ইতিহাস

ইতিহাস (গ্ৰীক: ἱστορία - historia, অৰ্থ অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান) হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়। ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে। একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়। লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়।

ইতিহাস
নিক'লাছ গাইচিছৰ (১৮৯২)
Historia (Historyৰ ৰূপক)

Those who cannot remember the past are condemned to repeat it.

পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।

টোকা

তথ্যসূত্ৰ

Tags:

প্ৰাক-ইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

জন গণ মনমোৰ জীৱন সোঁৱৰণজ'মাট'বুৰঞ্জীযোৰহাট জিলাকালিকা পুৰাণশোণিত কুঁৱৰীমহা মৃত্যুঞ্জয় মন্দিৰমিচিং জনগোষ্ঠীৰ সাজপাৰব্ৰজাৱলী ভাষাবিল গেট্‌ছদুৰ্গাইন্দিৰা মিৰিপ্ৰাচীন গ্ৰীচবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ সত্ৰসমূহৰ তালিকাত্ৰিভুজচিপাহী বিদ্ৰোহ ১৮৫৭কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানচিলাৰায়নিৰ্মলপ্ৰভা বৰদলৈচামেলি মেমচা'বপথৰুঘাটৰ ৰণনেতাই ধুবুনী ঘাটজল সংৰক্ষণবহল ব্যাকৰণচান্দ সদাগৰহোমাৰপৰিৱেশ অধ্যয়নচি++অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যটকা (বাদ্য)বিয়া নামসংমিশ্ৰিত মীন-পালনধতুৰাহাজং জনগোষ্ঠীঅৰুণাচল প্ৰদেশমাধৱদেৱভাৰতৰ সংৰক্ষণ ব্যৱস্থাবাণীকান্ত কাকতিধৰ্মঅসমীয়া খাদ্যাভ্যাসকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমীয়া যুক্তাক্ষৰইতিহাসযতীন গোস্বামীলুৰিন জ্যোতি গগৈযুধিষ্ঠিৰভাৰতীয় দৰ্শনকলিতা জনগোষ্ঠীমাধৱ কন্দলিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালসাধুকথামহাকাব্যআন্তৰ্জাতিক শ্ৰমিক দিৱসমেখেলা চাদৰচৈয়দ আব্দুল মালিকচ্যু-লিক-ফাসুতুলীঅপভ্ৰংশসংখ্যাশিক্ষক দিৱসঅসমৰ পোক - পৰুৱাবিজ্ঞাপনপূৰবী বৰমুদৈভাৰতৰ প্ৰধানমন্ত্ৰীঅশ্বিনী কুমাৰ বৰুৱাভাস্কৰ (প্ৰথম)পদ (ব্যাকৰণ)মাটিৰ হিচাপসাহিত্য🡆 More