জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলাে দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক শিল্পী দিৱস ৰূপে পালন কৰা হয়। জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷ তেখেতে কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’।

ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালা
জন্ম ১৭ জুন, ১৯০৩
তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম
মৃত্যু ১৭ জানুৱাৰী, ১৯৫১
জ্যোতি ভাৰতী, তেজপুৰ, অসম
পেচা গীতিকাৰ,
সুৰকাৰ,
নাট্যকাৰ,
লেখক আৰু
প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৩২-১৯৫১
দাম্পত্যসঙ্গী দেৱযানী ভূঞা
পিতৃ-মাতৃ পৰমানন্দ আগৰৱালা
কিৰণময়ী আগৰৱালা
সন্তান চিন্ময় আগৰৱালা
বিশ্বেন্দু আগৰৱালা
জয়শ্ৰী
জ্ঞানশ্ৰী
সত্যশ্ৰী
হেমাশ্ৰী
মনশ্ৰী
স্বাক্ষৰ
জ্যোতিপ্ৰসাদ আগৰৱালা

জন্ম

জ্যোতিপ্ৰসাদ আগৰৱালা 
পকী হিচাপে জনাজাত জ্যোতি ভাৰতী, তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ

১৯০৩ চনৰ ১৭ জুনত উজনি অসমডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। তেখেতৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

অন্যান্য

ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভোগা সত্ত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে। জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৪২ চনৰ ভাৰত‌ ত্যাগ আন্দোলনত‌ তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।

ব্যক্তিগত জীৱন

১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।

মৃত্যু

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। তেখেতৰ মৃত্যুত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল৷

সাহিত্য-চৰ্চা

গল্প

  • ৰূপহী
  • বগীতৰা
  • সোণতৰা
  • সোণটি
  • যুঁজাৰু
  • সতীৰ সোঁৱৰণি
  • সন্ধ্যা
  • শিলাকুটি
  • নীলাচৰাই আদি।

কবিতা

  • লুইতৰ পাৰৰ অগ্নিসুৰ
  • জ্যোতি ৰামায়ণ

উপন্যাস

  • আমাৰ গাঁও

অন্যান্য গ্ৰন্থ

  • জ্যোতিৰ্ধাৰা
  • চন্দ্ৰকুমাৰ আগৰৱালা
  • Background of Assamese Architecture

শিশু-সাহিত্য

তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "কম্পুৰ সপোন"।

কলা-সংস্কৃতিলৈ অৱদান

চলচ্চিত্ৰ

জ্যোতিপ্ৰসাদ আগৰৱালা 
"জয়মতী"ৰ সম্পাদনাৰ কাম কৰি থকা অৱস্থাত আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

গীত

জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।

নাটক

জ্যোতি প্ৰসাদ আগৰৱালাৰ "লভিতা" নাটকৰ দৃশ্য-শ্ৰাব্য অংশ

অতিৰিক্ত তথ্য

  • অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।

জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বিভিন্নজনৰ অভিমত

  • বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক ‘আজীৱন ৰূপতীৰ্থৰ যাত্ৰী’ আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ ঝঞ্জাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱােন্মেষশালিনী আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী’ বুলি আখ্যা দিছে৷
  • সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে-অসমৰ সাংস্কৃিতক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷ ৷
  • হেমাংগ বিশ্বাসএ ‘ব্যক্তি জীৱনৰ সততা, সাহস, সত্যিনষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ’ বুলি আখ্যা দিছে৷
  • হোমেন বৰগোহাঞিৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন ৷
  • ইমৰাণ শ্বাহএ কৈছে- কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শত বিঘিনি উপেক্ষা কৰি, ত্যগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনকে সম্বোধিবলৈ জ্যোতিপ্ৰসাদ প্ৰস্তুত হৈছে৷
  • শিৱনাথ বৰ্মনৰ মতে- জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ আছিলষ নিজৰ স্বীকাৰোক্তি মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে-আঁৰে উটি-বুৰি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে বাস্তৱৰ নিৰ্যাস
  • আনন্দ বৰমুদৈৰ মতে জ্যোতিপ্ৰসাদৰ জীৱন এগৰাকী সংগ্ৰামী শিল্পীৰ জীৱন৷ নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আছিল বাবে আনৰো শ্ৰম আৰু সৃষ্টি প্ৰতিভাৰ প্ৰতি তেওঁৰ সহানুভূতিশীল শ্ৰদ্ধা আছিল৷ তেওঁৰ জীৱনৰ আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্বল দিশটো হৈছে জনগণৰ ওপৰত আস্থা, জনগণৰ প্ৰতি দৰদ আৰু জনগণৰ মাজত তেওঁ দেখা পোৱা ইতিহাস সলনি কৰিব পৰা শক্তি৷
  • অনুৰাধা শৰ্মাৰ মতে- জ্যোতিপ্ৰসাদ৷ যাৰ নামেই প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা৷ কিন্তু পৰিয়াল প্ৰদত্ত নামটোৰ বাবেই নহয়, নামৰ পৰা কামলৈ তেওঁৰ সমগ্ৰ শিল্পৰূপৰ মাজত শক্তিশালী ৰূপত স্থিতি লাভ কৰা জ্যোতি চেতনাই তেওঁৰ নাম, ব্যক্তিত্ব আৰু দৰ্শনক একাকাৰ কৰি তুলিছে৷ তেওঁৰ সমস্ত ৰচনাত ব্যাপ্ত হৈ আছে আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰাম৷ ৷
  • জ্যোতিপ্ৰসাদ শইকীয়াই ‘জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা’ গ্ৰন্থত লিখিছে-তেখেত মাথোঁ ৰূপৰ কোঁৱৰ নহয়, গুণৰ কোঁৱৰো৷
  • মৌচুমী কন্দলীয়ে লিখিছে- জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনন্য৷
  • জয়ন্ত কুমাৰ বৰাৰ মতে- জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আৰু প্ৰতিভা আধুনিক অসমীয়া সংস্কৃতিৰ এক দুৰ্লভ শক্তি৷ বিংশ শতিকাৰ যি কেইগৰাকী মহাপ্ৰয়ান অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম৷৷

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীৰ বিষয় ৰচনা

Tags:

জ্যোতিপ্ৰসাদ আগৰৱালা জন্মজ্যোতিপ্ৰসাদ আগৰৱালা অন্যান্যজ্যোতিপ্ৰসাদ আগৰৱালা ব্যক্তিগত জীৱনজ্যোতিপ্ৰসাদ আগৰৱালা মৃত্যুজ্যোতিপ্ৰসাদ আগৰৱালা সাহিত্য-চৰ্চাজ্যোতিপ্ৰসাদ আগৰৱালা কলা-সংস্কৃতিলৈ অৱদানজ্যোতিপ্ৰসাদ আগৰৱালা অতিৰিক্ত তথ্যজ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বিভিন্নজনৰ অভিমতজ্যোতিপ্ৰসাদ আগৰৱালা লগতে চাওকজ্যোতিপ্ৰসাদ আগৰৱালা তথ্য সংগ্ৰহজ্যোতিপ্ৰসাদ আগৰৱালা বাহ্যিক সংযোগজ্যোতিপ্ৰসাদ আগৰৱালাঅসমঅসমীয়া চলচ্চিত্ৰঅসমীয়া সাহিত্যইংৰাজী ভাষাকবিতাজয়মতী (চলচ্চিত্ৰ)নাটকপ্ৰবন্ধশিল্পী দিৱস

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাক-ইতিহাসচিপকো আন্দোলনঅসমৰ মুখা শিল্পঢ়অসমৰ কাঁহ শিল্পঅপৰিমেয় সংখ্যামৌখিক ইতিহাসৰাজস্থানঅসহযোগ আন্দোলনহীৰেন ভট্টাচাৰ্যকপৌ ফুলমামণি ৰয়ছম গোস্বামীৰ উপন্যাসশিৱসাগৰ জিলাআমপাঠ পৰিকল্পনাইংৰাজী ভাষাঅসমৰ মাছ ধৰা সঁজুলিঅসমীয়া পুৰণি সাহিত্যশ্ৰীকৃষ্ণকীৰ্তনবাবৰঅশোক চক্ৰঅসমৰ চলচ্চিত্ৰবিশ্বনাথ চাৰিআলিসিংহঅসমীয়া খাদ্যাভ্যাসকানাই বৰশী বোৱা শিলালিপিভূমি প্ৰদূষণশৰৎচন্দ্ৰ চট্টোপাধ্যায়আহোম-মোগলৰ সংঘৰ্ষপুৰাণসত্যেন্দ্ৰনাথ শৰ্মাবৰপেটা সত্ৰকামৰূপ জিলাবিজ্ঞানআধুনিকতাবাদসোণচিপাহী বিদ্ৰোহ ১৮৫৭তাল (বাদ্যযন্ত্ৰ)জুৰি দত্তআৰবী ভাষামনোমতীদেউৰী জনগোষ্ঠীমদন কামদেৱ দেৱালয়হৰপ্পাহনুমান জয়ন্তীমিজানুৰ ৰহমান আজহাৰীঅগ্নিগড়অসমীয়া খবৰশিৱ পুৰাণঅসমৰ মন্ত্ৰ-সাহিত্যসৰু-পকমৌসৰস্বতী পূজাঅখণ্ড সংখ্যাবাঁহী (আলোচনী)সাঁথৰবিয়া নামপ্ৰণৱজ্যোতি ডেকাএকচেটীয়া বজাৰবিশ্ব বেংকপাচন নলীখোলক্ষপ্ৰাচীন গ্ৰীচসদৌ অসম ছাত্ৰ সন্থাঅব্যয় পদভাৰতীয় ভাষাচৰিত পুথিতথ্য প্ৰযুক্তিজাপিহাজোবায়ু প্ৰদূষণবড়ো ভাষানগাঁও (লোকসভা সমষ্টি)ফেইচবুকনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯য়মাতৃভাষা🡆 More