গহপুৰ

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসম বিশ্বনাথ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়।

গহপুৰ
—  মহকুমা  —
গহপুৰ
গহপুৰ
গহপুৰ
গহপুৰ
গহপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63
দেশ গহপুৰ ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
মহকুমাধিপতি
জনসংখ্যা 9,408 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা


69 m (226 ft)

ক'ড
  • পিনক'ড • 784168
    • যান-বাহনৰ নম্বৰ • AS-12

ইতিহাস

গহপুৰৰ পৌৰাণিক ইতিহাসৰ বিষয়ে বেছি তথ্য পোৱা নাযায়। এসময়ত উজনি অসমৰ উত্তৰ খোলৰ বিশ‌বনাথৰ লৈকে চুতীয়া সকলৰ শাসন আছিল বুলি জনা যায়।সেইবাবে ১৬ শতিকাৰ আগ ভাগৰ লৈকে গহপুৰ অঞ্চলটো চুতীয়া সকলৰ অধীনত আছিল বুলি ক'ব পাৰি। গহপুৰৰ পশ্চিমৰ অৰুণাচলৰ দাঁতি-কাষৰীয়া বুঢ়ৈ দূৰ্গ, নক্সা পৰ্বত, ইত্যাদি চুতীয়াৰ সৈনিক কোঠ আছিল বুলি জনা যায়। আদি-চৰিত আৰু বুৰঞ্জী সমূহত উল্লেখ থকাৰ মতে আহোম ৰজাই মধ্য অসমৰ ৰটা-টেমনিৰ বাৰ-ভূঞাসকলক উজনি লৈ আনি উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ গঠন কৰি(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল।‌

ভৌগোলিক অৱস্থিতি

গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত। গুৱাহাটী আৰু গহপুৰৰ মাজৰ দূৰত্ব পথেৰে ২৯৯ কিলোমিটাৰ আৰু ৰেলযোগে ২৬৬ কিলোমিটাৰ; আকাশী দূৰত্ব হৈছে ২০৮ কিমি। আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।

চাৰিসীমা

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী

পূবে- লক্ষীমপুৰ জিলা

পশ্চিমে- বুৰৈ নদী

জনসংখ্যা

২০০১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ৯৪০৮। মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। গহপুৰৰ শিক্ষিতৰ হাৰ হৈছে ৭২%, ৰাষ্ট্ৰীয় গড় ৫৯.৫% তকৈ অধিক; ইয়াৰে পুৰুষ ৭৭%, আৰু মহিলা ৬৬%। গহপুৰৰ জনসংখ্যাৰ ১৩% লোকৰ বয়স ৬ বছৰৰ তলৰ।।

ৰাজনীতি

গহপুৰ তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ। গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -

  • গহন চন্দ্ৰ গোস্বামী (১৯৫১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৫৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬২) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৩) জনতা দল
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৮) জনতা দল
  • গণেশ কুটুম (১৯৮৫) অসম গণ পৰিষদ
  • কোষেশ্বৰ বৰুৱা (১৯৯১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • গণেশ কুটুম (১৯৯৬) অসম গণ পৰিষদ
  • ৰিপুন বৰা (২০০১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰিপুন বৰা (২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • মনিকা বৰা (২০১১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • উৎপল বৰা (২০১৬) ভাৰতীয় জনতা পাৰ্টী

উচ্চ শিক্ষা প্ৰতিষ্ঠান

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়

সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান

ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ)

  • শ্ৰীশ্ৰী মা কৈল্যাণী দেৱালয়
  • শ্ৰীশ্ৰী ফুলবাৰী দেৱালয়(বৰকালিকা থান)
  • ধন্দি দ'ল
  • বাসুদেৱ দ'ল
  • মা ফুলেশ্বৰী থান
  • সূৰ্য্য মন্দিৰ
  • শ্ৰীশ্ৰী কামদেৱাল সত্ৰ
  • শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ
  • বেলগুৰি সত্ৰ
  • গোবিন্দ এলেঙী সত্ৰ
  • সোণাৰীপাৰ সত্ৰ
  • চুপহা সত্ৰ
  • জাৰণিয়াল সত্ৰ
  • খটৰা সত্ৰ
  • গুৱাধৰা থান

এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজড়িত স্থান আছে।

তথ্যসূত্ৰ

তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)

Tags:

গহপুৰ ইতিহাসগহপুৰ ভৌগোলিক অৱস্থিতিগহপুৰ চাৰিসীমাগহপুৰ জনসংখ্যাগহপুৰ ৰাজনীতিগহপুৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানগহপুৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়গহপুৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানগহপুৰ ঐতিহাসিক ক্ষেত্ৰ(দলদেৱালয়সত্ৰ)গহপুৰ তথ্যসূত্ৰগহপুৰঅসমকনকলতা বৰুৱাবিশ্বনাথ জিলাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

কামাখ্যা মন্দিৰনৱ-বৈষ্ণৱ ধৰ্মমেঘালয়হেম বৰুৱাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগযতি-চিনবিষুৱ ৰেখাপুৰুষোত্তম দাসঅসমৰ ৰেচম শিল্পপালি ভাষাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাগোৱালপাৰাপিঠাবৃহস্পতি গ্ৰহভাৰত-আৰ্য ভাষা পৰিয়ালমুগা (ৰেচম)পায়ু সংগমদশাৱতাৰমেলেৰিয়ামনালিছাৰুদ্ৰেশ্বৰ দেৱালয়অপাৰেটিং চিষ্টেমধুবুৰী (লোকসভা সমষ্টি)সাহিত্য সমালোচনাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যচিপাহী বিদ্ৰোহ ১৮৫৭ইন্দিৰা মিৰিৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসএককোষী জীৱফুলগুৰি ধেৱানামচিংমঙ্গলদৈ (লোকসভা সমষ্টি)কামৰূপ জিলাধাতু আৰু অধাতুমহিম বৰাআলি আঃয়ে লৃগাংআলাবৈৰ ৰণকাতি বিহুমৌখিক পৰম্পৰাইলিয়াডবৰপেটা (লোকসভা সমষ্টি)অসম সাহিত্য সভামহা মৃত্যুঞ্জয় মন্দিৰকামৰূপী উপভাষাসাত বিহুআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমৰ পৰম্পৰাগত সাজ- পাৰকাৰেঙৰ লিগিৰীভাওনাএ পি জে আব্দুল কালামপাইথাগোৰাছৰ উপপাদ্যশ্ৰী সূৰ্য পাহাৰজৈৱ বৈচিত্ৰ্যঅৰ্থনীতিভাৰতীয় ৰেলভাৰতীয় ৰিজাৰ্ভ বেংকঅসমৰ বনৌষধিআত্মজীৱনীনেতাই ধুবুনী ঘাটবিশ্ব গ্ৰন্থ দিৱসহাজোঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)ভাৰতীয় ভাষামৰাণ জনগোষ্ঠীবিত্তীয় বজাৰগুণমালাগায়ন-বায়নআউনীআটী সত্ৰআধুনিকতাবাদলীলা গগৈঅৰ্জুন ভঞ্জনভাৰতীয় জাতীয় কংগ্ৰেছনাৰীৰুক্মিণী হৰণ নাটভাৰতৰ সংৰক্ষণ ব্যৱস্থা🡆 More