ইউৰো

ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.

ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে। ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

ইউৰো
২০১৫ চনৰ ইউৰো বেংকনোট
২০১৫ চনৰ ইউৰো বেংকনোট
ISO 4217 ক’ড EUR (num. 978)
কেন্দ্ৰীয় বেঙ্ক ইউৰোপিয়ান চেণ্ট্ৰেল বেংক
ৱেবছাইট [http://www.ecb.europa.eu www.ecb.europa.eu]
ব্যৱহাৰকাৰী
ইউৰোমণ্ডল (১৯)
মুদ্ৰা চুক্তি (৯)
  • ইউৰো আন্দৰা
  • ইউৰো মনাকো
  • ইউৰো ছান মাৰিণ'
  • ইউৰো ভেটিকান চিটি
  • সংযুক্ত যুক্তৰাজ্য এক্ৰ’টাইৰি আৰু ঢেকেলিয়া(ইংলেণ্ড)
  • ফ্ৰান্স ক্লিপাৰটন দ্বীপপুঞ্জ (ফ্ৰান্স)
  • ফ্ৰান্স ছেইণ্ট বাৰ্থেলেমি (ফ্ৰান্স)
  • ফ্ৰান্স দক্ষিণ ফ্ৰান্স আৰু এণ্টাৰ্কটিক দেশসমূহ (ফ্ৰান্স)
  • ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন ছেইণ্ট পিয়েৰ এণ্ড মিকুয়েলন (ফ্ৰান্স)
একপক্ষীয় ব্যৱহাৰকাৰী (৩)
  • ইউৰো কচভ’
  • ইউৰো মণ্টেনেগ্ৰ
  • ইউৰো জিম্বাৱৱে
মুদ্ৰাস্ফীতি -০.৬% (জানুৱাৰী ২০১৫)
উৎস জানুৱাৰী ২০১৪
পদ্ধতি HICP
বিনিময় হাৰ
সংযুক্ত মুদ্ৰাসমূহ
  • Bosnia & Herz. convertible mark
  • বুলগেৰিয়ান লেভ
  • কেপ ভাৰ্ডিয়ান এচকিউদ’
  • মধ্য আফ্ৰিকান চি এফ এ ফ্ৰাঁ
  • চি এফ পি ফ্ৰাঁ
  • ক’মৰিয়ান ফ্ৰাঁ
  • দানিছ ক্ৰ’ন (±২.২৫%)
  • মৰক্কান ডিৰহাম
  • চাও টোম আৰু প্ৰিন্সিপি ডোবৰা
  • পশ্চিম অফ্ৰিকান চি এফ এ ফ্ৰাঁ
উপ একক
১⁄১০০ চেণ্ট
চিহ্ন
আন নাম একক মুদ্ৰা
ধাতব মুদ্ৰা ১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২
কাগজী মুদ্ৰা €৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০
ইউৰো
ইউৰো
ইউৰো
ইউৰো

ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে। ২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।

১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে। ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮ গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়। ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০

টোকাসমূহ

Tags:

অষ্ট্ৰিয়াইউৰোপইউৰোপিয়ান ইউনিয়নইটালীচাইপ্ৰাছজাৰ্মানীনেদাৰলেণ্ডফিনলেণ্ডফ্ৰান্সলাক্সেমবাৰ্গস্পেইন

🔥 Trending searches on Wiki অসমীয়া:

গৱেষণাদশৰথচ্যু-কা-ফাবহুমূত্ৰ ৰোগআকবৰআঁহতগাঁও পঞ্চায়তসৰ্বানন্দ সোণোৱালপ্লেটোঅসম মাধ্যমিক শিক্ষা পৰিষদকমলা মিৰিকৃষ্ণঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিপৰিৱেশ অধ্যয়নভাৰত-চীন যুদ্ধশৰাইঘাট দলংজয় দৌলদুৰ্গেশ্বৰ শৰ্মাকৃষ্ণকান্ত সন্দিকৈৰাজ্যসভামৃণাল কলিতামোহনদাস কৰমচান্দ গান্ধীপিম্পৰা গুচোৱাঅসমৰ সমস্যাআত্মসহায়ক গোটৰামায়ণগোপীনাথ বৰদলৈপীতাম্বৰ কবিবৰপেটাআজান পীৰগোপাল কৃষ্ণ গোখলেপৰিমেয় সংখ্যাউমাচল শিলালিপিম'হৰ শিঙৰ পেঁপাভাৰতৰ উপৰাষ্ট্ৰপতিতিৱা জনগোষ্ঠীকমলাবাৰী সত্ৰইন্দিৰা মিৰিবিয়া নামহস্তমৈথুনজ্যামিতিতেজতথ্যভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমৰ বনৌষধিনামদাঙৰ শিলৰ সাঁকোনৱবিধা ভক্তিভানুমতীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজলবিদ্যুৎমঙ্গলদৈ (লোকসভা সমষ্টি)সমাজবাদচৈয়দ আব্দুল মালিকব্যক্তিত্বভাৰতীয় জনতা পাৰ্টিভাৰতৰ ৰাষ্ট্ৰপতিনৱকান্ত বৰুৱাঘৰচিৰিকাশৰৎচন্দ্ৰ চট্টোপাধ্যায়তথ্য জনাৰ অধিকাৰ আইন, ২০০৫শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাপাটকাইৰ ইপাৰে মোৰ দেশফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কামাধৱদেৱমিচিং জনগোষ্ঠীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমৰ লোকগীতশিৱসাগৰ জিলাদিহানামচকলংজলসিঞ্চনফাকুৱাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেল🡆 More