দেৱালী: ভাৰতীয় উৎসৱ

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।

দেৱালী
দেৱালী
দ্বীপান্বিতা উপলক্ষে ৰঙীন গুড়িৰে তৈয়াৰ কৰা ৰংগুলী আৰু চাকি
পালন কৰে হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকল
প্ৰকাৰ সাংস্কৃতিক, ধৰ্মীয়
তাৰিখ কাতি মাহৰ অমাবস্যা
উদযাপন পোহৰৰ উৎসৱ হিচাপে বন্তি প্ৰজ্বলন, আলোক সজ্জা আৰু বোমা-ফটকা ফুটুৱা, গৃহসজ্জা, ধৰ্মীয় অনুষ্ঠান
সম্পৰ্কিত গালুগান, বন্দী ছোড় দিৱস, তিহাৰ, স্বান্তী, চহৰাই, বান্দনা

দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।

দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে। ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে কেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে।

দীপাৱলীৰ তাৎপৰ্য

ভাৰতত দীপাৱলীৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক তাৎপৰ্য অপৰিসীম।

ধৰ্মীয় তাৎপৰ্য্য

দীপাৱলী মূলতঃ হিন্দু উৎসৱ, কিন্তু জৈন আৰু শিখ ধৰ্মৰ দৰে অন্যান্য ধৰ্মইও ইয়াক পালন কৰে। ই বেয়াৰ ওপৰত ভালৰ জয় আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক। দীপাৱলীৰ সময়ত মানুহে ধনৰ দেৱী লক্ষ্মী আৰু বাধা আঁতৰোৱা ভগৱান গণেশক প্ৰাৰ্থনা কৰে।

সামাজিক তাৎপৰ্য্য

দীপাৱলী বছৰৰ এনে এক সময় যেতিয়া পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একত্ৰিত হৈ উদযাপন কৰে। মানুহে উপহাৰ, মিঠাই, শুভেচ্ছা আদান-প্ৰদান কৰে আৰু ই দিয়া-গ্ৰহণৰ সময়। ভাৰততো দীপাৱলীৰ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণি হয়, আৰু মানুহে নিজৰ ব্যৱসায় আৰম্ভ কৰে পৰিষ্কাৰ স্লেটৰ সৈতে।

সাংস্কৃতিক তাৎপৰ্য্য

দীপাৱলী সমগ্ৰ ভাৰততে পালন কৰা এক উৎসৱ, আৰু বিভিন্ন অঞ্চলত ইয়াৰ সাংস্কৃতিক তাৎপৰ্য্য বেলেগ বেলেগ। ভাৰতৰ কোনো কোনো ঠাইত শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়, আন কোনো ঠাইত বছৰৰ শেষৰ ফালে পালন কৰা হয়। দীপাৱলীতো মানুহে নিজৰ ঘৰ-বাৰী আৰু ৰাস্তা-ঘাট লাইট আৰু ৰেংগোলি (ৰঙীন পাউদাৰেৰে তৈয়াৰী সজ্জাৰ আৰ্হি)ৰে সজাই তোলে।

ভাৰতৰ অন্যান্য ধৰ্মাৱলম্বী সকলে দেৱালীৰ লগতে নিজা উৎসৱ পালন কৰে। জৈন সকলে দেৱালীৰ লগতে তীৰ্থকৰ মহাবীৰৰ জ্ঞান প্ৰাপ্তি উদযাপন কৰে। সেইদৰে শিখ সকলে মোগল কাৰাগাৰৰ পৰা গুৰু হৰগোবিন্দৰ মুক্তিৰ স্মৃতিত বন্দী চৰ দিৱস পালন কৰে। বৌদ্ধ ধৰ্ম পালন কৰা নেৱাৰ সকলে দেৱালীৰ লগত লক্ষ্মী পূজা আৰু বঙালী সকলে কালী পূজা অনুষ্ঠিত কৰে। মূল দেৱালী উৎসৱৰ দিনা ফিজি, গুৱানা, ভাৰত, মালয়েছিয়া (শ্ৰাৱকৰ বাদে), মৰিছাছ, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, শ্ৰীলংকা, চুৰিনাম, আৰু ট্ৰিনিদাদ আৰু টবাগ'ত চৰকাৰী বন্ধৰ দিন।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

গ্ৰেগৰিয়ান বৰ্ষপঞ্জীজৈন ধৰ্মবৌদ্ধ ধৰ্মশিখ ধৰ্মহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানপৰিৱেশ তন্ত্ৰবিহুগীতকল্পনা সাহিত্যদক্ষিণপাট সত্ৰমায়ংসম্ৰাট অশোকঅভিমন্যুজ্যোতিপ্ৰসাদ আগৰৱালাচ্যু-খ্ৰং-ফাসনজীদা খাতুনমধুপুৰ সত্ৰবাল্য বিবাহ নিষেধ আইন, ২০০৬অসমৰ সাধুকথাব্ৰহ্মপুত্ৰ নদবানপানীইউনিয়ন বেংক অৱ ইণ্ডিয়াবাণ ৰঙ্গমঞ্চঅনন্ত কন্দলিহোমেন বৰগোহাঞিআৰ্যভট্টস্বাস্থ্যপাইথেগাৰাছনীলিম কুমাৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানইণ্ডিয়ান অভাৰচিজ বেংকঊষায়ুৰি গেগেৰিনমাটিৰ হিচাপবলকলএম ভেঙ্কায়াহ নাইডুবুলু ফিল্মউপনিষদবিহু নৃত্যলোকসভাঅসমৰ চলচ্চিত্ৰসিংহৰাজেন্দ্ৰ প্ৰসাদশিৱসাগৰ২০২২ ফিফা বিশ্বকাপগণতন্ত্ৰভাৰতৰ স্বাধীনতা আন্দোলনছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ম’বাইল ফোনআৱাহন (আলোচনী)শিক্ষাৰ অধিকাৰআনন্দৰাম বৰুৱাসাহিত্য অকাডেমি বঁটাচৰাইআমেৰিকা যুক্তৰাষ্ট্ৰইমেইলভূতাপীয় শক্তিইউকো বেংকঅসমীয়া কবিতাৰ ইতিহাসবাণীকান্ত কাকতিগোলাঘাটপাইথাগোৰাছৰ উপপাদ্যভাৰত ত্যাগ আন্দোলনঅশোকৰ অনুশাসনছাকিৰাবৰপেটা জিলামানস ৰাষ্ট্ৰীয় উদ্যানচলচ্চিত্ৰপীতাম্বৰ কবিচিৰাং জিলাঅসমৰ পৰম্পৰাগত সাজ-পাৰবুৰঞ্জীজন গণ মনপৰিৱেশবাদতিৱা জনগোষ্ঠীঅশোক বনপুৰাণভঠেলিৰাজনীতি🡆 More