জৈনধৰ্ম (সংস্কৃত: जैन धर्म; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়। প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল। কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল। ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)। আধুনিক বিশ্বত জৈনধৰ্মাৱলম্বীসকলৰ সংখ্যা তুলনামূলকভাৱে অনেক কম হ’লেও এই ধৰ্ম বেছ প্ৰভাৱশালী। ভাৰতত জৈন ধৰ্মাবলম্বীসকলৰ সংখ্যা প্ৰায় ১০,২০০,০০০। ইয়াৰ বাহিৰেও আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, জাপান, হংকং, ছিঙ্গাপুৰ, অষ্ট্ৰেলিয়া আদি বিশ্বৰ অন্য প্ৰান্তটো কিছু জৈনধৰ্মী দেখা পোৱা যায়।
জৈন ধৰ্ম | |
---|---|
This article is part of a series on জৈন ধৰ্ম | |
Ṇamōkāra mantra · Micchami Dukkadam | |
Anekāntavāda · Syādvāda · Nayavāda · Cosmology · Ahimsa · Karma · Dharma · Nirvana · Kevala Jñāna · Mokṣa · Dravya · Navatattva · Asteya · Aparigraha · Gunasthana · Samsara | |
The 24 Tirthankaras · Rishabha · Mahavira · Acharya · Ganadhara · Siddhasena Divakara · Haribhadra | |
Digambara · Śvētāmbara | |
Kalpa Sūtra · Āgama · Tattvartha Sutra · Naaladiyar · Sanmatti Prakaran | |
Parasparopagraho_Jivanam · Jain symbol · Jain flag · Timeline · Topics list | |
মহাবীৰ জয়ন্তী · Paryushana · দেৱালী | |
জৈন ধৰ্ম Portal |
জৈনসকলে প্ৰাচীন শ্ৰমণ অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। ভাৰতৰ ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।
জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰে প্ৰাচীন শ্ৰমণ দৰ্শনৰ প্ৰচাৰ কৰে আৰু তাৰপৰাই জৈন দৰ্শনৰ সৃষ্টি হয়। বৰ্তমানৰ বিহাৰ ৰাজ্যত খ্ৰী.পূ. ৫৫০ চনৰ সময়চোৱাত জৈন দৰ্শনৰ বিকাশ হৈছিল। এই কালচোৱাত আদৰ্শবাদী নৱজাগৰণ হৈছিল। এই নৱজাগৰণত বেদৰ প্ৰভাৱক অস্বীকাৰ কৰা কেবাটাও মতবাদৰ সৃষ্টি হৈছিল। বৌদ্ধ ধৰ্মও এই কালচোৱাতে গঢ় লৈ উঠে।
মহাবীৰক তীৰ্থংকৰসকলৰ ২৪-তম আৰু শেষ তীৰ্থকংৰ বুলি গণ্য কৰা হয়। ২৩-তম তীৰ্থকংৰ প্ৰভাষৰ সময় পাৰম্পৰিকভাৱে ৯০০ খ্ৰী.পূ. বুলি ধাৰণা কৰা হয়।
জৈন ধৰ্মক বৈদিক ধৰ্ম হিন্দুৰ ভিতৰত ধৰা নহয়,। জৈন তীৰ্থংকৰৰ উল্লেখ বেদ আৰু হিন্দু শাস্ত্ৰসমূহত পোৱা যায়। বৈদিক যুগত ভাৰতবৰ্ষত দুটা মূল দাৰ্শনিক ভাগ আছিল, শ্ৰমণ আৰু ব্ৰাহ্মণ, বা বৈদিক, বা পৌৰাণিক। শ্ৰমণ মতবাদৰ আধাৰতে পাছলৈ বৌদ্ধ, জৈন আৰু বৰ্তমান লুপ্ত অজীৱিকা দৰ্শনৰ সৃষ্টি হৈছিল। দুয়োটা মূল শাখাই ইটোৱে-সিটোক প্ৰভাৱান্বিত কৰিছিল।
পণ্ডিত লোকমান্য তিলক-এ জৈন দৰ্শনে হিন্দু ধৰ্মৰ বৈদিক বলি-বিধান আদি আঁতৰ কৰাত প্ৰভাৱ পেলাইছিল বুলি মত পোষণ কৰিছে। বাল গংগাধৰ তিলক-এ জৈন মতবাদে জৈন ধৰ্মলৈ অহিংসাৰ প্ৰচলন আনিছিল বুলি উল্লেখ কৰিছে।
স্বামী বিবেকানন্দই জৈন মতবাদে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভুত প্ৰভাৱ পেলাইছে বুলি মত পোষণ কৰিছিল।
জৈন শব্দৰ অৰ্থ হৈছে 'জিনস'ৰ (Jinas, মূলঃ সংস্কৃতঃ Jina) অনুগামী। যাৰ অৰ্থ আধ্যাত্মিক বিজেতা, অৰ্থাৎ যিজনে 'ধৰ্ম' লাভ কৰিছে, আৰু পূৰ্ণ 'মোক্ষ' লাভ কৰাৰ পাছত সকলোৰে হিতাৰ্থে আধ্যাত্মিক জীৱন জীয়াবলৈ শিক্ষা প্ৰদান কৰে। জৈনসকলে ২৪ জন এনে 'জিনস'ৰ শিক্ষা আনুসৰণ কৰে। এওঁলোকক তীৰ্থকংৰ বুলিও জনা যায়। ২৩-তম তীৰ্থকংৰক এজন বাস্তৱ পুৰুষ বুলি বিবেচনা কৰা হয়। তেখেত খ্ৰী.পূ. ৮৭২-ৰপৰা ৭৭২-লৈ জীৱিত আছিল বুলি কোৱা হৈছে। Jaina tradition is unanimous in making Rishabha, as the First Tirthankar.
জৈন বিশ্বাসৰ এটা মূল বৈশিষ্ট্য হৈছে শাৰীৰিক আৰু মানসিক আচৰণেতাৎক্ষণিক প্ৰতিক্ৰিয়া। জৈনসকলে বিশ্বাস কৰে যে সকলো প্ৰাণীয়েই মানুহৰ দৰেই আত্মাধাৰী, সেয়ে ব্যক্তিৰ জীৱন আন কোনো জীৱৰে ক্ষতি নকৰাকৈ জীয়াই থাকিবলৈ যথেষ্ট সংযম আৰু সচেতনতাৰে নিৰ্বাহ কৰা উচিত। জৈন ধৰ্মত প্ৰতি জীৱকে সন্মান জনোৱা হয় আৰু ক্ষুদ্ৰতম জীৱবিধৰো ক্ষতি নকৰিবলৈ চেষ্টা কৰা হয়।
জৈন বিশ্বাসত অহিংসাই হৈছে প্ৰকৃত পথ আৰু পূৰ্ণ জ্ঞান আৰু সঠিক আচৰণৰ প্ৰথম চৰ্ত।
জৈন বিশ্বাসে 'আধ্যাত্মিক স্বাধীনতা' (প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিগত জ্ঞান কৰ্ষণ কৰিব পাৰে) আৰু 'ব্ৰত পালন'ৰ (আধ্যাত্মিক উৎকৰ্ষৰ বাবে আত্ম-সংবৰণ) ওপৰত গুৰুত্ব দিয়ে। জৈন বিশ্বাসতো আন ভাৰতীয় বিশ্বাসৰ দৰেই জীৱনৰ লক্ষ্য হৈছে 'মোক্ষ লাভ'। জৈন বিশ্বাস মতে 'আত্মাৰ প্ৰকৃত সত্তাক জনাটোৱেই' হৈছে মোক্ষ। মোক্ষ পূৰ্ণ জ্ঞানৰ যোগেৰেহে অহাটো সম্ভৱ। জৈন মতবাদৰ আন এটা বৈশিষ্ট্য হৈছে 'অনেকান্তবাদ', অৰ্থাৎ বাস্তৱ জগতখন পৰিপ্ৰেক্ষিতৰ ভিত্তিত বেলেগ বেলেগ অনুভূত হয়। আৰু কোনোটো পৰিপ্ৰেক্ষিতই সম্পূৰ্ণ সত্য নহয়। জৈন ধৰ্মৰ মতে অকল 'কেৱলী'সকলেহে, যাৰ জ্ঞান অসীম, প্ৰকৃত সত্যৰ কাষ চাপিব পাৰে। বাকীসকলে সেই সত্যৰ এটা অপূৰ্ণ অংশহে দেখিবলৈ পায়। 'অনেকান্তবাদ' পাশ্চাত্য দৰ্শনৰ 'subjectivism'-ৰ সমান্তৰাল।
ৱিকিমিডিয়া কমন্সত জৈনধৰ্ম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article জৈন ধৰ্ম, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.