হিম’গ্ল’বিন

হিম’গ্ল’বিন (Hemoglobin) তেজৰ লোহিত কণিকাত থকা এবিধ প্ৰ’টিন যি তেজৰ ৰং ৰঙা কৰে। এই প্ৰ’টিনে হাঁওফাঁওৰ পৰা দেহৰ বাকীবোৰ অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে।

গঠন

হিম’গ্ল’বিনৰ প্ৰ’টিন অংশ দুডাল এমিন’ এছিডৰ শিকলিৰে গঠিত- আলফা আৰু বিটা। এই শিকলি দুডালৰ নিৰ্দিষ্ট সংখ্যক এমিন’ এছিড নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে।

প্ৰকাৰ

হিম’গ্ল’বিনৰ প্ৰকাৰ জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু পিতৃপুৰুষৰ পৰা সন্তানলৈ আহে। প্ৰায়বোৰ লোকৰ হিম’গ্লবিন ’এ’ প্ৰকাৰৰ। সেয়ে ইয়াক প্ৰাপ্তবয়স্ক বা স্বাভাৱিক হিম’গ্ল’বিন বুলি কোৱা হয়। ’এ’ প্ৰকাৰ হিম’গ্ল’বিন থাকিলে ৰক্তকণিকাবোৰ মিহি, ঘূৰণীয়া আৰু দুয়োফালে অৱতল আকৃতিৰ হয়। এই নমনীয় আকৃতিয়ে ৰক্তনলীকাৰ মাজেদি সহজে অক্সিজেন প্ৰবাহত সহায় কৰে। ’ই; প্ৰকাৰৰ হিম’গ্ল’বিন সৰু, ভংগুৰ আৰু অক্সিজেন বহন ক্ষমতা কম হয়।

জিনগত নিয়ন্ত্ৰণ

স্বাভাৱিক হিম’গ্ল’বিন প্ৰ’টিনৰ আলফা আৰু বিটা শিকলিৰ নিৰ্দিষ্ট সংখ্যা আৰু ক্ৰম Hba জিনে নিয়ন্ত্ৰণ কৰে। তেনেদৰে ’ই’ প্ৰকাৰৰ হিম’গ্ল’বিনৰ শিকলিৰ সংখ্যা নিয়ন্ত্ৰণ কৰে Hba জিনৰে এটা উৎপৰিৱৰ্ত্তিত ৰূপ Hgb জিনে। এই জিনত বিটা শিকলিৰ ২৬ নং অৱস্থানত থকা এমিন’ এছিড গ্লুটামিক এছিড লাইছিনলৈ ৰূপান্তৰিত হয়। ফলত এই হিম’গ্লবিন ত্ৰুটিপূৰ্ণ হয়। ইয়াৰ ফলত হিম’গ্ল’বিন ই ৰোগ দেখা দিয়ে।

হিম’গ্ল’বিন বিসংগতিজনিত ৰোগ

  • হিম’গ্ল’বিন ’ই’ ৰোগ
  • হিম’গ্ল’বিন ছিকল ’ই’ ৰোগ
  • হিম’গ্ল’বিন ’ই বি’ থেলাছেমিয়া ৰোগ

তথ্যউৎস

Tags:

হিম’গ্ল’বিন গঠনহিম’গ্ল’বিন প্ৰকাৰহিম’গ্ল’বিন জিনগত নিয়ন্ত্ৰণহিম’গ্ল’বিন বিসংগতিজনিত ৰোগহিম’গ্ল’বিন তথ্যউৎসহিম’গ্ল’বিনঅক্সিজেনতেজপ্ৰ'টিনহাঁওফাঁও

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ নৃ-প্ৰজাতীয় গাঁথনিৰাষ্ট্ৰসংঘ দিৱসজাতনামশিৱমৃত্যুঞ্জয়ব্যক্তিত্বকৰ'নাভাইৰাছ ৰোগ ২০১৯সংগীতবড়ো জনগোষ্ঠীসমাজবাদকামদেৱকীৰ্তন-ঘোষামানৱ শৰীৰআলোচনীপ্ৰাকৃতিক দুৰ্যোগবায়ু প্ৰদূষণজল প্ৰদূষণকপৌ ফুলমৃত্যুআহোম জনগোষ্ঠীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমৰ মহকুমাসমূহৰ তালিকাভাৰতৰ ইতিহাসমৈদামনগেন শইকীয়াতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰাতি বিহুনাটকদৰং জিলাব্লগহাড়পৃথিৱীঅণুজীৱশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসমীয়া উপন্যাসইণ্ডোনেছিয়াডাকৰ বচনঅলিম্পিকবতৰপদ (ব্যাকৰণ)ঁ (চন্দ্ৰবিন্দু)অসমৰ জাতীয় গীতজীৱপুৰাণযোগাসনসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসমীয়া ভাষাৰ শব্দসম্ভাৰনলিনীবালা দেৱীপদ্মনাথ গোহাঞি বৰুৱাপালি ভাষাএৰী ৰেচমৰাসোৎসৱঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰপ্ৰতিমা (কাব্য গ্ৰন্থ)মহামায়া ধামৰুক্মিণী হৰণ নাটমেঘালয়ৰ মাতৃবংশীয় সমাজউদ্বিগ্নতাহিমালয়লোক-সংগীতশব্দ প্ৰদূষণভট্টদেৱৰ গদ্যশৈলীসংখ্যাপাঁচালীসংক্ৰমণধুবুৰী (লোকসভা সমষ্টি)মহেঞ্জোদাৰোনেতাই ধুবুনী ঘাটভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকা🡆 More