স্কিজ'ফ্ৰেনিয়া

দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।

স্কিজ'ফ্ৰেনিয়া (ইংৰাজী: Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা । প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা। সাধাৰণতে লক্ষণসমূহ ক্ৰমান্বয়ে দেখা দিয়ে, ডেকা প্ৰাপ্তবয়স্ক কালৰ পৰা আৰম্ভ হয় আৰু বহু ক্ষেত্ৰত কেতিয়াও সমাধান নহয়। স্কিজ'ফ্ৰেনিয়া থকা বহুলোকৰ অন্যান্য বিকাৰ থকাও দেখা যায়, যেনে, নিচা যুক্ত দ্ৰব্য সেৱন, হতাশাজনক বিকাৰ, উদ্বেগজনক বিকাৰ, আৰু অ'চিডি (অব্ছেছিভ–কম্পলচিভ ডিছঅৰ্ডাৰ)। স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত হোৱা লোকসকলৰ প্ৰায় আধাৰ দীৰ্ঘম্যাদী সময়ত এক গুৰুত্বপূৰ্ণ উন্নতি হ'ব পাৰে আৰু পুনৰাবৃত্তি নহ'বও পাৰে, আৰু ইয়াৰ এক সৰু অংশ সম্পূৰ্ণৰূপে আৰোগ্য হ'ব। বাকী অৰ্ধাংশৰ জীৱনজোৰা বিকাৰ থাকি যাব পাৰে। গুৰুতৰ ক্ষেত্ৰত, ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব পাৰে।

কাৰণসমূহ

এই বিকাৰ প্ৰায় ০.৫–১.০% জনসংখ্যাৰ জীৱনকালত ধৰা পৰে। আন এটা সূত্ৰৰ মতে, প্ৰায় ০.৩%ৰ পৰা ০.৭% লোকৰ জীৱনকালত স্কিজ'ফ্ৰেনিয়া ধৰা পৰে। ২০১৭ চনত আনুমানিকভাৱে ১১ লাখ নতুন ৰোগী আৰু ২০২২ চনত বিশ্বজুৰি মুঠ ২৪ নিযুত আক্ৰান্ত হৈছে। পুৰুষসকল বেছিকৈ আক্ৰান্ত হয় আৰু গড়ে ইয়াৰ আৰম্ভণি আগতেই হয়। স্কিজ'ফ্ৰেনিয়াৰ কাৰণসমূহৰ ভিতৰত জিন আৰু পৰিৱেশগত কাৰকসমূহো থাকিব পাৰে। জিনীয় কাৰকসমূহৰ ভিতৰত বিভিন্ন সাধাৰণ আৰু বিৰল জিনৰ ভিন্নতা অন্তৰ্ভুক্ত। সম্ভাৱ্য পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত ডাঙৰ-দীঘল হোৱা, শৈশৱৰ প্ৰতিকূলতা, কৈশোৰ কালত ভাং সেৱন, সংক্ৰমণ, গৰ্ভাৱস্থাত ব্যক্তিৰমাতৃৰ বয়স, আৰু গৰ্ভাৱস্থাত মাতৃৰ দুৰ্বল পুষ্টি আদি।

লক্ষণ

স্কিজ'ফ্ৰেনিয়া 
মাই আইজ এট দা মোমেণ্ট অফ দ্য এপাৰিচনছ,জাৰ্মান শিল্পী আগষ্ট নেটাৰৰ দ্বাৰা অংকিত, যাৰ স্কিজোফ্ৰেনিয়া আছিল

ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে ভ্ৰম (সাধাৰণতে মাত শুনা), উদ্ভট চিন্তা, অলিক কিবা দেখা, অসঙ্গতিপূৰ্ণ কথাবাৰ্তা, আৰু আনে শুনিব নোৱাৰা কথাবোৰ শুনা। এই ৰোগত আক্ৰান্ত ব্যক্তি এজনে সামাজিক বা কৰ্মস্থানৰ অক্ষমতাজনিত অসুবিধাৰ সম্মুখীন হয়।

ইতিবাচক লক্ষণ

ইতিবাচক লক্ষণ হ’ল সেইবোৰ লক্ষণ যিবোৰ সাধাৰণতে অনুভৱ কৰা নহয়, কিন্তু স্কিজ’ফ্ৰেনিয়াৰ মানসিক ৰোগৰ সময়ত মানুহৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ ভিতৰত মোহ, ভ্ৰম আৰু অসংগঠিত চিন্তা আৰু বাক্য আদি অন্তৰ্ভুক্ত, যিবোৰ সাধাৰণতে মনোৰোগৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়। স্কিজোফ্ৰেনিয়া থকা লোকৰ 80% লোকৰ জীৱনকালৰ কোনো সময়ত ভ্ৰম হয় আৰু সচৰাচৰ শ্ৰৱণশক্তি (প্ৰায়ে কণ্ঠস্বৰ শুনা) অন্তৰ্ভুক্ত থাকে কিন্তু কেতিয়াবা সোৱাদ, দৃষ্টিশক্তি, গোন্ধ আৰু স্পৰ্শৰ আন যিকোনো অনুভূতি অন্তৰ্ভুক্ত থাকিব পাৰে। একাধিক ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ সঘনতা কেৱল এটা ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ হাৰৰ দুগুণ। ভ্ৰম বা ভ্ৰান্তিবোৰ উদ্ভট বা অত্যাচাৰ প্ৰকৃতিৰ হয়। কেতিয়াবা আত্ম-অভিজ্ঞতাৰ বিকৃত ৰুপ হʼব পাৰে। এনে অনুভৱ যেনে নিজৰ চিন্তা বা অনুভূতিবোৰ প্ৰকৃততে নিজৰ নহয়,যেন চিন্তাবোৰ নিজৰ মনত সোমাই দিয়া হৈছে।

নেতিবাচক লক্ষণ

নেতিবাচক লক্ষণবোৰ হৈছে মূলতঃ স্বাভাৱিক আৱেগিক সঁহাৰিৰ অনুপস্থিতি, বা অন্যান্য চিন্তা প্ৰক্ৰিয়াৰ অনুপস্থিতি। নেতিবাচক লক্ষণবোৰৰ পাঁচটা স্বীকৃত ডমেইন হৈছে: সামান্য আৱেগ দেখুওৱা; এলোজিয়া – বাক-দৰিদ্ৰতা; আনহেডোনিয়া – আনন্দ অনুভৱ কৰিবলৈ অক্ষম; অসামাজিকতা – সম্পৰ্ক গঠন কৰাৰ ইচ্ছাৰ অভাৱ, আৰু পৰিহাৰ – প্ৰেৰণা অভাৱ আৰু উদাসীনতা।

জ্ঞানশক্তিৰ লক্ষণসমূহ

স্কিজ'ফ্ৰেনিয়া 
স্কিজোফ্ৰেনিয়া থকা ৰোগীৰ মগজুৰ স্নায়ু কলাত প্ৰভাৱৰ মানচিত্ৰ। আটাইতকৈ অভাৱপূৰ্ণ এলেকাবোৰ গাঢ় গুলপীয়া ৰঙৰ হয়, আনহাতে আটাইতকৈ কম প্ৰভাৱ পৰা এলেকাবোৰ নীলা ৰঙৰ হয়।

আনুমানিকভাৱে স্কিজ’ফ্ৰেনিয়া ৰোগীৰ ৭০% লোকৰ জ্ঞানশক্তিৰ মন্থৰতা দেখা যায়, আৰু এইবোৰ আগতীয়া আৰু পলমকৈ আৰম্ভ হোৱা ৰোগত বেছিকৈ দেখা যায়। এইবোৰ প্ৰায়ে প্ৰড্ৰোমেল পৰ্যায়ত ৰোগ আৰম্ভ হোৱাৰ বহু আগতে স্পষ্ট হয়, আৰু কৈশোৰৰ আৰম্ভণিতে, বা শৈশৱত দেখা দিব পাৰে। প্ৰথম এপিচ’ড চাইক’ছিছত বেছি বেয়া হৈ পৰে কিন্তু তাৰ পিছত ভিত্তি স্তৰলৈ ঘূৰি আহে, আৰু ৰোগৰ সময়ছোৱাত মোটামুটি সুস্থিৰ হৈ থাকে।

তথ্যসূত্ৰ

Tags:

স্কিজ'ফ্ৰেনিয়া কাৰণসমূহস্কিজ'ফ্ৰেনিয়া লক্ষণস্কিজ'ফ্ৰেনিয়া তথ্যসূত্ৰস্কিজ'ফ্ৰেনিয়াসাঁচ:সম্পাদনা দ্বন্দ্ব

🔥 Trending searches on Wiki অসমীয়া:

গান্ধাৰীবুৰঞ্জীআধা লেখা দস্তাবেজসতী সাধনীকোকৰাঝাৰ (লোকসভা সমষ্টি)চাইকেলকনকলতা বৰুৱাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘছিৰিমাভো বন্দৰনাইকেযক্ষ্মাকছাৰী ৰাজ্যগমধৰ কোঁৱৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভূমিকম্পভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাহিমাংশু প্ৰসাদ দাসদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰাজিয়া চুলতানাঅসমীয়া জাতিসৌৰজগতনলবাৰীনীলকণ্ঠী ব্ৰজবৰপেটা সত্ৰগুৰু আসনসৰ্বেপল্লী ৰাধাকৃষ্ণণভাৰতব্ৰহ্মগুপ্তঅসমীয়া সাহিত্যআফগানিস্তানএহাত ডাবামেঘালয়ৰ মাতৃবংশীয় সমাজবিয়া নামঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহকৃত্ৰিম বুদ্ধিমত্তাইণ্টাৰনেটদেওপাহাৰআমেৰিকা যুক্তৰাষ্ট্ৰপাচন তন্ত্ৰঅপভ্ৰংশগৰু বিহুয়তুলসীযোগ দৰ্শনঅসমৰ বনৌষধিউৎসৱজিকিৰৰাসোৎসৱশৰাইঘাটৰ যুদ্ধভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঅসমৰ জিলাসমূহতিৱা জনগোষ্ঠীসৌৰভ কুমাৰ চলিহামণিৰাম দেৱানআপংকলিতা জনগোষ্ঠীধানচিপাহী বিদ্ৰোহ ১৮৫৭সত্ৰঅসমীয়া গালি-গালাজভাষাবিজ্ঞানউত্তৰ গুৱাহাটীৰামায়ণপদ (ব্যাকৰণ)কামৰূপী উপভাষাপায়ু সংগমহাড়শিৱসাগৰৰ শিৱদৌলকম্পিউটাৰকিতাপমহামায়া ধাম🡆 More