মঘাই ওজা: সাংস্কৃতিক কৰ্মী

মঘাই ওজা (ইংৰাজী: Moghai Ojah; ১৯১৬-১৯৭৮) অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী আছিল। জন্মসূত্ৰে মঘাই বৰুৱা নাম হ'লেও ঢোল বিদ্যাত তেখেতৰ পাৰদৰ্শিতাৰ বাবে গণশিল্পী, মঘাই ওজা বা ঢোলৰ যাদুকৰ নামেৰে প্ৰখ্যাত হৈ পৰে। অসম আৰু ভাৰতত ঢোল বাদনৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰিও তেখেত বলৰাজ চাহানী, সলিল চৌধুৰী আদিৰ দৰে ব্যক্তিৰ সংস্পৰ্শলৈও আহিছিল। তেখেতে গ্ৰামাফোন ৰেকৰ্ড আৰু বিভিন্ন অসমীয়া, বাংলা চলচ্চিত্ৰতো ঢোল বাদ্য পৰিবেশন কৰিছিল।

মঘাই ওজা
মঘাই ওজা: প্ৰাৰম্ভিক জীৱন, সাংস্কৃতিক জীৱন, ঐতিহ্য
জন্ম মঘাই বৰুৱা
১৯১৬ চন
নাওশলীয়া গাঁও, যোৰহাট, অসম
মৃত্যু ১৯৭৮ চন
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ঢুলীয়া, সাংস্কৃতিক কৰ্মী
পিতৃ-মাতৃ বোপাৰাম বৰুৱা, ৰূপতী বৰুৱা

প্ৰাৰম্ভিক জীৱন

অসমৰ গণশিল্পী মঘাই ওজাৰ জন্ম হয় যোৰহাটৰ অন্তৰ্গত হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত ১৮৩৮ শকৰ (১৯১৬ চন) মাঘৰ ১৫ তাৰিখে মঙ্গলবাৰে। তেওঁ কেওঁট জনগোষ্ঠীৰ লোক আছিল। স্বচ্ছল নোহোৱা কাৰণে বিধবা মাতৃয়ে বৰ কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰে। সৰুৰে পৰা মঘাই বুদ্ধিমান আছিল। তেওঁৰ পঢ়া-শুনাত ৰাপ আছিল যদিও আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰি আৰু পঢ়িব নোৱাৰিলে।

অৱস্থাৰ তাড়নাত পৰি ল'ৰা মঘায়ে কিছুদিন চেনিজান নামৰ এখন চাহ বাগিচাত কাম কৰে; কিন্তু সেই কামত তেওঁৰ মন নবহিল। গতিকে তেওঁ ঘৰলৈ উভতি আহিল। বাল্যকালৰ পৰাই সুকুমাৰ কলা, বিশেষকৈ গীতবাদ্যৰ প্ৰতি মঘাইৰ অপৰিসীম অনুৰাগ আছিল। সেই কাৰণে তেওঁ বাগিচাৰ চাকৰি এৰি ওচৰৰে ডিম্বেশ্বৰ গগৈ নামে এজন বয়োবৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা লয়। ইং ১৯৩১ চনৰ কথা। ঢোল বিদ্যাত তেওঁ এনে গভীৰভাৱে মনোনিবেশ কৰিলে যে অলপ দিনৰ ভিতৰতে ঢোল বাজনাৰ আটাইবোৰ গত আৰু ছেও আয়ত্ত কৰি পেলালে। লাহে লাহে তেওঁৰ ঢোল-বাদ্য প্ৰদৰ্শনৰ খ্যাতি অসমৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিল। তেওঁ নিজৰ শিল্পী জীৱনৰ বিষয়ে লিখিছে :

"ষোল্ল বছৰৰ পৰাই মই শিল্পী জীৱনলৈ মন মেলিলোঁ। মোক কোনেও তাত বাধা দিয়া নাছিল। প্ৰথমতে মোক তেজপুৰলৈ নিমন্ত্ৰণ কৰে। তাৰ ওচৰতে গকুল বৰুৱা বুলি এজন চাহ খেতিয়কে মোক অনুপ্ৰেৰণা দিয়ে আৰু তেখেতেই মোক তেজপুৰলৈ লৈ যায়। তাত শ্ৰদ্ধেয় হেমাংগ বিশ্বাসে মোক লগ ধৰি কথা-বাৰ্তা পাতে আৰু সহায় সহানুভূতি আগবঢ়াই মোক ৰাইজৰ চকুৰ আগত ওলাবলৈ উদগনি দিয়ে।’’

মঘাই ওজাই যে কেৱল স্কুল-কলেজ, সভা-সমিতি বা অন্যান্য সংগীতানুষ্ঠানতহে ঢোল বজাইছিল এনে নহয় - জীৱনৰ আগছোৱাত বিয়া-বাৰু আদি অনুষ্ঠানতো ঢোল বজাইছিল আৰু ঢোল বজাই পোৱা পইছাৰে জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁ নিজে গীত ৰচি গীতৰ সুৰ ঢোলত তুলিছিল। এই বিষয়ে তেখেতে লিখিছিল -

"গাঁৱৰ বিয়া-সবাহত মই ঢোল বজাওঁ আৰু যি পইচা পাওঁ তাৰে মই চলোঁ আৰু ঢোল কিনো। মই নিজে ঢোলৰ গীত-মাত ৰাগ-সুৰ ৰচনা কৰোঁ। মই নিজে নিজে অভ্যাস কৰোঁ - ঢোল, খোল, নেগেৰা, টোকাৰী আদি বজাবলৈ। ইবোৰৰ বাজনাই মোক আকৰ্ষণ কৰে। পিছত মই ভক্তিমূলক গাত-মাতবোৰ নিজে নিজে ৰচনা কৰি ঢোলত প্ৰকাশ কৰোঁ।"

সাংস্কৃতিক জীৱন

লাহে লাহে ঢোল-বাদক হিচাপে মঘাইৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল। মঘাই বৰুৱা হ'লগৈ মঘাই ওজা, ঢোলৰ যাদুকৰ। বিভিন্ন সভা-সমিতি, বিহু আদি সাংস্কৃতিক অনুষ্ঠানত মঘাইৰ ঢোলৰ চাপৰি এটা আকৰ্ষণীয় অংগ হৈ পৰিল। এই অনুষ্ঠানবোৰত মঘাইৰ বিভিন্ন শিল্পীৰ সান্নিধ্যলৈ অহাৰ সুযোগ ঘটে। এই সম্পৰ্কে তেখেতে লিখিছে এবাৰ বাণ ৰঙ্গমঞ্চৰ সাহাৰ্যাৰ্থে পতা বিচিত্ৰানুষ্ঠানলৈ তেওঁ নিমন্ত্ৰিত হয় আৰু তাতেই বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, চন্দ্ৰ গোস্বামী আদি খ্যাতিমান শিল্পীসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ পায়। তেওঁলোকৰ পৰা ওজাই যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল। এবাৰ এখন সংগীত সন্মিলনত হেনো বিখ্যাত তবলা বাদক শান্তাপ্ৰসাদৰ তবলাৰ লহৰৰ লগত মঘাইৰ ঢোলৰ প্ৰতিযোগিতা চলে। এই প্ৰতিযোগিতাত শান্তাপ্ৰসাদৰ তিনিটাকৈ তবলা ফাটি যায় আৰু মঘায়ে জয় লাভ কৰে।একে সময়তে কেইবাটাও ঢোল বজাই জীৱ-জন্তুৰ মাত, ৰেল-মটৰ আদি যান-বাহন চলোঁতে হোৱা শব্দ, ধুমুহা-বৰষুণ শব্দ আদি নিখুঁতভাৱে ফুটাই তোলাত মঘায়ে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ কিলাকুটি, ভৰি, বুঢ়া আঙুলি, থুঁতৰি আৰু নাকেৰেও ঢোল বজাব পাৰিছিল।

১৯৫৪ চনত মঘাই ওজাই গণনাট্য সংঘৰ অসমৰ প্ৰতিনিধি হিচাপে ড° ভূপেন হাজৰিকাৰ সৈতে কলকাতাৰ ৱেলিংটন স্কোৱেৰত অনুষ্ঠিত গণনাট্য সংঘৰ অনুষ্ঠানত যোগদান কৰে৷১৯৫৫মঘায়ে গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় গণনাট্য সংঘৰ ( আই.পি.টি.এ) প্ৰদেশিক চতুৰ্থ সন্মিলনত যোগ দিয়াৰ সুবিধা লাভ কৰে। এই সংঘৰ যোগেদি তেওঁ দিল্লীত অনুষ্ঠিত আই.পি.টি.এ সন্মিলনত যোগ দিয়ে আৰু তাতে বিখ্যাত চিত্ৰ অভিনেতা বলৰাজ চাহানী, শিল্পী অণৰ শ্বেখ আদিৰ সান্নিধ্যলৈ অহাৰ সুযোগ লাভ কৰে। তাত বিষ্ণুপ্ৰসাদ ৰাভা, চৈয়দ আব্দুল মালিক, ভূপেন হাজৰিকা প্ৰমুখ্যে ভালেমান অসমীয়া শিল্পী সাহিত্যিক জড়িত আছিল। বলৰাজ চাহানী, কেৰেলাৰ গুৰু গোবিন্দ নাথ আদি শিল্পীসকলৰ তেওঁ প্ৰিয়ভাজন হ'ব পাৰিছিল। এবাৰ বোম্বেৰ জুহু বীচত থকা নিজঘৰত ৰাখি বলৰাজ চাহানীয়ে মঘাইক আদৰৰ আলহী হিচাপে আপ্যায়িত কৰিছিল। ১৯৫৯চনত মস্কোত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ মহোৎসৱলৈ গণনাট্যৰ প্ৰতিনিধি হিচাপে মনোনীত হয়৷ পিছত অৱশ্যে এই যাত্ৰা বাতিল কৰা হয়৷ ১৯৬০ চনত অসমীয়া-বাংলাভাষীৰ মাজত হোৱা আলোড়নৰ সময়ত সাম্প্ৰদায়িক সংহতিৰ বাবে অসম ভ্ৰমণ কৰা শিল্পী দলক তেঁও সহযোগিতা আগবঢ়াইছিল৷

কথাছবি জগততো মঘাই ওজাই ঢোলৰ ছেও দেখুৱাই খ্যাতি আৰ্জিছিল। তেওঁ অংশগ্ৰহণ কৰা কথাছবি কেইখন হ'ল - "পিয়লি ফুকন" (অসমীয়া), "তৃষ্ণা" (হিন্দী), "মাহুত বন্ধুৰে" (বাংলা), "ৰঙা পুলিচ", আৰু "প্ৰতিধ্বনি" (অসমীয়া)। ইয়াৰ উপৰি তেওঁ ভালেমান মঞ্চনাট আৰু অনাতাঁৰ নাটৰ লগতো জড়িত আছিল। গ্ৰামোফোন ৰেকৰ্ড কৰা "খৰা শিয়ালৰ বিয়া", "ভাৰত স্বাধীনতা" আদি নাটত তেখেতে ঢোল বাদ্য পৰিবেশন কৰিছিল। 'মেঘে গজা', 'বৰষুণ অনা', 'ৰেলগাড়ী চলা' নামৰ ৰেকৰ্ড ওজাৰ স্বকীয় প্ৰতিভাৰ স্বাক্ষৰ হৈ ৰৈছে।

১৯৭৮ চনৰ ১৫ মাৰ্চত মেলেঙত থকা নিজা বাসভৱনত মঘাই ওজাৰ মৃত্যু হয়।

ঐতিহ্য

  • অসম চৰকাৰে ২০০৩ চনত "মঘাই ওজা বঁটা"ৰ ঘোষণা কৰে যদিও পিছলৈ ই অনিয়মীয়া হৈ পৰে।
  • ২০০৯ চনত জয়ন্ত মাধৱ দত্তই "গণশিল্পী মঘাই ওজা" নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে।
  • ২০১১ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ ব্যক্তিক "গণশিল্পী মঘাই ওজা বঁটা" প্ৰদান কৰাৰ কথা ঘোষণা কৰে। প্ৰথম বৰ্ষত এই বঁটা লাভ কৰে নন্দী শইকীয়াই।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাতীগড়ত "মঘাই ওজা স্মৃতি সৌধ" নিৰ্মাণ কৰে। হাতীগড়ত এখন "মঘাই ওজা সাংস্কৃতিক ক্ষেত্ৰ"ৰো নিৰ্মাণ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

মঘাই ওজা প্ৰাৰম্ভিক জীৱনমঘাই ওজা সাংস্কৃতিক জীৱনমঘাই ওজা ঐতিহ্যমঘাই ওজা তথ্য সংগ্ৰহমঘাই ওজাঅসমইংৰাজী ভাষাঢোলসলিল চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

ৱিকিপিডিয়াচান্দ সদাগৰঅসমীয়া উপন্যাসমোহনদাস কৰমচান্দ গান্ধীঅংগনবাদীবেলি ফুলকম্পিউটাৰলিংগ (জৈৱিক)নীলমণি ফুকন (কনিষ্ঠ)সত্যনাথ বৰানামচিংওডিছীহিন্দু ধৰ্মক্ৰিকেটব-দ্বীপহৰিবৰ বিপ্ৰনিৰোদ চৌধুৰীবংগ বিভাজন (১৯০৫)অসমৰ চাহ জনগোষ্ঠীমানৱ শৰীৰৰাষ্ট্ৰসংঘহিমবাহব্যৱস্থাপনাভাৰত-চীন যুদ্ধবিশ্বনাথ ঘাটতলাতল ঘৰচাহচুটিগল্পধাতু আৰু অধাতুডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়কলাৰুক্মিণীনৱকান্ত বৰুৱাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকানীলপৱন বৰুৱাপুৰাণঅসম আন্দোলনকাৰেংঘৰবুৰঞ্জীহেমকোষনাৰীঅসমৰ মহকুমাসমূহৰ তালিকাপৃথিৱীহৃদযন্ত্ৰৰজনীগন্ধাবলোৰামভূপেন হাজৰিকাৰ সাহিত্যডিমাছা জনগোষ্ঠীযতি-চিনকামৰূপ ৰাজ্যব্ৰিটিছ ৰাজমিজোৰামমহাদেশযোগেশ দাসপৰিমেয় সংখ্যামাঘ বিহুজৱাহৰলাল নেহৰুবিষ্ণুলক্ষ্মীনন্দন বৰামৃত্যুঞ্জয়কথা-ভাগৱতবেদঅসমীয়া লোক কবিতাউৎসৱঅসমৰ কাঁহ শিল্পপ্ৰদূষণহোমেন বৰগোহাঞিদক্ষিণপাট সত্ৰগাঁও পঞ্চায়তঅসমৰ মাছকৰ'নাভাইৰাছ ৰোগ ২০১৯চলচ্চিত্ৰপায়ু সংগমআউনীআটী সত্ৰপথেৰ পাঁচালীমৃণাল কলিতা🡆 More