কনকলতা বৰুৱা

কনকলতা বৰুৱা (ইংৰাজী: Kanaklata Barua) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ শ্বহীদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ। তেওঁৰ নামেৰে ১৯৯৮ চনত অসমত কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ 'কনকলতা মহিলা বেংক' অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক স্থাপিত হৈছিল। অসম চৰকাৰে অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান প্ৰদান কৰি গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে ঋণৰ চাহিদা হ্ৰাস কৰাত সাহায্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি কনকলতা বৰুৱাৰ নামেৰে 'কনকলতা মহিলা সবলীকৰণ যোজনা' নামৰ এক দৰিদ্ৰতা দূৰীকৰণ আঁ‌চনি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী কৰে। তেওঁক বীৰবালা আখ্যা দিয়া হয়।

কনকলতা বৰুৱা
কনকলতা বৰুৱা
কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী
জন্ম ২২ ডিচেম্বৰ, ১৯২৪
বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)
মৃত্যু ২০ ছেপ্টেম্বৰ, ১৯৪২
গহপুৰ থানাৰ প্ৰাঙ্গন, গহপুৰ
বংশদ্ভূত অসমীয়া
জনা যায় প্ৰথম মহিলা শ্বহীদ
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

প্ৰাৰম্ভিক জীৱন

কনকলতা বৰুৱা 
গহপুৰ থানাৰ সম্মুখত প্ৰতিস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ব্ৰঞ্জেৰে নিৰ্মিত যুগল ভাস্কৰ্য

অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত ১৯২৪ চনৰ ২২ ডিচেম্বৰত কৃষ্ণ কান্ত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ কন্যা হিচাপে বৰুৱাৰ জন্ম হৈছিল। পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এজন খেতিয়ক। দুৰ্ভাগ্যজনকভাৱে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়। কনকলতাৰ দাদাৱক ঘনকান্ত বৰুৱা দৰঙৰ এজন বিখ্যাত চিকাৰী আছিল। তেওঁৰ পূৰ্বপুৰুষসকল পূৰ্বৰ আহোম ৰাজ্যৰ দোলাকাষৰীয়া বৰুৱা (চুতীয়া বশিষ্ঠ মুখিয়াল) আছিল। পিছলৈ দোলাকাষৰীয়া উপাধি ত্যাগ কৰি বৰুৱা উপাধি অক্ষুণ্ণ ৰাখিছিল। কনকলতাৰ মাত্ৰ পাঁচ বছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু পুনৰ বিবাহ কৰোৱা দেউতাকৰো তেৰ বছৰ বয়সত মৃত্যু হয়। তেওঁ তৃতীয় শ্ৰেণীলৈকে স্কুললৈ গৈছিল যদিও পিছত সৰু ভাই-ভনীৰ যত্ন ল'বলৈ বুলি স্কুল এৰিব লগা হয়।

স্বাধীনতা সংগ্ৰামলৈ অৱদান

কনকলতা বৰুৱা 
তেজপুৰত অৱস্থিত কনকলতা উদ্যানত থকা বৰ্ণনাত্মক ভাস্কৰ্য

কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী'ত যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছঅসম শাখাই প্ৰত্যেক থানাত (গহপুৰ, বিহালি, চতিয়া আৰু ঢেকীয়াজুলি) উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যু বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁ‌তেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়। উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰী সকলে পৰবৰ্তী সময়ত এই মহান বলীদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে।

মৃত্যু আৰু স্মৃতিচাৰণ

১৯৪২ চনৰ ২০ চেপ্তেম্বৰত পুলিচৰ গুলীত তেওঁৰ মৃত্যু হয়। ১৯৯৭ চনত আৰম্ভ হোৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ আইচিজিএছ কনকলতা বৰুৱা নামৰ প্ৰথমখন পহৰাদাৰী জাহাজ বৰুৱাৰ নামেৰে ৰখা হৈছে। ২০১১ চনত গৌৰীপুৰত তেওঁৰ এটা জীৱন্ত আকাৰৰ মূৰ্তি উন্মোচন কৰা হয়।

জনপ্ৰিয় সংস্কৃতিত

  • ১৯৯০ চনত কনকলতাৰ জীৱনভিত্তিক অসমীয়া চলচ্চিত্ৰ কনকলতা মুক্তি পায়। কুন্তলা ডেকাই পৰিচালনা কৰা এই ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল ৰুমি গোস্বামীয়ে।
  • পৰিচালক চন্দ্ৰ মুদৈৰ এপাহ ফুলিল এপাহ সৰিল শীৰ্ষক ছবিত কনকলতা বৰুৱাৰ কাহিনীক চিত্ৰিত কৰা হৈছিল। এই ছবিখনৰ পূৰব কী আৱাজ নামেৰে হিন্দী সংস্কৰণ এটাও নিৰ্মাণ কৰা হৈছিল।

তথ্য সংগ্ৰহ

Tags:

কনকলতা বৰুৱা প্ৰাৰম্ভিক জীৱনকনকলতা বৰুৱা স্বাধীনতা সংগ্ৰামলৈ অৱদানকনকলতা বৰুৱা মৃত্যু আৰু স্মৃতিচাৰণকনকলতা বৰুৱা জনপ্ৰিয় সংস্কৃতিতকনকলতা বৰুৱা তথ্য সংগ্ৰহকনকলতা বৰুৱাইংৰাজী ভাষাকনকলতা মহিলা বেংককনকলতা মহিলা সবলীকৰণ যোজনাভাৰত ত্যাগ আন্দোলনভাৰতৰ স্বাধীনতা আন্দোলন

🔥 Trending searches on Wiki অসমীয়া:

শৰাইঘাট দলংকছাৰী ৰাজ্যনাৰীবাদসমাজতত্ত্বশোণিত কুঁৱৰীচামেলি মেমচা'বভূপেন হাজৰিকাৰ সাহিত্যঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবকুল ফুলৰ দৰে (গ্ৰন্থ)বেদবাঁহীঅসমৰ বনৌষধিদাঁতক্ষনলিনীবালা দেৱীমহিলাৰ বিৰুদ্ধে হিংসাশব্দ (অভিধান)অসমৰ সাহিত্যিকসকলৰ তালিকাগৌতম বুদ্ধৰুক্মিণীমৃণাল কলিতাদুৰ্যোগপদ (ব্যাকৰণ)গণিতহনুমানজৈন ধৰ্মভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাডিগবৈ তেল শোধনাগাৰৰামধেনু (আলোচনী)ওৰাং ৰাষ্ট্ৰীয় উদ্যানবিচূৰ্ণীভৱনসাগৰপদাৰ্থৰ অৱস্থানেপালী জনগোষ্ঠীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাআহোম ৰাজবংশৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসচৈয়দ আব্দুল মালিকঅসমীয়া খাদ্যাভ্যাসগণেশবিপৰীতাৰ্থক শব্দজলবায়ুপৰিমেয় সংখ্যাশীতল যুদ্ধসমাজবাদলাচিত বৰফুকনঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজিএছটিপুৰাণমেলেৰিয়াথাই ভাষাসংবিধান দিৱস (ভাৰত)বিহু নৃত্যশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়মোৱামৰীয়া বিদ্ৰোহগুৰু আসনহাজং জনগোষ্ঠীদক্ষিণপাট সত্ৰএ পি জে আব্দুল কালামপ্ৰথম বিশ্বযুদ্ধলভিতাগড়গাঁওপিয়লি ফুকনবেলি ফুললক্ষ্মীনন্দন বৰাশৰাইঘাটৰ যুদ্ধলুৰিন জ্যোতি গগৈমানস ৰাষ্ট্ৰীয় উদ্যানগৰু বিহুঅৰুণোদইসপ্তকাণ্ড ৰামায়ণফলৰ তালিকাভাৰতীয় টকাঅসমৰ পুৰণি স্থাপত্য🡆 More