১৮ আগষ্ট: তাৰিখ

১৮ আগষ্ট (ইংৰাজী: 18 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩০তম (অধিবৰ্ষত ২৩১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৮০০ - ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
  • ১৮৬৪ - সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
  • ১৯৫১ - ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী, পশ্চিমবংগৰ খড়গপুৰত মুকলি হয়।
  • ২০০৪ - এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।

জন্ম

  • ১৭০০ - বাজি ৰাও -১ (বাজিৰাও বাল্লাল), মাৰাঠা সাম্ৰাজ্য়ৰ সপ্তম পেছোৱা।
  • ১৮৭২ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৮৮০ - স্বামী নিগমানন্দ, ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।
  • ১৯৩২ - লুক মণ্টেনিয়াৰ (Luc Montagnier), জীৱ বিজ্ঞানী, এইচ.আই.ভি. (ইংঃ HIV; পূৰ্ণৰূপঃ Human Immunodeficiency Virus; হিউমেন ইমিউন'ডেফিছিয়েঞ্চি ভাইৰাছ) বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক।
  • ১৯৩৬ - গুলজাৰ ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক।
  • ১৯৪৬ - অৰুণা ইৰাণী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫৬ - সন্দীপ পাটিল, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
  • ১৯৬৭ - দলেৰ মেহেন্দী (দলেৰ সিং), ভাঙ্গৰা-পপ গায়ক।
  • ১৯৮০ - জেৰিফা ৱাহিদ, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী।
  • ১৯০০ - বিজয়লক্ষ্মী পণ্ডিত, এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (মৃত্যু: ১ ডিচেম্বৰ, ১৯৯০)
  • ১৯৫৯ - নিৰ্মলা সীতাৰমণ, ৰাজনেত্ৰী, ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।

মৃত্যু

  • ১২২৭ - ছেঙ্গিজ খান, মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ১৮৫০ - বালজাক, ফৰাচী ঔপন্যাসিক।
  • ১৯৪৫ - সুভাষ চন্দ্ৰ বসু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ফৰমোছা দ্বীপৰ কাষত হোৱা বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয় বুলি ধৰা হয়। অৱশ্যে ইয়াকলৈ মতানৈক্য আছে।
  • ১৯৪৬ - অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৮৮ - দীননাথ শৰ্মা, "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ।
  • ২০০০ - লক্ষ্যধৰ চৌধুৰী, অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০১৮ - কফি আন্নান, ৰাষ্ট্ৰসংঘৰ ভূতপূৰ্ব সচিবপ্ৰধান।

দিৱস

বাহ্যিক সংযোগ



Tags:

১৮ আগষ্ট ঘটনাৱলী১৮ আগষ্ট জন্ম১৮ আগষ্ট মৃত্যু১৮ আগষ্ট দিৱস১৮ আগষ্ট বাহ্যিক সংযোগ১৮ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বৰপেটা সত্ৰভাৰতৰ ৰাষ্ট্ৰপতিজ্ঞানপীঠ বঁটামালিনী থানযোগাসনপৰিৱেশ তন্ত্ৰমৈদামমহেন্দ্ৰ বৰাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামাহঘৰ শালিকানেমুঅন্তৰীপ (উপন্যাস)কেঁচা পাতৰ কঁপনিমায়ামৰা সত্ৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯দৰং জিলামাৰিয়া মণ্টেছৰীঅসমৰ মন্ত্ৰ-সাহিত্যশিঙি মাছঅসমৰ পৰম্পৰাগত খেল-ধেমালিতোলনি বিয়াধুবুৰী জিলাকুলিচাহউত্তৰ-পূব ভাৰতমন্থৰাঢোলভাওনাসংখ্যাসাহিত্য অকাডেমি বঁটাহাঁওফাঁওচকলংঅৰূপা পটংগীয়া কলিতাকাকৈজানা সংৰক্ষিত বনাঞ্চলগুৱাহাটীঅৰ্জুনভাৰীগানঅসমৰ ৰাজ্যপালসকলৰ তালিকাদ্ৰৌপদী মূৰ্মুসত্ৰমালালা ইউছুফজাইগোৱালপৰীয়া লোকগীতবড়ো চুক্তি ২০২০সাক্ষৰতাউইলিয়াম শ্বেইকছপীয়েৰৰোমান সাম্ৰাজ্যজয়মতী কুঁৱৰীবগীবিল দলংগেলিলিঅ’ গেলিলিআমেৰিকা যুক্তৰাষ্ট্ৰমহেশ্বৰ নেওগৰুক্মিণী হৰণ নাটহাজং জনগোষ্ঠীযৌতুকসাঁথৰবৃত্তঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাৰতীয় ৰেলমোহনদাস কৰমচান্দ গান্ধীমাতৃভাষামাটিঅতুলানন্দ গোস্বামীতাজমহলবাঁহঈদ-উল-ফিটৰপঞ্চভুজসাম্যবাদী সমাজভট্টদেৱচুতীয়া জনগোষ্ঠীনগাঁও জিলা🡆 More