গহপুৰ

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসম বিশ্বনাথ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়।

গহপুৰ
—  মহকুমা  —
গহপুৰ
গহপুৰ
গহপুৰ
গহপুৰ
গহপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63
দেশ গহপুৰ ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
মহকুমাধিপতি
জনসংখ্যা 9,408 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা


69 m (226 ft)

ক'ড
  • পিনক'ড • 784168
    • যান-বাহনৰ নম্বৰ • AS-12

ইতিহাস

গহপুৰৰ পৌৰাণিক ইতিহাসৰ বিষয়ে বেছি তথ্য পোৱা নাযায়। এসময়ত উজনি অসমৰ উত্তৰ খোলৰ বিশ‌বনাথৰ লৈকে চুতীয়া সকলৰ শাসন আছিল বুলি জনা যায়।সেইবাবে ১৬ শতিকাৰ আগ ভাগৰ লৈকে গহপুৰ অঞ্চলটো চুতীয়া সকলৰ অধীনত আছিল বুলি ক'ব পাৰি। গহপুৰৰ পশ্চিমৰ অৰুণাচলৰ দাঁতি-কাষৰীয়া বুঢ়ৈ দূৰ্গ, নক্সা পৰ্বত, ইত্যাদি চুতীয়াৰ সৈনিক কোঠ আছিল বুলি জনা যায়। আদি-চৰিত আৰু বুৰঞ্জী সমূহত উল্লেখ থকাৰ মতে আহোম ৰজাই মধ্য অসমৰ ৰটা-টেমনিৰ বাৰ-ভূঞাসকলক উজনি লৈ আনি উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ গঠন কৰি(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল।‌

ভৌগোলিক অৱস্থিতি

গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত। গুৱাহাটী আৰু গহপুৰৰ মাজৰ দূৰত্ব পথেৰে ২৯৯ কিলোমিটাৰ আৰু ৰেলযোগে ২৬৬ কিলোমিটাৰ; আকাশী দূৰত্ব হৈছে ২০৮ কিমি। আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।

চাৰিসীমা

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী

পূবে- লক্ষীমপুৰ জিলা

পশ্চিমে- বুৰৈ নদী

জনসংখ্যা

২০০১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ৯৪০৮। মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। গহপুৰৰ শিক্ষিতৰ হাৰ হৈছে ৭২%, ৰাষ্ট্ৰীয় গড় ৫৯.৫% তকৈ অধিক; ইয়াৰে পুৰুষ ৭৭%, আৰু মহিলা ৬৬%। গহপুৰৰ জনসংখ্যাৰ ১৩% লোকৰ বয়স ৬ বছৰৰ তলৰ।।

ৰাজনীতি

গহপুৰ তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ। গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -

  • গহন চন্দ্ৰ গোস্বামী (১৯৫১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৫৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬২) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৩) জনতা দল
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৮) জনতা দল
  • গণেশ কুটুম (১৯৮৫) অসম গণ পৰিষদ
  • কোষেশ্বৰ বৰুৱা (১৯৯১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • গণেশ কুটুম (১৯৯৬) অসম গণ পৰিষদ
  • ৰিপুন বৰা (২০০১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰিপুন বৰা (২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • মনিকা বৰা (২০১১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • উৎপল বৰা (২০১৬) ভাৰতীয় জনতা পাৰ্টী

উচ্চ শিক্ষা প্ৰতিষ্ঠান

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়

সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান

ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ)

  • শ্ৰীশ্ৰী মা কৈল্যাণী দেৱালয়
  • শ্ৰীশ্ৰী ফুলবাৰী দেৱালয়(বৰকালিকা থান)
  • ধন্দি দ'ল
  • বাসুদেৱ দ'ল
  • মা ফুলেশ্বৰী থান
  • সূৰ্য্য মন্দিৰ
  • শ্ৰীশ্ৰী কামদেৱাল সত্ৰ
  • শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ
  • বেলগুৰি সত্ৰ
  • গোবিন্দ এলেঙী সত্ৰ
  • সোণাৰীপাৰ সত্ৰ
  • চুপহা সত্ৰ
  • জাৰণিয়াল সত্ৰ
  • খটৰা সত্ৰ
  • গুৱাধৰা থান

এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজড়িত স্থান আছে।

তথ্যসূত্ৰ

তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)

Tags:

গহপুৰ ইতিহাসগহপুৰ ভৌগোলিক অৱস্থিতিগহপুৰ চাৰিসীমাগহপুৰ জনসংখ্যাগহপুৰ ৰাজনীতিগহপুৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানগহপুৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়গহপুৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানগহপুৰ ঐতিহাসিক ক্ষেত্ৰ(দলদেৱালয়সত্ৰ)গহপুৰ তথ্যসূত্ৰগহপুৰঅসমকনকলতা বৰুৱাবিশ্বনাথ জিলাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

মাৰ্ক্সবাদপোৱামক্কাভূমি প্ৰদূষণম’বাইল ফোনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰজনীকান্ত বৰদলৈবিহুগীতৰমন্যাসবাদৱিকিপিডিয়াভাৰতৰ উপৰাষ্ট্ৰপতিশোভা ব্ৰহ্মঅসমৰ নদীসমূহৰ তালিকাবসন্ত ৰোগমৌন ওঁঠ মুখৰ হৃদয়কালিদাসআকবৰফিফা বিশ্বকাপবড়ো ভাষাদৰিদ্ৰতাআহোম-মোগলৰ সংঘৰ্ষউপনিষদএশিঙীয়া গঁড়কাৰ্বি জনগোষ্ঠীচানডুবি বিলমিচিং ভাষাকৃষিলখিমপুৰ জিলাঅসমৰ অৰ্থনীতিপ্লাষ্টিকতামোলৰাজনৈতিক দলব’হাগচীনা-তিব্বতীয় ভাষাভাৰতীয় ভাষানলবাৰী জিলাভগ্নাংশ (গণিত)ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাফলৰ তালিকাঘিলামৰাকাল সংহতিসংযুক্ত মুক্তি বাহিনী, অসমঅসমৰ ইতিহাসনিউয়ৰ্ক মহানগৰনীতি আয়োগজয়মতী কুঁৱৰীকলিমাপ্ৰেমচন্দগৌৰীপুৰউদাৰনৈতিকতাবাদইটালীঅসমৰ পৰম্পৰাগত সাজ-পাৰকোৰআনভেঁকুৰ২৮ মাৰ্চপৰিৱেশ অধ্যয়নকলেৰামানুহজলবায়ুঅৰুণ শৰ্মাইংলেণ্ডছনেটভাৰতীয় দৰ্শনয়ভাৰতীয় শিল্পকলাখোলমৃণাল কলিতাফ্ৰান্সৰ শ্ৰুতিকথামনোমতীগান্ধী–আৰউইন চুক্তিমাটিৰ হিচাপমাতৃভাষাআমেৰিকান ডলাৰপ্ৰাকৃতিক সম্পদজনপ্ৰব্ৰজনমানৰ অসম আক্ৰমণসৌৰভ কুমাৰ চলিহা🡆 More