বামুণ বগলী

বামুণ বগলী (ইংৰাজী: Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷

বামুণ বগলী (Little Egret)
বামুণ বগলী
বষ্ট'ৱানাত এটা বামুণ বগলী
সংৰক্ষণ স্থিতি
বামুণ বগলী
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ardeidae
গণ: Egretta
প্ৰজাতি: E. garzetta
বৈজ্ঞানিক নাম
Egretta garzetta
(Linnaeus, 1766)
Subspecies

E. g. garzetta
E. g. immaculata
E. g. nigripes

বিৱৰণ

বামুণ বগলী 
প্ৰজনন নোহোৱা কালত বামুণ বগলী
বামুণ বগলী 
ইটালীত উৰন্ত অৱস্থাত বামুণ বগলী

পূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু ক'লা বৰণৰ, ঠৌঁট ঠেক, ক'লা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল বিশেষ ধৰণৰ পাখি (plumes) ওলায়৷ তাৰোপৰি ইয়াৰ ঠোঁট আৰু চকুৰ মাজৰ অংশটো ৰঙচুৱা হৈ উঠে৷

পোৱালি বামুণ বগলীৰ বাহ্যিক গঠন প্ৰজনন নকৰা পূৰ্ণবয়স্ক বগলীৰ সৈতে একে হয়৷ ই সাধাৰণতে নীৰৱে থাকে যদিও ভয় খালে ই বিভিন্ন শব্দ কৰিব পাৰে৷

বামুণ বগলী 
ডিঙি কোঁচাই উৰা অৱস্থাত বামুণ বগলী

টেক্স'নমি

বৰ্তমানলৈকে বামুণ বগলীৰ তিনিবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-

বিতৰণ

বামুণ বগলী 
প্ৰজননৰ সময়ত E. g. nigripes
বামুণ বগলী 
প্ৰজনন নকৰা অৱস্থাত অষ্ট্ৰেলিয়াত পূৰ্ণবয়স্ক E. g. immaculata

বামুণ বগলী প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়া তথা অষ্ট্ৰেলিয়াত বিস্তৃত হৈ আছে৷ বিষুৱীয় অঞ্চলসমূহত ই স্থানীয়ভাৱে বিস্তৃত৷ কিন্তু ইউৰোপৰ পৰা ইহঁতে শীতকালত আফ্ৰিকা তথা দক্ষিণ এছিয়ালৈ প্ৰব্ৰজন কৰে৷

আচৰণ

খাদ্য

বামুণ বগলী 
খাদ্য চিকাৰ কৰা অৱস্থাত কলকাতাE. g. garzetta

বামুণ বগলীয়ে সাধাৰণতে মাছ, পোক-পতংগ, উভচৰ প্ৰাণী, কেকোঁৰা আৰু বিভিন্ন সৰীসৃপ আদি খাই জীয়াই থাকে৷ ই সাধাৰণতে অগভীৰ পানীত চোপ লৈ থাকি খাদ্যৰ চিকাৰ কৰে৷

প্ৰজনন

বামুণ বগলী 
Egretta garzetta

বামুণ বগলীয়ে জাক-পাতি বাস কৰে৷ ই গছ বা জোপোহা আদিত ডালিৰে বাহ সাজে৷ এবাৰত ই ৩-৫ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়া আৰু পোৱালিৰ যত্ন লয়৷ কণীৰ আকাৰ ডিম্বাকৃতিৰ আৰু নীল-সেউজীয়া বৰণৰ৷ ২১-২৫ দিনৰ উমনিৰ অন্তত কণি ফুটি পোৱালি জগে৷ ৪০-৪৫ দিনৰ ভিতৰত পোৱালিৰ পাখি গজিবলৈ আৰম্ভ কৰে৷

স্থিতি তথা সংৰক্ষণ

বামুণ বগলীৰ জনসংখ্যা বৰ্তমান বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই বাবে বৰ্তমান ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷

তথ্যসূত্ৰ

  • D. W. Snow & C. M. Perrins (1998) Birds of the Western Palearctic: Concise Edition, Vol. 1, Oxford University Press

বাহ্যিক সংযোগ

Tags:

বামুণ বগলী বিৱৰণবামুণ বগলী টেক্সনমিবামুণ বগলী বিতৰণবামুণ বগলী আচৰণবামুণ বগলী স্থিতি তথা সংৰক্ষণবামুণ বগলী তথ্যসূত্ৰবামুণ বগলী বাহ্যিক সংযোগবামুণ বগলীইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বৰগীতমিৰি জীয়ৰীঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটামহাযানস্বাধীনতা দিৱস (ভাৰত)নাটকঅভিধানলোকসভাৰ অধ্যক্ষপ্ৰাৰ্থনা সমাজপানীআন্তৰ্জাতিক নাৰী দিৱসঅসমত দেখা চৰাইবোৰচিৰাং জিলাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানপৰিৱেশ অধ্যয়নঅসমৰ চলচ্চিত্ৰনেতাই ধুবুনী ঘাটঅসমৰ কাঁহ শিল্পব্ৰহ্মপুত্ৰ নদআজান পীৰৰ দৰগাহঅসমৰ মহকুমাসমূহৰ তালিকাপ্ৰদূষণভাৰত-ইউৰোপীয় ভাষা পৰিয়ালসমাজভূগোলজয়মতী কুঁৱৰীভূপেন্দ্ৰ সংগীতদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালক্ষ্মীনাথ বেজবৰুৱাৱিকিযতীন্দ্ৰ নাথ দুৱৰাভবেন্দ্ৰ নাথ শইকীয়াব্যাকৰণঅতুল চন্দ্ৰ হাজৰিকাঐনিতমজোনবিৰি (অলংকাৰ)ত্ৰিভুজব'হাগ বিহুসাঁচিগছলখিমী সবাহঅসম সাহিত্য সভানেপোলিয়ন বোনাপাৰ্টইংৰাজী ভাষাশ্বজিবু নোংমা পানবামধুপুৰ সত্ৰঅসমৰ সাধুকথাহস্তমৈথুনশিৱনাথ বৰ্মনগৌতম বুদ্ধএমিবা৯ জুনবুঢ়ী আইৰ সাধুনৱ-বৈষ্ণৱ ধৰ্মআলি আঃয়ে লৃগাংজালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰামধেনুঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগডিমাছা ভাষাচুটিগল্পডিমাছা জনগোষ্ঠীগীতাৱলী ৰাজকুমাৰীজিজিয়াপূৰবী বৰমুদৈভাৰতৰ জাতীয় পতাকাজৱাহৰলাল নেহৰুকাৰ্বি জনগোষ্ঠীঅসমীয়া জাতিকলীয়াভোমোৰা সেতুৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘআবেগএলবাৰ্ট আইনষ্টাইনব’হাগঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিশব্দ (অভিধান)🡆 More