাকামৰূপ ৰাজ্যঅসমীয়া সাহিত্যগুণমালা🡆 More